Posts

Showing posts from July, 2025
Image
                                                    শ্যামল আৰন্ধৰা মৌন তুমি , যেন শীতৰ দীঘল গভীৰ ৰাত্ৰি নাই কোনো সাৰসুৰ   নিদিবা শংকা নামাতি একো উত্তৰ।   বুজা নাই নে ?   ভাবি লৈ প্রহেলিকা বুলি নে বুজি লোৱা নাই   হৃদয়ৰ বেথা বুলি ?   ভুল নুবুজিবা , শব্দৰ ভঙা - পতাত এইয়া নহয় কোনো কাৰবালা মৰু প্রান্তৰ নালাগে তুমি হাবাথুৰি খাব নালাগে তুমি পিয়াহত আতুৰ হ ' ব।   সেইয়া হয় মাথো   মোৰ পূর্ণিমাৰ হৃদয় মেঘ বিহীন , তৰাৰ সৈতে   তোমাৰ আকাশ ওপচায়।   ভুল নুবুজিবা , এইয়া মোৰ হৃদয়ৰ কবিতা প্রেমৰ ভাষাৰে লিখা , মৰমৰ গীত বোৱাই ৰঙা গোলাপ পাহি লব যাওঁতে কত কাঁইটৰ খোঁচাত লাগি ধৰিছে   চিঠি খনি।   সেই চিঠি পাওঁতে যেন   নিদিবা পৰ্দা তুমি অবুজন নপঠিয়াবা ওভতাই এটি পাহি চিঙি   নাথাকিব তাৰ সৌন্দর্যতা   নপৰিব চকু তাত চিত্রলেখাৰ   ঊষাৰ চুলিত গুজি দিবলৈ।   নাহিব সপোন অনিৰুদ্ধৰ ...

ভাল লগা ছোৱালীজনী

Image
ভাল লগা ছোৱালীজনী দীঘলচুলিটাৰীৰে ভাল লগা ছোৱালীজনী অলেখ সপোন কঢ়িয়াই ফুৰা সেই নয়নজুৰি... যেন ক'ব খোজে বহু কথা...!! বেৰীয়াগজা দাঁতেৰে উলাই অহা মৰম লগা সেই হাঁহিতে ভোল যাওঁ সকলো... মাৰ্জিত নিৰ্জু শৃংখলিত কহুঁৱাৰ দৰে কোমলমনৰ ভাল লগা ছোৱালীজনী... পিছে তাইৰ খঙ ও আছে... নোজোকাবা !! ভাল লগা ছোৱালীজনী ।।                                                               🖎  অনুভৱ ⧟⧟⧟⧟⧟⧟⧟⧟⧟⧟⧟⧟