Posts

Showing posts with the label বন্ধুত্ব

এটি সৰু সপোন আৰু মই

Image
                         এদিন আমাৰো সপোনবোৰ পূৰ হ'ব, এটি সৰু পঁজা আৰু এমোকোৰা হাঁহি, কষ্টবোৰ বুকুত থাকিব, আশাবোৰে মেলিব পাহী।  বয়স বাগৰিব বছৰৰ পাছত বছৰ।  ক'লা ডাৱৰ ছাতিয়ে মোহাৰি,  কৰিব চৌপাশ ধুসৰ।  সেই হেপাঁহেৰেই যাত্ৰা,  চেৰাশালিৰ পৰা মৰিশালিলৈ,  জীৱনত কৰাঁল বন্ধা,  বিফলতা ভৰা পাচিটো লৈ।  আপুনি টিতকাৰি মাৰিব,  কাৰণ একেবোৰ সপোনেই জীৱন জুখিব,  সফলতাই গজাঁলি মেলিব,  সময়ৰ বোকোচাত আশাবোৰ লিখিব।  কাৰোবাৰ বাবে পথ দূৰ্গম,  আৰু...  কাৰোবাৰ বাবে... সেই পথ হয় সুগম।                                পাপু শইকীয়া                                                                      ...

বন্ধুত্বৰ পৰিধি

Image
কোনোবাই মোক সুধিছিল বন্ধুত্বৰ সংজ্ঞা কি? পিছে মই মৌন হৈ ৰৈছিলো, কাৰণ বন্ধুত্বৰ দৰে বিশাল পৰিধিৰ সংজ্ঞা এটা মই প্ৰকাশ কৰিব নোৱাৰোঁ, যি সংজ্ঞাতেই লুকাই থাকে জীৱনৰ সকলো মূহুৰ্তৰ হাঁহি কান্দোন, সুখ বিষাদৰ এক বা অনেক চিৰন্তন সংগী, জীৱনৰ মান-সন্মান, গৌৰৱ-অপমানৰ নিস্বাৰ্থবাদী সাক্ষী সেয়াই হয়টো বন্ধুত্বৰ সংজ্ঞা। যিসকলৰ পৰা মই জীয়াই থকাৰ প্ৰেৰণা পাওঁ সেই সকলেই মোৰ বন্ধু, মোৰ বন্ধু বহুত, পিতৃ-মাতৃ, গুৰু জেষ্ঠ জনৰ  পৰা আৰম্ভ কৰি ফুটপাথৰ মগনিয়া জনো মোৰ বন্ধু, নেদেখাজনৰ পৰা আৰম্ভ কৰি প্ৰকৃতিৰ সমস্ত জীৱজগতো মোৰ ভাল বন্ধু কাৰণ প্ৰকৃতিৰ সকলো সম্ভাৰৰ পৰাই মই জীয়াই থকাৰ প্ৰেৰণা পাও যি প্ৰেৰণাই মোৰ জীৱনত ইন্ধনৰ দৰে অৰিহণা যোগায়।                                                                                 নিকুঞ্জ কলিতা            ...

খিৰিকীখন খুলি দিছোঁ

Image
খিৰিকীখন খুলি দিছোঁ বহুদিনৰ মূৰত, আজি খিৰিকীখন খুলি দিছোঁ। হিম চেঁচা বতাহজাকে, জোৰেৰে জোঁকাৰি দিছে, মোৰ ভগ্ন হৃদয়। খৰস্ৰোতা নৈৰ দৰে, বিষাদবোৰ উৰি গৈছে। সপোনবোৰ কঁপি উঠিল, স্মৃতিবোৰ নোহোৱাকৈ, আগবাঢ়ি যাব পাৰিম জানো? ইমান দিনে সাঁচি ৰখা মৰমবোৰ.........!! যাওঁক যাওঁক উৰি...  বহুদিনৰ মূৰত, আজি খিৰিকীখন খুলি দিছোঁ। পাতল পাতল লাগিছে। হয়তো কাঁইটবোৰ কুমলিল। চেপাঁ উত্তেজনা বোৰ  লাহে লাহে নোহোৱা হৈছে। আৰু চেঁচা বতাহ জাক... ? চোৱা ম্ই হাঁহিছো... সেয়ে আজি খিৰিকী খন খুলি দিছোঁ।।               সীতা দেৱী , বিহপুৰীয়া

বন্ধুত্ব

Image
আতোলতোল অনুভূতিয়ে গঢ় দিয়ে বন্ধুত্ব বন্ধুত্বৰ এনাজৰীডাল সঁচাকৈয়ে বৰ দৃঢ় অবিৰত নৈৰ দৰে বৈ যায় জীৱনত বিছিন্ন নহয় প্রকৃত বন্ধুত্ব আজীৱন জগতত । হিয়াৰ আমঠু হৈ সুখ-দুখৰ সমভাগী হয় শিৰোমণি জ্ঞান কৰে উভয়ে মুমূৰ্ষু অৱস্থাতো যৎপৰোনাস্তি প্রয়ায়ৰ তিলমানো নকৰে অপচয় । মিছা বন্ধুত্ব সঘনাই হয় লাংপাং কথাৰে উগুল-থুগুল কৰে হৃদয়ৰ মণিকোঠাত আৱদ্ধ নহয় যাতনা পৰ্যন্ত কৰি সাউৎকৰে যায় গুচি মুছাফিৰ সদৃশ । বাহাৰুল ইছলাম (শিক্ষক)