Posts

Showing posts with the label মন যায়

জেওৰা

Image
     কিমান আৰু বাটিব আপোনাৰ       বাৰীৰ জেওৰা      গছবোৰে বাধা মনা দেখিছে ?      গছবোৰে মাত্ৰ বাঢ়ি যাব জানে ।      সিহঁতেতো নাজানে       আপোনাৰ সীমা ক'ত ।      ক'ত অনাধিকাৰ প্ৰৱেশ ।      গছৰ বাবেতো গোটেই পৃথিৱীখনেই ঘৰ ।      আৰু ঘৰত জানো সীমাৰ প্ৰসংগ আহে !      সেয়েহেতো সিহঁতে আপোনাৰ       জেওৰাৰ ফাঁকবোৰৰ অজুহাত লৈ      বাঢ়ি আহে লাহে লাহে       জেওৰাৰ অস্তিত্বক আওকাণ কৰিবলৈ       সিহঁতক বেছি পৰ নালাগে ।      সেয়েতো সিহঁত গছ       সেউজীয়াবোৰ সিঁচি সিঁচি       জীৱনৰ সুৰ তোলা একো একোটা গান ।      সেউজীয়াবোৰে মাথোঁ বাঢ়ি যাব জানে       আপোনাৰ বাৰীৰ সীমা নেওচি       অথবা হৃদয়ৰ...      সেউজীয়াবোৰে মাথোঁ বাঢ়ি যাব জানে ।  ...

আকৌ নতুন প্ৰভাত হওঁক

Image
     পুৱাৰ চৰাই চিৰিকতীৰ       বিননিত সাৰ পালোঁ ।      কাঁচিয়লি ৰ'দে উষ্ম আদৰণি  জনালে ।      নাই যে নতুনত্ব       সেই একেই বিভীষিকা       সেই একে পৰিৱেশ ।      ভাগৰুৱা হৈ পৰিছো       বন্ধ কোঠাত কিমান       আবদ্ধ থাকিম ?      উশাহ ল'বলৈ যেন        শুদ্ধ বায়ুৰ অভাৱ       জীয়াই থাকিম নে ?      ভাবিব লগীয়া হৈছে !!      ৰুষ্ট প্ৰকৃতি আজি       মানুহক সুখ লাগে, অট্টালিকা লাগে       জানে নে ? প্ৰকৃত অৰ্থত       সুখৰ সংজ্ঞা কি ?      প্ৰকৃতিক ধ্বংস কৰি আজি       নিজেই ভাৰাক্রান্ত       হৈ পৰিছে মানব জাতি,       ক'ৰ'ণাই শিকাই দিলে       জীৱনটো কিমান কঠিন       পলকতে সকলো শেষ হৈ...

নাবান্ধিবা মোক শিকলিৰে

Image
অভিমান সকলোৱে কৰে  তুমি বাৰু কিয় ইমান অভিমানকাৰী  বন্ধ দুৱাৰৰ ভিতৰত ৰাখিলা মোক শিকলিৰে বান্ধি  ইমান অন্ধকাৰ আছিল কোঠালিটো  মাথোঁ এডাল মমবাতি  তাকো আধাপুৰা  কেতিয়া নুমুৱাই যায় একো ভৰসা নাই  তোমাৰ অভিমানবোৰ সামৰি নোৱাৰা জানো আহিব আকৌ ঘূৰি.....? যদি তুমি পাৰা  ঘূৰাই দিয়া মোক অতীতৰ স্মৃতি !খং অভিমানবোৰ টোপোলা বান্ধি । যদি তুমি পাৰা তোমাৰ হৃদয়ৰ বন্ধ কোঠালিৰ দিয়া দুৱাৰ খুলি  অলপ চেচাঁ বতাহ লওঁ  প্ৰেমৰ সুবাসেৰে  অলপ উশাহকণ দীঘল কৰোঁ জীয়াই থকাৰ মানসেৰে । প্ৰেম কৰিলে বাৰু কিয় নীৰ বয়  প্ৰেম যদি সচাঁ হয়  কিয় আপোন নহয় .....? ইমান পবিত্ৰ শব্দটি  যাক গোলাপেৰে আদৰা হয় কাঁইটবোৰ সেইবাবে আছে নেকি  মৰমবোৰ যেতিয়া চলনাময়ী হয়  কাঁইটবোৰত আঘাত পায়  সেইবাবে প্ৰেম কৰিলে নীৰ  বাৰে বাৰে বয় ।                                         কল্যাণী ডেকা (নলবাৰী)

হেৰাই নাযাবা

Image
তুমি মোৰ জীৱনৰ  এটি সৰু তৰা, তোমাৰ মাজতে আছে মোৰ মৰমৰ ধৰা। তুমি হাঁহিলে মোৰ  বিষাদ আতৰে, তোমাৰ চকুলোৱে মোক নিমিষতে মাৰে। তোমাক পাবলৈ মোৰ মন ব্যাকুল, মৰম তোমাৰ বাবে আছে বিপুল। জীৱনৰ লগৰী হৈ তুমি থাকিবা, জনমে জনমে মোৰ  মৰম লবা। কাহানিও তুমি প্ৰিয়া আতৰি নাযাবা, সপোনৰ ঘৰ ভাঙি হেৰাই নাযাবা। যুগে যুগে তোমাক মই কাষতে বিচাৰোঁ, মোৰ দুখৰ পৰত মই তোমাক হাততে বিচাৰোঁ। হেৰাই নাযাবা প্ৰিয়া হেৰাই নাযাৱা, জনমে জনমে তুমি হৃদয়তে থাকিবা। সৃষ্টি প্ৰকাশ (মৰিগাঁও) ==================

নাজানিলোঁ

Image
মোৰ হৃদয়ৰ যে অসুখ বিজ্ঞাপন এটি দি নহ’ল আঁৰি দিয়া,  তুমিও নেদেখাটোৱে স্বাভাৱিক এইযে মিছলীয়া হাঁহিটো সিয়ে জগৰীয়া ৷ তোমালৈ বুলি মৌন ভাষাৰে লিখা কবিতাটি শেৱালিৰ লগতে তলসৰা হ’ল সূৰুযমুখীৰ দৰে চকুত চকু থবলৈ অপূৰ্ণ হৈয়ে ৰ’ল ৷ নাজানিলোঁ  প্ৰেমিক চৰাই হ’বও নাজানিলোঁ সময়বোৰ কুটি কুটি মিছাতে বোন্দাপৰ, সেউজীয়াবোৰ ক’ত হেৰুৱালোঁ ফাগুণ নহাকৈ নগ্ন হ’লোঁ ৷ সেউজীয়া হৈ থকাৰ মন্ত্ৰটি দিছিলে পিতাই হাতৰ মুঠিত বিশ্বাসেৰে গুপুতে, সেইটোও ধৰি ৰাখিব নাজানিলোঁ ৷ বোকা-পানী নগচকো বুলি কৃষকৰ ল’ৰাই বিদ্ৰোহ কৰিলে কেনেকৈ হ’ব, আমিতো সোণৰ চামুচ মুখত লৈ ৰূপৰ পালেঙত জন্মা নাই ৷ নাজানিলোঁ  আদৰ কৰিব নাজানিলোঁ নুবুজিলোঁ বসুন্ধৰাৰ আঁচলৰ উম ৷ উভতিম  পুনৰ উভতিম যদি সেউজীয়া হ’ব পাৰোঁ অপূৰ্ণ কবিতাটি পূৰ্ণ কৰি ৷ অমৰদীপ কলিতা  ~~~~~~~~~~~~~~~~~~

হৃদয় মৰুভূমিৰ মৰিচিকা তুমি

Image
হঠাৎ..... এজাক বলিয়া বতাহে অজানিতে লৈ আহিল তোমাৰ বতৰা নুশুধো বুলিও শুধো তোমাক ভালে আছানে ? জানো  উত্তৰৰ সলনি আহিব কোনো বেপেৰুৱা শব্দৰ সমাহাৰ সেয়ে... আজিৰ পৰা নলওঁ আৰু তোমাৰ বাতৰি সদায় দিয়াৰ দৰে সন্ধিয়াৰ প্ৰাৰ্থনাত গুজি দিম এখিনি আশা মই কাষত নাথাকিলেও ঈশ্বৰ সদায় তোমাৰ সঙ্গত থাকিব মোৰ সভক্তিৰ প্ৰাৰ্থনাই  তোমাক বিপদৰ পৰা আজুৰি আনিব মোৰ আন্তৰিকতা ভৰা বিশ্বাসে সদায় তোমাৰ কুশল বাতৰি ল'ব । তুমি নিবিচাৰিলেও  মোৰ শুভকামনা সদায় তোমাৰ লগত থাকিব সেউজ বুলিয়া এটি ছাঁয়া হৈ আন্ধাৰ নিশাৰো সঙ্গী হ'ব ।                               দীপিকা গোহাঁই ফুকন -----------------------------

অপেক্ষা

Image
বেজাৰৰ ডাৱৰ বোৰ গলি গলি ঝৰ ঝৰ কৈ সৰিছিল  দুচকুৰ পাৰ ভঙা বৰষুণ জাক বুকু জুৰাবলৈ  এতিয়া পোনাকনো নাই কাষত ৰঙা নদীৰ বলিয়া বানত সি ও নোহোৱা হ'ল । এতিয়া নিতৌ খিৰিকীত টোকৰ মাৰি  মোক জগোৱা প্ৰভাতি পক্ষীটিৰ কাকলিত শুনো পোনাকনৰ মাত, তাৰ ধেমালিত তাকেই দেখাপাওঁ বুকুৰ হেঁপাহেৰে দুবেলা দুমুঠি  তালৈকে যুগুতাওঁ, দেও দি দেও দি কত যে নাচোন  তাৰেই হিঁয়া জুৰাওঁ । হেঙুলীয়া আবেলিৰ অস্ত আকাশত  ৰঙা সুৰুজৰ ৰং চাওঁ  কিজানিবা তাতেই তোমাক লগ পাওঁ... জানাইতো, কেতিয়াবা কেতিয়াবা আগচোতালত বহি  সন্ধ্যা তৰাটি লৈ চাই চাই  তোমাৰে কথা হওঁ... তুমি ৰুই থোৱা  নাহৰ, হাচ্‌নাহানা,আৰু  ৰঙা কৰবীৰ পুলি কেইটা  সযতনে ৰাখিছো, জানো , তুমি আৰু নাহা... তথাপি তোমাৰ আচবাব বোৰ ধুই,শুকুৱাই সামৰি থৈছো, জীয়াই আছো সেয়ে মনত যে এটি  ক্ষীণ আশা পুহি ৰাখিছো, কিজানিবা মোৰ হেৰোৱা পোনাটি  কাহানিবা উভতি আহেই তাৰেই ক্ষণ গণিছো ।                     গীতালি মহন্ত                     ...

মন যায়

Image
মন যায় মহাত্মা  হ'বলৈ ৰসৰাজ, আনন্দৰাম, ৰূপকোঁৱৰ হ'বলৈ আকৌ মন যায় আব্ৰাহম লিংকন হ'বলৈ ডেল কাৰ্নেগী, নেপোলিয়ন হিল, টলষ্টয় হ'বলৈ মন যায় শংকৰদেৱ হ'বলৈ বুদ্ধ, মহাবীৰ, মাধৱ হ'বলৈ আকৌ মন যায় বিবেকানন্দ হ'বলৈ চিলাৰায়, লাচিত, কুশল হ'বলৈ মন যায় মাৰ্টিন লুথাৰ কিং অগ্ৰজ হ'বলৈ জৰ্জ ৱাছিংটন, বৰাক ওবামা, কালাম হ'বলৈ আকৌ মন যায় বিষ্ণুপ্ৰসাদ ৰাভা হ'বলৈ লোকপ্ৰিয়, আজান ফকীৰ, পদ্মনাথ গোহাঞিবৰুৱা হ'বলৈ মন যায়  ভূপেন হাজৰিকা হ'বলৈ জুবিন, এ আৰ ৰহমান, কিশোৰ হ'বলৈ আকৌ মন যায় শচীন টেণ্ডুলকাৰ হ'বলৈ ৰণাল্ড, বিশ্বনাথ, বল্ট হ'বলৈ মন যায় ব্ৰিল গ্ৰেটছ হ'বলৈ জেক মা, আম্বানী, জেফ হ'বলৈ আকৌ মন যায় আম্বেদকাৰ হ'বলৈ লোকমান্য, লৌহ মানৱ, বাজপেয়ী হ'বলৈ মন যায় ভগৎ সিং হ'বলৈ বসু,আজাদ, লাজপত ৰায় হ'বলৈ আকৌ মন যায় যাদৱ পায়েঙে হ'বলৈ বৰগোহাঁই, মাউত, সন্দিকৈ হ'বলৈ মন যায় অৰ্জন হ'বলৈ একলব্য, অভিমন্যু, অনিৰুদ্ধ হ'বলৈ আকৌ মন যায় চানক্য হ'বলৈ ব্যাস, বাল্মিকী, দুশ্মন্ত হ'বলৈ মন যায় ৰাধাকৃষ্ণণ হ'বলৈ কবীৰ...