Posts

Showing posts with the label হদয়

প্ৰেমিক চৰাই

Image
মানিছো আপুনি হাজাৰবাৰ প্ৰেমত পৰে । মানিছো প্ৰত্যেক বাৰেই এনেকুৱা লাগে যে প্ৰথমবাৰ প্ৰেমত পৰিছে । মানিছো উৰিবলৈ আকাশখন বিশাল  কিন্তু মনত ৰখা ভাল দিনৰ শেষত উভতিবলৈ  এটা নিৰ্দিষ্ট ঠিকনা লাগে । সাতঘাটত মন এৰি অহাৰ পৰিণতিত যদি নিষিদ্ধ হয় আপোনাৰ প্ৰৱেশ সেই নিদিৰ্ষ্ট ঠিকনাত ক'ত কাটিব আপোনাৰ শীতৰ সেমেকা ৰাতি । ঋতুপৰ্ণা দত্ত   -----------------------

হৃদয় মৰুভূমিৰ মৰিচিকা তুমি

Image
হঠাৎ..... এজাক বলিয়া বতাহে অজানিতে লৈ আহিল তোমাৰ বতৰা নুশুধো বুলিও শুধো তোমাক ভালে আছানে ? জানো  উত্তৰৰ সলনি আহিব কোনো বেপেৰুৱা শব্দৰ সমাহাৰ সেয়ে... আজিৰ পৰা নলওঁ আৰু তোমাৰ বাতৰি সদায় দিয়াৰ দৰে সন্ধিয়াৰ প্ৰাৰ্থনাত গুজি দিম এখিনি আশা মই কাষত নাথাকিলেও ঈশ্বৰ সদায় তোমাৰ সঙ্গত থাকিব মোৰ সভক্তিৰ প্ৰাৰ্থনাই  তোমাক বিপদৰ পৰা আজুৰি আনিব মোৰ আন্তৰিকতা ভৰা বিশ্বাসে সদায় তোমাৰ কুশল বাতৰি ল'ব । তুমি নিবিচাৰিলেও  মোৰ শুভকামনা সদায় তোমাৰ লগত থাকিব সেউজ বুলিয়া এটি ছাঁয়া হৈ আন্ধাৰ নিশাৰো সঙ্গী হ'ব ।                               দীপিকা গোহাঁই ফুকন -----------------------------

জোনাকৰ স'তে এনিশা

Image
এখন নদীৰ বকিয়াত তুমি আৰু মই তুমি হাঁহি থাকা মই চাই থাকো নীৰৱে একেথিৰে বিচাৰি পাওঁ তোমাৰ মগ্নতাত সুখৰ সকলো স্তৱক একাবেকা পথটো পোন হৈ গৈ থাকে ক্ৰমান্বয়ে.....  তুমি আৰু মই একাত্ম হওঁ নিঃস্ব ভাবে বিলীন হৈ যাও তোমাত কাৰণ তুমি মোক দিব পাৰা এমুঠি নাৰ্জী ফুলৰ আশ্বাস ।। জয়া ডেকা   -----------------------------------

প্ৰেম

Image
প্ৰেম জানো খুজিলেই দিব পাৰি ? প্ৰেম জানো বিচাৰিলেই পাব পাৰি ? প্ৰেমৰ যে বহুত দাম !! ধনেৰেও কিনিব নোৱাৰি । আজীৱন বৈ থাকে তৃষাৰ নৈখনি নিৰৱে,হৃদয় পৃথিৱীত, বাট চাই নিৰৱধি স্বাস্বত এক হৃদয় স্পন্দন য'ত প্ৰেম জিৰাব খোজে । উপচাই দিব প্ৰেমে আশ্ৰিত  উপকূল,  যদিহে পাই নিঃস্বাৰ্থ মৰমৰ নিবিড় নিৰাপত্তা । নীলিম, সুন্দৰ প্ৰেমৰ মনাকাশ বিশাল হৃদয়ৰ অপূৰ্ণ হাবিয়াস ।  প্ৰেম যে এনেকুৱাই ,পাৰ্থিব ৰঙেৰেও বোলাব নোৱাৰি । ৰঞ্জুলা শৰ্মা                                                                                                               গুৱাহাটী। ----------------------------

হৃদয়ৰ অনুভৱ

Image
উৰুঙা উৰুঙা হৃদয়ৰ অনুভৱ, কিবা এটা হেৰুৱাৰ অজুহাতত সময়বোৰ বাগৰিছে | অলিখিত প্ৰেম কাহিনী লিখিবলৈ মোৰ সাহস নাই, তথাপি লিখিছো কঁপা কঁপা আঙুলিৰে অনুভূতিবোৰ শিলৰ দৰে কঠিন । ভাবিছিলোঁ তোমাৰ মৰমৰ পৰশত মোৰ বুকুত ফুলিব এপাহি প্ৰেমৰ ৰজনী গন্ধা ।  তোমাৰ মৰমৰ উষ্ণ আলিংগনত তপত নিশ্বাসত  বৰফ হৈ গলিব মোৰ মৰমবোৰ হেঁপাহবোৰ   নালাগে দিয়া অনামী সম্পৰ্ক এটি নাম দিবলৈ ৷ পৰিচয়বিহীন হৈয়ে এটা সুন্দৰ গীত হৈ  আজীৱন কলিজাত বাজি ৰওঁক তাৰ সুৰ  |  যদিওবা সাহসে  নুকুলাই তোমাৰ হিয়া  জাতি-ভেদ, ধনী -দুখীয়া, উচ্চ-নীচৰ প্ৰাচীৰ ভাঙি  সমাজৰ আগত আমাৰ প্ৰেমৰ সম্পৰ্কে সবল যুক্তি   দাঙি ধৰি  মোক তোমাৰ আজীৱন জীৱন লগৰী কৰি ল'বলৈ                                                                 তেন্তে নালাগে থাকক দিয়া     আমাৰ প্ৰেমক তুমি গোপনে              ...

ব্যস্ততা যেতিয়া অজুহাত হয়

Image
ব্যস্ততা যেতিয়া অজুহাত হয় সম্পৰ্ক বোৰত ঘূণে ধৰে সমন্ধৰ তুলাচনিত অবিস্বাস বোৰ ভৰ হৈ পৰে । বুকুৱেদি উজাই অহা শব্দবোৰ মিথ্যাৰ আশ্ৰয়ত বহে । মিথ্যাত জানো আস্থা থাকে..... আস্থাৰ মৃত্যু হ'লে একেলগে সজতনে বন্ধা ৰজাৰ দ'ল চপৰা-চপৰকৈ খহে । ব্যস্ততাৰ সুৰুঙাই এবাৰ জুমি চাব শিকাচোন প্ৰত্যাশা ভৰা শব্দবোৰ তোমাৰ অপেক্ষাত ৰ'ব অমাৱস্যাৰ নিশাবোৰো জোনাকীয়ে পোহৰাব আতৰিব ধৰা সৰল নিভঁজুৱা প্ৰেমে তোমাৰ হৃদয়ৰ অন্তেষপুৰত সুখৰ কাৰেং সাজি মুকুতাৰ মালা গাঠিব ।                                               দীপিকা গোহাঁই ফুকন   %%%%%%%%%%%%%%%%%%%

অনুভূতি

Image
তোমাৰ কথাবোৰ ভাল লাগে, সপোনৰ এজাক মিঠা বৰষুণ সৰে ৷ বৰষুণত তিতি খুব ভাল পাওঁ, "দুখৰ চকুলো বাগৰিলেও দেখি ৰূপালী মালা সুখৰ" ৷ তোমাৰ কথাবোৰ ভাল লাগে  নিবিড় মায়া সনা, ভাগৰুৱা পখিটি জিৰাবলৈ  বিচাৰি পাই  মনৰ ঠিকনা ৷ তোমাৰ কথাবোৰ ভাল লাগে, সময়-ঘড়ী উটি যায় কেনিবা; অপবাদ থকা শিলুৱা হিয়াত  গজি উঠে সেউজীয়া ৷ তোমাৰ কথাবোৰ ভাল লাগে, তুমি ভাল নাপাওঁ বুলি ক’লেও বেয়া নালাগিব ৷ গজি উঠিব অপেক্ষাৰ অনন্ত বৃক্ষ, শুনি থাকিম বতাহত লাগি অহা কথাবোৰ, শুনিবলৈয়ে ৰৈ থাকিম ৷ তোমাৰ কথাবোৰ ভাল লাগে ৷ অমৰদীপ কলিতা

ফুল

Image
পৱিত্ৰতাৰ মূৰ্ত প্ৰতীক ফুল শান্ত-সৌম্যৰ অৰ্থ বিচাৰি পৃথিৱীৰ চুক-কোণ চালোঁ পিতপিত ক'তোৱেই নেপালোঁ সেই অৰ্থৰ সজাগ মূৰ্তি পালোঁ মাথো ফুল আৰু ফুলনিত ত্যাগ আৰু বদান্যতাৰ প্ৰতীক ফুল --- ফুলৰ স'তে কতযে আঁজোৰা-আঁজুৰি  তথাপি ফুল মানুহৰ প্ৰতি অনুৰক্ত মানুহৰ প্ৰতিকুলতাত বিশ্বাসৰ গভীৰ আশ্বাস ধৈৰ্য আৰু সহনশীলতাই ফুলৰ জীৱন গছৰ লগত ফুলৰ বিয়োজন নিত্য-নৈমিত্তিক এটা কথা তথাপি ফুলে কোনোদিন কোৱা নাই, "মইনো ফুলিম কিয়" ঋতুৱে ঋতুৱে সেয়ে ফুলে ফুল কতযে কিমান এপাহ সৰিলে ফুলে আনপাহ ধৰণীৰ বুকু শুৱাই ফুল ফুলে থোপা-থোপে মানুহৰ অহংকাৰ কৰি থান-বান ফুলৰো যে কত কি নাম--- গোলাপ, তগৰ, জাপ-তগৰ, শেৱালি, নেৱালি, ভিন্ন ৰঙৰ বনৰীয়া ফুটুকা, কথনা, পলাশ, মদাৰ আৰু কত যে কি ফুলৰ কথকতাত উজলি উঠে মানুহৰ বিচিত্র জীৱন পুৰাণ বিহুৱতীৰ খোপা বুলিলেই মন দাপোনত জিলিকে ফুলৰ থোপা পূজা-পাৰ্বণৰ কথা নকলোৱেইবা মৃতকৰ দেহতো ফুল, ফুল জন্মদিনত ফুল পুষ্পসজ্জা হৈ বঢ়ায় বিবাহ-বাহৰৰ শোভা ফুলে মানুহক কেৱল শিকায় অহোৰাত্ৰি মানুহে বুজিব নোখোজে   ফুল-তত্ব মানেনো কি সেইবাবেই কিহবাই যেন কাঢ়ি নিয়ে দিন-প্ৰতিদিন মানুহৰ মনৰ স্ফুৰ্তি।।     ...

খিৰিকীখন খুলি দিছোঁ

Image
খিৰিকীখন খুলি দিছোঁ বহুদিনৰ মূৰত, আজি খিৰিকীখন খুলি দিছোঁ। হিম চেঁচা বতাহজাকে, জোৰেৰে জোঁকাৰি দিছে, মোৰ ভগ্ন হৃদয়। খৰস্ৰোতা নৈৰ দৰে, বিষাদবোৰ উৰি গৈছে। সপোনবোৰ কঁপি উঠিল, স্মৃতিবোৰ নোহোৱাকৈ, আগবাঢ়ি যাব পাৰিম জানো? ইমান দিনে সাঁচি ৰখা মৰমবোৰ.........!! যাওঁক যাওঁক উৰি...  বহুদিনৰ মূৰত, আজি খিৰিকীখন খুলি দিছোঁ। পাতল পাতল লাগিছে। হয়তো কাঁইটবোৰ কুমলিল। চেপাঁ উত্তেজনা বোৰ  লাহে লাহে নোহোৱা হৈছে। আৰু চেঁচা বতাহ জাক... ? চোৱা ম্ই হাঁহিছো... সেয়ে আজি খিৰিকী খন খুলি দিছোঁ।।               সীতা দেৱী , বিহপুৰীয়া

মহানগৰীৰ প্ৰেম

Image
জীৱনৰ শব্দ বিলাকত মই হেৰাই যাও     তোমাৰ কলিজা কপোৱা  হাঁহিতোৱে মোক আমনি কৰে  নিশাৰ নিসংগতাৰ মাজত মোৰ মনৰ আইনাত ভাহি উঠা তুমি নামৰ ছবি খনক বহু কথাই কও বাস্তৱত তুমি বিহীন যান্ত্ৰনাত চতফতাই ঘূৰি ফুৰো মহানগৰীৰ অলিয়ে গলিয়ে পদপথত খিল খিলাই  হাঁহি থকা শিশুতিয়ে মোক দেখি কান্দোনত চি‍ঞৰে পাগল আহিছে বুলি  সিঁহতৰ ভয়বোৰে দেখিলে  আজি কালি মোৰ  বহুত ভাল লাগে  কিয়ো জানো সিঁহতৰ  ভয় বোৰে মোক  মনত পেলায় তুমি  দিয়া যান্ত্ৰনাৰ  সেই নিচাসক্ত প্ৰেমৰ বেলাবোৰলৈ  তেতিয়াই মই তুমি নামৰ উশাহটোৰ প্ৰতিধ্বনি শুনো মোৰ হদয়ৰ কোনোবা কোণৰ পৰা।                                                                                  মিন্টু শৰ্মা বৰকটকী