Posts

Showing posts with the label অভিমান

অনুভৱ

Image

অস্তমিত অস্তিত্ব

Image
          বিদীৰ্ণ সময়, বিপন্ন প্ৰহৰ           বৃক্ষই কান্দিছে ফেকুৰি           বিস্তৃৰ্ন শিপাই খামুচি ধৰা মাটিৰ পৰা বিচ্ছিন্ন হব লাগিব টলবল যৌৱনৰ গান জিৰিজিৰি,           কলপতীয়া জীৱনৰ ছাঁ নিৰিবিলি।           পখীৰ বনৰীয়া গুঞ্জন,             ঋতুৰ বৰণীয়া সাজ খুলি বৃক্ষ আজি মৃয়মান।।           মানৱৰ শুনি গুণাগথা বৃক্ষই গনিছে প্ৰহৰ,           কোনোবা মুহূৰ্তত খহি পৰিব তাৰ সুবিশাল কলেৱৰ।            সাক্ষী মাথো সি অনেক ইতিহাসৰ।           তাৰ প্ৰসাৰিত দুচকুত আজিও সজীব মানৱৰ উত্থান পতন।           তাৰ বিশালতাত আশ্ৰিত বিহংগৰ ৰহনীয়া মৌচাক।           কাউৰীৰ পৰা কুলি হোৱাৰ ঐতিহাসিক ক্ষণ গণি মিচিকিয়াই হাঁহিছিল বৃক্ষই।    ...

হৃদয়ৰ আৰ্তনাদ

Image
          হৃদয়ত হাহাকাৰ           কেতিয়া লাগে?           জানানে বন্ধু!           যেতিয়া আপোন মানুহেই           বিশ্বাসঘাটকতা কৰে,           হৃদয়ৰ অটল গহ্বৰত থকা           প্ৰতিচ্ছবিয়ে যেতিয়া ঠগে,           ধুৰস হৈ পৰে ৰঙীন সপোনবোৰ           আশা নিৰাশাৰ দুমুজাত           দিক-বিদিক হেৰুৱাই           পিঞ্জৰাবদ্ধ পক্ষীৰ দৰে           চটফটাই থাকে           অকনি সঁচা অনুভুতি বোৰ।।             মলয়া  গগৈ শইকীয়া                                          ...

ভালপোৱা

Image
ভালপোৱা চকুপানী বোৰে অহৰ্নিশে তোমাকেই  বিচাৰে, যিদিনাৰ পৰা তুমি আঁতৰি গ'লা ! ভালপোৱা বোৰ যিদিনা আহিছিল মোৰ মন ফুলনিৰ ফুলবোৰে নতুনকৈ পাহি মেলিছিল, জোনাকবোৰ বুকুত নতুনকৈ গজিছিল,  নৱ অংকুৰিত  হৃদয়ৰ পাহে পাহে বগাইছিল কাজলি হৃদয়ৰ ছাঁ। চৰাইৰ কাকলিয়ে মোৰ ৰাতিপুৱা বোৰ সজাইছিল, আবেলিৰ ৰামধেনুৰ সেন্দুৰীয়া তুলিকাত আকিঁ লৈছিলো   ভালপোৱাৰ হেঙুলীয়া ছৱি। নিশাবোৰে সিচিঁ দিয়া জোনাক বিভোৰ হৃদয়ত ৰচিছিলো প্ৰতিশ্ৰুতিৰ অলেখ পৰাণ জুৰুৱা গীত এতিয়াটো তুমি নাই, ভালপোৱা বোৰো সেয়ে অহা বাটে   গ'ল। থৈ গ'লা মাথো মোৰ ৰিক্ত পৃথিৱীত সেন্দুৰীয়া কিছু যুগমীয়া স্মৃতি। প্ৰতিশ্ৰুতিৰ প্ৰতিচ্ছবিখন অকলেই পৰি ৰ'ল। তাকেই থৈছো সামৰি সুতৰি, যতনেৰে এতিয়াও  থৈছো আবৰি। ৰঞ্জুলা শৰ্মা

প্ৰেম সাগৰৰ প্ৰেমিক

Image
     তোমাক দেখিলে অলপ লাজ লাজ লাগে      অলপ ভয় ভয় লাগে       কিন্ত নেদেখিলে আকৌ বেয়া লাগে      আজি কথা পাতিম বুলি ভাবিছিলো      কি সুধিম, কি বুলি কওঁ ?      ভাবোঁতে ভাবোঁতে তুমি গুচি গলা       ইমান দূৰ পোৱাৰ পাছত কি কৰোঁ      পিছফালৰ পৰা চিঞৰি দিলে       আন কোনোবাই কি বুলিব...      নহব আৰু       এনেইতো তুমি বহুত ভালেই যেন লাগিছে      কিবা কৰি যদি কথা পাতিব পাৰিলে...      ৰাতিপুৱা ন’ বাজিছে হে       হে হে হেৰি গুডমৰ্ণিং      ভালে আছে নে...        এনেই কৈ দিলোঁ       তাইৰ ডায়েৰীখন পৰি যাব বুলি জনা হলে      মইতো কেতিয়াও নকওঁ      তাই বা কি ভাবিছে নাজানো      গুড মৰ্ণিং নিদিয়া হলেই ভাল আছিল       কিমান যে মনত গালি পাৰিছে চাগে  ...

আবেগ

Image
তুমি মই আমি প্ৰায়বোৰেই নিজৰ কথাকে ভাবিয়েই আনন্দিত হওঁ প্ৰতিনিয়ত। মানুহৰ বাবে ভাবিবলৈ কোনোবাই সোঁৱৰাই দিব লাগে আমাক। কাৰোবাৰ উদাত্ত আহ্বানত আমি ওলাই আহো আমাৰ মৰম বিলাবলৈ আৰ্তজনক। আমি প্ৰত্যেকেই জানো আবেগ ব্যক্তিগত। কেতিয়াবা সামূহিক ৰূপ লয় কোনো বিশেষ মুহূৰ্তত। কেতিয়াবা হয় সফল কেতিয়াবা বিফল। আবেগে ঢুকি নেপাবও পাৰে জীৱন বাসনাৰ প্ৰমূল্য।             মন্দিৰা বৰুৱা                   **********************

আকৌ এটা ভগ্ন প্ৰেমৰ কাহিনী

Image
কথা পতাৰ হাবিয়াস নাই মোৰ তোমাৰ হতে । প্ৰেমৰ বাসনাইও মত্ত কৰা নাই তোমাৰ বাবে । তুমি বাৰু সেই বিশ্বাস ঘাতকজন নোহোৱানে ! যি মোৰ হৃদয় খন ভাঙি থৈ গৈছা । এটা এটা নতুন কৌশলেৰে এটা এটা নতুন পৰিঘটনা।অকল মোৰ লগতেই নে আন কাৰোবাৰ লগতো ! প্ৰশ্ন কৰিবৰ মন নাযায়, তথাপি ভাঙি থৈ যোৱা হৃদয় খনেও সহিব নোৱাৰি সুধিছো। মোৰ হৃদয়ত উঠা জোৱাৰ ভাটাৰ বোৰ এতিয়া আৰু নাই।কোনো দিন ঘূৰি ও  নাহিব ছাগে । আৰু তোমাৰ দৰে অভিনয়ো কৰি যাব নোৱাৰো । কেৱল সময়ে সময়ে ভগ্ন হৃদয় খনে  চিঞৰি চিঞৰি কান্দিব বিচাৰে । কিন্তু সেই কান্দোনো আজি তোমাৰ বাবে অচিনাকি হৈ ৰল । মনে মনে বহু ভাবিছিলোঁ জানা ! ভাবি থাকোতেই গল।এইবোৰ মনৰ ভ্ৰম জানা,তোমাৰ দৰে ভণ্ড প্ৰেমিকে মোৰ দৰে আৰু কাৰ ঠুনুকা হৃদয় ভাঙিছা । পাৰিলে এইবোৰ নকৰিবা । আনৰ জীৱন লৈ হেতালী নেখেলিবা । সকলোৱেইতো মোৰ দৰে হব । তেতিয়া তোমাৰ বৰ ভাল লাগিব নহয় ! মই জানো তুমি আন্ধাৰৰ ৰজা, কোন সময়ত কোন দিশে গতি কৰা নিজেই নাজানা।চাবা এদিন তুমি ও পিছল খাবা । তুমিও প্ৰতাৰিত হবা তোমাৰ দৰে ভণ্ড প্ৰেমিকাৰ পৰা।তেতিয়া লৈ মোৰদৰে হৃদয় খন আইনা ভঙা দি ভাঙি  চকনাচুৰ হব।তেতিয়া মই কম আনৰ হৃদয়ৰ সৈতে খেলা কৰাৰ ...

নাবান্ধিবা মোক শিকলিৰে

Image
অভিমান সকলোৱে কৰে  তুমি বাৰু কিয় ইমান অভিমানকাৰী  বন্ধ দুৱাৰৰ ভিতৰত ৰাখিলা মোক শিকলিৰে বান্ধি  ইমান অন্ধকাৰ আছিল কোঠালিটো  মাথোঁ এডাল মমবাতি  তাকো আধাপুৰা  কেতিয়া নুমুৱাই যায় একো ভৰসা নাই  তোমাৰ অভিমানবোৰ সামৰি নোৱাৰা জানো আহিব আকৌ ঘূৰি.....? যদি তুমি পাৰা  ঘূৰাই দিয়া মোক অতীতৰ স্মৃতি !খং অভিমানবোৰ টোপোলা বান্ধি । যদি তুমি পাৰা তোমাৰ হৃদয়ৰ বন্ধ কোঠালিৰ দিয়া দুৱাৰ খুলি  অলপ চেচাঁ বতাহ লওঁ  প্ৰেমৰ সুবাসেৰে  অলপ উশাহকণ দীঘল কৰোঁ জীয়াই থকাৰ মানসেৰে । প্ৰেম কৰিলে বাৰু কিয় নীৰ বয়  প্ৰেম যদি সচাঁ হয়  কিয় আপোন নহয় .....? ইমান পবিত্ৰ শব্দটি  যাক গোলাপেৰে আদৰা হয় কাঁইটবোৰ সেইবাবে আছে নেকি  মৰমবোৰ যেতিয়া চলনাময়ী হয়  কাঁইটবোৰত আঘাত পায়  সেইবাবে প্ৰেম কৰিলে নীৰ  বাৰে বাৰে বয় ।                                         কল্যাণী ডেকা (নলবাৰী)

হেৰাই নাযাবা

Image
তুমি মোৰ জীৱনৰ  এটি সৰু তৰা, তোমাৰ মাজতে আছে মোৰ মৰমৰ ধৰা। তুমি হাঁহিলে মোৰ  বিষাদ আতৰে, তোমাৰ চকুলোৱে মোক নিমিষতে মাৰে। তোমাক পাবলৈ মোৰ মন ব্যাকুল, মৰম তোমাৰ বাবে আছে বিপুল। জীৱনৰ লগৰী হৈ তুমি থাকিবা, জনমে জনমে মোৰ  মৰম লবা। কাহানিও তুমি প্ৰিয়া আতৰি নাযাবা, সপোনৰ ঘৰ ভাঙি হেৰাই নাযাবা। যুগে যুগে তোমাক মই কাষতে বিচাৰোঁ, মোৰ দুখৰ পৰত মই তোমাক হাততে বিচাৰোঁ। হেৰাই নাযাবা প্ৰিয়া হেৰাই নাযাৱা, জনমে জনমে তুমি হৃদয়তে থাকিবা। সৃষ্টি প্ৰকাশ (মৰিগাঁও) ==================

নাৰী তুমি অনন্যা

Image
                       বিনিদ্ৰ ৰজনী কটাই মানুহৰ অভিলষিত প্ৰতাৰণা সহি আজিও স্থিৰ কাঞ্চনজঙ্ঘা । নাৰী সেই কাঞ্চনজঙ্ঘাৰ শিৰৰ ধৱল কিৰীটি । অংশুমালীৰ গোলকীয় উষ্ণতা নহয়; ই যে গোলকীয় হিংসা-দ্বেষৰ বিৰুদ্ধে নাৰী মনৰ অসহনীয় উষ্ণতা । যি উষ্ণতাই খহাইছে আজি কাঞ্চনজঙ্ঘাৰ গৌৰৱ কিৰীটি। সেয়ে আজিৰ সহনশীলা নাৰীৰ নাম দিব খোজোঁ মই ' জয়মতী ' । সাৰস্বত সাধনাত ব্ৰতী অবিশ্ৰান্ত যি আজিৰ নাৰী সেই নাৰীৰ নাম ৰাখিছোঁ মই গাৰ্গী অথবা মৈত্ৰেয়ী  । আকাশ-মহাকাশ একাকাৰ কৰি তথ্যানুসন্ধানত,ডেও দি যি নাৰী আজিও ফুৰিছে ঘূৰি; সেই নাৰীৰ নাম দিম মই সুনীতা উইলিয়ামচ । সুৰ-তাল-লয়েৰে কৌটি জনতাৰ হৃদয়ৰ তাঁৰত ঝংকাৰ তুলি, সুৰৰ অমিয়া বোঁৱাই থকা আজিৰ নাৰীৰ নাম দিম মই কাদম্বৰীৰ বৰপুত্ৰী-লতা । ক্ৰীড়াৰ পথাৰত প্ৰলয় নমাই নামি আহে যেতিয়া তুহিন-সংকল্প হিমবাহ হৈ সেয়াযেন স্বদেশলৈ পদকৰ ৰূপত সোণৰ বোৱতী সুঁতি । ক্ৰীড়াশীল আজিৰ প্ৰতি নাৰীৰ নাম থ'ব খোজোঁ মই হিমা মাথো হিমা । দলিত, ঘৃণাৰ পাত্ৰ আৰু অস্পৃশ্যক বুকুত সাৱটি ল'ব পৰা আজিৰ নাৰীক নাম দিম মই - মাদাৰ টেৰেছা। দেশ মৰিলে আমি...

নাৱৰীয়া

Image
ক'ৰ পৰা আহিলি তই অচিন নাৱৰীয়া, ক'লৈ নো যাবি ভটিয়াই !! ক্ষন্তেক জিৰাই যা' মোৰ ঘাটতে অলপ পাবি তই জীৱনৰ জুৰনিৰ আধাৰ । মোৰ ঘাটৰ বায়ুৱে জুৰ পেলাব  তোৰ ভাগৰুৱা হৃদয়ৰ যাযাবৰী নিশা, মোৰ ঘাটৰ পানীটুপিয়ে শাঁত পেলাব তোৰ ক্লান্ত হৃদয়ৰ অক্লান্ত তৃষা । আহিছ' চাগে কত ঘাট পাৰ হৈ লৈছেনে কোনোৱে তোৰ মনৰ খবৰ ? তোৰ পাহুৱাল দুবাহুত আছে   চাগে কত দুখ অপূৰ্ণ বাসনাৰ !! আছে চাগে হুমুনিয়াহ নোপোৱা বেদনাৰ !! কৈ যা নাৱৰীয়া,চেনেহৰ লগৰীয়া শুনিম তোৰ দুখভৰা হৃদয়ৰ কথা, অথবা হিয়াভৰা মৰমৰ অযুত বতৰা । দুয়োটাই ভগাই লম সুখৰ অকণমান, দুয়োটাই ভগাই লম দুখৰো অকনমান, সুখ,দুখৰ কথাৰে দুয়োৰে ভৰিব মন । পাম তাতে জীৱনৰ সুখ অমিয়া । নাবান্ধো তোক মৰমৰ এনাজৰীৰে চিৰদিন ধৰি, নিবিচাৰো তোক কৰিবলৈ বুকুৰ আপোন, অচিনাকি তই ,অচিন বাটেৰে যাবিগৈ পুনৰ উভটি । ভটিয়নি সোঁতত তই চাগে উটুৱাই দিবি সেই স্মৃতি  ঘাটে ঘাটে পাবি তই অলেখ লগৰী, সেই সোৱঁৰণি ৰাখি থম মোৰ মানস পটত, সাচিঁ থম জীৱনৰ শেষ সন্ধিয়ালৈ ।  কেতিয়াবা আহিলেও ধুমুহা জীৱনত সেই দুখৰীয়া স্মৃতিয়েই হ'ব মোৰ শান্তিৰ আলয় । ৰঞ্জুলা শৰ্মা   ~~~~~~~~~~~~~~~~~~

হৃদয় মৰুভূমিৰ মৰিচিকা তুমি

Image
হঠাৎ..... এজাক বলিয়া বতাহে অজানিতে লৈ আহিল তোমাৰ বতৰা নুশুধো বুলিও শুধো তোমাক ভালে আছানে ? জানো  উত্তৰৰ সলনি আহিব কোনো বেপেৰুৱা শব্দৰ সমাহাৰ সেয়ে... আজিৰ পৰা নলওঁ আৰু তোমাৰ বাতৰি সদায় দিয়াৰ দৰে সন্ধিয়াৰ প্ৰাৰ্থনাত গুজি দিম এখিনি আশা মই কাষত নাথাকিলেও ঈশ্বৰ সদায় তোমাৰ সঙ্গত থাকিব মোৰ সভক্তিৰ প্ৰাৰ্থনাই  তোমাক বিপদৰ পৰা আজুৰি আনিব মোৰ আন্তৰিকতা ভৰা বিশ্বাসে সদায় তোমাৰ কুশল বাতৰি ল'ব । তুমি নিবিচাৰিলেও  মোৰ শুভকামনা সদায় তোমাৰ লগত থাকিব সেউজ বুলিয়া এটি ছাঁয়া হৈ আন্ধাৰ নিশাৰো সঙ্গী হ'ব ।                               দীপিকা গোহাঁই ফুকন -----------------------------

প্ৰেম

Image
প্ৰেম জানো খুজিলেই দিব পাৰি ? প্ৰেম জানো বিচাৰিলেই পাব পাৰি ? প্ৰেমৰ যে বহুত দাম !! ধনেৰেও কিনিব নোৱাৰি । আজীৱন বৈ থাকে তৃষাৰ নৈখনি নিৰৱে,হৃদয় পৃথিৱীত, বাট চাই নিৰৱধি স্বাস্বত এক হৃদয় স্পন্দন য'ত প্ৰেম জিৰাব খোজে । উপচাই দিব প্ৰেমে আশ্ৰিত  উপকূল,  যদিহে পাই নিঃস্বাৰ্থ মৰমৰ নিবিড় নিৰাপত্তা । নীলিম, সুন্দৰ প্ৰেমৰ মনাকাশ বিশাল হৃদয়ৰ অপূৰ্ণ হাবিয়াস ।  প্ৰেম যে এনেকুৱাই ,পাৰ্থিব ৰঙেৰেও বোলাব নোৱাৰি । ৰঞ্জুলা শৰ্মা                                                                                                               গুৱাহাটী। ----------------------------

হৃদয়ৰ অনুভৱ

Image
উৰুঙা উৰুঙা হৃদয়ৰ অনুভৱ, কিবা এটা হেৰুৱাৰ অজুহাতত সময়বোৰ বাগৰিছে | অলিখিত প্ৰেম কাহিনী লিখিবলৈ মোৰ সাহস নাই, তথাপি লিখিছো কঁপা কঁপা আঙুলিৰে অনুভূতিবোৰ শিলৰ দৰে কঠিন । ভাবিছিলোঁ তোমাৰ মৰমৰ পৰশত মোৰ বুকুত ফুলিব এপাহি প্ৰেমৰ ৰজনী গন্ধা ।  তোমাৰ মৰমৰ উষ্ণ আলিংগনত তপত নিশ্বাসত  বৰফ হৈ গলিব মোৰ মৰমবোৰ হেঁপাহবোৰ   নালাগে দিয়া অনামী সম্পৰ্ক এটি নাম দিবলৈ ৷ পৰিচয়বিহীন হৈয়ে এটা সুন্দৰ গীত হৈ  আজীৱন কলিজাত বাজি ৰওঁক তাৰ সুৰ  |  যদিওবা সাহসে  নুকুলাই তোমাৰ হিয়া  জাতি-ভেদ, ধনী -দুখীয়া, উচ্চ-নীচৰ প্ৰাচীৰ ভাঙি  সমাজৰ আগত আমাৰ প্ৰেমৰ সম্পৰ্কে সবল যুক্তি   দাঙি ধৰি  মোক তোমাৰ আজীৱন জীৱন লগৰী কৰি ল'বলৈ                                                                 তেন্তে নালাগে থাকক দিয়া     আমাৰ প্ৰেমক তুমি গোপনে              ...

মন যায়

Image
মন যায় মহাত্মা  হ'বলৈ ৰসৰাজ, আনন্দৰাম, ৰূপকোঁৱৰ হ'বলৈ আকৌ মন যায় আব্ৰাহম লিংকন হ'বলৈ ডেল কাৰ্নেগী, নেপোলিয়ন হিল, টলষ্টয় হ'বলৈ মন যায় শংকৰদেৱ হ'বলৈ বুদ্ধ, মহাবীৰ, মাধৱ হ'বলৈ আকৌ মন যায় বিবেকানন্দ হ'বলৈ চিলাৰায়, লাচিত, কুশল হ'বলৈ মন যায় মাৰ্টিন লুথাৰ কিং অগ্ৰজ হ'বলৈ জৰ্জ ৱাছিংটন, বৰাক ওবামা, কালাম হ'বলৈ আকৌ মন যায় বিষ্ণুপ্ৰসাদ ৰাভা হ'বলৈ লোকপ্ৰিয়, আজান ফকীৰ, পদ্মনাথ গোহাঞিবৰুৱা হ'বলৈ মন যায়  ভূপেন হাজৰিকা হ'বলৈ জুবিন, এ আৰ ৰহমান, কিশোৰ হ'বলৈ আকৌ মন যায় শচীন টেণ্ডুলকাৰ হ'বলৈ ৰণাল্ড, বিশ্বনাথ, বল্ট হ'বলৈ মন যায় ব্ৰিল গ্ৰেটছ হ'বলৈ জেক মা, আম্বানী, জেফ হ'বলৈ আকৌ মন যায় আম্বেদকাৰ হ'বলৈ লোকমান্য, লৌহ মানৱ, বাজপেয়ী হ'বলৈ মন যায় ভগৎ সিং হ'বলৈ বসু,আজাদ, লাজপত ৰায় হ'বলৈ আকৌ মন যায় যাদৱ পায়েঙে হ'বলৈ বৰগোহাঁই, মাউত, সন্দিকৈ হ'বলৈ মন যায় অৰ্জন হ'বলৈ একলব্য, অভিমন্যু, অনিৰুদ্ধ হ'বলৈ আকৌ মন যায় চানক্য হ'বলৈ ব্যাস, বাল্মিকী, দুশ্মন্ত হ'বলৈ মন যায় ৰাধাকৃষ্ণণ হ'বলৈ কবীৰ...

ব্যস্ততা যেতিয়া অজুহাত হয়

Image
ব্যস্ততা যেতিয়া অজুহাত হয় সম্পৰ্ক বোৰত ঘূণে ধৰে সমন্ধৰ তুলাচনিত অবিস্বাস বোৰ ভৰ হৈ পৰে । বুকুৱেদি উজাই অহা শব্দবোৰ মিথ্যাৰ আশ্ৰয়ত বহে । মিথ্যাত জানো আস্থা থাকে..... আস্থাৰ মৃত্যু হ'লে একেলগে সজতনে বন্ধা ৰজাৰ দ'ল চপৰা-চপৰকৈ খহে । ব্যস্ততাৰ সুৰুঙাই এবাৰ জুমি চাব শিকাচোন প্ৰত্যাশা ভৰা শব্দবোৰ তোমাৰ অপেক্ষাত ৰ'ব অমাৱস্যাৰ নিশাবোৰো জোনাকীয়ে পোহৰাব আতৰিব ধৰা সৰল নিভঁজুৱা প্ৰেমে তোমাৰ হৃদয়ৰ অন্তেষপুৰত সুখৰ কাৰেং সাজি মুকুতাৰ মালা গাঠিব ।                                               দীপিকা গোহাঁই ফুকন   %%%%%%%%%%%%%%%%%%%

অনুভূতি

Image
তোমাৰ কথাবোৰ ভাল লাগে, সপোনৰ এজাক মিঠা বৰষুণ সৰে ৷ বৰষুণত তিতি খুব ভাল পাওঁ, "দুখৰ চকুলো বাগৰিলেও দেখি ৰূপালী মালা সুখৰ" ৷ তোমাৰ কথাবোৰ ভাল লাগে  নিবিড় মায়া সনা, ভাগৰুৱা পখিটি জিৰাবলৈ  বিচাৰি পাই  মনৰ ঠিকনা ৷ তোমাৰ কথাবোৰ ভাল লাগে, সময়-ঘড়ী উটি যায় কেনিবা; অপবাদ থকা শিলুৱা হিয়াত  গজি উঠে সেউজীয়া ৷ তোমাৰ কথাবোৰ ভাল লাগে, তুমি ভাল নাপাওঁ বুলি ক’লেও বেয়া নালাগিব ৷ গজি উঠিব অপেক্ষাৰ অনন্ত বৃক্ষ, শুনি থাকিম বতাহত লাগি অহা কথাবোৰ, শুনিবলৈয়ে ৰৈ থাকিম ৷ তোমাৰ কথাবোৰ ভাল লাগে ৷ অমৰদীপ কলিতা

বিষাদ অশ্ৰু

Image
বিষাদৰ বানে উটোৱাই নিওতেই ক'ৰ পৰা জানোঁ টপককৈ পৰিল এচেৰেঙা সুখৰ ৰ'দ... দুচকুত সোৰোপা সপোনে পানীমিথৈ সজাতেই থাকিল উলোন্দি থকা মেঘবোৰ দুখৰ কণিকা হৈ পুনৰ মোৰ শৰীৰ ব্যাপি পৰিল... দুখবোৰে দুখকেই সাৱতি উচুপি উঠিল ।                                                     দীপিকা  গোহাঁই ফুকন   🙡 🙣 🙡 🙣 🙡 🙣 🙡 🙣 🙡 🙡 🙣 🙡 🙣 🙡 🙣 🙡 🙣 🙡