জোনাকৰ ছাঁ
ফাগুনৰ এটি কোমল সন্ধিয়া মনত বা আছেনে তোমাৰ ! পলাশে আবিৰ সনা জোনালী হৃদয় মোৰ ল'লাহি আকোৱালি তোমাৰ বুকুৰ উমত । চেনেহৰ সেন্দুৰীয়া দলিচা বনত মোৰ সিঁচি দিলা সেউজীয়া গুটিমালী বোৰ ।। আকাশ নীলা বুকুৰ পথাৰ খনত দুয়ো মিলি সাজিছিলো এটি কণমানি পজাঁ । জোন সৰা জোনাকৰ কৃষ্ণচুড়া ৰঙে সজালেহি আমাৰ দুয়োখনি হিয়া ।। সচাঁ মিছা অভিমান খেলিলো কতনো খেল পাতিলো কিমান কথা জোনাকৰ পাৰতে ৰৈ। ৰুণজুণ নুপুৰেৰে জোনাকী জনীয়েও আহি উজলাই তুলিছিল আমাৰ সৰু পজাঁ।। ৰংবোৰ গভীৰ হ'ল ৰাতিও গহীন হ'ল নামি আহিল এন্ধাৰৰ অমানিশাবোৰ । আচঁলত সাঁচি ৰখা মৰম জোনাকীটিও এন্ধাৰৰ আঁৰ লৈ হঠাতে নোহোৱা হ'ল ।। বালিয়ৰি ধুমুহাই ভাঙি থৈ গ'ল জোনাক আকলুৱা আমাৰ হিয়া পজাঁটি ।। তুমি আঁতৰি গ'লা ৰংবোৰো আঁতৰি গ'ল সজোৱা নহ'ল আৰু জীৱন সপোন বোৰ । যোৱাৰ পৰত নিদিলা এষাৰি মাত খং নে অভিমান নাজানিলো মই । ঠিকনা বিহীন হৈ সময় বালিত পৰি ৰ'লো ৰূপহীন বালিচন্দা হৈ ।। আছা যদি এতিয়াও জোনাকী বাটত ৰৈ হেঙুলীয়া আকাশৰ ৰামধেনু চাই । দেখিবা সদায়ে মোক মৰম কহুঁৱা হৈ বাট চাই আছো মাথো জোনাকৰ ছাঁ হৈ ।। ৰঞ্জুলা শৰ্মা ----------%...