Posts

Showing posts with the label কলম

সেউজীয়া পথাৰ খন ।

Image
             তুমি আহিছিলা এদিন          মোৰ আবেগৰ সেউজীয়া পথাৰলৈ । সিচি দিছিলা  এবুকু হেঁপাহ, এবুকু মৰম  সাজিছিলো এটি আশাৰ  কাৰেংঘৰ ।                 সুৰ এটি বাজি উঠিছিল           তুমি আবেগিক হৈ পৰিছিলা          তোমাৰ ওঁঠ দুটি মৌন হৈ পৰিছিল         আৰু ময়ো আবেগিক হৈ পৰিছিলো ।             এক শিহৰণ অনুভৱ কৰিছিলো দুয়ো  আৰু অন্য এখন পৃথিৱীলৈ  আমি গুছি গৈছিলো ।               এজাক বৰষুণ দিছিল             ধাৰাষাৰ বৰষুণ        সেই বৰষুণৰ প্ৰতিটো টুপালে                  আমাক উনমনা কৰিছিল ,               বৰষুণ জাক কমিছিল আৰু      তুমি ও আঁতৰি গৈছিলা           ...

আশা

Image
পুৱতিৰ চেচাঁ বতাহজাকত নানা ৰঙী ফুলনিৰ পৰা সৰি পৰিছে ফুল। নিয়ৰে তিয়াই যোৱা দুবৰিবন কেইডালত ল'ৰি ঢাপৰি থকা থুনুক-থানাক ভৰি কেইটাৰ পৰশ পৰা নাই। অপেক্ষাকৃত চিন্তাত মছগুল হৈ ৰৈ আছে। ঘৰৰ কণপোনাটিৰ অসুখ। মাকে মনে মনে চিন্তা কৰি বহি আছে নিৰলা দুখীয়া পজাঁ অন্ত নপৰা দুখৰ সতে সমস্যা ওলাই থাকে আৰু থাকিব। ভগৱানৰ বাৰু চকু নপৰেনে ? পৃথিবীত কিবা আমিহে আছো নি? কিমান মানুহৰ সমস্যা ! তথাপিও আশা থাকিল মনত ভগৱানৰ চকু পৰিলেই হয়। মেটমৰা ডাঙৰীৰ জিৰ্ জিৰ্ শব্দ কৰিব সময় হোৱা নাই। ফুলনিত থকা ফুলৰ গোন্ধ বিয়পি পৰিছে কিন্ত গোন্ধত অমৃত ৰস নাই । কণপোনাটিৰ নাকৰ স্পৰ্শ ফুলৰপাহিত হোৱা নাই । এটি কলি আৰু এপাহ ফুল চিঙি মাকৰ হাতত এইকেইদিন দিয়াই নাই। তাৰ যে অসুখ! আজি বতাহ জাকেও মৌন ভাৱে মন্থৰ গতি লভিছে। আলিৰে যোৱা আৰু ঘৰৰ মানুহক গা-চাদৰখন টানি ধৰিবলৈ খাটনি কৰা নাই। ভতুৱা কুকুৰটোৰ ভোকভোকনি বৰ্তমান বন্ধই, খেৰত গাত কৰি সোমাই সি ডিঙি মেলি চাইছে জানোছা কণপোনা খেলিবলৈ আহিছে। মাকৰ উমাল বুকু আজি উদং মা মা কৰি মতা মৌ সনা মিঠা মাতৰ ধ্বনি বন্ধ হৈ আছে আনানুষ্ঠুপিয়াকৈ বন্ধ হোৱা দৈনন্দিন কাৰ্যপ্ৰণালিৰবোৰৰ নিয়ম মিলা নাই। মনৰ উগুল-থুগ...

চিঠি

Image
  এৰি অহা দিনবোৰ অতীতৰ বুকুত সঁপি দিছোঁ আজি স্মৃতি বোৰ ৰোমন্থন কৰি তোমালৈ লিখিছোঁ..... কাগজৰ পৃষ্ঠাখন শব্দৰে ভৰাই তুলিব পাৰি কিন্তু! আজিচোন লিখোঁ বুলিও লিখিব পৰা নাই হাতৰ কলমটি বাৰে বাৰে ৰৈ গৈছে অনুভৱ বোৰ দুচকুলৈ আহি কাগজত পৰিছে বহু কথা আছিল তোমাক কবলৈ পিছে লিখিবই যে পৰা নাই নিলিখা বোৰো চাগে তুমি বুজিবাই তোমাৰ সুখ বোৰ মই তোমাৰ অজানিতে মোৰ জীৱনৰ মোৰ হাঁহি কৰি লম তুমি যতেই থাকা তোমাৰ দুখ বোৰ মই মোৰ মাজতেই সামৰি থম মই টো নোৱাৰিম তোমাক আজি দেখা দিব .... মোৰ যে সেইদিনাই সকলো শেষ হৈ গল তুমি আনৰ হোৱা কথাতেই মোৰ বুকু খনি উকা হৈ ৰল নোৱাৰোঁ নিলিখো ! মোৰ চিঠি খনি কালি তোমালৈ ডাকত দিব নোৱাৰোঁ ।                              Chi Mi Phukon

কলম

Image
হাজাৰ বন্দুক বাৰুদে কৰিব নোৱাৰে যি এটা কলম অকলেই এক অক্ষৌহিণী। জাতিৰপিতা মহাত্মা গান্ধী " অহিংসাই পৰম ধৰ্ম " তেওঁৰ মূল বাণী । অসহযোগ আন্দোলনেৰে ভাৰতবাসীক উজ্জীবিত কৰি দেশৰ স্বাধীনতা আনি থৈ গৈছে আমালৈ সোনালী ভাৰত গঢ়ি। ইংৰাজৰ বৈজ্ঞানিক প্ৰযুক্তি পৃথিৱীত ৰাজ্য পতা নিজ দখললৈ নিয়া তেওঁলোকৰ যি কুবুদ্ধি সকলো ধূলিসাৎ কৰাৰ মূলতে আছিল কলমৰ বিৰাট মহান শক্তি ।।।।।।                                 ✍   জিলমিল জোনালী                                                   বৰপলহা ,  বাইহাটা চাৰিয়ালি