Posts

Showing posts with the label জোনাক

অনুভৱ

Image

এমুঠি জোনাক

Image
             কোমল কোমল খোজত        জীৱনৰ সোণোৱালী দিনবোৰ ।      ভটীয়নী নাওত জানো থিৰ কৰিব পাৰি ?      জানোছা হেৰাই যায়       আশাৰ বৈঠাখনি গভীৰতাৰ জলাধাৰত       শামুকবোৰো গৈছিল পিছে পিছে ধীৰ গতিত       সাগৰৰ উঠলি অহা ঢৌৱে       উটুৱাই লৈ গৈছিল       বালিবোৰৰ মাজে মাজে       আকৌ ওভতনি ঢৌত আহিল উভতি ।      হাতৰ পৰশ পাই       খুলি চালোঁ       মুকুতাযেন আছে জিলিকি       সূৰ্যৰ পোহৰত জিলিকি       চাট মাৰি ধৰিছিল মুকুতাৰ পোহৰবোৰ ।      আশাবোৰে দৌৰিছিল বেগাই যেন বেগান্ত অশ্বাৰোহী       দীঘলীয়া পথত       সোণাৰুৱে পাৰি থৈছিল       হালধীয়া চাদৰ খনি ।      আইতাই যে কৈছিল সাধু ত       ৰাজকু...

প্ৰেম সাগৰৰ প্ৰেমিক

Image
     তোমাক দেখিলে অলপ লাজ লাজ লাগে      অলপ ভয় ভয় লাগে       কিন্ত নেদেখিলে আকৌ বেয়া লাগে      আজি কথা পাতিম বুলি ভাবিছিলো      কি সুধিম, কি বুলি কওঁ ?      ভাবোঁতে ভাবোঁতে তুমি গুচি গলা       ইমান দূৰ পোৱাৰ পাছত কি কৰোঁ      পিছফালৰ পৰা চিঞৰি দিলে       আন কোনোবাই কি বুলিব...      নহব আৰু       এনেইতো তুমি বহুত ভালেই যেন লাগিছে      কিবা কৰি যদি কথা পাতিব পাৰিলে...      ৰাতিপুৱা ন’ বাজিছে হে       হে হে হেৰি গুডমৰ্ণিং      ভালে আছে নে...        এনেই কৈ দিলোঁ       তাইৰ ডায়েৰীখন পৰি যাব বুলি জনা হলে      মইতো কেতিয়াও নকওঁ      তাই বা কি ভাবিছে নাজানো      গুড মৰ্ণিং নিদিয়া হলেই ভাল আছিল       কিমান যে মনত গালি পাৰিছে চাগে  ...

আকৌ নতুন প্ৰভাত হওঁক

Image
     পুৱাৰ চৰাই চিৰিকতীৰ       বিননিত সাৰ পালোঁ ।      কাঁচিয়লি ৰ'দে উষ্ম আদৰণি  জনালে ।      নাই যে নতুনত্ব       সেই একেই বিভীষিকা       সেই একে পৰিৱেশ ।      ভাগৰুৱা হৈ পৰিছো       বন্ধ কোঠাত কিমান       আবদ্ধ থাকিম ?      উশাহ ল'বলৈ যেন        শুদ্ধ বায়ুৰ অভাৱ       জীয়াই থাকিম নে ?      ভাবিব লগীয়া হৈছে !!      ৰুষ্ট প্ৰকৃতি আজি       মানুহক সুখ লাগে, অট্টালিকা লাগে       জানে নে ? প্ৰকৃত অৰ্থত       সুখৰ সংজ্ঞা কি ?      প্ৰকৃতিক ধ্বংস কৰি আজি       নিজেই ভাৰাক্রান্ত       হৈ পৰিছে মানব জাতি,       ক'ৰ'ণাই শিকাই দিলে       জীৱনটো কিমান কঠিন       পলকতে সকলো শেষ হৈ...

হেৰাই নাযাবা

Image
তুমি মোৰ জীৱনৰ  এটি সৰু তৰা, তোমাৰ মাজতে আছে মোৰ মৰমৰ ধৰা। তুমি হাঁহিলে মোৰ  বিষাদ আতৰে, তোমাৰ চকুলোৱে মোক নিমিষতে মাৰে। তোমাক পাবলৈ মোৰ মন ব্যাকুল, মৰম তোমাৰ বাবে আছে বিপুল। জীৱনৰ লগৰী হৈ তুমি থাকিবা, জনমে জনমে মোৰ  মৰম লবা। কাহানিও তুমি প্ৰিয়া আতৰি নাযাবা, সপোনৰ ঘৰ ভাঙি হেৰাই নাযাবা। যুগে যুগে তোমাক মই কাষতে বিচাৰোঁ, মোৰ দুখৰ পৰত মই তোমাক হাততে বিচাৰোঁ। হেৰাই নাযাবা প্ৰিয়া হেৰাই নাযাৱা, জনমে জনমে তুমি হৃদয়তে থাকিবা। সৃষ্টি প্ৰকাশ (মৰিগাঁও) ==================

ৰাতিৰ কবিতা

Image
পুৱাৰ ৰ'দালিত লাহে লাহে অংকুৰিত হয়  এটি সোণোৱালী স্বপ্ন, ৰ'দ জিলমিল  স্ৰোতস্বিনী নদীৰ বুকুৰ ভটিয়নি সোঁতত  উঁটি-ভাঁহি যায় জীৱনৰ এটি এটি তৰঙ্গ, সূৰ্য্যাস্তৰ পাছতেই এন্ধাৰ নামিব লুকাই পৰিব দিনৰ সমস্ত বৈভৱ, এন্ধাৰ বিদ্ৰোহী মোৰ ৰাতিৰ কবিতাটি  জোনাকত উমলি থাকক । গীতালি মহন্ত । মৰিগাওঁ । ~~~~~~~~~~~~~~~~~~~~~~~

ৰঙা গোলাপ পাহ

Image
       সৌ যে ৰঙা গোলাপ পাহ আমি লগপোৱাৰ প্ৰথমটো স্মৃতি  তোমাৰ বাৰু মনত আছে নে ? নৈ পাৰৰ উন্মনা বতাহ যাক । তোমাৰ হাতত হাত থৈ কহুৱা বোৰৰ মাজে মাজে মই যে  পখিলা খেদিছিলো, আৰু তুমি মোলৈ ৰʼলাগি  চাই আছিলা চকুৰ পতা নজপোৱাকৈ । ভাল লগা আছিল নহয়  তোমাৰ মোৰ একান্ত ব্যক্তিগত সময় বোৰ, মই তোমাৰ বুকুত  মূৰ থৈ উচুপি উঠিছিলো  তুমি কিন্তু মোক এৰি কেতিয়াও নাজাবা দেই বুলি কৈ । আৰু তুমি যে মোক শান্তনা দিবলৈ ৰঙা গোলাপ পাহ মোৰ দীঘল  বেনী দালত গুজি দিছিলা কপালত এটা মিঠা চুমা আকিঁ । ভাল লাগে জানা স্মৃতিবোৰ  সুৱঁৰি অনুভৱ বোৰৰ মনিকোঠাত তুমি গুজি দিয়া সৌ ৰঙা  গোলাপ পাহ আৰু বেছি ৰঙা  হৈ ফুলি উঠে ।।          পূজা শইকীয়া   ********************* 

জোনাকৰ ছাঁ

Image
ফাগুনৰ এটি কোমল সন্ধিয়া মনত বা আছেনে তোমাৰ ! পলাশে আবিৰ সনা জোনালী হৃদয় মোৰ ল'লাহি আকোৱালি তোমাৰ বুকুৰ উমত । চেনেহৰ সেন্দুৰীয়া দলিচা বনত মোৰ সিঁচি দিলা সেউজীয়া গুটিমালী বোৰ ।। আকাশ নীলা বুকুৰ পথাৰ খনত দুয়ো মিলি সাজিছিলো এটি কণমানি পজাঁ । জোন সৰা জোনাকৰ কৃষ্ণচুড়া ৰঙে সজালেহি আমাৰ দুয়োখনি হিয়া ।। সচাঁ মিছা অভিমান খেলিলো কতনো খেল পাতিলো কিমান কথা জোনাকৰ পাৰতে ৰৈ। ৰুণজুণ নুপুৰেৰে জোনাকী জনীয়েও আহি  উজলাই তুলিছিল আমাৰ সৰু পজাঁ।। ৰংবোৰ গভীৰ হ'ল ৰাতিও গহীন হ'ল নামি আহিল এন্ধাৰৰ অমানিশাবোৰ । আচঁলত সাঁচি ৰখা মৰম জোনাকীটিও  এন্ধাৰৰ আঁৰ লৈ হঠাতে নোহোৱা হ'ল ।। বালিয়ৰি ধুমুহাই ভাঙি থৈ গ'ল  জোনাক আকলুৱা আমাৰ হিয়া পজাঁটি ।। তুমি আঁতৰি গ'লা ৰংবোৰো আঁতৰি গ'ল সজোৱা নহ'ল আৰু জীৱন সপোন বোৰ । যোৱাৰ পৰত নিদিলা এষাৰি মাত খং নে অভিমান নাজানিলো মই । ঠিকনা বিহীন হৈ সময় বালিত  পৰি ৰ'লো ৰূপহীন বালিচন্দা হৈ ।।  আছা যদি এতিয়াও জোনাকী বাটত ৰৈ হেঙুলীয়া আকাশৰ ৰামধেনু চাই । দেখিবা সদায়ে মোক   মৰম কহুঁৱা হৈ  বাট চাই আছো  মাথো জোনাকৰ ছাঁ হৈ ।। ৰঞ্জুলা শৰ্মা ----------%...

এটি অনুভৱ

Image
জোনাক নিশাটি  অকলে অকলে বহি তন্ময় হৈ চাইছো আকাশলৈ নিশা যিমানে গভীৰ হৈ আহে আকাশৰ বুকুত  জোনাকৰ নানা খেলৰ এক অপূৰ্ব দৃশ্য ! কবিৰ মনলৈ আহে শব্দৰ মুকুতা মালা । কিমান যে ৰোমাণ্টিক ভাবে আগুৰি লয় কবিৰ কাব্য কাননত । কত প্ৰেয়সীয়ে খিৰিকৰে চাই পঠিয়াই জোনাকলৈ মনৰ মাজত প্ৰিয়জনৰ  ছবি আঁকি আঁকি । আকৌ কতজনৰ দুখৰ বন্যাই আগুৰে উজাগৰী জোনাক নিশা ! হৃদয়ে যেতিয়া নুবুজে মৰমৰ গভীৰতা স্বপ্ননীল আকাশৰ জোনাকেও দিব নোৱাৰে সহাৰি উজাগৰী নিশাৰ । বিষাদে আগুৰি লয় স্নিগ্ধ জোনাকৰ পোহৰ ।। মন্দিৰা বৰুৱা ***********************

জোনাকৰ স'তে এনিশা

Image
এখন নদীৰ বকিয়াত তুমি আৰু মই তুমি হাঁহি থাকা মই চাই থাকো নীৰৱে একেথিৰে বিচাৰি পাওঁ তোমাৰ মগ্নতাত সুখৰ সকলো স্তৱক একাবেকা পথটো পোন হৈ গৈ থাকে ক্ৰমান্বয়ে.....  তুমি আৰু মই একাত্ম হওঁ নিঃস্ব ভাবে বিলীন হৈ যাও তোমাত কাৰণ তুমি মোক দিব পাৰা এমুঠি নাৰ্জী ফুলৰ আশ্বাস ।। জয়া ডেকা   -----------------------------------