এটি সৰু সপোন আৰু মই
এদিন আমাৰো সপোনবোৰ পূৰ হ'ব, এটি সৰু পঁজা আৰু এমোকোৰা হাঁহি, কষ্টবোৰ বুকুত থাকিব, আশাবোৰে মেলিব পাহী। বয়স বাগৰিব বছৰৰ পাছত বছৰ। ক'লা ডাৱৰ ছাতিয়ে মোহাৰি, কৰিব চৌপাশ ধুসৰ। সেই হেপাঁহেৰেই যাত্ৰা, চেৰাশালিৰ পৰা মৰিশালিলৈ, জীৱনত কৰাঁল বন্ধা, বিফলতা ভৰা পাচিটো লৈ। আপুনি টিতকাৰি মাৰিব, কাৰণ একেবোৰ সপোনেই জীৱন জুখিব, সফলতাই গজাঁলি মেলিব, সময়ৰ বোকোচাত আশাবোৰ লিখিব। কাৰোবাৰ বাবে পথ দূৰ্গম, আৰু... কাৰোবাৰ বাবে... সেই পথ হয় সুগম। পাপু শইকীয়া ...