Posts

Showing posts with the label উদং

গীতৰ তালেৰে

Image
  কালিৰ গীত আজি গান সিদিনাৰ সংগীত ,আজি কোলাহল। সময়ৰ সোঁতত সলনি হৈ জাতিৰ সংস্কৃতি আজি জাতিৰ ধ্বংসক। গছ-গছনিৰ সৌন্দৰ্য্যৰে ভৰপূৰ বৈচিত্ৰময় পৃথিৱী আজি ওখ ওখ আট্টালিকা আৰু মানুহৰ ধূসৰ মনেৰে সজা এখন কংক্ৰীট হাবি। এইবোৰ সলনি হ'বলৈ ডাঙৰ বিস্ফোৰকৰ প্ৰয়োজন নাই। কালচক্ৰত ই সলনি হৈছে আৰু সলনি কৰিছো আমি। হেৰা বন্ধু পাহৰি নাযাবা নিজ মাতৃভাষা পাহৰি নাযাবা নিজৰ পিতৃ সংস্কৃতি সাৱটি লোৱা বন্ধুত্বক চিনি লোৱা শত্ৰু যিয়ে নিঃশেষ কৰিবলৈ আহিছে তোমাৰ জাতিক,তোমাৰ স্বদেশক যি আজি সঁচাকৈ সংকটত উদ্ধাৰ কৰা নিজ মাতৃক উদ্ধাৰ কৰা নিজ পিতৃক। যিয়ে অপেক্ষা কৰি আছে তোমাৰ বাবে পালন কৰা নিজ দায়িত্ব,...

জেওৰা

Image
     কিমান আৰু বাটিব আপোনাৰ       বাৰীৰ জেওৰা      গছবোৰে বাধা মনা দেখিছে ?      গছবোৰে মাত্ৰ বাঢ়ি যাব জানে ।      সিহঁতেতো নাজানে       আপোনাৰ সীমা ক'ত ।      ক'ত অনাধিকাৰ প্ৰৱেশ ।      গছৰ বাবেতো গোটেই পৃথিৱীখনেই ঘৰ ।      আৰু ঘৰত জানো সীমাৰ প্ৰসংগ আহে !      সেয়েহেতো সিহঁতে আপোনাৰ       জেওৰাৰ ফাঁকবোৰৰ অজুহাত লৈ      বাঢ়ি আহে লাহে লাহে       জেওৰাৰ অস্তিত্বক আওকাণ কৰিবলৈ       সিহঁতক বেছি পৰ নালাগে ।      সেয়েতো সিহঁত গছ       সেউজীয়াবোৰ সিঁচি সিঁচি       জীৱনৰ সুৰ তোলা একো একোটা গান ।      সেউজীয়াবোৰে মাথোঁ বাঢ়ি যাব জানে       আপোনাৰ বাৰীৰ সীমা নেওচি       অথবা হৃদয়ৰ...      সেউজীয়াবোৰে মাথোঁ বাঢ়ি যাব জানে ।  ...

আকৌ এটা ভগ্ন প্ৰেমৰ কাহিনী

Image
কথা পতাৰ হাবিয়াস নাই মোৰ তোমাৰ হতে । প্ৰেমৰ বাসনাইও মত্ত কৰা নাই তোমাৰ বাবে । তুমি বাৰু সেই বিশ্বাস ঘাতকজন নোহোৱানে ! যি মোৰ হৃদয় খন ভাঙি থৈ গৈছা । এটা এটা নতুন কৌশলেৰে এটা এটা নতুন পৰিঘটনা।অকল মোৰ লগতেই নে আন কাৰোবাৰ লগতো ! প্ৰশ্ন কৰিবৰ মন নাযায়, তথাপি ভাঙি থৈ যোৱা হৃদয় খনেও সহিব নোৱাৰি সুধিছো। মোৰ হৃদয়ত উঠা জোৱাৰ ভাটাৰ বোৰ এতিয়া আৰু নাই।কোনো দিন ঘূৰি ও  নাহিব ছাগে । আৰু তোমাৰ দৰে অভিনয়ো কৰি যাব নোৱাৰো । কেৱল সময়ে সময়ে ভগ্ন হৃদয় খনে  চিঞৰি চিঞৰি কান্দিব বিচাৰে । কিন্তু সেই কান্দোনো আজি তোমাৰ বাবে অচিনাকি হৈ ৰল । মনে মনে বহু ভাবিছিলোঁ জানা ! ভাবি থাকোতেই গল।এইবোৰ মনৰ ভ্ৰম জানা,তোমাৰ দৰে ভণ্ড প্ৰেমিকে মোৰ দৰে আৰু কাৰ ঠুনুকা হৃদয় ভাঙিছা । পাৰিলে এইবোৰ নকৰিবা । আনৰ জীৱন লৈ হেতালী নেখেলিবা । সকলোৱেইতো মোৰ দৰে হব । তেতিয়া তোমাৰ বৰ ভাল লাগিব নহয় ! মই জানো তুমি আন্ধাৰৰ ৰজা, কোন সময়ত কোন দিশে গতি কৰা নিজেই নাজানা।চাবা এদিন তুমি ও পিছল খাবা । তুমিও প্ৰতাৰিত হবা তোমাৰ দৰে ভণ্ড প্ৰেমিকাৰ পৰা।তেতিয়া লৈ মোৰদৰে হৃদয় খন আইনা ভঙা দি ভাঙি  চকনাচুৰ হব।তেতিয়া মই কম আনৰ হৃদয়ৰ সৈতে খেলা কৰাৰ ...

অনুভূতি

Image
তোমাৰ কথাবোৰ ভাল লাগে, সপোনৰ এজাক মিঠা বৰষুণ সৰে ৷ বৰষুণত তিতি খুব ভাল পাওঁ, "দুখৰ চকুলো বাগৰিলেও দেখি ৰূপালী মালা সুখৰ" ৷ তোমাৰ কথাবোৰ ভাল লাগে  নিবিড় মায়া সনা, ভাগৰুৱা পখিটি জিৰাবলৈ  বিচাৰি পাই  মনৰ ঠিকনা ৷ তোমাৰ কথাবোৰ ভাল লাগে, সময়-ঘড়ী উটি যায় কেনিবা; অপবাদ থকা শিলুৱা হিয়াত  গজি উঠে সেউজীয়া ৷ তোমাৰ কথাবোৰ ভাল লাগে, তুমি ভাল নাপাওঁ বুলি ক’লেও বেয়া নালাগিব ৷ গজি উঠিব অপেক্ষাৰ অনন্ত বৃক্ষ, শুনি থাকিম বতাহত লাগি অহা কথাবোৰ, শুনিবলৈয়ে ৰৈ থাকিম ৷ তোমাৰ কথাবোৰ ভাল লাগে ৷ অমৰদীপ কলিতা

বিষাদ অশ্ৰু

Image
বিষাদৰ বানে উটোৱাই নিওতেই ক'ৰ পৰা জানোঁ টপককৈ পৰিল এচেৰেঙা সুখৰ ৰ'দ... দুচকুত সোৰোপা সপোনে পানীমিথৈ সজাতেই থাকিল উলোন্দি থকা মেঘবোৰ দুখৰ কণিকা হৈ পুনৰ মোৰ শৰীৰ ব্যাপি পৰিল... দুখবোৰে দুখকেই সাৱতি উচুপি উঠিল ।                                                     দীপিকা  গোহাঁই ফুকন   🙡 🙣 🙡 🙣 🙡 🙣 🙡 🙣 🙡 🙡 🙣 🙡 🙣 🙡 🙣 🙡 🙣 🙡

মই য়েই অৰণ্য

Image
              মই অৰণ্য, অৰণ্য হৈ কৰিছো মানৱ সভ্যতাৰ গঢ়ি তোলা কাষটিশীল।ময়েই অৰণ্য। মই য়েই জীৱৰ জীৱন মোৰ বুকুতে জীয়াই থাকে  পশু - পক্ষী,সমস্ত জগত মই য়েই ঋতু য়ে ঋতু য়ে ল ও মোহনীয়া ৰূপ। হে মানুহ,সুসভ্য হৈওকৰিছা জীৱন প্ৰদায়িনীৰ মহা ধবংস য জ্ঞ। মানুহৰ হাতুৰা আজি চলিছে মোৰ বুকুত সাক্ষী মাথোন ভূ- গৰ্ভৰ কংকৰ বুকু। জানিবা কৰুণা ময়ী শ্যামলিমা শান্তি ময় কোলাত মানৱৰ  আজম্ন প্ৰশান্তি ৰ নিলয়। ময়েই অৰণ্য ধৰিত্ৰী ৰ বুকুত শস্য হৈ ছাঁ দি বৃক্ষ হ ওঁ ,চিৰ সেউজ হৈ, শান্তি ৰ কপৌ উৰুৱাবলৈ ময়েই জীৱৰ জীৱন মহাকাব্যৰ সনাতন জ্ঞান। ময়েই অৰণ্য যুগে যুগে মহা জীৱনৰ,মহা সংস্কৃতিৰ মহা আলিপন। জানিবা ময়েই অৰণ্য। সবিতা দাস মেধি

উদং

Image
  শাওণৰ পথাৰ বোকাৰ পানীৰে খেলা ল'ৰালিৰ সেই দিন আজিও আছে মনত , দেখি দূৰৰে পৰা মন-হাঁহ উৰুৱাই ভাঁহি উঠে সপোনৰ দিকচৌ বনত । হালৰ যুটিৰ স'তে মৈত উঠি টানিছিলো কত কঠিয়াৰ ফেৰা, আঘোণত অতাই যোৱা পথাৰত সমনীয়াৰ সতে কাটিছিলো নৰা । বাৰীয়ে বাৰীয়ে আম-কঠাঁলৰ জুতি লৈ লভিছিলো কত আনন, হাঁহি উঠে মনত চিৰিংকে ঘূৰি ঘূৰি নিজৰ মাজত নিজেই মগন । কিন্তু নাই তেতিয়াৰ সুবাস, তেতিয়াৰ ৰং নাই আজি সেইদিন , বিচাৰিছো কতদিন অৰঙে দৰঙে ঘূৰি মনৰ সেই সুবাস ,বতাহত বিয়পিছে লাগিছে অচিন-অজান হাতত থাকি গ'ল ৰুৱাৰ সেউজী ৰং মৈও গ'ল উৱলি । নাঙলৰ ফালতো মামৰে ধৰিল গোঁহালি-ভঁৰাল হৈ ৰ'ল উদং ।   শ্যামল আৰন্ধৰা