Posts

Showing posts with the label ফুল

আকৌ নতুন প্ৰভাত হওঁক

Image
     পুৱাৰ চৰাই চিৰিকতীৰ       বিননিত সাৰ পালোঁ ।      কাঁচিয়লি ৰ'দে উষ্ম আদৰণি  জনালে ।      নাই যে নতুনত্ব       সেই একেই বিভীষিকা       সেই একে পৰিৱেশ ।      ভাগৰুৱা হৈ পৰিছো       বন্ধ কোঠাত কিমান       আবদ্ধ থাকিম ?      উশাহ ল'বলৈ যেন        শুদ্ধ বায়ুৰ অভাৱ       জীয়াই থাকিম নে ?      ভাবিব লগীয়া হৈছে !!      ৰুষ্ট প্ৰকৃতি আজি       মানুহক সুখ লাগে, অট্টালিকা লাগে       জানে নে ? প্ৰকৃত অৰ্থত       সুখৰ সংজ্ঞা কি ?      প্ৰকৃতিক ধ্বংস কৰি আজি       নিজেই ভাৰাক্রান্ত       হৈ পৰিছে মানব জাতি,       ক'ৰ'ণাই শিকাই দিলে       জীৱনটো কিমান কঠিন       পলকতে সকলো শেষ হৈ...

ৰঙা গোলাপ পাহ

Image
       সৌ যে ৰঙা গোলাপ পাহ আমি লগপোৱাৰ প্ৰথমটো স্মৃতি  তোমাৰ বাৰু মনত আছে নে ? নৈ পাৰৰ উন্মনা বতাহ যাক । তোমাৰ হাতত হাত থৈ কহুৱা বোৰৰ মাজে মাজে মই যে  পখিলা খেদিছিলো, আৰু তুমি মোলৈ ৰʼলাগি  চাই আছিলা চকুৰ পতা নজপোৱাকৈ । ভাল লগা আছিল নহয়  তোমাৰ মোৰ একান্ত ব্যক্তিগত সময় বোৰ, মই তোমাৰ বুকুত  মূৰ থৈ উচুপি উঠিছিলো  তুমি কিন্তু মোক এৰি কেতিয়াও নাজাবা দেই বুলি কৈ । আৰু তুমি যে মোক শান্তনা দিবলৈ ৰঙা গোলাপ পাহ মোৰ দীঘল  বেনী দালত গুজি দিছিলা কপালত এটা মিঠা চুমা আকিঁ । ভাল লাগে জানা স্মৃতিবোৰ  সুৱঁৰি অনুভৱ বোৰৰ মনিকোঠাত তুমি গুজি দিয়া সৌ ৰঙা  গোলাপ পাহ আৰু বেছি ৰঙা  হৈ ফুলি উঠে ।।          পূজা শইকীয়া   ********************* 

প্ৰকৃতি

Image
   সেউজী ৰাণী কি যে মোহনীয়া তুমি   সেউজ মানেই নহয় জানো জীৱন যৌৱন   ইমানেই ধুনিয়া তুমি চালে চকুৰোৱা  কুল কুল সুৰৰে বৈ আহে নিজৰা   টোপ টোপ কৈ বৰষুণৰ টোপোল যেন নপূৰৰ ঝংকাৰ  ৰিৱ ৰিৱ কোমল বতাহ নহয় জানো তোমাৰেই পৰশ  যেনিয়ে চাও তেনিয়ে কি যে বিতোপন কিযে মোহনীয়া তুমি ।  ৰ'দ বতাহ বৰষুণ গছ বন পশু পক্ষী  ফুল তৰা পোক পৰুৱা পখিলাৰে কি যে মোহনীয়া কি যে বিতোপন  আমাৰ সেউজী ধৰা । যাৰ ৰূপৰ তূলনা নাই যি তূলনা বিহীন  ৫ জুন , বিশ্ব প্ৰকৃতি দিৱস  তোমাৰ নামতেই আমি কৰিছোঁ প্ৰতিজ্ঞা  তোমাক সজাই তোলাৰ দায়িত্ব আমাৰ  কোনোৱে যদিও তোমাক কৰিছে আঘাত  ক্ষেমিবা আই মাতৃ  তুমি অবিহনে আমিও নিৰুপায়  সেউজী ৰাণী প্ৰকৃতি ৰাণী  স্বাগতম , স্বাগতম , স্বাগতম                               মৃণালী গোস্বামী   ---------------

ফুল

Image
পৱিত্ৰতাৰ মূৰ্ত প্ৰতীক ফুল শান্ত-সৌম্যৰ অৰ্থ বিচাৰি পৃথিৱীৰ চুক-কোণ চালোঁ পিতপিত ক'তোৱেই নেপালোঁ সেই অৰ্থৰ সজাগ মূৰ্তি পালোঁ মাথো ফুল আৰু ফুলনিত ত্যাগ আৰু বদান্যতাৰ প্ৰতীক ফুল --- ফুলৰ স'তে কতযে আঁজোৰা-আঁজুৰি  তথাপি ফুল মানুহৰ প্ৰতি অনুৰক্ত মানুহৰ প্ৰতিকুলতাত বিশ্বাসৰ গভীৰ আশ্বাস ধৈৰ্য আৰু সহনশীলতাই ফুলৰ জীৱন গছৰ লগত ফুলৰ বিয়োজন নিত্য-নৈমিত্তিক এটা কথা তথাপি ফুলে কোনোদিন কোৱা নাই, "মইনো ফুলিম কিয়" ঋতুৱে ঋতুৱে সেয়ে ফুলে ফুল কতযে কিমান এপাহ সৰিলে ফুলে আনপাহ ধৰণীৰ বুকু শুৱাই ফুল ফুলে থোপা-থোপে মানুহৰ অহংকাৰ কৰি থান-বান ফুলৰো যে কত কি নাম--- গোলাপ, তগৰ, জাপ-তগৰ, শেৱালি, নেৱালি, ভিন্ন ৰঙৰ বনৰীয়া ফুটুকা, কথনা, পলাশ, মদাৰ আৰু কত যে কি ফুলৰ কথকতাত উজলি উঠে মানুহৰ বিচিত্র জীৱন পুৰাণ বিহুৱতীৰ খোপা বুলিলেই মন দাপোনত জিলিকে ফুলৰ থোপা পূজা-পাৰ্বণৰ কথা নকলোৱেইবা মৃতকৰ দেহতো ফুল, ফুল জন্মদিনত ফুল পুষ্পসজ্জা হৈ বঢ়ায় বিবাহ-বাহৰৰ শোভা ফুলে মানুহক কেৱল শিকায় অহোৰাত্ৰি মানুহে বুজিব নোখোজে   ফুল-তত্ব মানেনো কি সেইবাবেই কিহবাই যেন কাঢ়ি নিয়ে দিন-প্ৰতিদিন মানুহৰ মনৰ স্ফুৰ্তি।।     ...