Posts

Showing posts with the label স্মৃতি

এমুঠি জোনাক

Image
             কোমল কোমল খোজত        জীৱনৰ সোণোৱালী দিনবোৰ ।      ভটীয়নী নাওত জানো থিৰ কৰিব পাৰি ?      জানোছা হেৰাই যায়       আশাৰ বৈঠাখনি গভীৰতাৰ জলাধাৰত       শামুকবোৰো গৈছিল পিছে পিছে ধীৰ গতিত       সাগৰৰ উঠলি অহা ঢৌৱে       উটুৱাই লৈ গৈছিল       বালিবোৰৰ মাজে মাজে       আকৌ ওভতনি ঢৌত আহিল উভতি ।      হাতৰ পৰশ পাই       খুলি চালোঁ       মুকুতাযেন আছে জিলিকি       সূৰ্যৰ পোহৰত জিলিকি       চাট মাৰি ধৰিছিল মুকুতাৰ পোহৰবোৰ ।      আশাবোৰে দৌৰিছিল বেগাই যেন বেগান্ত অশ্বাৰোহী       দীঘলীয়া পথত       সোণাৰুৱে পাৰি থৈছিল       হালধীয়া চাদৰ খনি ।      আইতাই যে কৈছিল সাধু ত       ৰাজকু...

হৃদয়ৰ আৰ্তনাদ

Image
          হৃদয়ত হাহাকাৰ           কেতিয়া লাগে?           জানানে বন্ধু!           যেতিয়া আপোন মানুহেই           বিশ্বাসঘাটকতা কৰে,           হৃদয়ৰ অটল গহ্বৰত থকা           প্ৰতিচ্ছবিয়ে যেতিয়া ঠগে,           ধুৰস হৈ পৰে ৰঙীন সপোনবোৰ           আশা নিৰাশাৰ দুমুজাত           দিক-বিদিক হেৰুৱাই           পিঞ্জৰাবদ্ধ পক্ষীৰ দৰে           চটফটাই থাকে           অকনি সঁচা অনুভুতি বোৰ।।             মলয়া  গগৈ শইকীয়া                                          ...

ভালপোৱা

Image
ভালপোৱা চকুপানী বোৰে অহৰ্নিশে তোমাকেই  বিচাৰে, যিদিনাৰ পৰা তুমি আঁতৰি গ'লা ! ভালপোৱা বোৰ যিদিনা আহিছিল মোৰ মন ফুলনিৰ ফুলবোৰে নতুনকৈ পাহি মেলিছিল, জোনাকবোৰ বুকুত নতুনকৈ গজিছিল,  নৱ অংকুৰিত  হৃদয়ৰ পাহে পাহে বগাইছিল কাজলি হৃদয়ৰ ছাঁ। চৰাইৰ কাকলিয়ে মোৰ ৰাতিপুৱা বোৰ সজাইছিল, আবেলিৰ ৰামধেনুৰ সেন্দুৰীয়া তুলিকাত আকিঁ লৈছিলো   ভালপোৱাৰ হেঙুলীয়া ছৱি। নিশাবোৰে সিচিঁ দিয়া জোনাক বিভোৰ হৃদয়ত ৰচিছিলো প্ৰতিশ্ৰুতিৰ অলেখ পৰাণ জুৰুৱা গীত এতিয়াটো তুমি নাই, ভালপোৱা বোৰো সেয়ে অহা বাটে   গ'ল। থৈ গ'লা মাথো মোৰ ৰিক্ত পৃথিৱীত সেন্দুৰীয়া কিছু যুগমীয়া স্মৃতি। প্ৰতিশ্ৰুতিৰ প্ৰতিচ্ছবিখন অকলেই পৰি ৰ'ল। তাকেই থৈছো সামৰি সুতৰি, যতনেৰে এতিয়াও  থৈছো আবৰি। ৰঞ্জুলা শৰ্মা

তুমি দিয়া চিঠি

Image
মোৰ ডায়েৰীৰ ভাঁজত তুমি দিয়া চিঠি  আৰু মায়াৱী ছবিবোৰৰ আৰ্তনাদ শুনিলো আজি আকৌ বহু দিন অন্তত, জানা...! তুমি লিখা মধুৰ বাণীবোৰে মোক কন্দৱাই হে এৰে ! তুমি তো আজি সুখী নো কলিজা...? মই তোমাৰ হ'ম বুলি আশা পথেৰে সদায়েই আগবাঢ়িছিলা তোমাক মই পাহৰিম বুলি ভয়তে... কতো না শপথেই খুৱাইছিলা !  কিমান যে বৰ্ণিত আছে তোমাৰ হিয়া ভাষা মোৰ জখমী মনৰ ৰক্তাক্ত হৃদয়খনত, হয়তো তুমি নাজানো ! তুমি গুচি গ'লা আনন্দত আৰু মই ক্লান্ত ভাৱনাত কিদৰেই ৰাখোঁ জীয়াই তোমালৈ দিয়া কথা ! সপোনত উৰিছিলো দুয়ো কল্পলোকতেই বাস কৰিছোঁ, বহু চিন্তাতেই যেন কৈছিলা তুমি... ধুমুহা আহিলে হাতে হাত ধৰিম বৰষুণ দিলে একেলগেই তিতিম কষ্ট চুলে একেলগে কান্দিম দুখ সাগৰত ককবকালে সাৱটি ধৰি একেলগেই মৰিম ! হয়...! আজি চকুলোত ভাহিছো স্মৃতি সাগৰতো ডুবিছো নাই...! স্মৃতিৰ বন্তি গছ জ্বলি জ্বলি শেষ হোৱা নাই যেন কেৰাচিন,পেট্ৰোল পৰা দি  আৰু বেছি হে জ্বলি উঠিছে  গছজোপা লহপহকৈ। সঁচাকৈয়েই....! আজি পৃথিৱীখন নিষিদ্ধ লাগে তুমিহীন কিদৰেই বুজাওঁ....! ঠিকনা বিহীন যেন হৈ পৰিছে মোৰ জীৱন; তোমাৰ বাসনা তৃপ্তিৰ  পগলা ভাৱিছিলা হয়তো মোক; পেলনীয়া আৱ...

আকৌ এটা ভগ্ন প্ৰেমৰ কাহিনী

Image
কথা পতাৰ হাবিয়াস নাই মোৰ তোমাৰ হতে । প্ৰেমৰ বাসনাইও মত্ত কৰা নাই তোমাৰ বাবে । তুমি বাৰু সেই বিশ্বাস ঘাতকজন নোহোৱানে ! যি মোৰ হৃদয় খন ভাঙি থৈ গৈছা । এটা এটা নতুন কৌশলেৰে এটা এটা নতুন পৰিঘটনা।অকল মোৰ লগতেই নে আন কাৰোবাৰ লগতো ! প্ৰশ্ন কৰিবৰ মন নাযায়, তথাপি ভাঙি থৈ যোৱা হৃদয় খনেও সহিব নোৱাৰি সুধিছো। মোৰ হৃদয়ত উঠা জোৱাৰ ভাটাৰ বোৰ এতিয়া আৰু নাই।কোনো দিন ঘূৰি ও  নাহিব ছাগে । আৰু তোমাৰ দৰে অভিনয়ো কৰি যাব নোৱাৰো । কেৱল সময়ে সময়ে ভগ্ন হৃদয় খনে  চিঞৰি চিঞৰি কান্দিব বিচাৰে । কিন্তু সেই কান্দোনো আজি তোমাৰ বাবে অচিনাকি হৈ ৰল । মনে মনে বহু ভাবিছিলোঁ জানা ! ভাবি থাকোতেই গল।এইবোৰ মনৰ ভ্ৰম জানা,তোমাৰ দৰে ভণ্ড প্ৰেমিকে মোৰ দৰে আৰু কাৰ ঠুনুকা হৃদয় ভাঙিছা । পাৰিলে এইবোৰ নকৰিবা । আনৰ জীৱন লৈ হেতালী নেখেলিবা । সকলোৱেইতো মোৰ দৰে হব । তেতিয়া তোমাৰ বৰ ভাল লাগিব নহয় ! মই জানো তুমি আন্ধাৰৰ ৰজা, কোন সময়ত কোন দিশে গতি কৰা নিজেই নাজানা।চাবা এদিন তুমি ও পিছল খাবা । তুমিও প্ৰতাৰিত হবা তোমাৰ দৰে ভণ্ড প্ৰেমিকাৰ পৰা।তেতিয়া লৈ মোৰদৰে হৃদয় খন আইনা ভঙা দি ভাঙি  চকনাচুৰ হব।তেতিয়া মই কম আনৰ হৃদয়ৰ সৈতে খেলা কৰাৰ ...

নাবান্ধিবা মোক শিকলিৰে

Image
অভিমান সকলোৱে কৰে  তুমি বাৰু কিয় ইমান অভিমানকাৰী  বন্ধ দুৱাৰৰ ভিতৰত ৰাখিলা মোক শিকলিৰে বান্ধি  ইমান অন্ধকাৰ আছিল কোঠালিটো  মাথোঁ এডাল মমবাতি  তাকো আধাপুৰা  কেতিয়া নুমুৱাই যায় একো ভৰসা নাই  তোমাৰ অভিমানবোৰ সামৰি নোৱাৰা জানো আহিব আকৌ ঘূৰি.....? যদি তুমি পাৰা  ঘূৰাই দিয়া মোক অতীতৰ স্মৃতি !খং অভিমানবোৰ টোপোলা বান্ধি । যদি তুমি পাৰা তোমাৰ হৃদয়ৰ বন্ধ কোঠালিৰ দিয়া দুৱাৰ খুলি  অলপ চেচাঁ বতাহ লওঁ  প্ৰেমৰ সুবাসেৰে  অলপ উশাহকণ দীঘল কৰোঁ জীয়াই থকাৰ মানসেৰে । প্ৰেম কৰিলে বাৰু কিয় নীৰ বয়  প্ৰেম যদি সচাঁ হয়  কিয় আপোন নহয় .....? ইমান পবিত্ৰ শব্দটি  যাক গোলাপেৰে আদৰা হয় কাঁইটবোৰ সেইবাবে আছে নেকি  মৰমবোৰ যেতিয়া চলনাময়ী হয়  কাঁইটবোৰত আঘাত পায়  সেইবাবে প্ৰেম কৰিলে নীৰ  বাৰে বাৰে বয় ।                                         কল্যাণী ডেকা (নলবাৰী)

ৰঙা গোলাপ পাহ

Image
       সৌ যে ৰঙা গোলাপ পাহ আমি লগপোৱাৰ প্ৰথমটো স্মৃতি  তোমাৰ বাৰু মনত আছে নে ? নৈ পাৰৰ উন্মনা বতাহ যাক । তোমাৰ হাতত হাত থৈ কহুৱা বোৰৰ মাজে মাজে মই যে  পখিলা খেদিছিলো, আৰু তুমি মোলৈ ৰʼলাগি  চাই আছিলা চকুৰ পতা নজপোৱাকৈ । ভাল লগা আছিল নহয়  তোমাৰ মোৰ একান্ত ব্যক্তিগত সময় বোৰ, মই তোমাৰ বুকুত  মূৰ থৈ উচুপি উঠিছিলো  তুমি কিন্তু মোক এৰি কেতিয়াও নাজাবা দেই বুলি কৈ । আৰু তুমি যে মোক শান্তনা দিবলৈ ৰঙা গোলাপ পাহ মোৰ দীঘল  বেনী দালত গুজি দিছিলা কপালত এটা মিঠা চুমা আকিঁ । ভাল লাগে জানা স্মৃতিবোৰ  সুৱঁৰি অনুভৱ বোৰৰ মনিকোঠাত তুমি গুজি দিয়া সৌ ৰঙা  গোলাপ পাহ আৰু বেছি ৰঙা  হৈ ফুলি উঠে ।।          পূজা শইকীয়া   ********************* 

জোনাকৰ ছাঁ

Image
ফাগুনৰ এটি কোমল সন্ধিয়া মনত বা আছেনে তোমাৰ ! পলাশে আবিৰ সনা জোনালী হৃদয় মোৰ ল'লাহি আকোৱালি তোমাৰ বুকুৰ উমত । চেনেহৰ সেন্দুৰীয়া দলিচা বনত মোৰ সিঁচি দিলা সেউজীয়া গুটিমালী বোৰ ।। আকাশ নীলা বুকুৰ পথাৰ খনত দুয়ো মিলি সাজিছিলো এটি কণমানি পজাঁ । জোন সৰা জোনাকৰ কৃষ্ণচুড়া ৰঙে সজালেহি আমাৰ দুয়োখনি হিয়া ।। সচাঁ মিছা অভিমান খেলিলো কতনো খেল পাতিলো কিমান কথা জোনাকৰ পাৰতে ৰৈ। ৰুণজুণ নুপুৰেৰে জোনাকী জনীয়েও আহি  উজলাই তুলিছিল আমাৰ সৰু পজাঁ।। ৰংবোৰ গভীৰ হ'ল ৰাতিও গহীন হ'ল নামি আহিল এন্ধাৰৰ অমানিশাবোৰ । আচঁলত সাঁচি ৰখা মৰম জোনাকীটিও  এন্ধাৰৰ আঁৰ লৈ হঠাতে নোহোৱা হ'ল ।। বালিয়ৰি ধুমুহাই ভাঙি থৈ গ'ল  জোনাক আকলুৱা আমাৰ হিয়া পজাঁটি ।। তুমি আঁতৰি গ'লা ৰংবোৰো আঁতৰি গ'ল সজোৱা নহ'ল আৰু জীৱন সপোন বোৰ । যোৱাৰ পৰত নিদিলা এষাৰি মাত খং নে অভিমান নাজানিলো মই । ঠিকনা বিহীন হৈ সময় বালিত  পৰি ৰ'লো ৰূপহীন বালিচন্দা হৈ ।।  আছা যদি এতিয়াও জোনাকী বাটত ৰৈ হেঙুলীয়া আকাশৰ ৰামধেনু চাই । দেখিবা সদায়ে মোক   মৰম কহুঁৱা হৈ  বাট চাই আছো  মাথো জোনাকৰ ছাঁ হৈ ।। ৰঞ্জুলা শৰ্মা ----------%...

এটি সৰু সপোন আৰু মই

Image
                         এদিন আমাৰো সপোনবোৰ পূৰ হ'ব, এটি সৰু পঁজা আৰু এমোকোৰা হাঁহি, কষ্টবোৰ বুকুত থাকিব, আশাবোৰে মেলিব পাহী।  বয়স বাগৰিব বছৰৰ পাছত বছৰ।  ক'লা ডাৱৰ ছাতিয়ে মোহাৰি,  কৰিব চৌপাশ ধুসৰ।  সেই হেপাঁহেৰেই যাত্ৰা,  চেৰাশালিৰ পৰা মৰিশালিলৈ,  জীৱনত কৰাঁল বন্ধা,  বিফলতা ভৰা পাচিটো লৈ।  আপুনি টিতকাৰি মাৰিব,  কাৰণ একেবোৰ সপোনেই জীৱন জুখিব,  সফলতাই গজাঁলি মেলিব,  সময়ৰ বোকোচাত আশাবোৰ লিখিব।  কাৰোবাৰ বাবে পথ দূৰ্গম,  আৰু...  কাৰোবাৰ বাবে... সেই পথ হয় সুগম।                                পাপু শইকীয়া                                                                      ...

প্ৰেমিক চৰাই

Image
মানিছো আপুনি হাজাৰবাৰ প্ৰেমত পৰে । মানিছো প্ৰত্যেক বাৰেই এনেকুৱা লাগে যে প্ৰথমবাৰ প্ৰেমত পৰিছে । মানিছো উৰিবলৈ আকাশখন বিশাল  কিন্তু মনত ৰখা ভাল দিনৰ শেষত উভতিবলৈ  এটা নিৰ্দিষ্ট ঠিকনা লাগে । সাতঘাটত মন এৰি অহাৰ পৰিণতিত যদি নিষিদ্ধ হয় আপোনাৰ প্ৰৱেশ সেই নিদিৰ্ষ্ট ঠিকনাত ক'ত কাটিব আপোনাৰ শীতৰ সেমেকা ৰাতি । ঋতুপৰ্ণা দত্ত   -----------------------

হৃদয় মৰুভূমিৰ মৰিচিকা তুমি

Image
হঠাৎ..... এজাক বলিয়া বতাহে অজানিতে লৈ আহিল তোমাৰ বতৰা নুশুধো বুলিও শুধো তোমাক ভালে আছানে ? জানো  উত্তৰৰ সলনি আহিব কোনো বেপেৰুৱা শব্দৰ সমাহাৰ সেয়ে... আজিৰ পৰা নলওঁ আৰু তোমাৰ বাতৰি সদায় দিয়াৰ দৰে সন্ধিয়াৰ প্ৰাৰ্থনাত গুজি দিম এখিনি আশা মই কাষত নাথাকিলেও ঈশ্বৰ সদায় তোমাৰ সঙ্গত থাকিব মোৰ সভক্তিৰ প্ৰাৰ্থনাই  তোমাক বিপদৰ পৰা আজুৰি আনিব মোৰ আন্তৰিকতা ভৰা বিশ্বাসে সদায় তোমাৰ কুশল বাতৰি ল'ব । তুমি নিবিচাৰিলেও  মোৰ শুভকামনা সদায় তোমাৰ লগত থাকিব সেউজ বুলিয়া এটি ছাঁয়া হৈ আন্ধাৰ নিশাৰো সঙ্গী হ'ব ।                               দীপিকা গোহাঁই ফুকন -----------------------------

অপেক্ষা

Image
বেজাৰৰ ডাৱৰ বোৰ গলি গলি ঝৰ ঝৰ কৈ সৰিছিল  দুচকুৰ পাৰ ভঙা বৰষুণ জাক বুকু জুৰাবলৈ  এতিয়া পোনাকনো নাই কাষত ৰঙা নদীৰ বলিয়া বানত সি ও নোহোৱা হ'ল । এতিয়া নিতৌ খিৰিকীত টোকৰ মাৰি  মোক জগোৱা প্ৰভাতি পক্ষীটিৰ কাকলিত শুনো পোনাকনৰ মাত, তাৰ ধেমালিত তাকেই দেখাপাওঁ বুকুৰ হেঁপাহেৰে দুবেলা দুমুঠি  তালৈকে যুগুতাওঁ, দেও দি দেও দি কত যে নাচোন  তাৰেই হিঁয়া জুৰাওঁ । হেঙুলীয়া আবেলিৰ অস্ত আকাশত  ৰঙা সুৰুজৰ ৰং চাওঁ  কিজানিবা তাতেই তোমাক লগ পাওঁ... জানাইতো, কেতিয়াবা কেতিয়াবা আগচোতালত বহি  সন্ধ্যা তৰাটি লৈ চাই চাই  তোমাৰে কথা হওঁ... তুমি ৰুই থোৱা  নাহৰ, হাচ্‌নাহানা,আৰু  ৰঙা কৰবীৰ পুলি কেইটা  সযতনে ৰাখিছো, জানো , তুমি আৰু নাহা... তথাপি তোমাৰ আচবাব বোৰ ধুই,শুকুৱাই সামৰি থৈছো, জীয়াই আছো সেয়ে মনত যে এটি  ক্ষীণ আশা পুহি ৰাখিছো, কিজানিবা মোৰ হেৰোৱা পোনাটি  কাহানিবা উভতি আহেই তাৰেই ক্ষণ গণিছো ।                     গীতালি মহন্ত                     ...

হৃদয়ৰ অনুভৱ

Image
উৰুঙা উৰুঙা হৃদয়ৰ অনুভৱ, কিবা এটা হেৰুৱাৰ অজুহাতত সময়বোৰ বাগৰিছে | অলিখিত প্ৰেম কাহিনী লিখিবলৈ মোৰ সাহস নাই, তথাপি লিখিছো কঁপা কঁপা আঙুলিৰে অনুভূতিবোৰ শিলৰ দৰে কঠিন । ভাবিছিলোঁ তোমাৰ মৰমৰ পৰশত মোৰ বুকুত ফুলিব এপাহি প্ৰেমৰ ৰজনী গন্ধা ।  তোমাৰ মৰমৰ উষ্ণ আলিংগনত তপত নিশ্বাসত  বৰফ হৈ গলিব মোৰ মৰমবোৰ হেঁপাহবোৰ   নালাগে দিয়া অনামী সম্পৰ্ক এটি নাম দিবলৈ ৷ পৰিচয়বিহীন হৈয়ে এটা সুন্দৰ গীত হৈ  আজীৱন কলিজাত বাজি ৰওঁক তাৰ সুৰ  |  যদিওবা সাহসে  নুকুলাই তোমাৰ হিয়া  জাতি-ভেদ, ধনী -দুখীয়া, উচ্চ-নীচৰ প্ৰাচীৰ ভাঙি  সমাজৰ আগত আমাৰ প্ৰেমৰ সম্পৰ্কে সবল যুক্তি   দাঙি ধৰি  মোক তোমাৰ আজীৱন জীৱন লগৰী কৰি ল'বলৈ                                                                 তেন্তে নালাগে থাকক দিয়া     আমাৰ প্ৰেমক তুমি গোপনে              ...

বন্ধুত্বৰ পৰিধি

Image
কোনোবাই মোক সুধিছিল বন্ধুত্বৰ সংজ্ঞা কি? পিছে মই মৌন হৈ ৰৈছিলো, কাৰণ বন্ধুত্বৰ দৰে বিশাল পৰিধিৰ সংজ্ঞা এটা মই প্ৰকাশ কৰিব নোৱাৰোঁ, যি সংজ্ঞাতেই লুকাই থাকে জীৱনৰ সকলো মূহুৰ্তৰ হাঁহি কান্দোন, সুখ বিষাদৰ এক বা অনেক চিৰন্তন সংগী, জীৱনৰ মান-সন্মান, গৌৰৱ-অপমানৰ নিস্বাৰ্থবাদী সাক্ষী সেয়াই হয়টো বন্ধুত্বৰ সংজ্ঞা। যিসকলৰ পৰা মই জীয়াই থকাৰ প্ৰেৰণা পাওঁ সেই সকলেই মোৰ বন্ধু, মোৰ বন্ধু বহুত, পিতৃ-মাতৃ, গুৰু জেষ্ঠ জনৰ  পৰা আৰম্ভ কৰি ফুটপাথৰ মগনিয়া জনো মোৰ বন্ধু, নেদেখাজনৰ পৰা আৰম্ভ কৰি প্ৰকৃতিৰ সমস্ত জীৱজগতো মোৰ ভাল বন্ধু কাৰণ প্ৰকৃতিৰ সকলো সম্ভাৰৰ পৰাই মই জীয়াই থকাৰ প্ৰেৰণা পাও যি প্ৰেৰণাই মোৰ জীৱনত ইন্ধনৰ দৰে অৰিহণা যোগায়।                                                                                 নিকুঞ্জ কলিতা            ...

মন যায়

Image
মন যায় মহাত্মা  হ'বলৈ ৰসৰাজ, আনন্দৰাম, ৰূপকোঁৱৰ হ'বলৈ আকৌ মন যায় আব্ৰাহম লিংকন হ'বলৈ ডেল কাৰ্নেগী, নেপোলিয়ন হিল, টলষ্টয় হ'বলৈ মন যায় শংকৰদেৱ হ'বলৈ বুদ্ধ, মহাবীৰ, মাধৱ হ'বলৈ আকৌ মন যায় বিবেকানন্দ হ'বলৈ চিলাৰায়, লাচিত, কুশল হ'বলৈ মন যায় মাৰ্টিন লুথাৰ কিং অগ্ৰজ হ'বলৈ জৰ্জ ৱাছিংটন, বৰাক ওবামা, কালাম হ'বলৈ আকৌ মন যায় বিষ্ণুপ্ৰসাদ ৰাভা হ'বলৈ লোকপ্ৰিয়, আজান ফকীৰ, পদ্মনাথ গোহাঞিবৰুৱা হ'বলৈ মন যায়  ভূপেন হাজৰিকা হ'বলৈ জুবিন, এ আৰ ৰহমান, কিশোৰ হ'বলৈ আকৌ মন যায় শচীন টেণ্ডুলকাৰ হ'বলৈ ৰণাল্ড, বিশ্বনাথ, বল্ট হ'বলৈ মন যায় ব্ৰিল গ্ৰেটছ হ'বলৈ জেক মা, আম্বানী, জেফ হ'বলৈ আকৌ মন যায় আম্বেদকাৰ হ'বলৈ লোকমান্য, লৌহ মানৱ, বাজপেয়ী হ'বলৈ মন যায় ভগৎ সিং হ'বলৈ বসু,আজাদ, লাজপত ৰায় হ'বলৈ আকৌ মন যায় যাদৱ পায়েঙে হ'বলৈ বৰগোহাঁই, মাউত, সন্দিকৈ হ'বলৈ মন যায় অৰ্জন হ'বলৈ একলব্য, অভিমন্যু, অনিৰুদ্ধ হ'বলৈ আকৌ মন যায় চানক্য হ'বলৈ ব্যাস, বাল্মিকী, দুশ্মন্ত হ'বলৈ মন যায় ৰাধাকৃষ্ণণ হ'বলৈ কবীৰ...

ব্যস্ততা যেতিয়া অজুহাত হয়

Image
ব্যস্ততা যেতিয়া অজুহাত হয় সম্পৰ্ক বোৰত ঘূণে ধৰে সমন্ধৰ তুলাচনিত অবিস্বাস বোৰ ভৰ হৈ পৰে । বুকুৱেদি উজাই অহা শব্দবোৰ মিথ্যাৰ আশ্ৰয়ত বহে । মিথ্যাত জানো আস্থা থাকে..... আস্থাৰ মৃত্যু হ'লে একেলগে সজতনে বন্ধা ৰজাৰ দ'ল চপৰা-চপৰকৈ খহে । ব্যস্ততাৰ সুৰুঙাই এবাৰ জুমি চাব শিকাচোন প্ৰত্যাশা ভৰা শব্দবোৰ তোমাৰ অপেক্ষাত ৰ'ব অমাৱস্যাৰ নিশাবোৰো জোনাকীয়ে পোহৰাব আতৰিব ধৰা সৰল নিভঁজুৱা প্ৰেমে তোমাৰ হৃদয়ৰ অন্তেষপুৰত সুখৰ কাৰেং সাজি মুকুতাৰ মালা গাঠিব ।                                               দীপিকা গোহাঁই ফুকন   %%%%%%%%%%%%%%%%%%%

ধৰ্ষণ

Image
উফ্ আৰু কিমান শুনিম বিৰক্তিকৰ শব্দ ! কচম সৃষ্টিকৰ্তাৰ  ধৰ্ষণকাৰীসকলে পাওঁক শাস্তি ভয়ানক দৃষ্টান্তমূলক শাস্তি। অভিশাপ মানৱৰ ৰাজপথত অথবা মুকলি ঠাইত স্ব-চকুৰে দেখা পাওঁক সৱে ইহঁতৰ কৰ্মফল। অনেক আশাবাদী আমি সৱে জঘন্য কৰ্মৰ ফলাফল সাউৎকৰে বাহিৰ হওঁক জিলিকি উঠক প্ৰতিচ্ছবি হয়, ভয়ানক ছবি। কিমান অপেক্ষা কৰিম চাওঁতে চাওঁতে নামি আহিছে  অমানিশা চৌদিশে শ্ৰৱন ইন্দ্ৰিয় যেন অকামিলা হৈছে নিলজ্জহঁতৰ অপকৰ্মৰ বতৰা পাই। ক'ৰবাত জাতিৰ মেৰুদণ্ডস্বৰূপ ডেকা অভিশপ্ত বুঢ়াও কিছুমান পিছপৰি থকা নাই এই কৰ্মত নিজকে লাজ লাগিছে জীৱশ্রেষ্ঠ হিচাপে । আধাফুলা কলিটিৰ দৰে যৌৱনত ভৰি নিদিওতেই বলি হয় নিষ্পাপ শিশু  বলি হয় অচল বুঢ়ীওঁ  ৰেহাই নাপায় আনকি জন্তুওঁ । হিংস্রক জন্তুৰ দৰে টানি-হিচড়ি যাতনা দিয়াৰ লগতে মৃত্যুৰ স্বাদ সহস্রগুণ কৰে  জুই জ্বলাই অথবা ডিঙিটিপি নৰখাদক অমানুহকেইটাই । ধৰ্ষিতাৰ হৃদয় উপত্যকা দ্বিখণ্ডিত হয় সোনোৱালী সপোন আৰু আশাবোৰ চূৰমাৰ হয় ক্ষণিকতে হৃদয় বিদাৰক ক্রন্দ্ন ভাঁহি উঠে চিৰকাল । পাশৱিক অত্যাচাৰ কৰি হত্যা কৰাৰ পিছতো ভ্রমি ফুৰে মুকলি আকাশৰ তলত সহ্য নহয় আনকি মাতালৰো মনুষ্যকুলৰ কলংক কেইটাই শাস...