Posts

Showing posts with the label অৰণ্য

এখন অৰণ্যৰ কবিতা

Image
এখন অৰণ্যৰ কবিতা       এজাক বৰষুণৰ বাবে ৰৈ ৰৈ       আৰণ্যখন শুই পাৰিছিল      পাখি লগা ডাৱৰবোৰে শুকুলা সাজ পিন্ধি আকাশত বনাই ফুৰিছিল           তেতিয়া       গছবোৰে টোপনিতে বুৰ বুৰাইছিল      লতাবোৰ বগাই গৈছিল       চেঁচা খাৱৈ এটা বিচাৰি       চুটি চাপৰ বনবোৰে যেতিয়া প্রার্থনা এটা গাবলৈ আৰম্ভ কৰিছিল      চৰাইবোৰ নিচ্ছুপ হৈ থাকিব পৰা নাছিল      নতুনকৈ গজা পাখিবোৰ লিৰিকি      হেৰুৱা ঋতুবোৰ বিচাৰি আৰণ্যখন চলাথ কৰিছিল       যাওঁ বুলি বতাহ জাকো যাব পৰা নাছিল      গছৰ ওখ ডালবোৰত বান্ধি থোৱা গাঁঠিবোৰ      খুলিবলৈ বৰ কষ্ট হৈছিল      নদীখন ভাৰ বৈ আনিব পৰাকৈ      শক্তিও নাছিল বতাহজাকৰ       আৰু নদীখন      শুকান পাতত মুখ গুজি কান্দি আছিল      বহু পৰ     ...

আকৌ নতুন প্ৰভাত হওঁক

Image
     পুৱাৰ চৰাই চিৰিকতীৰ       বিননিত সাৰ পালোঁ ।      কাঁচিয়লি ৰ'দে উষ্ম আদৰণি  জনালে ।      নাই যে নতুনত্ব       সেই একেই বিভীষিকা       সেই একে পৰিৱেশ ।      ভাগৰুৱা হৈ পৰিছো       বন্ধ কোঠাত কিমান       আবদ্ধ থাকিম ?      উশাহ ল'বলৈ যেন        শুদ্ধ বায়ুৰ অভাৱ       জীয়াই থাকিম নে ?      ভাবিব লগীয়া হৈছে !!      ৰুষ্ট প্ৰকৃতি আজি       মানুহক সুখ লাগে, অট্টালিকা লাগে       জানে নে ? প্ৰকৃত অৰ্থত       সুখৰ সংজ্ঞা কি ?      প্ৰকৃতিক ধ্বংস কৰি আজি       নিজেই ভাৰাক্রান্ত       হৈ পৰিছে মানব জাতি,       ক'ৰ'ণাই শিকাই দিলে       জীৱনটো কিমান কঠিন       পলকতে সকলো শেষ হৈ...

বনৰ চৰাই

Image
বনৰ শালিকা নিয়ৰৰ মুকুতা গছকি      কাহিলী পুৱাতে দিলিহি ভৰি মোৰ পদুলিত,          নিচেই কুমলীয়া পখী ক'ৰ পৰানো              আহিলি পঁজা হেৰুৱাই । নন্দন বনত নালাগে নাচি বাগি সুৰ তুলিব     মোৰেই বাগিছা শোভা কৰি থাক ।         পোক পৰুৱা বুটলি খাবি,              দেও দি নাচিবি মোৰ চোতালত । তোৰ চিকমিকিয়া কঁজলা পাখিত      চেনেহৰ মালা গাঁঠি,          হালধীয়া কোমল ওঁঠত মোৰ ভাষা দিম              মোৰ ছাঁটো হৈ থাকিবি নে তই বনৰ চৰাই ? তই পাহৰি পেলাবি বনৰ লগৰীক ,     তোৰ চিৰিক চিৰিক অবুজ ভাষাত          মায়াসনা দুচকুত বিচাৰিম             মই অন্য এখনি পৃথিৱী । মোৰ অনুভৱৰ তুলিকাত খোজ দিবি      থুপুক থাপাক কৈ,          শব্দ বিন্যাসত ভুমিকি মাৰিবি স্বৰ্ণপৰী হৈ ।         ...

প্ৰকৃতি

Image
   সেউজী ৰাণী কি যে মোহনীয়া তুমি   সেউজ মানেই নহয় জানো জীৱন যৌৱন   ইমানেই ধুনিয়া তুমি চালে চকুৰোৱা  কুল কুল সুৰৰে বৈ আহে নিজৰা   টোপ টোপ কৈ বৰষুণৰ টোপোল যেন নপূৰৰ ঝংকাৰ  ৰিৱ ৰিৱ কোমল বতাহ নহয় জানো তোমাৰেই পৰশ  যেনিয়ে চাও তেনিয়ে কি যে বিতোপন কিযে মোহনীয়া তুমি ।  ৰ'দ বতাহ বৰষুণ গছ বন পশু পক্ষী  ফুল তৰা পোক পৰুৱা পখিলাৰে কি যে মোহনীয়া কি যে বিতোপন  আমাৰ সেউজী ধৰা । যাৰ ৰূপৰ তূলনা নাই যি তূলনা বিহীন  ৫ জুন , বিশ্ব প্ৰকৃতি দিৱস  তোমাৰ নামতেই আমি কৰিছোঁ প্ৰতিজ্ঞা  তোমাক সজাই তোলাৰ দায়িত্ব আমাৰ  কোনোৱে যদিও তোমাক কৰিছে আঘাত  ক্ষেমিবা আই মাতৃ  তুমি অবিহনে আমিও নিৰুপায়  সেউজী ৰাণী প্ৰকৃতি ৰাণী  স্বাগতম , স্বাগতম , স্বাগতম                               মৃণালী গোস্বামী   ---------------

সেউজীয়া পথাৰ খন ।

Image
             তুমি আহিছিলা এদিন          মোৰ আবেগৰ সেউজীয়া পথাৰলৈ । সিচি দিছিলা  এবুকু হেঁপাহ, এবুকু মৰম  সাজিছিলো এটি আশাৰ  কাৰেংঘৰ ।                 সুৰ এটি বাজি উঠিছিল           তুমি আবেগিক হৈ পৰিছিলা          তোমাৰ ওঁঠ দুটি মৌন হৈ পৰিছিল         আৰু ময়ো আবেগিক হৈ পৰিছিলো ।             এক শিহৰণ অনুভৱ কৰিছিলো দুয়ো  আৰু অন্য এখন পৃথিৱীলৈ  আমি গুছি গৈছিলো ।               এজাক বৰষুণ দিছিল             ধাৰাষাৰ বৰষুণ        সেই বৰষুণৰ প্ৰতিটো টুপালে                  আমাক উনমনা কৰিছিল ,               বৰষুণ জাক কমিছিল আৰু      তুমি ও আঁতৰি গৈছিলা           ...

ফুল

Image
পৱিত্ৰতাৰ মূৰ্ত প্ৰতীক ফুল শান্ত-সৌম্যৰ অৰ্থ বিচাৰি পৃথিৱীৰ চুক-কোণ চালোঁ পিতপিত ক'তোৱেই নেপালোঁ সেই অৰ্থৰ সজাগ মূৰ্তি পালোঁ মাথো ফুল আৰু ফুলনিত ত্যাগ আৰু বদান্যতাৰ প্ৰতীক ফুল --- ফুলৰ স'তে কতযে আঁজোৰা-আঁজুৰি  তথাপি ফুল মানুহৰ প্ৰতি অনুৰক্ত মানুহৰ প্ৰতিকুলতাত বিশ্বাসৰ গভীৰ আশ্বাস ধৈৰ্য আৰু সহনশীলতাই ফুলৰ জীৱন গছৰ লগত ফুলৰ বিয়োজন নিত্য-নৈমিত্তিক এটা কথা তথাপি ফুলে কোনোদিন কোৱা নাই, "মইনো ফুলিম কিয়" ঋতুৱে ঋতুৱে সেয়ে ফুলে ফুল কতযে কিমান এপাহ সৰিলে ফুলে আনপাহ ধৰণীৰ বুকু শুৱাই ফুল ফুলে থোপা-থোপে মানুহৰ অহংকাৰ কৰি থান-বান ফুলৰো যে কত কি নাম--- গোলাপ, তগৰ, জাপ-তগৰ, শেৱালি, নেৱালি, ভিন্ন ৰঙৰ বনৰীয়া ফুটুকা, কথনা, পলাশ, মদাৰ আৰু কত যে কি ফুলৰ কথকতাত উজলি উঠে মানুহৰ বিচিত্র জীৱন পুৰাণ বিহুৱতীৰ খোপা বুলিলেই মন দাপোনত জিলিকে ফুলৰ থোপা পূজা-পাৰ্বণৰ কথা নকলোৱেইবা মৃতকৰ দেহতো ফুল, ফুল জন্মদিনত ফুল পুষ্পসজ্জা হৈ বঢ়ায় বিবাহ-বাহৰৰ শোভা ফুলে মানুহক কেৱল শিকায় অহোৰাত্ৰি মানুহে বুজিব নোখোজে   ফুল-তত্ব মানেনো কি সেইবাবেই কিহবাই যেন কাঢ়ি নিয়ে দিন-প্ৰতিদিন মানুহৰ মনৰ স্ফুৰ্তি।।     ...

মই য়েই অৰণ্য

Image
              মই অৰণ্য, অৰণ্য হৈ কৰিছো মানৱ সভ্যতাৰ গঢ়ি তোলা কাষটিশীল।ময়েই অৰণ্য। মই য়েই জীৱৰ জীৱন মোৰ বুকুতে জীয়াই থাকে  পশু - পক্ষী,সমস্ত জগত মই য়েই ঋতু য়ে ঋতু য়ে ল ও মোহনীয়া ৰূপ। হে মানুহ,সুসভ্য হৈওকৰিছা জীৱন প্ৰদায়িনীৰ মহা ধবংস য জ্ঞ। মানুহৰ হাতুৰা আজি চলিছে মোৰ বুকুত সাক্ষী মাথোন ভূ- গৰ্ভৰ কংকৰ বুকু। জানিবা কৰুণা ময়ী শ্যামলিমা শান্তি ময় কোলাত মানৱৰ  আজম্ন প্ৰশান্তি ৰ নিলয়। ময়েই অৰণ্য ধৰিত্ৰী ৰ বুকুত শস্য হৈ ছাঁ দি বৃক্ষ হ ওঁ ,চিৰ সেউজ হৈ, শান্তি ৰ কপৌ উৰুৱাবলৈ ময়েই জীৱৰ জীৱন মহাকাব্যৰ সনাতন জ্ঞান। ময়েই অৰণ্য যুগে যুগে মহা জীৱনৰ,মহা সংস্কৃতিৰ মহা আলিপন। জানিবা ময়েই অৰণ্য। সবিতা দাস মেধি