Posts

Showing posts with the label বৰষুণৰপ্ৰেম

বৰষাৰ গান

Image
ৰুণজুণ ৰুণজুন নুপূৰৰ ধ্বনি গিৰগিৰ গিৰগিৰ মাদলৰ ধ্বনি জাকি মাৰি ওলাই আহে কোন নাচনী এয়াচোন বাৰিষাৰ বৰষা ৰাণী... সেউজীয়াৰ সাজত ৰঙীন বুটা গুণগুণাই উৰিছে সখীয়তী পখিলা বতাহৰ সুহুৰিত ওমলে কোন সৰগৰ পৰী এয়াচোন বাৰিষাৰ বৰষা ৰাণী... উত্তাল ঢৌৰ তৰংগত কঁপি উঠে ততিনীৰ উফন্দা বুকু ডাৱৰৰ ভাজত সলাজ-লাজে লুকায় উমাল দিনবন্ধু কাৰ শীতল স্পৰ্শত প্ৰকৃতিয়ে পাহৰে প্ৰতিটো দুখ আৰু আঘাতৰ নাম ? তায়েইচোন বাৰিষাৰ বৰষাৰ গান তায়েইচোন বাৰিষাৰ বৰষাৰ গান আফুলন আফুলন হৃদয়ৰ গান...                                        দীপিকা গোহাঁই ফুকন

বসন্তৰ বাউলী প্ৰিয়া

Image
শীতৰ ঠৰঙা লগা সময়ক  বিদায় দি এসোপা সেউজীয়া সপোনৰ বুকুচাত আহে প্ৰগলভা বসন্ত লগত লৈ আহে প্ৰকৃতিক ৰঙীন ৰঙেৰে বুলোৱা সীমাহীন চিত্ৰ । বোকা মাটিৰ মতলীয়া সুৱাস উলোন্দা আকাশক বলিয়া কৰা বাউলী বতাহ বতাহত প্ৰাণ আহে প্ৰাণত উশাহ আৰু উশাহত আশা বোৰে  এটি বালিমাহী চৰাই হৈ দেও দি নাচে.... শুকান পথাৰ খনে দেখে উৰ্বৰা হোৱাৰ সপোন সগৰ্ভা হোৱাৰ হেপাঁহত খৰশ্ৰুতা ততিনীৰ উন্মনা নাচোন কৃষকৰ মুখত ফুটি উঠে বনগীতৰ অমিয়া সুৰ কাণত অহৰহ বাজি থাকে পথাৰৰ ৰাগি লগা এটি চিনাকি সুৰ । হয়,মই বসন্তৰ বাউলী প্ৰিয়া কেতেকীৰ বিননিটো পুনঃমিলনৰ প্ৰতিশ্ৰুতি বিচাৰি পায় আনন্দত নাচে এধানি হিয়া হুমুনিয়াহত পৰিণত হোৱা আশা বোৰে যেন এতিয়াই  টগবগীয়া এটি সপোন হৈ আল্পনা আঁকে পুনৰ জীৱন যুজত জয়ী হোৱাৰ.....।                                                                                 ✍  দীপিকা    ...

জোনাকী

Image
ক'ৰ পৰা আহিছা জোনাকী.... ? এই আন্ধাৰ নিশা...! নিয়ৰ কণা দুচকুত ভৰা.... আকৌ জোনাকী কিহৰ বতৰা ? আবেলিৰ সময়ছোৱাত আহিবাচোন জোনাকী  ক'ম তোমাক হৃদয় অগ্নিৰ বতৰা  অকলশৰীয়া নৈ খনকনো কিমান দিম হৃদয়ভৰা অগ্নিৰ বতৰা ! আবেলি আকাশত দিশহাৰ পক্ষী জনীও বিচাৰি পালে নিজৰ ঠিকনা  এই সংগ্ৰামি জীৱনৰ পথ বিচাৰিফুৰা  মই জনে নাজানো নিজৰ ঠিকনা।  কলীয়া ডাৱৰে আৱৰা, ধুমুহা গাজনিৰ মাজত মই আজি অকলশৰীয়া জোনাকী  এমুঠি পোহৰৰ বাত খুপিযাই ফুৰিছো  এই নিৰিবিলি আন্ধাৰ নিশা।।                                                                                🖎   অখিল তালুকদাৰ                                         ➖➖➖➖➖➖➖➖ ➖➖➖➖

প্ৰেমত পৰিছেনে আপুনি ?

Image
আপুনি ক'লে ‌আপুনি‌ বাৰে বাৰে  বৰষুণৰ প্ৰেমত পৰে । বৰষুণত তিতি প্ৰশান্তি লভে। মই শুনিলোঁ ।‌ আপুনি কি ভাবে আপুনি ক'ব  আৰু মই মানি লম ! জুলাই মাহৰ গা পুৰা ৰ'দৰ পাছত আবেলিৰ বৰষুণজাক  সকলোৰে ভাল লাগিব পাৰে‌ । একেবাৰে সৰল‌ ইয়াত ‌জটিলতা নাই। পুহমহীয়া ঠেঁটুৱে ধৰা জাৰত বৰষুণ বাৰু আপোনাৰ ভাল লাগেনে? বৰষুণত এবাৰ তিতি চাবলৈ  আপোনাৰ মন যায়নে ? আপুনি বহেনে ৰ'দ পিঠিত লৈ  আপোনাৰ চোতালত ? আপুনি নক'লেও মই জানো তেতিয়া আপোনাৰ ৰ'দ ভাল লাগে । জুইৰ সেঁকৰ প্ৰেমত পৰে আপুনি । কি জানে ! আপুনি শুনিবলৈ  বেয়া পাব পাৰে । মানি ল'ব নিবিচাৰিব পাৰে । কিন্তু সঁচাটো এইয়াই  যে প্ৰয়োজনত সকলো ভাল লাগে । প্ৰয়োজনীয়তা হেৰুৱালে  সকলো বিৰক্তিকৰ হৈ পৰে‌ । সকলোলৈ ক্ষোভ উপজে । এতিয়াও বাৰু আপুনি  ক'ব পাৰিবনে আপুনি  বৰষুণৰ প্ৰেমত পৰে ? আপুনি সঁচাকৈয়ে বৰষুণৰ প্ৰেমত পৰিব পাৰে  যদি এসপ্তাহ‌ যোৰা জাগললৈ  আপোনাৰ খং নুঠে । যদি আপুনি পুহ মহীয়া জাৰতো বৰষুণত তিতি ভাল পায় । আপুনি মানি লওঁক  প্ৰয়োজনীয়তাত‌ যদি আপুনি প্ৰেমত পৰিছে আপুনি সঁচাই প্ৰেমত পৰিছে সেয়া পোহৰেই হও...