Posts

Showing posts with the label শৰত

শৰতৰ প্ৰথম জাক নিয়ঁৰ

Image
শৰতৰ প্ৰথম জাক নিয়ঁৰে মোৰ কাণে কাণে কৈ গল  শৰত আকৌ আহিল । এক মিঠা আলোড়নৰ সৃষ্টি কৰি  এক মিঠা পৰশ তুলি । ভাল লগা দিনবোৰৰ  দুৱাৰ দলিত  সপোনে সাৰ পালে , অনুভৱবোৰ জাগ্ৰত হ'ল  আঙুলিৰ ফাঁকে ফাঁকে শব্দৰ অলংকাৰ জাগ্ৰত হল  লিখিবলৈ তোমাৰ নামৰ কবিতা । স্মৃতিৰ ৰহঘৰত আকৌ সৃষ্টি হব নতুন কবিতাৰ  মোৰ হৃদয়ত গুঞ্জৰিত  হব তোমাৰে কবিতাৰ শিৰোনাম । শৰতৰ প্ৰথম জাক নিয়ঁৰে  দিলে যে তাৰেই বতৰা । নিবেদিতা দাস কলিতা   (নলবাৰী)