আশা

পুৱতিৰ চেচাঁ বতাহজাকত নানা ৰঙী ফুলনিৰ পৰা সৰি পৰিছে ফুল। নিয়ৰে তিয়াই যোৱা দুবৰিবন কেইডালত ল'ৰি ঢাপৰি থকা থুনুক-থানাক ভৰি কেইটাৰ পৰশ পৰা নাই। অপেক্ষাকৃত চিন্তাত মছগুল হৈ ৰৈ আছে। ঘৰৰ কণপোনাটিৰ অসুখ। মাকে মনে মনে চিন্তা কৰি বহি আছে নিৰলা দুখীয়া পজাঁ অন্ত নপৰা দুখৰ সতে সমস্যা ওলাই থাকে আৰু থাকিব। ভগৱানৰ বাৰু চকু নপৰেনে ? পৃথিবীত কিবা আমিহে আছো নি? কিমান মানুহৰ সমস্যা ! তথাপিও আশা থাকিল মনত ভগৱানৰ চকু পৰিলেই হয়। মেটমৰা ডাঙৰীৰ জিৰ্ জিৰ্ শব্দ কৰিব সময় হোৱা নাই। ফুলনিত থকা ফুলৰ গোন্ধ বিয়পি পৰিছে কিন্ত গোন্ধত অমৃত ৰস নাই । কণপোনাটিৰ নাকৰ স্পৰ্শ ফুলৰপাহিত হোৱা নাই । এটি কলি আৰু এপাহ ফুল চিঙি মাকৰ হাতত এইকেইদিন দিয়াই নাই। তাৰ যে অসুখ! আজি বতাহ জাকেও মৌন ভাৱে মন্থৰ গতি লভিছে। আলিৰে যোৱা আৰু ঘৰৰ মানুহক গা-চাদৰখন টানি ধৰিবলৈ খাটনি কৰা নাই। ভতুৱা কুকুৰটোৰ ভোকভোকনি বৰ্তমান বন্ধই, খেৰত গাত কৰি সোমাই সি ডিঙি মেলি চাইছে জানোছা কণপোনা খেলিবলৈ আহিছে। মাকৰ উমাল বুকু আজি উদং মা মা কৰি মতা মৌ সনা মিঠা মাতৰ ধ্বনি বন্ধ হৈ আছে আনানুষ্ঠুপিয়াকৈ বন্ধ হোৱা দৈনন্দিন কাৰ্যপ্ৰণালিৰবোৰৰ নিয়ম মিলা নাই। মনৰ উগুল-থুগ...