পৱিত্ৰতাৰ মূৰ্ত প্ৰতীক ফুল শান্ত-সৌম্যৰ অৰ্থ বিচাৰি পৃথিৱীৰ চুক-কোণ চালোঁ পিতপিত ক'তোৱেই নেপালোঁ সেই অৰ্থৰ সজাগ মূৰ্তি পালোঁ মাথো ফুল আৰু ফুলনিত ত্যাগ আৰু বদান্যতাৰ প্ৰতীক ফুল --- ফুলৰ স'তে কতযে আঁজোৰা-আঁজুৰি তথাপি ফুল মানুহৰ প্ৰতি অনুৰক্ত মানুহৰ প্ৰতিকুলতাত বিশ্বাসৰ গভীৰ আশ্বাস ধৈৰ্য আৰু সহনশীলতাই ফুলৰ জীৱন গছৰ লগত ফুলৰ বিয়োজন নিত্য-নৈমিত্তিক এটা কথা তথাপি ফুলে কোনোদিন কোৱা নাই, "মইনো ফুলিম কিয়" ঋতুৱে ঋতুৱে সেয়ে ফুলে ফুল কতযে কিমান এপাহ সৰিলে ফুলে আনপাহ ধৰণীৰ বুকু শুৱাই ফুল ফুলে থোপা-থোপে মানুহৰ অহংকাৰ কৰি থান-বান ফুলৰো যে কত কি নাম--- গোলাপ, তগৰ, জাপ-তগৰ, শেৱালি, নেৱালি, ভিন্ন ৰঙৰ বনৰীয়া ফুটুকা, কথনা, পলাশ, মদাৰ আৰু কত যে কি ফুলৰ কথকতাত উজলি উঠে মানুহৰ বিচিত্র জীৱন পুৰাণ বিহুৱতীৰ খোপা বুলিলেই মন দাপোনত জিলিকে ফুলৰ থোপা পূজা-পাৰ্বণৰ কথা নকলোৱেইবা মৃতকৰ দেহতো ফুল, ফুল জন্মদিনত ফুল পুষ্পসজ্জা হৈ বঢ়ায় বিবাহ-বাহৰৰ শোভা ফুলে মানুহক কেৱল শিকায় অহোৰাত্ৰি মানুহে বুজিব নোখোজে ফুল-তত্ব মানেনো কি সেইবাবেই কিহবাই যেন কাঢ়ি নিয়ে দিন-প্ৰতিদিন মানুহৰ মনৰ স্ফুৰ্তি।। ...