Posts

Showing posts with the label স্বাধীনতা

জেওৰা

Image
     কিমান আৰু বাটিব আপোনাৰ       বাৰীৰ জেওৰা      গছবোৰে বাধা মনা দেখিছে ?      গছবোৰে মাত্ৰ বাঢ়ি যাব জানে ।      সিহঁতেতো নাজানে       আপোনাৰ সীমা ক'ত ।      ক'ত অনাধিকাৰ প্ৰৱেশ ।      গছৰ বাবেতো গোটেই পৃথিৱীখনেই ঘৰ ।      আৰু ঘৰত জানো সীমাৰ প্ৰসংগ আহে !      সেয়েহেতো সিহঁতে আপোনাৰ       জেওৰাৰ ফাঁকবোৰৰ অজুহাত লৈ      বাঢ়ি আহে লাহে লাহে       জেওৰাৰ অস্তিত্বক আওকাণ কৰিবলৈ       সিহঁতক বেছি পৰ নালাগে ।      সেয়েতো সিহঁত গছ       সেউজীয়াবোৰ সিঁচি সিঁচি       জীৱনৰ সুৰ তোলা একো একোটা গান ।      সেউজীয়াবোৰে মাথোঁ বাঢ়ি যাব জানে       আপোনাৰ বাৰীৰ সীমা নেওচি       অথবা হৃদয়ৰ...      সেউজীয়াবোৰে মাথোঁ বাঢ়ি যাব জানে ।  ...

নাবান্ধিবা মোক শিকলিৰে

Image
অভিমান সকলোৱে কৰে  তুমি বাৰু কিয় ইমান অভিমানকাৰী  বন্ধ দুৱাৰৰ ভিতৰত ৰাখিলা মোক শিকলিৰে বান্ধি  ইমান অন্ধকাৰ আছিল কোঠালিটো  মাথোঁ এডাল মমবাতি  তাকো আধাপুৰা  কেতিয়া নুমুৱাই যায় একো ভৰসা নাই  তোমাৰ অভিমানবোৰ সামৰি নোৱাৰা জানো আহিব আকৌ ঘূৰি.....? যদি তুমি পাৰা  ঘূৰাই দিয়া মোক অতীতৰ স্মৃতি !খং অভিমানবোৰ টোপোলা বান্ধি । যদি তুমি পাৰা তোমাৰ হৃদয়ৰ বন্ধ কোঠালিৰ দিয়া দুৱাৰ খুলি  অলপ চেচাঁ বতাহ লওঁ  প্ৰেমৰ সুবাসেৰে  অলপ উশাহকণ দীঘল কৰোঁ জীয়াই থকাৰ মানসেৰে । প্ৰেম কৰিলে বাৰু কিয় নীৰ বয়  প্ৰেম যদি সচাঁ হয়  কিয় আপোন নহয় .....? ইমান পবিত্ৰ শব্দটি  যাক গোলাপেৰে আদৰা হয় কাঁইটবোৰ সেইবাবে আছে নেকি  মৰমবোৰ যেতিয়া চলনাময়ী হয়  কাঁইটবোৰত আঘাত পায়  সেইবাবে প্ৰেম কৰিলে নীৰ  বাৰে বাৰে বয় ।                                         কল্যাণী ডেকা (নলবাৰী)

জন্মদিনৰ শুভেচ্ছা

Image
স্বাধীনতা দিৱস উপলক্ষে দেশ মাতৃক পৰাধীনতাৰ অভিশপ্ত কাল পিঞ্জৰা ভাঙিলা স্বদেশ, স্বজাতিৰ স্বাভিমান জগতক জনাই দিলা মহামানৱৰ অহিংসা নীতিৰে ফিৰংগীৰ বন্দুক ওফৰাই স্বাধীন ৰাষ্ট্ৰৰ নাম বুটলিলা সভ্যতাৰ জখলাৰে শিখৰ বগাই মাৰনাস্ত্ৰ সাজিলা পাৰমাণৱীক মহাকাশ বিদাৰি চলাথ কৰিলা বিচাৰি চন্দ্ৰত অমূল্য মনিক তোমাৰ বল-বিক্ৰমে আজি চুবুৰীয়াক দিয়ে হৃদয়ত ব্যেথা চীন-পাকিস্তানে জ্বলাই থাকে সীমান্তত সদায় অগ্নি শিখা উভতি নাচাবা আই লক্ষ্যপথেৰে আগুৱাই যোৱা বিশ্ব-ব্ৰহ্মাণ্ড ই বুজিব এদিন প্ৰাপ্য সন্মান নিশ্চিত পাবা কিন্তু, আই আপোন সংসাৰক পাহৰি নাযাবা সময় পালেই ভূমুকি মাৰিবা সন্তানৰ গুণবোৰ খুচৰি চাবা ভাতৃ-ঘাতী সংঘাত ক্ষুধাতুৰৰ আৰ্তনাদ শাসন যন্ত্ৰত দূৰ্নীতি-বিভ্ৰাত তোমাৰ দুষ্ট সন্তান দলে পাতিছে পাং একতা ভাঙিবলে সোঁৱৰাই দিলোঁ আই জন্মদিনৰ শুভ ক্ষণতে নিৰবে থাকিলে ভুগিবা ফল অতি কম দিনতে । ভগীৰথ বৰুৱা  ।  পাতিলাদহা, বঙাইগাঁও । -----------------------------

ধৰ্ষণ

Image
উফ্ আৰু কিমান শুনিম বিৰক্তিকৰ শব্দ ! কচম সৃষ্টিকৰ্তাৰ  ধৰ্ষণকাৰীসকলে পাওঁক শাস্তি ভয়ানক দৃষ্টান্তমূলক শাস্তি। অভিশাপ মানৱৰ ৰাজপথত অথবা মুকলি ঠাইত স্ব-চকুৰে দেখা পাওঁক সৱে ইহঁতৰ কৰ্মফল। অনেক আশাবাদী আমি সৱে জঘন্য কৰ্মৰ ফলাফল সাউৎকৰে বাহিৰ হওঁক জিলিকি উঠক প্ৰতিচ্ছবি হয়, ভয়ানক ছবি। কিমান অপেক্ষা কৰিম চাওঁতে চাওঁতে নামি আহিছে  অমানিশা চৌদিশে শ্ৰৱন ইন্দ্ৰিয় যেন অকামিলা হৈছে নিলজ্জহঁতৰ অপকৰ্মৰ বতৰা পাই। ক'ৰবাত জাতিৰ মেৰুদণ্ডস্বৰূপ ডেকা অভিশপ্ত বুঢ়াও কিছুমান পিছপৰি থকা নাই এই কৰ্মত নিজকে লাজ লাগিছে জীৱশ্রেষ্ঠ হিচাপে । আধাফুলা কলিটিৰ দৰে যৌৱনত ভৰি নিদিওতেই বলি হয় নিষ্পাপ শিশু  বলি হয় অচল বুঢ়ীওঁ  ৰেহাই নাপায় আনকি জন্তুওঁ । হিংস্রক জন্তুৰ দৰে টানি-হিচড়ি যাতনা দিয়াৰ লগতে মৃত্যুৰ স্বাদ সহস্রগুণ কৰে  জুই জ্বলাই অথবা ডিঙিটিপি নৰখাদক অমানুহকেইটাই । ধৰ্ষিতাৰ হৃদয় উপত্যকা দ্বিখণ্ডিত হয় সোনোৱালী সপোন আৰু আশাবোৰ চূৰমাৰ হয় ক্ষণিকতে হৃদয় বিদাৰক ক্রন্দ্ন ভাঁহি উঠে চিৰকাল । পাশৱিক অত্যাচাৰ কৰি হত্যা কৰাৰ পিছতো ভ্রমি ফুৰে মুকলি আকাশৰ তলত সহ্য নহয় আনকি মাতালৰো মনুষ্যকুলৰ কলংক কেইটাই শাস...

উদং

Image
  শাওণৰ পথাৰ বোকাৰ পানীৰে খেলা ল'ৰালিৰ সেই দিন আজিও আছে মনত , দেখি দূৰৰে পৰা মন-হাঁহ উৰুৱাই ভাঁহি উঠে সপোনৰ দিকচৌ বনত । হালৰ যুটিৰ স'তে মৈত উঠি টানিছিলো কত কঠিয়াৰ ফেৰা, আঘোণত অতাই যোৱা পথাৰত সমনীয়াৰ সতে কাটিছিলো নৰা । বাৰীয়ে বাৰীয়ে আম-কঠাঁলৰ জুতি লৈ লভিছিলো কত আনন, হাঁহি উঠে মনত চিৰিংকে ঘূৰি ঘূৰি নিজৰ মাজত নিজেই মগন । কিন্তু নাই তেতিয়াৰ সুবাস, তেতিয়াৰ ৰং নাই আজি সেইদিন , বিচাৰিছো কতদিন অৰঙে দৰঙে ঘূৰি মনৰ সেই সুবাস ,বতাহত বিয়পিছে লাগিছে অচিন-অজান হাতত থাকি গ'ল ৰুৱাৰ সেউজী ৰং মৈও গ'ল উৱলি । নাঙলৰ ফালতো মামৰে ধৰিল গোঁহালি-ভঁৰাল হৈ ৰ'ল উদং ।   শ্যামল আৰন্ধৰা

কলম

Image
হাজাৰ বন্দুক বাৰুদে কৰিব নোৱাৰে যি এটা কলম অকলেই এক অক্ষৌহিণী। জাতিৰপিতা মহাত্মা গান্ধী " অহিংসাই পৰম ধৰ্ম " তেওঁৰ মূল বাণী । অসহযোগ আন্দোলনেৰে ভাৰতবাসীক উজ্জীবিত কৰি দেশৰ স্বাধীনতা আনি থৈ গৈছে আমালৈ সোনালী ভাৰত গঢ়ি। ইংৰাজৰ বৈজ্ঞানিক প্ৰযুক্তি পৃথিৱীত ৰাজ্য পতা নিজ দখললৈ নিয়া তেওঁলোকৰ যি কুবুদ্ধি সকলো ধূলিসাৎ কৰাৰ মূলতে আছিল কলমৰ বিৰাট মহান শক্তি ।।।।।।                                 ✍   জিলমিল জোনালী                                                   বৰপলহা ,  বাইহাটা চাৰিয়ালি