Posts

Image
                                                    শ্যামল আৰন্ধৰা মৌন তুমি , যেন শীতৰ দীঘল গভীৰ ৰাত্ৰি নাই কোনো সাৰসুৰ   নিদিবা শংকা নামাতি একো উত্তৰ।   বুজা নাই নে ?   ভাবি লৈ প্রহেলিকা বুলি নে বুজি লোৱা নাই   হৃদয়ৰ বেথা বুলি ?   ভুল নুবুজিবা , শব্দৰ ভঙা - পতাত এইয়া নহয় কোনো কাৰবালা মৰু প্রান্তৰ নালাগে তুমি হাবাথুৰি খাব নালাগে তুমি পিয়াহত আতুৰ হ ' ব।   সেইয়া হয় মাথো   মোৰ পূর্ণিমাৰ হৃদয় মেঘ বিহীন , তৰাৰ সৈতে   তোমাৰ আকাশ ওপচায়।   ভুল নুবুজিবা , এইয়া মোৰ হৃদয়ৰ কবিতা প্রেমৰ ভাষাৰে লিখা , মৰমৰ গীত বোৱাই ৰঙা গোলাপ পাহি লব যাওঁতে কত কাঁইটৰ খোঁচাত লাগি ধৰিছে   চিঠি খনি।   সেই চিঠি পাওঁতে যেন   নিদিবা পৰ্দা তুমি অবুজন নপঠিয়াবা ওভতাই এটি পাহি চিঙি   নাথাকিব তাৰ সৌন্দর্যতা   নপৰিব চকু তাত চিত্রলেখাৰ   ঊষাৰ চুলিত গুজি দিবলৈ।   নাহিব সপোন অনিৰুদ্ধৰ ...

মাতৃলৈ কন্যাৰ চিঠি

Image
       মা তুমি কুশলে আছা নে?      তোমালৈ বৰকৈ মনত পৰিছে অ       দিনবোৰ গধুৰ হৈ পৰে       নিশাবোৰ হৃদয়ৰ উচুপনি হৈ সৰে ।      তোমাক ক'বলৈ বহুত কথাই আছে       কম বুলি ভাবিও থমকি ৰওঁ       তুমিটো জানাই মা       মই সুখী ।      তথাপিও চোন চকুলো নিগৰে       হৃদয়ত গুজ্ঞৰিত হয় এটি অবুজন বিষ ।      তুমি নজনাকৈ মই সুখী হোৱাৰ অভিনয় কৰোঁ       কিয় জানা? তুমি মোক দুখী হোৱা নিবিচৰা       কিন্তু মা সুখী হম বুলি জানোঁ হব পাৰি?      তথাপিও শিকিছো দুখৰ আৱৰণ খন পিন্ধি সুখী হ'বলৈ       তোমাৰ পৰাই শিকিছো       দুখক জয়ী কৰিব'লৈ ।      তথাপিও তুমি চিন্তা নকৰিবা       মই কুশলে আছোঁ ।   নিবেদিতা দাস কলিতা   নলবাৰী ।

পিতাই মোৰ বুঢ়া হ'ল

Image
     সিদিনা তেওঁৰ মুখলৈ চাওঁতে      মোৰ অৱচেতনা মনটোৱে কৈ উঠিল      "পিতাই মোৰ বুঢ়া হ'ল"।       হয় বাৰু পৰিছে দাড়ি- চুলিত      বগা ৰঙৰ হায়তাল      তথাপিও তেওঁৰ চকুত      হাজাৰ সপোন আঘোণ জয় কৰাৰ।       দেখিছো পিতাইৰ ঘোলা চকুযুৰিয়ে      খঙত ৰঙা কৰি চোৱা      তৎক্ষণাৎ ধূলিয়ৰি মন       নিয়ৰ পৰি সেমেকা হয়,       'আইলা' বিলৰ ডাঙৰ বৰালিতো      পলহত ওলমাই আনি      কৰিবহি আমাৰ মন জয়।       পিতাইৰ মোৰ খেতিয়ক, ককাৰ পিছে পিছে      নাঙলৰ মুঠিত ধৰিছিল, নহ'ল পঢ়াশালি গচকিব      মোৰ সাতো জনমত তেওঁ      'পিতাই' নায়কৰ খিতাপ জিনিব।  শ্যামল আৰন্ধৰা

সপোনৰ দুৱাৰ

Image
          জুমি চাইছিলো       এদিন সপোনৰ দুৱাৰ খনলৈ       চয়াময়া কুৱলিৰ ফাঁকে ফাঁকে তোমাৰ ছবিখনি দেখিছিলো       নিলাভ নয়ন যুৰিৰে তুমি মোলৈ চাই হাহিছিলা ।      বুকুখন কঁপি উঠিছিল       এক অজান শিহৰণ তুলি ।      লাহে লাহে মই আগবাঢ়ি গৈছিলো       দেখা পালো দুৱাৰখন খোলা আছে       তাতেই তুমি থকা উমান পালো ।      দুয়ো দুয়োৰে হাতত ধৰি খোজ ললোঁ       তোমাৰ পৰশত প্ৰাণ পাই উঠিল মোৰ       উন্মুক্ত হৃদয়ৰ অনুভৱ       বহু দুৰ আগবাঢ়ি গ'লো       তুমি অজানিতে  এৰি দিলা       তোমাৰ হাতখন       মই বাট হেৰুৱাই পেলালো ।      আজিও তাতেই ৰৈ আছোঁ       আহিবা বুলি আৰু লৈ যাবা       সপোনৰ দুৱাৰ খন খুলি ,      তাতেই যুৰিম আমি দুয়ো...

অনুভৱ

Image

Computer ত অসমীয়া লিখাৰ সহজ উপায়

Image
Computer ত অসমীয়া লিখাৰ সহজ উপায় Computer ত অসমীয়া লিখাতো বৰ্তমান অতি সহজ । অতি সহজেই মাউচ ক্লিক কৰিয়েই অসমীয়া লিখিব পাৰিব। আহক জানোঁ কেনেকৈ আমি অসমীয়া লিখিম ।  তাৰ বাবে আমাক প্ৰয়োজন হ'ব  Avro Keyboard নামৰ এটা ছফ্টওৱেৰ (Software) l Software ডাউনলোড কৰিবলৈ তলত লিংক দিয়া হৈছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰা পাছত ইনষ্টল কৰা প্ৰক্ৰিয়াটো তলত দিয়া ধৰনে কৰক - ইনষ্টল কৰিবলৈ আপোনাৰ ডাউনলোড ফল্ডাৰত  Icon টোত ৰাইট ক্লিক কৰি Run as Administrator ক্লিক কৰক-   এনেধৰণৰ Menu এখন দেখিবলৈ পাব আৰু তলত থকা Next ত ক্লিক কৰক ক্লিক I accept the Agreement ক্লিক Next ক্লিক Next ক্লিক Install                                                                                                 ...

শৰতৰ প্ৰথম জাক নিয়ঁৰ

Image
শৰতৰ প্ৰথম জাক নিয়ঁৰে মোৰ কাণে কাণে কৈ গল  শৰত আকৌ আহিল । এক মিঠা আলোড়নৰ সৃষ্টি কৰি  এক মিঠা পৰশ তুলি । ভাল লগা দিনবোৰৰ  দুৱাৰ দলিত  সপোনে সাৰ পালে , অনুভৱবোৰ জাগ্ৰত হ'ল  আঙুলিৰ ফাঁকে ফাঁকে শব্দৰ অলংকাৰ জাগ্ৰত হল  লিখিবলৈ তোমাৰ নামৰ কবিতা । স্মৃতিৰ ৰহঘৰত আকৌ সৃষ্টি হব নতুন কবিতাৰ  মোৰ হৃদয়ত গুঞ্জৰিত  হব তোমাৰে কবিতাৰ শিৰোনাম । শৰতৰ প্ৰথম জাক নিয়ঁৰে  দিলে যে তাৰেই বতৰা । নিবেদিতা দাস কলিতা   (নলবাৰী) 

তোমাক ভাল পাওঁ বাবেই

Image
  তোমাক ভাল  পাওঁ বাবেই পৃথিৱী খন  ধুনীয়া দেখোঁ  সেউজীয়াত সপোন  বিচাৰি পাওঁ । নালাগে! জানিব নিবিচাৰো  প্ৰেমৰ গভীৰতা কিমান?  তোমাক ভাল পাওঁ বাবেই  হৃদয়ৰ পৰা নিগৰে  কবিতাৰ শিৰোনাম , অনুভৱ বোৰ শব্দ হৈ গুঞ্জৰিত হয়  এটি মিঠা অনুৰাগ । তোমাক ভাল পাওঁ বাবেইটো  নিজকে শিকিবলৈ লৈছো  জীৱনটো ৰঙীণ,আছে হেঁপাহৰ ৰং  যি ৰঙেৰে আঁকিব পাৰি সাতোৰঙী  ৰামধেনু , সপোনৰ দলিচা পাৰি । নিবেদিতা দাস কলিতা ( নলবাৰী)  ----------------------------------

মাতাল

Image
সকলো মাতাল - কোনো সুৰাত, কোনো টকাত মই তেওঁৰ প্ৰেমৰ ৰাগিত মাতাল। মনৰ কথা মনতে ৰই কত ঢৌ উঠে আৰু নামে মনৰ ভয়, সংকোচৰ দৰে অশান্ত মায়াৰ বাবে কব নোৱাৰো মই। তথাপিও এবাৰ বুজি লোৱা - মোৰ অস্থিৰ চকুহাললৈ চাই, মোৰ আৱেগবিহ্বলত উত্তাৱল হৃদয়ৰ ভাষাৰ মায়াজাললৈ চাই। বসন্তে বসন্তে বসুধাক পাঁও যি দৰে মইও পাঁও মোক ঠিক সি দৰে।      যেন -          কুলি - কেতেকীৰ মাতে মুখৰিত           নানা ফুল, কুঁহিপাতে সৰ্জ্জিত           শান্ত নদীৰ দৰে মাৰ্জ্জিত           সুৰুযৰ কেচাঁ হেঙুলৰ দৰে স্নেহিত           গচ্ছিত ফুলৰ দ্বাৰা সুগন্ধিত           জেতুকাৰ দ্বাৰা ৰঞ্জিত            সমুদ্রৰ দৰে একত্রিত           মৌৰ দৰে স্বাদিত            আকাশৰ দৰে বিস্...

নৈ

Image
  ধীৰে ধীৰে বৈ যোৱা নৈৰ প্রচ্ছাদত থিয় হৈ মন মোহিত তাৰ অবিৰত গতিত। নিৰন্তৰে কেতিয়াবা লাহে আৰু কেতিয়াবা খৰ অশান্ত গতি, পাৰতে সাঁচিছে কত শত বছৰৰ বুৰঞ্জী- ইতিহাস থইছে জাপি। বাৰে বাৰে ধুইছে, নতুকে লিখিছে লগাইছে পলসৰ অলংকাৰ, লগতে খহাই পাৰ দুইয়ো দিছে পৰিচয় ভয়ংকতাৰ। বাৰিষাত ভীষণ বান দশোদিশ বোৱাই, জলমগ্ন সকলোটি দূৰতে জিলিকিছে বেলিটি লাগি ধৰি কাৰোবাৰ চালত হেৰাইছে বাট, নাই কোনো সহাৰি চাৰিওফালে পানী আৰু পানী পশ্চিমৰ আকাশত লুকাইছে সুৰুয লুকাইছে সকলো আশাৰ বাট, ৰেঙনী ওলাব পুনৰ দূৰ আকাশত ডাৱৰৰ প্রাচীৰ ভাঙি। মুহূত্বৰ্তে বিধ্বংসী ৰূপৰ হাতোৰাত সকলো টলমল, তথাপিও সি তাৰ মূৰত আনে এক নৱ সৃষ্টিৰ সমল। সেইয়ে সি সকলোতে বৈ যায় মনে মনে পোহৰৰ হাত ধৰি সুউচ্চ আকাশৰ পাৰি লয় ৰঙীন চাদৰ। সেই ৰঞ্জিত কুসুমৰ ৰঙে ৰঙে চিন্তাৰ গভীৰতাত দি যায় মধুৰ আচ্ছাদ।  শ্যামল