Posts

Showing posts with the label কাঁইট

হৃদয়ৰ আৰ্তনাদ

Image
          হৃদয়ত হাহাকাৰ           কেতিয়া লাগে?           জানানে বন্ধু!           যেতিয়া আপোন মানুহেই           বিশ্বাসঘাটকতা কৰে,           হৃদয়ৰ অটল গহ্বৰত থকা           প্ৰতিচ্ছবিয়ে যেতিয়া ঠগে,           ধুৰস হৈ পৰে ৰঙীন সপোনবোৰ           আশা নিৰাশাৰ দুমুজাত           দিক-বিদিক হেৰুৱাই           পিঞ্জৰাবদ্ধ পক্ষীৰ দৰে           চটফটাই থাকে           অকনি সঁচা অনুভুতি বোৰ।।             মলয়া  গগৈ শইকীয়া                                          ...

নাবান্ধিবা মোক শিকলিৰে

Image
অভিমান সকলোৱে কৰে  তুমি বাৰু কিয় ইমান অভিমানকাৰী  বন্ধ দুৱাৰৰ ভিতৰত ৰাখিলা মোক শিকলিৰে বান্ধি  ইমান অন্ধকাৰ আছিল কোঠালিটো  মাথোঁ এডাল মমবাতি  তাকো আধাপুৰা  কেতিয়া নুমুৱাই যায় একো ভৰসা নাই  তোমাৰ অভিমানবোৰ সামৰি নোৱাৰা জানো আহিব আকৌ ঘূৰি.....? যদি তুমি পাৰা  ঘূৰাই দিয়া মোক অতীতৰ স্মৃতি !খং অভিমানবোৰ টোপোলা বান্ধি । যদি তুমি পাৰা তোমাৰ হৃদয়ৰ বন্ধ কোঠালিৰ দিয়া দুৱাৰ খুলি  অলপ চেচাঁ বতাহ লওঁ  প্ৰেমৰ সুবাসেৰে  অলপ উশাহকণ দীঘল কৰোঁ জীয়াই থকাৰ মানসেৰে । প্ৰেম কৰিলে বাৰু কিয় নীৰ বয়  প্ৰেম যদি সচাঁ হয়  কিয় আপোন নহয় .....? ইমান পবিত্ৰ শব্দটি  যাক গোলাপেৰে আদৰা হয় কাঁইটবোৰ সেইবাবে আছে নেকি  মৰমবোৰ যেতিয়া চলনাময়ী হয়  কাঁইটবোৰত আঘাত পায়  সেইবাবে প্ৰেম কৰিলে নীৰ  বাৰে বাৰে বয় ।                                         কল্যাণী ডেকা (নলবাৰী)

ৰঙা গোলাপ পাহ

Image
       সৌ যে ৰঙা গোলাপ পাহ আমি লগপোৱাৰ প্ৰথমটো স্মৃতি  তোমাৰ বাৰু মনত আছে নে ? নৈ পাৰৰ উন্মনা বতাহ যাক । তোমাৰ হাতত হাত থৈ কহুৱা বোৰৰ মাজে মাজে মই যে  পখিলা খেদিছিলো, আৰু তুমি মোলৈ ৰʼলাগি  চাই আছিলা চকুৰ পতা নজপোৱাকৈ । ভাল লগা আছিল নহয়  তোমাৰ মোৰ একান্ত ব্যক্তিগত সময় বোৰ, মই তোমাৰ বুকুত  মূৰ থৈ উচুপি উঠিছিলো  তুমি কিন্তু মোক এৰি কেতিয়াও নাজাবা দেই বুলি কৈ । আৰু তুমি যে মোক শান্তনা দিবলৈ ৰঙা গোলাপ পাহ মোৰ দীঘল  বেনী দালত গুজি দিছিলা কপালত এটা মিঠা চুমা আকিঁ । ভাল লাগে জানা স্মৃতিবোৰ  সুৱঁৰি অনুভৱ বোৰৰ মনিকোঠাত তুমি গুজি দিয়া সৌ ৰঙা  গোলাপ পাহ আৰু বেছি ৰঙা  হৈ ফুলি উঠে ।।          পূজা শইকীয়া   ********************* 

ধৰ্ষণ

Image
উফ্ আৰু কিমান শুনিম বিৰক্তিকৰ শব্দ ! কচম সৃষ্টিকৰ্তাৰ  ধৰ্ষণকাৰীসকলে পাওঁক শাস্তি ভয়ানক দৃষ্টান্তমূলক শাস্তি। অভিশাপ মানৱৰ ৰাজপথত অথবা মুকলি ঠাইত স্ব-চকুৰে দেখা পাওঁক সৱে ইহঁতৰ কৰ্মফল। অনেক আশাবাদী আমি সৱে জঘন্য কৰ্মৰ ফলাফল সাউৎকৰে বাহিৰ হওঁক জিলিকি উঠক প্ৰতিচ্ছবি হয়, ভয়ানক ছবি। কিমান অপেক্ষা কৰিম চাওঁতে চাওঁতে নামি আহিছে  অমানিশা চৌদিশে শ্ৰৱন ইন্দ্ৰিয় যেন অকামিলা হৈছে নিলজ্জহঁতৰ অপকৰ্মৰ বতৰা পাই। ক'ৰবাত জাতিৰ মেৰুদণ্ডস্বৰূপ ডেকা অভিশপ্ত বুঢ়াও কিছুমান পিছপৰি থকা নাই এই কৰ্মত নিজকে লাজ লাগিছে জীৱশ্রেষ্ঠ হিচাপে । আধাফুলা কলিটিৰ দৰে যৌৱনত ভৰি নিদিওতেই বলি হয় নিষ্পাপ শিশু  বলি হয় অচল বুঢ়ীওঁ  ৰেহাই নাপায় আনকি জন্তুওঁ । হিংস্রক জন্তুৰ দৰে টানি-হিচড়ি যাতনা দিয়াৰ লগতে মৃত্যুৰ স্বাদ সহস্রগুণ কৰে  জুই জ্বলাই অথবা ডিঙিটিপি নৰখাদক অমানুহকেইটাই । ধৰ্ষিতাৰ হৃদয় উপত্যকা দ্বিখণ্ডিত হয় সোনোৱালী সপোন আৰু আশাবোৰ চূৰমাৰ হয় ক্ষণিকতে হৃদয় বিদাৰক ক্রন্দ্ন ভাঁহি উঠে চিৰকাল । পাশৱিক অত্যাচাৰ কৰি হত্যা কৰাৰ পিছতো ভ্রমি ফুৰে মুকলি আকাশৰ তলত সহ্য নহয় আনকি মাতালৰো মনুষ্যকুলৰ কলংক কেইটাই শাস...