Posts

Showing posts with the label সম্পৰ্ক

জোনাকৰ ছাঁ

Image
ফাগুনৰ এটি কোমল সন্ধিয়া মনত বা আছেনে তোমাৰ ! পলাশে আবিৰ সনা জোনালী হৃদয় মোৰ ল'লাহি আকোৱালি তোমাৰ বুকুৰ উমত । চেনেহৰ সেন্দুৰীয়া দলিচা বনত মোৰ সিঁচি দিলা সেউজীয়া গুটিমালী বোৰ ।। আকাশ নীলা বুকুৰ পথাৰ খনত দুয়ো মিলি সাজিছিলো এটি কণমানি পজাঁ । জোন সৰা জোনাকৰ কৃষ্ণচুড়া ৰঙে সজালেহি আমাৰ দুয়োখনি হিয়া ।। সচাঁ মিছা অভিমান খেলিলো কতনো খেল পাতিলো কিমান কথা জোনাকৰ পাৰতে ৰৈ। ৰুণজুণ নুপুৰেৰে জোনাকী জনীয়েও আহি  উজলাই তুলিছিল আমাৰ সৰু পজাঁ।। ৰংবোৰ গভীৰ হ'ল ৰাতিও গহীন হ'ল নামি আহিল এন্ধাৰৰ অমানিশাবোৰ । আচঁলত সাঁচি ৰখা মৰম জোনাকীটিও  এন্ধাৰৰ আঁৰ লৈ হঠাতে নোহোৱা হ'ল ।। বালিয়ৰি ধুমুহাই ভাঙি থৈ গ'ল  জোনাক আকলুৱা আমাৰ হিয়া পজাঁটি ।। তুমি আঁতৰি গ'লা ৰংবোৰো আঁতৰি গ'ল সজোৱা নহ'ল আৰু জীৱন সপোন বোৰ । যোৱাৰ পৰত নিদিলা এষাৰি মাত খং নে অভিমান নাজানিলো মই । ঠিকনা বিহীন হৈ সময় বালিত  পৰি ৰ'লো ৰূপহীন বালিচন্দা হৈ ।।  আছা যদি এতিয়াও জোনাকী বাটত ৰৈ হেঙুলীয়া আকাশৰ ৰামধেনু চাই । দেখিবা সদায়ে মোক   মৰম কহুঁৱা হৈ  বাট চাই আছো  মাথো জোনাকৰ ছাঁ হৈ ।। ৰঞ্জুলা শৰ্মা ----------%...

এটি সৰু সপোন আৰু মই

Image
                         এদিন আমাৰো সপোনবোৰ পূৰ হ'ব, এটি সৰু পঁজা আৰু এমোকোৰা হাঁহি, কষ্টবোৰ বুকুত থাকিব, আশাবোৰে মেলিব পাহী।  বয়স বাগৰিব বছৰৰ পাছত বছৰ।  ক'লা ডাৱৰ ছাতিয়ে মোহাৰি,  কৰিব চৌপাশ ধুসৰ।  সেই হেপাঁহেৰেই যাত্ৰা,  চেৰাশালিৰ পৰা মৰিশালিলৈ,  জীৱনত কৰাঁল বন্ধা,  বিফলতা ভৰা পাচিটো লৈ।  আপুনি টিতকাৰি মাৰিব,  কাৰণ একেবোৰ সপোনেই জীৱন জুখিব,  সফলতাই গজাঁলি মেলিব,  সময়ৰ বোকোচাত আশাবোৰ লিখিব।  কাৰোবাৰ বাবে পথ দূৰ্গম,  আৰু...  কাৰোবাৰ বাবে... সেই পথ হয় সুগম।                                পাপু শইকীয়া                                                                      ...

প্ৰেমিক চৰাই

Image
মানিছো আপুনি হাজাৰবাৰ প্ৰেমত পৰে । মানিছো প্ৰত্যেক বাৰেই এনেকুৱা লাগে যে প্ৰথমবাৰ প্ৰেমত পৰিছে । মানিছো উৰিবলৈ আকাশখন বিশাল  কিন্তু মনত ৰখা ভাল দিনৰ শেষত উভতিবলৈ  এটা নিৰ্দিষ্ট ঠিকনা লাগে । সাতঘাটত মন এৰি অহাৰ পৰিণতিত যদি নিষিদ্ধ হয় আপোনাৰ প্ৰৱেশ সেই নিদিৰ্ষ্ট ঠিকনাত ক'ত কাটিব আপোনাৰ শীতৰ সেমেকা ৰাতি । ঋতুপৰ্ণা দত্ত   -----------------------

হৃদয় মৰুভূমিৰ মৰিচিকা তুমি

Image
হঠাৎ..... এজাক বলিয়া বতাহে অজানিতে লৈ আহিল তোমাৰ বতৰা নুশুধো বুলিও শুধো তোমাক ভালে আছানে ? জানো  উত্তৰৰ সলনি আহিব কোনো বেপেৰুৱা শব্দৰ সমাহাৰ সেয়ে... আজিৰ পৰা নলওঁ আৰু তোমাৰ বাতৰি সদায় দিয়াৰ দৰে সন্ধিয়াৰ প্ৰাৰ্থনাত গুজি দিম এখিনি আশা মই কাষত নাথাকিলেও ঈশ্বৰ সদায় তোমাৰ সঙ্গত থাকিব মোৰ সভক্তিৰ প্ৰাৰ্থনাই  তোমাক বিপদৰ পৰা আজুৰি আনিব মোৰ আন্তৰিকতা ভৰা বিশ্বাসে সদায় তোমাৰ কুশল বাতৰি ল'ব । তুমি নিবিচাৰিলেও  মোৰ শুভকামনা সদায় তোমাৰ লগত থাকিব সেউজ বুলিয়া এটি ছাঁয়া হৈ আন্ধাৰ নিশাৰো সঙ্গী হ'ব ।                               দীপিকা গোহাঁই ফুকন -----------------------------

অপেক্ষা

Image
বেজাৰৰ ডাৱৰ বোৰ গলি গলি ঝৰ ঝৰ কৈ সৰিছিল  দুচকুৰ পাৰ ভঙা বৰষুণ জাক বুকু জুৰাবলৈ  এতিয়া পোনাকনো নাই কাষত ৰঙা নদীৰ বলিয়া বানত সি ও নোহোৱা হ'ল । এতিয়া নিতৌ খিৰিকীত টোকৰ মাৰি  মোক জগোৱা প্ৰভাতি পক্ষীটিৰ কাকলিত শুনো পোনাকনৰ মাত, তাৰ ধেমালিত তাকেই দেখাপাওঁ বুকুৰ হেঁপাহেৰে দুবেলা দুমুঠি  তালৈকে যুগুতাওঁ, দেও দি দেও দি কত যে নাচোন  তাৰেই হিঁয়া জুৰাওঁ । হেঙুলীয়া আবেলিৰ অস্ত আকাশত  ৰঙা সুৰুজৰ ৰং চাওঁ  কিজানিবা তাতেই তোমাক লগ পাওঁ... জানাইতো, কেতিয়াবা কেতিয়াবা আগচোতালত বহি  সন্ধ্যা তৰাটি লৈ চাই চাই  তোমাৰে কথা হওঁ... তুমি ৰুই থোৱা  নাহৰ, হাচ্‌নাহানা,আৰু  ৰঙা কৰবীৰ পুলি কেইটা  সযতনে ৰাখিছো, জানো , তুমি আৰু নাহা... তথাপি তোমাৰ আচবাব বোৰ ধুই,শুকুৱাই সামৰি থৈছো, জীয়াই আছো সেয়ে মনত যে এটি  ক্ষীণ আশা পুহি ৰাখিছো, কিজানিবা মোৰ হেৰোৱা পোনাটি  কাহানিবা উভতি আহেই তাৰেই ক্ষণ গণিছো ।                     গীতালি মহন্ত                     ...

বন্ধুত্বৰ পৰিধি

Image
কোনোবাই মোক সুধিছিল বন্ধুত্বৰ সংজ্ঞা কি? পিছে মই মৌন হৈ ৰৈছিলো, কাৰণ বন্ধুত্বৰ দৰে বিশাল পৰিধিৰ সংজ্ঞা এটা মই প্ৰকাশ কৰিব নোৱাৰোঁ, যি সংজ্ঞাতেই লুকাই থাকে জীৱনৰ সকলো মূহুৰ্তৰ হাঁহি কান্দোন, সুখ বিষাদৰ এক বা অনেক চিৰন্তন সংগী, জীৱনৰ মান-সন্মান, গৌৰৱ-অপমানৰ নিস্বাৰ্থবাদী সাক্ষী সেয়াই হয়টো বন্ধুত্বৰ সংজ্ঞা। যিসকলৰ পৰা মই জীয়াই থকাৰ প্ৰেৰণা পাওঁ সেই সকলেই মোৰ বন্ধু, মোৰ বন্ধু বহুত, পিতৃ-মাতৃ, গুৰু জেষ্ঠ জনৰ  পৰা আৰম্ভ কৰি ফুটপাথৰ মগনিয়া জনো মোৰ বন্ধু, নেদেখাজনৰ পৰা আৰম্ভ কৰি প্ৰকৃতিৰ সমস্ত জীৱজগতো মোৰ ভাল বন্ধু কাৰণ প্ৰকৃতিৰ সকলো সম্ভাৰৰ পৰাই মই জীয়াই থকাৰ প্ৰেৰণা পাও যি প্ৰেৰণাই মোৰ জীৱনত ইন্ধনৰ দৰে অৰিহণা যোগায়।                                                                                 নিকুঞ্জ কলিতা            ...

ব্যস্ততা যেতিয়া অজুহাত হয়

Image
ব্যস্ততা যেতিয়া অজুহাত হয় সম্পৰ্ক বোৰত ঘূণে ধৰে সমন্ধৰ তুলাচনিত অবিস্বাস বোৰ ভৰ হৈ পৰে । বুকুৱেদি উজাই অহা শব্দবোৰ মিথ্যাৰ আশ্ৰয়ত বহে । মিথ্যাত জানো আস্থা থাকে..... আস্থাৰ মৃত্যু হ'লে একেলগে সজতনে বন্ধা ৰজাৰ দ'ল চপৰা-চপৰকৈ খহে । ব্যস্ততাৰ সুৰুঙাই এবাৰ জুমি চাব শিকাচোন প্ৰত্যাশা ভৰা শব্দবোৰ তোমাৰ অপেক্ষাত ৰ'ব অমাৱস্যাৰ নিশাবোৰো জোনাকীয়ে পোহৰাব আতৰিব ধৰা সৰল নিভঁজুৱা প্ৰেমে তোমাৰ হৃদয়ৰ অন্তেষপুৰত সুখৰ কাৰেং সাজি মুকুতাৰ মালা গাঠিব ।                                               দীপিকা গোহাঁই ফুকন   %%%%%%%%%%%%%%%%%%%