Posts

Showing posts with the label আবেগ

পিতাই মোৰ বুঢ়া হ'ল

Image
     সিদিনা তেওঁৰ মুখলৈ চাওঁতে      মোৰ অৱচেতনা মনটোৱে কৈ উঠিল      "পিতাই মোৰ বুঢ়া হ'ল"।       হয় বাৰু পৰিছে দাড়ি- চুলিত      বগা ৰঙৰ হায়তাল      তথাপিও তেওঁৰ চকুত      হাজাৰ সপোন আঘোণ জয় কৰাৰ।       দেখিছো পিতাইৰ ঘোলা চকুযুৰিয়ে      খঙত ৰঙা কৰি চোৱা      তৎক্ষণাৎ ধূলিয়ৰি মন       নিয়ৰ পৰি সেমেকা হয়,       'আইলা' বিলৰ ডাঙৰ বৰালিতো      পলহত ওলমাই আনি      কৰিবহি আমাৰ মন জয়।       পিতাইৰ মোৰ খেতিয়ক, ককাৰ পিছে পিছে      নাঙলৰ মুঠিত ধৰিছিল, নহ'ল পঢ়াশালি গচকিব      মোৰ সাতো জনমত তেওঁ      'পিতাই' নায়কৰ খিতাপ জিনিব।  শ্যামল আৰন্ধৰা

সপোনৰ দুৱাৰ

Image
          জুমি চাইছিলো       এদিন সপোনৰ দুৱাৰ খনলৈ       চয়াময়া কুৱলিৰ ফাঁকে ফাঁকে তোমাৰ ছবিখনি দেখিছিলো       নিলাভ নয়ন যুৰিৰে তুমি মোলৈ চাই হাহিছিলা ।      বুকুখন কঁপি উঠিছিল       এক অজান শিহৰণ তুলি ।      লাহে লাহে মই আগবাঢ়ি গৈছিলো       দেখা পালো দুৱাৰখন খোলা আছে       তাতেই তুমি থকা উমান পালো ।      দুয়ো দুয়োৰে হাতত ধৰি খোজ ললোঁ       তোমাৰ পৰশত প্ৰাণ পাই উঠিল মোৰ       উন্মুক্ত হৃদয়ৰ অনুভৱ       বহু দুৰ আগবাঢ়ি গ'লো       তুমি অজানিতে  এৰি দিলা       তোমাৰ হাতখন       মই বাট হেৰুৱাই পেলালো ।      আজিও তাতেই ৰৈ আছোঁ       আহিবা বুলি আৰু লৈ যাবা       সপোনৰ দুৱাৰ খন খুলি ,      তাতেই যুৰিম আমি দুয়ো...

মাতাল

Image
সকলো মাতাল - কোনো সুৰাত, কোনো টকাত মই তেওঁৰ প্ৰেমৰ ৰাগিত মাতাল। মনৰ কথা মনতে ৰই কত ঢৌ উঠে আৰু নামে মনৰ ভয়, সংকোচৰ দৰে অশান্ত মায়াৰ বাবে কব নোৱাৰো মই। তথাপিও এবাৰ বুজি লোৱা - মোৰ অস্থিৰ চকুহাললৈ চাই, মোৰ আৱেগবিহ্বলত উত্তাৱল হৃদয়ৰ ভাষাৰ মায়াজাললৈ চাই। বসন্তে বসন্তে বসুধাক পাঁও যি দৰে মইও পাঁও মোক ঠিক সি দৰে।      যেন -          কুলি - কেতেকীৰ মাতে মুখৰিত           নানা ফুল, কুঁহিপাতে সৰ্জ্জিত           শান্ত নদীৰ দৰে মাৰ্জ্জিত           সুৰুযৰ কেচাঁ হেঙুলৰ দৰে স্নেহিত           গচ্ছিত ফুলৰ দ্বাৰা সুগন্ধিত           জেতুকাৰ দ্বাৰা ৰঞ্জিত            সমুদ্রৰ দৰে একত্রিত           মৌৰ দৰে স্বাদিত            আকাশৰ দৰে বিস্...

নৈ

Image
  ধীৰে ধীৰে বৈ যোৱা নৈৰ প্রচ্ছাদত থিয় হৈ মন মোহিত তাৰ অবিৰত গতিত। নিৰন্তৰে কেতিয়াবা লাহে আৰু কেতিয়াবা খৰ অশান্ত গতি, পাৰতে সাঁচিছে কত শত বছৰৰ বুৰঞ্জী- ইতিহাস থইছে জাপি। বাৰে বাৰে ধুইছে, নতুকে লিখিছে লগাইছে পলসৰ অলংকাৰ, লগতে খহাই পাৰ দুইয়ো দিছে পৰিচয় ভয়ংকতাৰ। বাৰিষাত ভীষণ বান দশোদিশ বোৱাই, জলমগ্ন সকলোটি দূৰতে জিলিকিছে বেলিটি লাগি ধৰি কাৰোবাৰ চালত হেৰাইছে বাট, নাই কোনো সহাৰি চাৰিওফালে পানী আৰু পানী পশ্চিমৰ আকাশত লুকাইছে সুৰুয লুকাইছে সকলো আশাৰ বাট, ৰেঙনী ওলাব পুনৰ দূৰ আকাশত ডাৱৰৰ প্রাচীৰ ভাঙি। মুহূত্বৰ্তে বিধ্বংসী ৰূপৰ হাতোৰাত সকলো টলমল, তথাপিও সি তাৰ মূৰত আনে এক নৱ সৃষ্টিৰ সমল। সেইয়ে সি সকলোতে বৈ যায় মনে মনে পোহৰৰ হাত ধৰি সুউচ্চ আকাশৰ পাৰি লয় ৰঙীন চাদৰ। সেই ৰঞ্জিত কুসুমৰ ৰঙে ৰঙে চিন্তাৰ গভীৰতাত দি যায় মধুৰ আচ্ছাদ।  শ্যামল  

অস্তমিত অস্তিত্ব

Image
          বিদীৰ্ণ সময়, বিপন্ন প্ৰহৰ           বৃক্ষই কান্দিছে ফেকুৰি           বিস্তৃৰ্ন শিপাই খামুচি ধৰা মাটিৰ পৰা বিচ্ছিন্ন হব লাগিব টলবল যৌৱনৰ গান জিৰিজিৰি,           কলপতীয়া জীৱনৰ ছাঁ নিৰিবিলি।           পখীৰ বনৰীয়া গুঞ্জন,             ঋতুৰ বৰণীয়া সাজ খুলি বৃক্ষ আজি মৃয়মান।।           মানৱৰ শুনি গুণাগথা বৃক্ষই গনিছে প্ৰহৰ,           কোনোবা মুহূৰ্তত খহি পৰিব তাৰ সুবিশাল কলেৱৰ।            সাক্ষী মাথো সি অনেক ইতিহাসৰ।           তাৰ প্ৰসাৰিত দুচকুত আজিও সজীব মানৱৰ উত্থান পতন।           তাৰ বিশালতাত আশ্ৰিত বিহংগৰ ৰহনীয়া মৌচাক।           কাউৰীৰ পৰা কুলি হোৱাৰ ঐতিহাসিক ক্ষণ গণি মিচিকিয়াই হাঁহিছিল বৃক্ষই।    ...

হৃদয়ৰ আৰ্তনাদ

Image
          হৃদয়ত হাহাকাৰ           কেতিয়া লাগে?           জানানে বন্ধু!           যেতিয়া আপোন মানুহেই           বিশ্বাসঘাটকতা কৰে,           হৃদয়ৰ অটল গহ্বৰত থকা           প্ৰতিচ্ছবিয়ে যেতিয়া ঠগে,           ধুৰস হৈ পৰে ৰঙীন সপোনবোৰ           আশা নিৰাশাৰ দুমুজাত           দিক-বিদিক হেৰুৱাই           পিঞ্জৰাবদ্ধ পক্ষীৰ দৰে           চটফটাই থাকে           অকনি সঁচা অনুভুতি বোৰ।।             মলয়া  গগৈ শইকীয়া                                          ...

ভালপোৱা

Image
ভালপোৱা চকুপানী বোৰে অহৰ্নিশে তোমাকেই  বিচাৰে, যিদিনাৰ পৰা তুমি আঁতৰি গ'লা ! ভালপোৱা বোৰ যিদিনা আহিছিল মোৰ মন ফুলনিৰ ফুলবোৰে নতুনকৈ পাহি মেলিছিল, জোনাকবোৰ বুকুত নতুনকৈ গজিছিল,  নৱ অংকুৰিত  হৃদয়ৰ পাহে পাহে বগাইছিল কাজলি হৃদয়ৰ ছাঁ। চৰাইৰ কাকলিয়ে মোৰ ৰাতিপুৱা বোৰ সজাইছিল, আবেলিৰ ৰামধেনুৰ সেন্দুৰীয়া তুলিকাত আকিঁ লৈছিলো   ভালপোৱাৰ হেঙুলীয়া ছৱি। নিশাবোৰে সিচিঁ দিয়া জোনাক বিভোৰ হৃদয়ত ৰচিছিলো প্ৰতিশ্ৰুতিৰ অলেখ পৰাণ জুৰুৱা গীত এতিয়াটো তুমি নাই, ভালপোৱা বোৰো সেয়ে অহা বাটে   গ'ল। থৈ গ'লা মাথো মোৰ ৰিক্ত পৃথিৱীত সেন্দুৰীয়া কিছু যুগমীয়া স্মৃতি। প্ৰতিশ্ৰুতিৰ প্ৰতিচ্ছবিখন অকলেই পৰি ৰ'ল। তাকেই থৈছো সামৰি সুতৰি, যতনেৰে এতিয়াও  থৈছো আবৰি। ৰঞ্জুলা শৰ্মা

আবেগ

Image
তুমি মই আমি প্ৰায়বোৰেই নিজৰ কথাকে ভাবিয়েই আনন্দিত হওঁ প্ৰতিনিয়ত। মানুহৰ বাবে ভাবিবলৈ কোনোবাই সোঁৱৰাই দিব লাগে আমাক। কাৰোবাৰ উদাত্ত আহ্বানত আমি ওলাই আহো আমাৰ মৰম বিলাবলৈ আৰ্তজনক। আমি প্ৰত্যেকেই জানো আবেগ ব্যক্তিগত। কেতিয়াবা সামূহিক ৰূপ লয় কোনো বিশেষ মুহূৰ্তত। কেতিয়াবা হয় সফল কেতিয়াবা বিফল। আবেগে ঢুকি নেপাবও পাৰে জীৱন বাসনাৰ প্ৰমূল্য।             মন্দিৰা বৰুৱা                   **********************