Posts

Showing posts with the label শাওণৰ কবিতা

পথাৰত ভুঁই ৰোৱা ছোৱালীজনী

Image
চিঠিখনতে লিখি দিম সময় দিন বাৰ আহিবানে তুমি দিখৌ নদীৰ পাৰ  নিজানত বহি আমি কথা পাতিম  চিকমিক জোনাকত তোমাক বহুত মৰম যাচিম... শাওণৰ বতৰত তোমাৰ দেহা বোকামাটিৰে লুতুৰি-পুতুৰি হৈ গৈছিলা কঠীয়াৰ ভাৰ তুলি  তেতিয়াই ভাবিছিলো  এদিন তোমাক সুধিমেই  মৰম আছেনে মোলৈ বুলি...  ময়ো গাঁৱলীয়া লৰা নাঙল ধৰি  পুৱাতে ওলাওঁ পথাৰলৈ  তুমি ভুঁই ৰোৱা দেখা পালেই  মুৰ তুলি চাই থাকো তোমালৈ  বেয়া নোপোৱা যদি আহিবানে  অলপ মোৰ কাষলৈ... তোমাৰ মুখখন দেখিলেই  ক’ব নোৱাৰোঁ কিয় এনেকুৱা হৈ যায়  ঘৰলৈ আহিলেও মনটোৱে শান্তি নাপায় কাইলৈ তোমাৰ পথাৰখন শেষ হব মোৰো আৰু তিনিদিন মান লাগিব  তুমি পথাৰত নাহিলে কিন্ত বৰকৈ কিবা কিবা লাগিব  একো বুজাবকে পৰা নাই  কি কৰোঁ ? তুমিতো মোক এবাৰ হলেও মন কৰিছা ন পাৰিম নে তোমাক কিবা কবলৈ অলপ লাজো লাগে  তোমাৰ পেহীহঁত, খুৰীদেউ, এপাদেৱে দেখিলে মনত কি ভাবিব   এনেই মিচাতে তোমাক হে গালি পাৰিব  পথাৰত আহি কিহৰ চুপতি বুলি যদি কয়, আয়ৈ তাতোকৈ ভাল  আমি দিখৌ নদীৰে পাৰতে অকলশৰে বহিম  তোমাৰ হাতত মোৰ ৰক্তাক্ত কলিজাখন...

তপত দুপৰীয়া

Image
তপত দুপৰীয়া  উচ্চ উঞ্চতাত জ্বলে,  ভৰ দুপৰীয়াৰ বেলি।  চকুত জোনাকী নাচে,   তপত বোকাত ভৰি।  ৰোৱনীৰ ঘৰ্মাক্ত দেহাৰে,  পথাৰৰ সেউজ ধাননি।  সজাঁল ধৰা কঠীয়াৰ,  উলাহৰ গুনগুননি।  বাস্পীভূত পানীৰে,  আকাশত পানীৰ গাঠনি।  প্ৰখৰ ৰ'দত চিৰাল ফাঁট মেলে,  হাহাকাৰ পানী আৰু পানী। ভৰ দুপৰীয়াৰ ভয়তে,  কনকন মাছ কেইটাৰ  দলকেইডালেই আশ্ৰয়স্থলী।  মুৰৰ পাগুৰী খুলি,  গছৰ ছাঁ পাওঁ কেনি।  দুপৰীয়াটোৱে দিনটো দুভাগ কৰিলে,  পুৱা আৰু আবেলি।   যেন বহুদুৰ বাট পুৱাৰ পৰা গধূলিলে,   মাজত ক্ষন্তেক জিৰণি।                                  পাপু শইকীয়া                                                         চিনাতলী (গোলাঘাট)            ...

সেউজীয়া পথাৰ খন ।

Image
             তুমি আহিছিলা এদিন          মোৰ আবেগৰ সেউজীয়া পথাৰলৈ । সিচি দিছিলা  এবুকু হেঁপাহ, এবুকু মৰম  সাজিছিলো এটি আশাৰ  কাৰেংঘৰ ।                 সুৰ এটি বাজি উঠিছিল           তুমি আবেগিক হৈ পৰিছিলা          তোমাৰ ওঁঠ দুটি মৌন হৈ পৰিছিল         আৰু ময়ো আবেগিক হৈ পৰিছিলো ।             এক শিহৰণ অনুভৱ কৰিছিলো দুয়ো  আৰু অন্য এখন পৃথিৱীলৈ  আমি গুছি গৈছিলো ।               এজাক বৰষুণ দিছিল             ধাৰাষাৰ বৰষুণ        সেই বৰষুণৰ প্ৰতিটো টুপালে                  আমাক উনমনা কৰিছিল ,               বৰষুণ জাক কমিছিল আৰু      তুমি ও আঁতৰি গৈছিলা           ...

উদং

Image
  শাওণৰ পথাৰ বোকাৰ পানীৰে খেলা ল'ৰালিৰ সেই দিন আজিও আছে মনত , দেখি দূৰৰে পৰা মন-হাঁহ উৰুৱাই ভাঁহি উঠে সপোনৰ দিকচৌ বনত । হালৰ যুটিৰ স'তে মৈত উঠি টানিছিলো কত কঠিয়াৰ ফেৰা, আঘোণত অতাই যোৱা পথাৰত সমনীয়াৰ সতে কাটিছিলো নৰা । বাৰীয়ে বাৰীয়ে আম-কঠাঁলৰ জুতি লৈ লভিছিলো কত আনন, হাঁহি উঠে মনত চিৰিংকে ঘূৰি ঘূৰি নিজৰ মাজত নিজেই মগন । কিন্তু নাই তেতিয়াৰ সুবাস, তেতিয়াৰ ৰং নাই আজি সেইদিন , বিচাৰিছো কতদিন অৰঙে দৰঙে ঘূৰি মনৰ সেই সুবাস ,বতাহত বিয়পিছে লাগিছে অচিন-অজান হাতত থাকি গ'ল ৰুৱাৰ সেউজী ৰং মৈও গ'ল উৱলি । নাঙলৰ ফালতো মামৰে ধৰিল গোঁহালি-ভঁৰাল হৈ ৰ'ল উদং ।   শ্যামল আৰন্ধৰা

শাওণৰ বৰষুণ জাক

Image
  ৰিমঝিম বৰষুণ জাকে `     নমাই আনিলে শাওণৰ বতৰা |           কলিয়া মেঘৰ দূত হৈ সাক্ষী দিলে                     মেঘালী কলহৰ কাণে ঢলা                               শাওণৰ এজাক বৰষুণ || বতাহ-ধুমুহা বৰষুণে , বিজুলী মাহীৰ সতে              উদুলি-মুদুলি , আকাশে মাদল বায় |                    যেন বাৰিষাৰ উৰুকা ঐনিতম গায় |                          ভেকুলীয়েও আনন্দত বাৰিষাৰ                                    ৰাগ টানি টোৰ-টোৰায় || শাওণৰ বৰুণ যুগীয়া আকাশত            এতিয়া মেঘৰ সবাহৰ গুম-গ...

ধুনীয়া

Image
ধুনীয়া আমি ধুনীয়া  হয় , আমি ধুনীয়া আপুনি , মই,আমি আপুনি আপোনাৰ ধৰণেৰে আৰু মই মোৰ । আপোনাৰ ৰামধেনু ভাল লাগেনে? আপোনাৰ ফুল ভাল লাগেনে, ৰঙা , নীলা, হালধীয়া আদিবোৰ? আপোনাৰ পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, নদী, গছ , সাগৰ , আকাশ চাই ভাল লাগে? মোৰ ভাল লাগে । প্ৰকৃতিপ্ৰেমী হয় নে নহয় নাজানো  কিন্তু প্ৰাকৃতিক ভিন্নতা মোৰ প্ৰিয় । সকলো ধুনীয়া ভিন্নতাৰ সাঁজত  সকলো আপুনি ,মই ,আমি ... ধুনীয়া হোৱাৰতো সংজ্ঞা নাথাকে । আপুনি ধুনীয়া হ'বলৈ আন দহজনৰ স্বীকৃতিৰ প্ৰয়োজনীয়তাও নাথাকে । আপুনি ধুনীয়া আপোনাৰ মাজতে । আপুনি প্ৰথমে নিজক ধুনীয়া বুলি মানি লওঁক । তাৰ পাছত আনক । মাত্ৰ..…তুলনা নকৰিব ।  আপুনি ধুনীয়া আপোনাৰ ধৰণেৰে  আৰু মই মোৰ ধৰণেৰে ।  ✍️ ঋতুপৰ্ণা দত্ত

বসন্তৰ বাউলী প্ৰিয়া

Image
শীতৰ ঠৰঙা লগা সময়ক  বিদায় দি এসোপা সেউজীয়া সপোনৰ বুকুচাত আহে প্ৰগলভা বসন্ত লগত লৈ আহে প্ৰকৃতিক ৰঙীন ৰঙেৰে বুলোৱা সীমাহীন চিত্ৰ । বোকা মাটিৰ মতলীয়া সুৱাস উলোন্দা আকাশক বলিয়া কৰা বাউলী বতাহ বতাহত প্ৰাণ আহে প্ৰাণত উশাহ আৰু উশাহত আশা বোৰে  এটি বালিমাহী চৰাই হৈ দেও দি নাচে.... শুকান পথাৰ খনে দেখে উৰ্বৰা হোৱাৰ সপোন সগৰ্ভা হোৱাৰ হেপাঁহত খৰশ্ৰুতা ততিনীৰ উন্মনা নাচোন কৃষকৰ মুখত ফুটি উঠে বনগীতৰ অমিয়া সুৰ কাণত অহৰহ বাজি থাকে পথাৰৰ ৰাগি লগা এটি চিনাকি সুৰ । হয়,মই বসন্তৰ বাউলী প্ৰিয়া কেতেকীৰ বিননিটো পুনঃমিলনৰ প্ৰতিশ্ৰুতি বিচাৰি পায় আনন্দত নাচে এধানি হিয়া হুমুনিয়াহত পৰিণত হোৱা আশা বোৰে যেন এতিয়াই  টগবগীয়া এটি সপোন হৈ আল্পনা আঁকে পুনৰ জীৱন যুজত জয়ী হোৱাৰ.....।                                                                                 ✍  দীপিকা    ...

বিহু

Image
গছৰ পাতে পাতে বতাহ বলিছে                                  গা - মনকে জুৰায় , পখিলা দুটিয়ে উলাহত নাচিছে                                 গাতে গা লগায়। দুপৰীয়া বেলি মূৰৰ ওপৰত                                 সহিব নোৱাৰা ৰ'দ , গছৰ আঁৰত কপৌটি ৰৈইছে                               সহিব নোৱাৰি ৰ'দ। বিলৰ মাজত গঙাৰে চিলনী                             বুৰ দি ফুৰিছে, পাৰতে বহি বগী বগলী          ...

শাওন

Image
 আলিৰ কিনাৰত সেইয়া ধানৰ পথাৰ সৰু সৰু আলিয়ে দি দুটা মান ল'ৰাই হাতত জলপান লৈ হালোৱাজনৰ ওচৰ চাপিছে। মূৰৰ ঘাম মাটিত পেলাই পকা ৰ'দত হাল বাইছে। দুদিন পাছত ,বোকাৰ পানী-মাটিত গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে গুজি দিব বিবিধ ধানৰ কঠীয়া। হাতত কঠীয়া মুঠি লৈ পথাৰে পথাৰে ৰুই মনৰ কথা পাতি, প্ৰাণখুলি হাঁহি উঠি আহে বোকাৰে লুতুৰি -পুতুৰি হৈ। ৰঙা ওঠৰ মিঠা হাঁহি নাজানো কি ভোলালে মন, কলিজাত আঘাত কৰি গ'লাগৈ দূৰলৈ গুছি মনত কিবা প্ৰকৃতিৰ সুবাস এৰি থৈ। ৰুৱণীৰ ৰংৰ হাঁহি কঠিয়াত এৰি থৈ আহা কিনো মনেৰে বতাহত হালে-জালে কাষৰটিৰ স'তে কথা পাতে ৰাংঢালী মনৰ গৰাকী হৈ । অ'মোৰ মনৰ চহকী চহা আনে কিনো বুজিব তোমাৰ কথা তোমাৰ কপালৰ ঘাম তপত ৰ'দত খহি বোকা-পানীত মিলি কৰি দিয়া প্ৰকৃতিৰ অনুপম দান নগ্ন পথাৰ সেউজী কৰি সোণোৱালী হ'ল । তাতেই তোমাৰ সুখ নিদিয়া আনক দুখ এয়ে তোমাৰ জীৱন একেটি উদ্দেশ্য লৈ ফুৰিছা সদায়।                                                           ...