Posts

Showing posts with the label ৰ'দালি

পিতাই মোৰ বুঢ়া হ'ল

Image
     সিদিনা তেওঁৰ মুখলৈ চাওঁতে      মোৰ অৱচেতনা মনটোৱে কৈ উঠিল      "পিতাই মোৰ বুঢ়া হ'ল"।       হয় বাৰু পৰিছে দাড়ি- চুলিত      বগা ৰঙৰ হায়তাল      তথাপিও তেওঁৰ চকুত      হাজাৰ সপোন আঘোণ জয় কৰাৰ।       দেখিছো পিতাইৰ ঘোলা চকুযুৰিয়ে      খঙত ৰঙা কৰি চোৱা      তৎক্ষণাৎ ধূলিয়ৰি মন       নিয়ৰ পৰি সেমেকা হয়,       'আইলা' বিলৰ ডাঙৰ বৰালিতো      পলহত ওলমাই আনি      কৰিবহি আমাৰ মন জয়।       পিতাইৰ মোৰ খেতিয়ক, ককাৰ পিছে পিছে      নাঙলৰ মুঠিত ধৰিছিল, নহ'ল পঢ়াশালি গচকিব      মোৰ সাতো জনমত তেওঁ      'পিতাই' নায়কৰ খিতাপ জিনিব।  শ্যামল আৰন্ধৰা

ৰাতিৰ কবিতা

Image
পুৱাৰ ৰ'দালিত লাহে লাহে অংকুৰিত হয়  এটি সোণোৱালী স্বপ্ন, ৰ'দ জিলমিল  স্ৰোতস্বিনী নদীৰ বুকুৰ ভটিয়নি সোঁতত  উঁটি-ভাঁহি যায় জীৱনৰ এটি এটি তৰঙ্গ, সূৰ্য্যাস্তৰ পাছতেই এন্ধাৰ নামিব লুকাই পৰিব দিনৰ সমস্ত বৈভৱ, এন্ধাৰ বিদ্ৰোহী মোৰ ৰাতিৰ কবিতাটি  জোনাকত উমলি থাকক । গীতালি মহন্ত । মৰিগাওঁ । ~~~~~~~~~~~~~~~~~~~~~~~