Posts

Showing posts with the label প্ৰকৃতি

শৰতৰ প্ৰথম জাক নিয়ঁৰ

Image
শৰতৰ প্ৰথম জাক নিয়ঁৰে মোৰ কাণে কাণে কৈ গল  শৰত আকৌ আহিল । এক মিঠা আলোড়নৰ সৃষ্টি কৰি  এক মিঠা পৰশ তুলি । ভাল লগা দিনবোৰৰ  দুৱাৰ দলিত  সপোনে সাৰ পালে , অনুভৱবোৰ জাগ্ৰত হ'ল  আঙুলিৰ ফাঁকে ফাঁকে শব্দৰ অলংকাৰ জাগ্ৰত হল  লিখিবলৈ তোমাৰ নামৰ কবিতা । স্মৃতিৰ ৰহঘৰত আকৌ সৃষ্টি হব নতুন কবিতাৰ  মোৰ হৃদয়ত গুঞ্জৰিত  হব তোমাৰে কবিতাৰ শিৰোনাম । শৰতৰ প্ৰথম জাক নিয়ঁৰে  দিলে যে তাৰেই বতৰা । নিবেদিতা দাস কলিতা   (নলবাৰী) 

এখন অৰণ্যৰ কবিতা

Image
এখন অৰণ্যৰ কবিতা       এজাক বৰষুণৰ বাবে ৰৈ ৰৈ       আৰণ্যখন শুই পাৰিছিল      পাখি লগা ডাৱৰবোৰে শুকুলা সাজ পিন্ধি আকাশত বনাই ফুৰিছিল           তেতিয়া       গছবোৰে টোপনিতে বুৰ বুৰাইছিল      লতাবোৰ বগাই গৈছিল       চেঁচা খাৱৈ এটা বিচাৰি       চুটি চাপৰ বনবোৰে যেতিয়া প্রার্থনা এটা গাবলৈ আৰম্ভ কৰিছিল      চৰাইবোৰ নিচ্ছুপ হৈ থাকিব পৰা নাছিল      নতুনকৈ গজা পাখিবোৰ লিৰিকি      হেৰুৱা ঋতুবোৰ বিচাৰি আৰণ্যখন চলাথ কৰিছিল       যাওঁ বুলি বতাহ জাকো যাব পৰা নাছিল      গছৰ ওখ ডালবোৰত বান্ধি থোৱা গাঁঠিবোৰ      খুলিবলৈ বৰ কষ্ট হৈছিল      নদীখন ভাৰ বৈ আনিব পৰাকৈ      শক্তিও নাছিল বতাহজাকৰ       আৰু নদীখন      শুকান পাতত মুখ গুজি কান্দি আছিল      বহু পৰ     ...

গীতৰ তালেৰে

Image
  কালিৰ গীত আজি গান সিদিনাৰ সংগীত ,আজি কোলাহল। সময়ৰ সোঁতত সলনি হৈ জাতিৰ সংস্কৃতি আজি জাতিৰ ধ্বংসক। গছ-গছনিৰ সৌন্দৰ্য্যৰে ভৰপূৰ বৈচিত্ৰময় পৃথিৱী আজি ওখ ওখ আট্টালিকা আৰু মানুহৰ ধূসৰ মনেৰে সজা এখন কংক্ৰীট হাবি। এইবোৰ সলনি হ'বলৈ ডাঙৰ বিস্ফোৰকৰ প্ৰয়োজন নাই। কালচক্ৰত ই সলনি হৈছে আৰু সলনি কৰিছো আমি। হেৰা বন্ধু পাহৰি নাযাবা নিজ মাতৃভাষা পাহৰি নাযাবা নিজৰ পিতৃ সংস্কৃতি সাৱটি লোৱা বন্ধুত্বক চিনি লোৱা শত্ৰু যিয়ে নিঃশেষ কৰিবলৈ আহিছে তোমাৰ জাতিক,তোমাৰ স্বদেশক যি আজি সঁচাকৈ সংকটত উদ্ধাৰ কৰা নিজ মাতৃক উদ্ধাৰ কৰা নিজ পিতৃক। যিয়ে অপেক্ষা কৰি আছে তোমাৰ বাবে পালন কৰা নিজ দায়িত্ব,...

আবেগ

Image
তুমি মই আমি প্ৰায়বোৰেই নিজৰ কথাকে ভাবিয়েই আনন্দিত হওঁ প্ৰতিনিয়ত। মানুহৰ বাবে ভাবিবলৈ কোনোবাই সোঁৱৰাই দিব লাগে আমাক। কাৰোবাৰ উদাত্ত আহ্বানত আমি ওলাই আহো আমাৰ মৰম বিলাবলৈ আৰ্তজনক। আমি প্ৰত্যেকেই জানো আবেগ ব্যক্তিগত। কেতিয়াবা সামূহিক ৰূপ লয় কোনো বিশেষ মুহূৰ্তত। কেতিয়াবা হয় সফল কেতিয়াবা বিফল। আবেগে ঢুকি নেপাবও পাৰে জীৱন বাসনাৰ প্ৰমূল্য।             মন্দিৰা বৰুৱা                   **********************

জেওৰা

Image
     কিমান আৰু বাটিব আপোনাৰ       বাৰীৰ জেওৰা      গছবোৰে বাধা মনা দেখিছে ?      গছবোৰে মাত্ৰ বাঢ়ি যাব জানে ।      সিহঁতেতো নাজানে       আপোনাৰ সীমা ক'ত ।      ক'ত অনাধিকাৰ প্ৰৱেশ ।      গছৰ বাবেতো গোটেই পৃথিৱীখনেই ঘৰ ।      আৰু ঘৰত জানো সীমাৰ প্ৰসংগ আহে !      সেয়েহেতো সিহঁতে আপোনাৰ       জেওৰাৰ ফাঁকবোৰৰ অজুহাত লৈ      বাঢ়ি আহে লাহে লাহে       জেওৰাৰ অস্তিত্বক আওকাণ কৰিবলৈ       সিহঁতক বেছি পৰ নালাগে ।      সেয়েতো সিহঁত গছ       সেউজীয়াবোৰ সিঁচি সিঁচি       জীৱনৰ সুৰ তোলা একো একোটা গান ।      সেউজীয়াবোৰে মাথোঁ বাঢ়ি যাব জানে       আপোনাৰ বাৰীৰ সীমা নেওচি       অথবা হৃদয়ৰ...      সেউজীয়াবোৰে মাথোঁ বাঢ়ি যাব জানে ।  ...

আকৌ নতুন প্ৰভাত হওঁক

Image
     পুৱাৰ চৰাই চিৰিকতীৰ       বিননিত সাৰ পালোঁ ।      কাঁচিয়লি ৰ'দে উষ্ম আদৰণি  জনালে ।      নাই যে নতুনত্ব       সেই একেই বিভীষিকা       সেই একে পৰিৱেশ ।      ভাগৰুৱা হৈ পৰিছো       বন্ধ কোঠাত কিমান       আবদ্ধ থাকিম ?      উশাহ ল'বলৈ যেন        শুদ্ধ বায়ুৰ অভাৱ       জীয়াই থাকিম নে ?      ভাবিব লগীয়া হৈছে !!      ৰুষ্ট প্ৰকৃতি আজি       মানুহক সুখ লাগে, অট্টালিকা লাগে       জানে নে ? প্ৰকৃত অৰ্থত       সুখৰ সংজ্ঞা কি ?      প্ৰকৃতিক ধ্বংস কৰি আজি       নিজেই ভাৰাক্রান্ত       হৈ পৰিছে মানব জাতি,       ক'ৰ'ণাই শিকাই দিলে       জীৱনটো কিমান কঠিন       পলকতে সকলো শেষ হৈ...

বনৰ চৰাই

Image
বনৰ শালিকা নিয়ৰৰ মুকুতা গছকি      কাহিলী পুৱাতে দিলিহি ভৰি মোৰ পদুলিত,          নিচেই কুমলীয়া পখী ক'ৰ পৰানো              আহিলি পঁজা হেৰুৱাই । নন্দন বনত নালাগে নাচি বাগি সুৰ তুলিব     মোৰেই বাগিছা শোভা কৰি থাক ।         পোক পৰুৱা বুটলি খাবি,              দেও দি নাচিবি মোৰ চোতালত । তোৰ চিকমিকিয়া কঁজলা পাখিত      চেনেহৰ মালা গাঁঠি,          হালধীয়া কোমল ওঁঠত মোৰ ভাষা দিম              মোৰ ছাঁটো হৈ থাকিবি নে তই বনৰ চৰাই ? তই পাহৰি পেলাবি বনৰ লগৰীক ,     তোৰ চিৰিক চিৰিক অবুজ ভাষাত          মায়াসনা দুচকুত বিচাৰিম             মই অন্য এখনি পৃথিৱী । মোৰ অনুভৱৰ তুলিকাত খোজ দিবি      থুপুক থাপাক কৈ,          শব্দ বিন্যাসত ভুমিকি মাৰিবি স্বৰ্ণপৰী হৈ ।         ...

নাজানিলোঁ

Image
মোৰ হৃদয়ৰ যে অসুখ বিজ্ঞাপন এটি দি নহ’ল আঁৰি দিয়া,  তুমিও নেদেখাটোৱে স্বাভাৱিক এইযে মিছলীয়া হাঁহিটো সিয়ে জগৰীয়া ৷ তোমালৈ বুলি মৌন ভাষাৰে লিখা কবিতাটি শেৱালিৰ লগতে তলসৰা হ’ল সূৰুযমুখীৰ দৰে চকুত চকু থবলৈ অপূৰ্ণ হৈয়ে ৰ’ল ৷ নাজানিলোঁ  প্ৰেমিক চৰাই হ’বও নাজানিলোঁ সময়বোৰ কুটি কুটি মিছাতে বোন্দাপৰ, সেউজীয়াবোৰ ক’ত হেৰুৱালোঁ ফাগুণ নহাকৈ নগ্ন হ’লোঁ ৷ সেউজীয়া হৈ থকাৰ মন্ত্ৰটি দিছিলে পিতাই হাতৰ মুঠিত বিশ্বাসেৰে গুপুতে, সেইটোও ধৰি ৰাখিব নাজানিলোঁ ৷ বোকা-পানী নগচকো বুলি কৃষকৰ ল’ৰাই বিদ্ৰোহ কৰিলে কেনেকৈ হ’ব, আমিতো সোণৰ চামুচ মুখত লৈ ৰূপৰ পালেঙত জন্মা নাই ৷ নাজানিলোঁ  আদৰ কৰিব নাজানিলোঁ নুবুজিলোঁ বসুন্ধৰাৰ আঁচলৰ উম ৷ উভতিম  পুনৰ উভতিম যদি সেউজীয়া হ’ব পাৰোঁ অপূৰ্ণ কবিতাটি পূৰ্ণ কৰি ৷ অমৰদীপ কলিতা  ~~~~~~~~~~~~~~~~~~

প্ৰকৃতি

Image
   সেউজী ৰাণী কি যে মোহনীয়া তুমি   সেউজ মানেই নহয় জানো জীৱন যৌৱন   ইমানেই ধুনিয়া তুমি চালে চকুৰোৱা  কুল কুল সুৰৰে বৈ আহে নিজৰা   টোপ টোপ কৈ বৰষুণৰ টোপোল যেন নপূৰৰ ঝংকাৰ  ৰিৱ ৰিৱ কোমল বতাহ নহয় জানো তোমাৰেই পৰশ  যেনিয়ে চাও তেনিয়ে কি যে বিতোপন কিযে মোহনীয়া তুমি ।  ৰ'দ বতাহ বৰষুণ গছ বন পশু পক্ষী  ফুল তৰা পোক পৰুৱা পখিলাৰে কি যে মোহনীয়া কি যে বিতোপন  আমাৰ সেউজী ধৰা । যাৰ ৰূপৰ তূলনা নাই যি তূলনা বিহীন  ৫ জুন , বিশ্ব প্ৰকৃতি দিৱস  তোমাৰ নামতেই আমি কৰিছোঁ প্ৰতিজ্ঞা  তোমাক সজাই তোলাৰ দায়িত্ব আমাৰ  কোনোৱে যদিও তোমাক কৰিছে আঘাত  ক্ষেমিবা আই মাতৃ  তুমি অবিহনে আমিও নিৰুপায়  সেউজী ৰাণী প্ৰকৃতি ৰাণী  স্বাগতম , স্বাগতম , স্বাগতম                               মৃণালী গোস্বামী   ---------------