Posts

Showing posts with the label অনুভৱ
Image
                                                    শ্যামল আৰন্ধৰা মৌন তুমি , যেন শীতৰ দীঘল গভীৰ ৰাত্ৰি নাই কোনো সাৰসুৰ   নিদিবা শংকা নামাতি একো উত্তৰ।   বুজা নাই নে ?   ভাবি লৈ প্রহেলিকা বুলি নে বুজি লোৱা নাই   হৃদয়ৰ বেথা বুলি ?   ভুল নুবুজিবা , শব্দৰ ভঙা - পতাত এইয়া নহয় কোনো কাৰবালা মৰু প্রান্তৰ নালাগে তুমি হাবাথুৰি খাব নালাগে তুমি পিয়াহত আতুৰ হ ' ব।   সেইয়া হয় মাথো   মোৰ পূর্ণিমাৰ হৃদয় মেঘ বিহীন , তৰাৰ সৈতে   তোমাৰ আকাশ ওপচায়।   ভুল নুবুজিবা , এইয়া মোৰ হৃদয়ৰ কবিতা প্রেমৰ ভাষাৰে লিখা , মৰমৰ গীত বোৱাই ৰঙা গোলাপ পাহি লব যাওঁতে কত কাঁইটৰ খোঁচাত লাগি ধৰিছে   চিঠি খনি।   সেই চিঠি পাওঁতে যেন   নিদিবা পৰ্দা তুমি অবুজন নপঠিয়াবা ওভতাই এটি পাহি চিঙি   নাথাকিব তাৰ সৌন্দর্যতা   নপৰিব চকু তাত চিত্রলেখাৰ   ঊষাৰ চুলিত গুজি দিবলৈ।   নাহিব সপোন অনিৰুদ্ধৰ ...

পিতাই মোৰ বুঢ়া হ'ল

Image
     সিদিনা তেওঁৰ মুখলৈ চাওঁতে      মোৰ অৱচেতনা মনটোৱে কৈ উঠিল      "পিতাই মোৰ বুঢ়া হ'ল"।       হয় বাৰু পৰিছে দাড়ি- চুলিত      বগা ৰঙৰ হায়তাল      তথাপিও তেওঁৰ চকুত      হাজাৰ সপোন আঘোণ জয় কৰাৰ।       দেখিছো পিতাইৰ ঘোলা চকুযুৰিয়ে      খঙত ৰঙা কৰি চোৱা      তৎক্ষণাৎ ধূলিয়ৰি মন       নিয়ৰ পৰি সেমেকা হয়,       'আইলা' বিলৰ ডাঙৰ বৰালিতো      পলহত ওলমাই আনি      কৰিবহি আমাৰ মন জয়।       পিতাইৰ মোৰ খেতিয়ক, ককাৰ পিছে পিছে      নাঙলৰ মুঠিত ধৰিছিল, নহ'ল পঢ়াশালি গচকিব      মোৰ সাতো জনমত তেওঁ      'পিতাই' নায়কৰ খিতাপ জিনিব।  শ্যামল আৰন্ধৰা

সপোনৰ দুৱাৰ

Image
          জুমি চাইছিলো       এদিন সপোনৰ দুৱাৰ খনলৈ       চয়াময়া কুৱলিৰ ফাঁকে ফাঁকে তোমাৰ ছবিখনি দেখিছিলো       নিলাভ নয়ন যুৰিৰে তুমি মোলৈ চাই হাহিছিলা ।      বুকুখন কঁপি উঠিছিল       এক অজান শিহৰণ তুলি ।      লাহে লাহে মই আগবাঢ়ি গৈছিলো       দেখা পালো দুৱাৰখন খোলা আছে       তাতেই তুমি থকা উমান পালো ।      দুয়ো দুয়োৰে হাতত ধৰি খোজ ললোঁ       তোমাৰ পৰশত প্ৰাণ পাই উঠিল মোৰ       উন্মুক্ত হৃদয়ৰ অনুভৱ       বহু দুৰ আগবাঢ়ি গ'লো       তুমি অজানিতে  এৰি দিলা       তোমাৰ হাতখন       মই বাট হেৰুৱাই পেলালো ।      আজিও তাতেই ৰৈ আছোঁ       আহিবা বুলি আৰু লৈ যাবা       সপোনৰ দুৱাৰ খন খুলি ,      তাতেই যুৰিম আমি দুয়ো...

অনুভৱ

Image

তোমাক ভাল পাওঁ বাবেই

Image
  তোমাক ভাল  পাওঁ বাবেই পৃথিৱী খন  ধুনীয়া দেখোঁ  সেউজীয়াত সপোন  বিচাৰি পাওঁ । নালাগে! জানিব নিবিচাৰো  প্ৰেমৰ গভীৰতা কিমান?  তোমাক ভাল পাওঁ বাবেই  হৃদয়ৰ পৰা নিগৰে  কবিতাৰ শিৰোনাম , অনুভৱ বোৰ শব্দ হৈ গুঞ্জৰিত হয়  এটি মিঠা অনুৰাগ । তোমাক ভাল পাওঁ বাবেইটো  নিজকে শিকিবলৈ লৈছো  জীৱনটো ৰঙীণ,আছে হেঁপাহৰ ৰং  যি ৰঙেৰে আঁকিব পাৰি সাতোৰঙী  ৰামধেনু , সপোনৰ দলিচা পাৰি । নিবেদিতা দাস কলিতা ( নলবাৰী)  ----------------------------------

মাতাল

Image
সকলো মাতাল - কোনো সুৰাত, কোনো টকাত মই তেওঁৰ প্ৰেমৰ ৰাগিত মাতাল। মনৰ কথা মনতে ৰই কত ঢৌ উঠে আৰু নামে মনৰ ভয়, সংকোচৰ দৰে অশান্ত মায়াৰ বাবে কব নোৱাৰো মই। তথাপিও এবাৰ বুজি লোৱা - মোৰ অস্থিৰ চকুহাললৈ চাই, মোৰ আৱেগবিহ্বলত উত্তাৱল হৃদয়ৰ ভাষাৰ মায়াজাললৈ চাই। বসন্তে বসন্তে বসুধাক পাঁও যি দৰে মইও পাঁও মোক ঠিক সি দৰে।      যেন -          কুলি - কেতেকীৰ মাতে মুখৰিত           নানা ফুল, কুঁহিপাতে সৰ্জ্জিত           শান্ত নদীৰ দৰে মাৰ্জ্জিত           সুৰুযৰ কেচাঁ হেঙুলৰ দৰে স্নেহিত           গচ্ছিত ফুলৰ দ্বাৰা সুগন্ধিত           জেতুকাৰ দ্বাৰা ৰঞ্জিত            সমুদ্রৰ দৰে একত্রিত           মৌৰ দৰে স্বাদিত            আকাশৰ দৰে বিস্...

নৈ

Image
  ধীৰে ধীৰে বৈ যোৱা নৈৰ প্রচ্ছাদত থিয় হৈ মন মোহিত তাৰ অবিৰত গতিত। নিৰন্তৰে কেতিয়াবা লাহে আৰু কেতিয়াবা খৰ অশান্ত গতি, পাৰতে সাঁচিছে কত শত বছৰৰ বুৰঞ্জী- ইতিহাস থইছে জাপি। বাৰে বাৰে ধুইছে, নতুকে লিখিছে লগাইছে পলসৰ অলংকাৰ, লগতে খহাই পাৰ দুইয়ো দিছে পৰিচয় ভয়ংকতাৰ। বাৰিষাত ভীষণ বান দশোদিশ বোৱাই, জলমগ্ন সকলোটি দূৰতে জিলিকিছে বেলিটি লাগি ধৰি কাৰোবাৰ চালত হেৰাইছে বাট, নাই কোনো সহাৰি চাৰিওফালে পানী আৰু পানী পশ্চিমৰ আকাশত লুকাইছে সুৰুয লুকাইছে সকলো আশাৰ বাট, ৰেঙনী ওলাব পুনৰ দূৰ আকাশত ডাৱৰৰ প্রাচীৰ ভাঙি। মুহূত্বৰ্তে বিধ্বংসী ৰূপৰ হাতোৰাত সকলো টলমল, তথাপিও সি তাৰ মূৰত আনে এক নৱ সৃষ্টিৰ সমল। সেইয়ে সি সকলোতে বৈ যায় মনে মনে পোহৰৰ হাত ধৰি সুউচ্চ আকাশৰ পাৰি লয় ৰঙীন চাদৰ। সেই ৰঞ্জিত কুসুমৰ ৰঙে ৰঙে চিন্তাৰ গভীৰতাত দি যায় মধুৰ আচ্ছাদ।  শ্যামল  

অস্তমিত অস্তিত্ব

Image
          বিদীৰ্ণ সময়, বিপন্ন প্ৰহৰ           বৃক্ষই কান্দিছে ফেকুৰি           বিস্তৃৰ্ন শিপাই খামুচি ধৰা মাটিৰ পৰা বিচ্ছিন্ন হব লাগিব টলবল যৌৱনৰ গান জিৰিজিৰি,           কলপতীয়া জীৱনৰ ছাঁ নিৰিবিলি।           পখীৰ বনৰীয়া গুঞ্জন,             ঋতুৰ বৰণীয়া সাজ খুলি বৃক্ষ আজি মৃয়মান।।           মানৱৰ শুনি গুণাগথা বৃক্ষই গনিছে প্ৰহৰ,           কোনোবা মুহূৰ্তত খহি পৰিব তাৰ সুবিশাল কলেৱৰ।            সাক্ষী মাথো সি অনেক ইতিহাসৰ।           তাৰ প্ৰসাৰিত দুচকুত আজিও সজীব মানৱৰ উত্থান পতন।           তাৰ বিশালতাত আশ্ৰিত বিহংগৰ ৰহনীয়া মৌচাক।           কাউৰীৰ পৰা কুলি হোৱাৰ ঐতিহাসিক ক্ষণ গণি মিচিকিয়াই হাঁহিছিল বৃক্ষই।    ...

এমুঠি জোনাক

Image
             কোমল কোমল খোজত        জীৱনৰ সোণোৱালী দিনবোৰ ।      ভটীয়নী নাওত জানো থিৰ কৰিব পাৰি ?      জানোছা হেৰাই যায়       আশাৰ বৈঠাখনি গভীৰতাৰ জলাধাৰত       শামুকবোৰো গৈছিল পিছে পিছে ধীৰ গতিত       সাগৰৰ উঠলি অহা ঢৌৱে       উটুৱাই লৈ গৈছিল       বালিবোৰৰ মাজে মাজে       আকৌ ওভতনি ঢৌত আহিল উভতি ।      হাতৰ পৰশ পাই       খুলি চালোঁ       মুকুতাযেন আছে জিলিকি       সূৰ্যৰ পোহৰত জিলিকি       চাট মাৰি ধৰিছিল মুকুতাৰ পোহৰবোৰ ।      আশাবোৰে দৌৰিছিল বেগাই যেন বেগান্ত অশ্বাৰোহী       দীঘলীয়া পথত       সোণাৰুৱে পাৰি থৈছিল       হালধীয়া চাদৰ খনি ।      আইতাই যে কৈছিল সাধু ত       ৰাজকু...

ভালপোৱা

Image
ভালপোৱা চকুপানী বোৰে অহৰ্নিশে তোমাকেই  বিচাৰে, যিদিনাৰ পৰা তুমি আঁতৰি গ'লা ! ভালপোৱা বোৰ যিদিনা আহিছিল মোৰ মন ফুলনিৰ ফুলবোৰে নতুনকৈ পাহি মেলিছিল, জোনাকবোৰ বুকুত নতুনকৈ গজিছিল,  নৱ অংকুৰিত  হৃদয়ৰ পাহে পাহে বগাইছিল কাজলি হৃদয়ৰ ছাঁ। চৰাইৰ কাকলিয়ে মোৰ ৰাতিপুৱা বোৰ সজাইছিল, আবেলিৰ ৰামধেনুৰ সেন্দুৰীয়া তুলিকাত আকিঁ লৈছিলো   ভালপোৱাৰ হেঙুলীয়া ছৱি। নিশাবোৰে সিচিঁ দিয়া জোনাক বিভোৰ হৃদয়ত ৰচিছিলো প্ৰতিশ্ৰুতিৰ অলেখ পৰাণ জুৰুৱা গীত এতিয়াটো তুমি নাই, ভালপোৱা বোৰো সেয়ে অহা বাটে   গ'ল। থৈ গ'লা মাথো মোৰ ৰিক্ত পৃথিৱীত সেন্দুৰীয়া কিছু যুগমীয়া স্মৃতি। প্ৰতিশ্ৰুতিৰ প্ৰতিচ্ছবিখন অকলেই পৰি ৰ'ল। তাকেই থৈছো সামৰি সুতৰি, যতনেৰে এতিয়াও  থৈছো আবৰি। ৰঞ্জুলা শৰ্মা

প্ৰেম সাগৰৰ প্ৰেমিক

Image
     তোমাক দেখিলে অলপ লাজ লাজ লাগে      অলপ ভয় ভয় লাগে       কিন্ত নেদেখিলে আকৌ বেয়া লাগে      আজি কথা পাতিম বুলি ভাবিছিলো      কি সুধিম, কি বুলি কওঁ ?      ভাবোঁতে ভাবোঁতে তুমি গুচি গলা       ইমান দূৰ পোৱাৰ পাছত কি কৰোঁ      পিছফালৰ পৰা চিঞৰি দিলে       আন কোনোবাই কি বুলিব...      নহব আৰু       এনেইতো তুমি বহুত ভালেই যেন লাগিছে      কিবা কৰি যদি কথা পাতিব পাৰিলে...      ৰাতিপুৱা ন’ বাজিছে হে       হে হে হেৰি গুডমৰ্ণিং      ভালে আছে নে...        এনেই কৈ দিলোঁ       তাইৰ ডায়েৰীখন পৰি যাব বুলি জনা হলে      মইতো কেতিয়াও নকওঁ      তাই বা কি ভাবিছে নাজানো      গুড মৰ্ণিং নিদিয়া হলেই ভাল আছিল       কিমান যে মনত গালি পাৰিছে চাগে  ...

গীতৰ তালেৰে

Image
  কালিৰ গীত আজি গান সিদিনাৰ সংগীত ,আজি কোলাহল। সময়ৰ সোঁতত সলনি হৈ জাতিৰ সংস্কৃতি আজি জাতিৰ ধ্বংসক। গছ-গছনিৰ সৌন্দৰ্য্যৰে ভৰপূৰ বৈচিত্ৰময় পৃথিৱী আজি ওখ ওখ আট্টালিকা আৰু মানুহৰ ধূসৰ মনেৰে সজা এখন কংক্ৰীট হাবি। এইবোৰ সলনি হ'বলৈ ডাঙৰ বিস্ফোৰকৰ প্ৰয়োজন নাই। কালচক্ৰত ই সলনি হৈছে আৰু সলনি কৰিছো আমি। হেৰা বন্ধু পাহৰি নাযাবা নিজ মাতৃভাষা পাহৰি নাযাবা নিজৰ পিতৃ সংস্কৃতি সাৱটি লোৱা বন্ধুত্বক চিনি লোৱা শত্ৰু যিয়ে নিঃশেষ কৰিবলৈ আহিছে তোমাৰ জাতিক,তোমাৰ স্বদেশক যি আজি সঁচাকৈ সংকটত উদ্ধাৰ কৰা নিজ মাতৃক উদ্ধাৰ কৰা নিজ পিতৃক। যিয়ে অপেক্ষা কৰি আছে তোমাৰ বাবে পালন কৰা নিজ দায়িত্ব,...

আবেগ

Image
তুমি মই আমি প্ৰায়বোৰেই নিজৰ কথাকে ভাবিয়েই আনন্দিত হওঁ প্ৰতিনিয়ত। মানুহৰ বাবে ভাবিবলৈ কোনোবাই সোঁৱৰাই দিব লাগে আমাক। কাৰোবাৰ উদাত্ত আহ্বানত আমি ওলাই আহো আমাৰ মৰম বিলাবলৈ আৰ্তজনক। আমি প্ৰত্যেকেই জানো আবেগ ব্যক্তিগত। কেতিয়াবা সামূহিক ৰূপ লয় কোনো বিশেষ মুহূৰ্তত। কেতিয়াবা হয় সফল কেতিয়াবা বিফল। আবেগে ঢুকি নেপাবও পাৰে জীৱন বাসনাৰ প্ৰমূল্য।             মন্দিৰা বৰুৱা                   **********************

তুমি দিয়া চিঠি

Image
মোৰ ডায়েৰীৰ ভাঁজত তুমি দিয়া চিঠি  আৰু মায়াৱী ছবিবোৰৰ আৰ্তনাদ শুনিলো আজি আকৌ বহু দিন অন্তত, জানা...! তুমি লিখা মধুৰ বাণীবোৰে মোক কন্দৱাই হে এৰে ! তুমি তো আজি সুখী নো কলিজা...? মই তোমাৰ হ'ম বুলি আশা পথেৰে সদায়েই আগবাঢ়িছিলা তোমাক মই পাহৰিম বুলি ভয়তে... কতো না শপথেই খুৱাইছিলা !  কিমান যে বৰ্ণিত আছে তোমাৰ হিয়া ভাষা মোৰ জখমী মনৰ ৰক্তাক্ত হৃদয়খনত, হয়তো তুমি নাজানো ! তুমি গুচি গ'লা আনন্দত আৰু মই ক্লান্ত ভাৱনাত কিদৰেই ৰাখোঁ জীয়াই তোমালৈ দিয়া কথা ! সপোনত উৰিছিলো দুয়ো কল্পলোকতেই বাস কৰিছোঁ, বহু চিন্তাতেই যেন কৈছিলা তুমি... ধুমুহা আহিলে হাতে হাত ধৰিম বৰষুণ দিলে একেলগেই তিতিম কষ্ট চুলে একেলগে কান্দিম দুখ সাগৰত ককবকালে সাৱটি ধৰি একেলগেই মৰিম ! হয়...! আজি চকুলোত ভাহিছো স্মৃতি সাগৰতো ডুবিছো নাই...! স্মৃতিৰ বন্তি গছ জ্বলি জ্বলি শেষ হোৱা নাই যেন কেৰাচিন,পেট্ৰোল পৰা দি  আৰু বেছি হে জ্বলি উঠিছে  গছজোপা লহপহকৈ। সঁচাকৈয়েই....! আজি পৃথিৱীখন নিষিদ্ধ লাগে তুমিহীন কিদৰেই বুজাওঁ....! ঠিকনা বিহীন যেন হৈ পৰিছে মোৰ জীৱন; তোমাৰ বাসনা তৃপ্তিৰ  পগলা ভাৱিছিলা হয়তো মোক; পেলনীয়া আৱ...