Posts

Showing posts with the label সাগৰ

ৰাতিৰ কবিতা

Image
পুৱাৰ ৰ'দালিত লাহে লাহে অংকুৰিত হয়  এটি সোণোৱালী স্বপ্ন, ৰ'দ জিলমিল  স্ৰোতস্বিনী নদীৰ বুকুৰ ভটিয়নি সোঁতত  উঁটি-ভাঁহি যায় জীৱনৰ এটি এটি তৰঙ্গ, সূৰ্য্যাস্তৰ পাছতেই এন্ধাৰ নামিব লুকাই পৰিব দিনৰ সমস্ত বৈভৱ, এন্ধাৰ বিদ্ৰোহী মোৰ ৰাতিৰ কবিতাটি  জোনাকত উমলি থাকক । গীতালি মহন্ত । মৰিগাওঁ । ~~~~~~~~~~~~~~~~~~~~~~~

বনৰ চৰাই

Image
বনৰ শালিকা নিয়ৰৰ মুকুতা গছকি      কাহিলী পুৱাতে দিলিহি ভৰি মোৰ পদুলিত,          নিচেই কুমলীয়া পখী ক'ৰ পৰানো              আহিলি পঁজা হেৰুৱাই । নন্দন বনত নালাগে নাচি বাগি সুৰ তুলিব     মোৰেই বাগিছা শোভা কৰি থাক ।         পোক পৰুৱা বুটলি খাবি,              দেও দি নাচিবি মোৰ চোতালত । তোৰ চিকমিকিয়া কঁজলা পাখিত      চেনেহৰ মালা গাঁঠি,          হালধীয়া কোমল ওঁঠত মোৰ ভাষা দিম              মোৰ ছাঁটো হৈ থাকিবি নে তই বনৰ চৰাই ? তই পাহৰি পেলাবি বনৰ লগৰীক ,     তোৰ চিৰিক চিৰিক অবুজ ভাষাত          মায়াসনা দুচকুত বিচাৰিম             মই অন্য এখনি পৃথিৱী । মোৰ অনুভৱৰ তুলিকাত খোজ দিবি      থুপুক থাপাক কৈ,          শব্দ বিন্যাসত ভুমিকি মাৰিবি স্বৰ্ণপৰী হৈ ।         ...

খিৰিকীখন খুলি দিছোঁ

Image
খিৰিকীখন খুলি দিছোঁ বহুদিনৰ মূৰত, আজি খিৰিকীখন খুলি দিছোঁ। হিম চেঁচা বতাহজাকে, জোৰেৰে জোঁকাৰি দিছে, মোৰ ভগ্ন হৃদয়। খৰস্ৰোতা নৈৰ দৰে, বিষাদবোৰ উৰি গৈছে। সপোনবোৰ কঁপি উঠিল, স্মৃতিবোৰ নোহোৱাকৈ, আগবাঢ়ি যাব পাৰিম জানো? ইমান দিনে সাঁচি ৰখা মৰমবোৰ.........!! যাওঁক যাওঁক উৰি...  বহুদিনৰ মূৰত, আজি খিৰিকীখন খুলি দিছোঁ। পাতল পাতল লাগিছে। হয়তো কাঁইটবোৰ কুমলিল। চেপাঁ উত্তেজনা বোৰ  লাহে লাহে নোহোৱা হৈছে। আৰু চেঁচা বতাহ জাক... ? চোৱা ম্ই হাঁহিছো... সেয়ে আজি খিৰিকী খন খুলি দিছোঁ।।               সীতা দেৱী , বিহপুৰীয়া

মই য়েই অৰণ্য

Image
              মই অৰণ্য, অৰণ্য হৈ কৰিছো মানৱ সভ্যতাৰ গঢ়ি তোলা কাষটিশীল।ময়েই অৰণ্য। মই য়েই জীৱৰ জীৱন মোৰ বুকুতে জীয়াই থাকে  পশু - পক্ষী,সমস্ত জগত মই য়েই ঋতু য়ে ঋতু য়ে ল ও মোহনীয়া ৰূপ। হে মানুহ,সুসভ্য হৈওকৰিছা জীৱন প্ৰদায়িনীৰ মহা ধবংস য জ্ঞ। মানুহৰ হাতুৰা আজি চলিছে মোৰ বুকুত সাক্ষী মাথোন ভূ- গৰ্ভৰ কংকৰ বুকু। জানিবা কৰুণা ময়ী শ্যামলিমা শান্তি ময় কোলাত মানৱৰ  আজম্ন প্ৰশান্তি ৰ নিলয়। ময়েই অৰণ্য ধৰিত্ৰী ৰ বুকুত শস্য হৈ ছাঁ দি বৃক্ষ হ ওঁ ,চিৰ সেউজ হৈ, শান্তি ৰ কপৌ উৰুৱাবলৈ ময়েই জীৱৰ জীৱন মহাকাব্যৰ সনাতন জ্ঞান। ময়েই অৰণ্য যুগে যুগে মহা জীৱনৰ,মহা সংস্কৃতিৰ মহা আলিপন। জানিবা ময়েই অৰণ্য। সবিতা দাস মেধি

মোৰ অব্যক্ত প্ৰেম

Image
ভালপাওঁ তোমাক বুজাব নোৱাৰাকৈ হিয়াত সোমালা  গুপনে গুপনে পচোৱা হৈ.... মোৰ সাহস নাই জানা তোমাক ক'ব পৰাকৈ ভয় হয় কিজানিবা অনাদৰ কৰি গুছি যোৱা বহু দুৰলৈ ভাৱিলেই বুকু কপি যায় জানা কেনেকৈ থাকিম মই তোমাক নেদেখাকৈ সেয়ে ...... ভাৱিছো একো নকওঁ তোমাক থাকা তুমি তোমাৰ জীৱনৰ লগত আৰু মই... মই থাকিম সংগোপনে তোমাৰ ছায়া হৈ... মোৰ সৰু সৰু সুখৰ তোমাক অংশীদাৰ কৰিম কিন্তু তোমাৰ দুখ বোৰ মই সামৰিম |  জানানে.. বৰ কষ্ট হয় অ' যেতিয়া তোমাক আনৰ লগত দেখো ভিতৰি ভিতৰি মৰহি পৰো মই কিন্তু কি জানা একপক্ষীয় প্ৰেমৰ বোলে বহুত শক্তি হাঁহি হাঁহি লুকুৱাব পাৰে বুকুৰ বেদনাখিনি.. কেতিয়াবা খুওব খং উঠে তোমালৈ কিয় নুবুজা তুমি মোৰ মনৰ কথা কিয়...কিয় নেদেখা মোৰ দুচকুত ভালপোৱাৰ ভাষা সকলো কথা জানো ক'ব লাগে.....? অভিমানত মুখ ফুলাই থাকিবৰ মন যায় তেতিয়া কিন্তু.... সেয়াও যে কৰিব নোৱাৰো মই তোমাৰ মাতত কি এনে সন্মোহিনী আছে শুনিলেই পমি যাঁও ক'লৈ যে উৰি যায় মোৰ খং ভাৱিয়েই পাৰ নাপাওঁ..... ফাগুনে লঠঙা কৰা গছজোপাটো থাকে প্ৰত্যয়, প্ৰত্যাশা আৰু সম্ভাৱনা মোৰ জীৱনত যে একোৱেই নাই কোনোদিন নুফুলে তাত ৰঙীন ফুল কোনোদিন নালাগে জেতুকাৰ বোল... কো...

সাগৰ

Image
সাগৰ দেখিছা তাৰ বিশাল বুকুত কত যে ঢৌৰ লহৰ মন কৰিছা দেখি ভাল লগা এই ঢৌবোৰে কঢ়িয়াই ইতিহাসৰ কথা সৰু-বৰ বহুতো মুকুতা মণিৰে গঠা। সাগৰৰ ঢৌৱে যেতিয়া ভৰি দুখনি চু্ৱে হিমচেচা অনুভূতিবোৰ বৰফ হৈ গলিবলৈ ধৰে আশীৰ্বাদবোৰ হিয়া উজাৰি বৰষুণ হৈ পৰে, সাগৰ, তুমি সদায় একেদৰেই থাকা তোমাৰ বুকুত যেন কাহানিও ধুমুহাৰ সৃষ্টি নহয় যি ধুমুহাই সহস্ৰজনৰ জীৱন কাঢ়ি লয়। তোমাতে কেন্দ্ৰ কৰি তোমাৰ আশে-পাশে থকা জীৱ জগতৰ দীৰ্ঘায়ু কামনাৰে....                       ৰানু দেৱী

বানপানী

Image
সৌৱা মোৰ সন্মুখত বব ধৰিছে এখন নদী দূৰ - দিগন্তলৈ। খুন্দিয়াব গৈ কোনো সাগৰৰ মোহনাত বনাইলৈ ব- দ্বীপ। নামানে বাধা কাৰো, নাথাকে কাৰো বাবে ৰৈ ভাঙি যাই পাৰ, খহাই লৈ কাষৰ বিৰিখ দূৰতে ৰৈ চাই কাষৰীয়াই চকুলো টুকে গামোচাৰ আঁচলতে ; নামি অহা বৰষুণত তিতি। নকৈ বনোৱা ঘৰৰ ছালত জৰ জৰ কৰে ভয়তে কপে বুকু। আহিছে নেকি সেই বান ওচনাই নিবলৈ সকলো মোৰ থাকিম পুনৰ ক'ত উঠি গৈ আমি খুৱাম - পিন্ধাম কি মোৰ ল'ৰা কেইটিক ? পুৱাই ৰাতি, বেলি গৈ উঠে মোৰত তথাপিও দেখা নাই সূৰুযৰ কেচাঁ হেঙুল চতু - দিশে ক'লা ডাৱৰৰ বেৰ প্রাচীৰ হৈ ভবিতব্যতাৰ। পানীতে বুৰি, হেৰুৱাই সকলো চাই দূৰলৈ, আহিছে নেকি কোনো নাও, ফেৰী বা আন কিবা হাতত গুজি দিবলৈ খুদকণ এমুঠি ।                                                                            @  ...