Posts

Showing posts with the label লুইত

ৰাতিৰ কবিতা

Image
পুৱাৰ ৰ'দালিত লাহে লাহে অংকুৰিত হয়  এটি সোণোৱালী স্বপ্ন, ৰ'দ জিলমিল  স্ৰোতস্বিনী নদীৰ বুকুৰ ভটিয়নি সোঁতত  উঁটি-ভাঁহি যায় জীৱনৰ এটি এটি তৰঙ্গ, সূৰ্য্যাস্তৰ পাছতেই এন্ধাৰ নামিব লুকাই পৰিব দিনৰ সমস্ত বৈভৱ, এন্ধাৰ বিদ্ৰোহী মোৰ ৰাতিৰ কবিতাটি  জোনাকত উমলি থাকক । গীতালি মহন্ত । মৰিগাওঁ । ~~~~~~~~~~~~~~~~~~~~~~~

বিষাদ অশ্ৰু

Image
বিষাদৰ বানে উটোৱাই নিওতেই ক'ৰ পৰা জানোঁ টপককৈ পৰিল এচেৰেঙা সুখৰ ৰ'দ... দুচকুত সোৰোপা সপোনে পানীমিথৈ সজাতেই থাকিল উলোন্দি থকা মেঘবোৰ দুখৰ কণিকা হৈ পুনৰ মোৰ শৰীৰ ব্যাপি পৰিল... দুখবোৰে দুখকেই সাৱতি উচুপি উঠিল ।                                                     দীপিকা  গোহাঁই ফুকন   🙡 🙣 🙡 🙣 🙡 🙣 🙡 🙣 🙡 🙡 🙣 🙡 🙣 🙡 🙣 🙡 🙣 🙡

মই য়েই অৰণ্য

Image
              মই অৰণ্য, অৰণ্য হৈ কৰিছো মানৱ সভ্যতাৰ গঢ়ি তোলা কাষটিশীল।ময়েই অৰণ্য। মই য়েই জীৱৰ জীৱন মোৰ বুকুতে জীয়াই থাকে  পশু - পক্ষী,সমস্ত জগত মই য়েই ঋতু য়ে ঋতু য়ে ল ও মোহনীয়া ৰূপ। হে মানুহ,সুসভ্য হৈওকৰিছা জীৱন প্ৰদায়িনীৰ মহা ধবংস য জ্ঞ। মানুহৰ হাতুৰা আজি চলিছে মোৰ বুকুত সাক্ষী মাথোন ভূ- গৰ্ভৰ কংকৰ বুকু। জানিবা কৰুণা ময়ী শ্যামলিমা শান্তি ময় কোলাত মানৱৰ  আজম্ন প্ৰশান্তি ৰ নিলয়। ময়েই অৰণ্য ধৰিত্ৰী ৰ বুকুত শস্য হৈ ছাঁ দি বৃক্ষ হ ওঁ ,চিৰ সেউজ হৈ, শান্তি ৰ কপৌ উৰুৱাবলৈ ময়েই জীৱৰ জীৱন মহাকাব্যৰ সনাতন জ্ঞান। ময়েই অৰণ্য যুগে যুগে মহা জীৱনৰ,মহা সংস্কৃতিৰ মহা আলিপন। জানিবা ময়েই অৰণ্য। সবিতা দাস মেধি

উদং

Image
  শাওণৰ পথাৰ বোকাৰ পানীৰে খেলা ল'ৰালিৰ সেই দিন আজিও আছে মনত , দেখি দূৰৰে পৰা মন-হাঁহ উৰুৱাই ভাঁহি উঠে সপোনৰ দিকচৌ বনত । হালৰ যুটিৰ স'তে মৈত উঠি টানিছিলো কত কঠিয়াৰ ফেৰা, আঘোণত অতাই যোৱা পথাৰত সমনীয়াৰ সতে কাটিছিলো নৰা । বাৰীয়ে বাৰীয়ে আম-কঠাঁলৰ জুতি লৈ লভিছিলো কত আনন, হাঁহি উঠে মনত চিৰিংকে ঘূৰি ঘূৰি নিজৰ মাজত নিজেই মগন । কিন্তু নাই তেতিয়াৰ সুবাস, তেতিয়াৰ ৰং নাই আজি সেইদিন , বিচাৰিছো কতদিন অৰঙে দৰঙে ঘূৰি মনৰ সেই সুবাস ,বতাহত বিয়পিছে লাগিছে অচিন-অজান হাতত থাকি গ'ল ৰুৱাৰ সেউজী ৰং মৈও গ'ল উৱলি । নাঙলৰ ফালতো মামৰে ধৰিল গোঁহালি-ভঁৰাল হৈ ৰ'ল উদং ।   শ্যামল আৰন্ধৰা

বিহু

Image
গছৰ পাতে পাতে বতাহ বলিছে                                  গা - মনকে জুৰায় , পখিলা দুটিয়ে উলাহত নাচিছে                                 গাতে গা লগায়। দুপৰীয়া বেলি মূৰৰ ওপৰত                                 সহিব নোৱাৰা ৰ'দ , গছৰ আঁৰত কপৌটি ৰৈইছে                               সহিব নোৱাৰি ৰ'দ। বিলৰ মাজত গঙাৰে চিলনী                             বুৰ দি ফুৰিছে, পাৰতে বহি বগী বগলী          ...

বানপানী

Image
সৌৱা মোৰ সন্মুখত বব ধৰিছে এখন নদী দূৰ - দিগন্তলৈ। খুন্দিয়াব গৈ কোনো সাগৰৰ মোহনাত বনাইলৈ ব- দ্বীপ। নামানে বাধা কাৰো, নাথাকে কাৰো বাবে ৰৈ ভাঙি যাই পাৰ, খহাই লৈ কাষৰ বিৰিখ দূৰতে ৰৈ চাই কাষৰীয়াই চকুলো টুকে গামোচাৰ আঁচলতে ; নামি অহা বৰষুণত তিতি। নকৈ বনোৱা ঘৰৰ ছালত জৰ জৰ কৰে ভয়তে কপে বুকু। আহিছে নেকি সেই বান ওচনাই নিবলৈ সকলো মোৰ থাকিম পুনৰ ক'ত উঠি গৈ আমি খুৱাম - পিন্ধাম কি মোৰ ল'ৰা কেইটিক ? পুৱাই ৰাতি, বেলি গৈ উঠে মোৰত তথাপিও দেখা নাই সূৰুযৰ কেচাঁ হেঙুল চতু - দিশে ক'লা ডাৱৰৰ বেৰ প্রাচীৰ হৈ ভবিতব্যতাৰ। পানীতে বুৰি, হেৰুৱাই সকলো চাই দূৰলৈ, আহিছে নেকি কোনো নাও, ফেৰী বা আন কিবা হাতত গুজি দিবলৈ খুদকণ এমুঠি ।                                                                            @  ...