Posts

Showing posts with the label প্ৰেমৰ কবিতা

ভাল লগা ছোৱালীজনী

Image
ভাল লগা ছোৱালীজনী দীঘলচুলিটাৰীৰে ভাল লগা ছোৱালীজনী অলেখ সপোন কঢ়িয়াই ফুৰা সেই নয়নজুৰি... যেন ক'ব খোজে বহু কথা...!! বেৰীয়াগজা দাঁতেৰে উলাই অহা মৰম লগা সেই হাঁহিতে ভোল যাওঁ সকলো... মাৰ্জিত নিৰ্জু শৃংখলিত কহুঁৱাৰ দৰে কোমলমনৰ ভাল লগা ছোৱালীজনী... পিছে তাইৰ খঙ ও আছে... নোজোকাবা !! ভাল লগা ছোৱালীজনী ।।                                                               🖎  অনুভৱ ⧟⧟⧟⧟⧟⧟⧟⧟⧟⧟⧟⧟

তোমাক ভাল পাওঁ বাবেই

Image
  তোমাক ভাল  পাওঁ বাবেই পৃথিৱী খন  ধুনীয়া দেখোঁ  সেউজীয়াত সপোন  বিচাৰি পাওঁ । নালাগে! জানিব নিবিচাৰো  প্ৰেমৰ গভীৰতা কিমান?  তোমাক ভাল পাওঁ বাবেই  হৃদয়ৰ পৰা নিগৰে  কবিতাৰ শিৰোনাম , অনুভৱ বোৰ শব্দ হৈ গুঞ্জৰিত হয়  এটি মিঠা অনুৰাগ । তোমাক ভাল পাওঁ বাবেইটো  নিজকে শিকিবলৈ লৈছো  জীৱনটো ৰঙীণ,আছে হেঁপাহৰ ৰং  যি ৰঙেৰে আঁকিব পাৰি সাতোৰঙী  ৰামধেনু , সপোনৰ দলিচা পাৰি । নিবেদিতা দাস কলিতা ( নলবাৰী)  ----------------------------------

ভালপোৱা

Image
ভালপোৱা চকুপানী বোৰে অহৰ্নিশে তোমাকেই  বিচাৰে, যিদিনাৰ পৰা তুমি আঁতৰি গ'লা ! ভালপোৱা বোৰ যিদিনা আহিছিল মোৰ মন ফুলনিৰ ফুলবোৰে নতুনকৈ পাহি মেলিছিল, জোনাকবোৰ বুকুত নতুনকৈ গজিছিল,  নৱ অংকুৰিত  হৃদয়ৰ পাহে পাহে বগাইছিল কাজলি হৃদয়ৰ ছাঁ। চৰাইৰ কাকলিয়ে মোৰ ৰাতিপুৱা বোৰ সজাইছিল, আবেলিৰ ৰামধেনুৰ সেন্দুৰীয়া তুলিকাত আকিঁ লৈছিলো   ভালপোৱাৰ হেঙুলীয়া ছৱি। নিশাবোৰে সিচিঁ দিয়া জোনাক বিভোৰ হৃদয়ত ৰচিছিলো প্ৰতিশ্ৰুতিৰ অলেখ পৰাণ জুৰুৱা গীত এতিয়াটো তুমি নাই, ভালপোৱা বোৰো সেয়ে অহা বাটে   গ'ল। থৈ গ'লা মাথো মোৰ ৰিক্ত পৃথিৱীত সেন্দুৰীয়া কিছু যুগমীয়া স্মৃতি। প্ৰতিশ্ৰুতিৰ প্ৰতিচ্ছবিখন অকলেই পৰি ৰ'ল। তাকেই থৈছো সামৰি সুতৰি, যতনেৰে এতিয়াও  থৈছো আবৰি। ৰঞ্জুলা শৰ্মা

প্ৰেম সাগৰৰ প্ৰেমিক

Image
     তোমাক দেখিলে অলপ লাজ লাজ লাগে      অলপ ভয় ভয় লাগে       কিন্ত নেদেখিলে আকৌ বেয়া লাগে      আজি কথা পাতিম বুলি ভাবিছিলো      কি সুধিম, কি বুলি কওঁ ?      ভাবোঁতে ভাবোঁতে তুমি গুচি গলা       ইমান দূৰ পোৱাৰ পাছত কি কৰোঁ      পিছফালৰ পৰা চিঞৰি দিলে       আন কোনোবাই কি বুলিব...      নহব আৰু       এনেইতো তুমি বহুত ভালেই যেন লাগিছে      কিবা কৰি যদি কথা পাতিব পাৰিলে...      ৰাতিপুৱা ন’ বাজিছে হে       হে হে হেৰি গুডমৰ্ণিং      ভালে আছে নে...        এনেই কৈ দিলোঁ       তাইৰ ডায়েৰীখন পৰি যাব বুলি জনা হলে      মইতো কেতিয়াও নকওঁ      তাই বা কি ভাবিছে নাজানো      গুড মৰ্ণিং নিদিয়া হলেই ভাল আছিল       কিমান যে মনত গালি পাৰিছে চাগে  ...

তুমি দিয়া চিঠি

Image
মোৰ ডায়েৰীৰ ভাঁজত তুমি দিয়া চিঠি  আৰু মায়াৱী ছবিবোৰৰ আৰ্তনাদ শুনিলো আজি আকৌ বহু দিন অন্তত, জানা...! তুমি লিখা মধুৰ বাণীবোৰে মোক কন্দৱাই হে এৰে ! তুমি তো আজি সুখী নো কলিজা...? মই তোমাৰ হ'ম বুলি আশা পথেৰে সদায়েই আগবাঢ়িছিলা তোমাক মই পাহৰিম বুলি ভয়তে... কতো না শপথেই খুৱাইছিলা !  কিমান যে বৰ্ণিত আছে তোমাৰ হিয়া ভাষা মোৰ জখমী মনৰ ৰক্তাক্ত হৃদয়খনত, হয়তো তুমি নাজানো ! তুমি গুচি গ'লা আনন্দত আৰু মই ক্লান্ত ভাৱনাত কিদৰেই ৰাখোঁ জীয়াই তোমালৈ দিয়া কথা ! সপোনত উৰিছিলো দুয়ো কল্পলোকতেই বাস কৰিছোঁ, বহু চিন্তাতেই যেন কৈছিলা তুমি... ধুমুহা আহিলে হাতে হাত ধৰিম বৰষুণ দিলে একেলগেই তিতিম কষ্ট চুলে একেলগে কান্দিম দুখ সাগৰত ককবকালে সাৱটি ধৰি একেলগেই মৰিম ! হয়...! আজি চকুলোত ভাহিছো স্মৃতি সাগৰতো ডুবিছো নাই...! স্মৃতিৰ বন্তি গছ জ্বলি জ্বলি শেষ হোৱা নাই যেন কেৰাচিন,পেট্ৰোল পৰা দি  আৰু বেছি হে জ্বলি উঠিছে  গছজোপা লহপহকৈ। সঁচাকৈয়েই....! আজি পৃথিৱীখন নিষিদ্ধ লাগে তুমিহীন কিদৰেই বুজাওঁ....! ঠিকনা বিহীন যেন হৈ পৰিছে মোৰ জীৱন; তোমাৰ বাসনা তৃপ্তিৰ  পগলা ভাৱিছিলা হয়তো মোক; পেলনীয়া আৱ...

হেৰাই নাযাবা

Image
তুমি মোৰ জীৱনৰ  এটি সৰু তৰা, তোমাৰ মাজতে আছে মোৰ মৰমৰ ধৰা। তুমি হাঁহিলে মোৰ  বিষাদ আতৰে, তোমাৰ চকুলোৱে মোক নিমিষতে মাৰে। তোমাক পাবলৈ মোৰ মন ব্যাকুল, মৰম তোমাৰ বাবে আছে বিপুল। জীৱনৰ লগৰী হৈ তুমি থাকিবা, জনমে জনমে মোৰ  মৰম লবা। কাহানিও তুমি প্ৰিয়া আতৰি নাযাবা, সপোনৰ ঘৰ ভাঙি হেৰাই নাযাবা। যুগে যুগে তোমাক মই কাষতে বিচাৰোঁ, মোৰ দুখৰ পৰত মই তোমাক হাততে বিচাৰোঁ। হেৰাই নাযাবা প্ৰিয়া হেৰাই নাযাৱা, জনমে জনমে তুমি হৃদয়তে থাকিবা। সৃষ্টি প্ৰকাশ (মৰিগাঁও) ==================

ৰঙা গোলাপ পাহ

Image
       সৌ যে ৰঙা গোলাপ পাহ আমি লগপোৱাৰ প্ৰথমটো স্মৃতি  তোমাৰ বাৰু মনত আছে নে ? নৈ পাৰৰ উন্মনা বতাহ যাক । তোমাৰ হাতত হাত থৈ কহুৱা বোৰৰ মাজে মাজে মই যে  পখিলা খেদিছিলো, আৰু তুমি মোলৈ ৰʼলাগি  চাই আছিলা চকুৰ পতা নজপোৱাকৈ । ভাল লগা আছিল নহয়  তোমাৰ মোৰ একান্ত ব্যক্তিগত সময় বোৰ, মই তোমাৰ বুকুত  মূৰ থৈ উচুপি উঠিছিলো  তুমি কিন্তু মোক এৰি কেতিয়াও নাজাবা দেই বুলি কৈ । আৰু তুমি যে মোক শান্তনা দিবলৈ ৰঙা গোলাপ পাহ মোৰ দীঘল  বেনী দালত গুজি দিছিলা কপালত এটা মিঠা চুমা আকিঁ । ভাল লাগে জানা স্মৃতিবোৰ  সুৱঁৰি অনুভৱ বোৰৰ মনিকোঠাত তুমি গুজি দিয়া সৌ ৰঙা  গোলাপ পাহ আৰু বেছি ৰঙা  হৈ ফুলি উঠে ।।          পূজা শইকীয়া   ********************* 

প্ৰেমিক চৰাই

Image
মানিছো আপুনি হাজাৰবাৰ প্ৰেমত পৰে । মানিছো প্ৰত্যেক বাৰেই এনেকুৱা লাগে যে প্ৰথমবাৰ প্ৰেমত পৰিছে । মানিছো উৰিবলৈ আকাশখন বিশাল  কিন্তু মনত ৰখা ভাল দিনৰ শেষত উভতিবলৈ  এটা নিৰ্দিষ্ট ঠিকনা লাগে । সাতঘাটত মন এৰি অহাৰ পৰিণতিত যদি নিষিদ্ধ হয় আপোনাৰ প্ৰৱেশ সেই নিদিৰ্ষ্ট ঠিকনাত ক'ত কাটিব আপোনাৰ শীতৰ সেমেকা ৰাতি । ঋতুপৰ্ণা দত্ত   -----------------------

প্ৰেম

Image
প্ৰেম জানো খুজিলেই দিব পাৰি ? প্ৰেম জানো বিচাৰিলেই পাব পাৰি ? প্ৰেমৰ যে বহুত দাম !! ধনেৰেও কিনিব নোৱাৰি । আজীৱন বৈ থাকে তৃষাৰ নৈখনি নিৰৱে,হৃদয় পৃথিৱীত, বাট চাই নিৰৱধি স্বাস্বত এক হৃদয় স্পন্দন য'ত প্ৰেম জিৰাব খোজে । উপচাই দিব প্ৰেমে আশ্ৰিত  উপকূল,  যদিহে পাই নিঃস্বাৰ্থ মৰমৰ নিবিড় নিৰাপত্তা । নীলিম, সুন্দৰ প্ৰেমৰ মনাকাশ বিশাল হৃদয়ৰ অপূৰ্ণ হাবিয়াস ।  প্ৰেম যে এনেকুৱাই ,পাৰ্থিব ৰঙেৰেও বোলাব নোৱাৰি । ৰঞ্জুলা শৰ্মা                                                                                                               গুৱাহাটী। ----------------------------

হৃদয়ৰ অনুভৱ

Image
উৰুঙা উৰুঙা হৃদয়ৰ অনুভৱ, কিবা এটা হেৰুৱাৰ অজুহাতত সময়বোৰ বাগৰিছে | অলিখিত প্ৰেম কাহিনী লিখিবলৈ মোৰ সাহস নাই, তথাপি লিখিছো কঁপা কঁপা আঙুলিৰে অনুভূতিবোৰ শিলৰ দৰে কঠিন । ভাবিছিলোঁ তোমাৰ মৰমৰ পৰশত মোৰ বুকুত ফুলিব এপাহি প্ৰেমৰ ৰজনী গন্ধা ।  তোমাৰ মৰমৰ উষ্ণ আলিংগনত তপত নিশ্বাসত  বৰফ হৈ গলিব মোৰ মৰমবোৰ হেঁপাহবোৰ   নালাগে দিয়া অনামী সম্পৰ্ক এটি নাম দিবলৈ ৷ পৰিচয়বিহীন হৈয়ে এটা সুন্দৰ গীত হৈ  আজীৱন কলিজাত বাজি ৰওঁক তাৰ সুৰ  |  যদিওবা সাহসে  নুকুলাই তোমাৰ হিয়া  জাতি-ভেদ, ধনী -দুখীয়া, উচ্চ-নীচৰ প্ৰাচীৰ ভাঙি  সমাজৰ আগত আমাৰ প্ৰেমৰ সম্পৰ্কে সবল যুক্তি   দাঙি ধৰি  মোক তোমাৰ আজীৱন জীৱন লগৰী কৰি ল'বলৈ                                                                 তেন্তে নালাগে থাকক দিয়া     আমাৰ প্ৰেমক তুমি গোপনে              ...

চিঠি

Image
  এৰি অহা দিনবোৰ অতীতৰ বুকুত সঁপি দিছোঁ আজি স্মৃতি বোৰ ৰোমন্থন কৰি তোমালৈ লিখিছোঁ..... কাগজৰ পৃষ্ঠাখন শব্দৰে ভৰাই তুলিব পাৰি কিন্তু! আজিচোন লিখোঁ বুলিও লিখিব পৰা নাই হাতৰ কলমটি বাৰে বাৰে ৰৈ গৈছে অনুভৱ বোৰ দুচকুলৈ আহি কাগজত পৰিছে বহু কথা আছিল তোমাক কবলৈ পিছে লিখিবই যে পৰা নাই নিলিখা বোৰো চাগে তুমি বুজিবাই তোমাৰ সুখ বোৰ মই তোমাৰ অজানিতে মোৰ জীৱনৰ মোৰ হাঁহি কৰি লম তুমি যতেই থাকা তোমাৰ দুখ বোৰ মই মোৰ মাজতেই সামৰি থম মই টো নোৱাৰিম তোমাক আজি দেখা দিব .... মোৰ যে সেইদিনাই সকলো শেষ হৈ গল তুমি আনৰ হোৱা কথাতেই মোৰ বুকু খনি উকা হৈ ৰল নোৱাৰোঁ নিলিখো ! মোৰ চিঠি খনি কালি তোমালৈ ডাকত দিব নোৱাৰোঁ ।                              Chi Mi Phukon

মোৰ অব্যক্ত প্ৰেম

Image
ভালপাওঁ তোমাক বুজাব নোৱাৰাকৈ হিয়াত সোমালা  গুপনে গুপনে পচোৱা হৈ.... মোৰ সাহস নাই জানা তোমাক ক'ব পৰাকৈ ভয় হয় কিজানিবা অনাদৰ কৰি গুছি যোৱা বহু দুৰলৈ ভাৱিলেই বুকু কপি যায় জানা কেনেকৈ থাকিম মই তোমাক নেদেখাকৈ সেয়ে ...... ভাৱিছো একো নকওঁ তোমাক থাকা তুমি তোমাৰ জীৱনৰ লগত আৰু মই... মই থাকিম সংগোপনে তোমাৰ ছায়া হৈ... মোৰ সৰু সৰু সুখৰ তোমাক অংশীদাৰ কৰিম কিন্তু তোমাৰ দুখ বোৰ মই সামৰিম |  জানানে.. বৰ কষ্ট হয় অ' যেতিয়া তোমাক আনৰ লগত দেখো ভিতৰি ভিতৰি মৰহি পৰো মই কিন্তু কি জানা একপক্ষীয় প্ৰেমৰ বোলে বহুত শক্তি হাঁহি হাঁহি লুকুৱাব পাৰে বুকুৰ বেদনাখিনি.. কেতিয়াবা খুওব খং উঠে তোমালৈ কিয় নুবুজা তুমি মোৰ মনৰ কথা কিয়...কিয় নেদেখা মোৰ দুচকুত ভালপোৱাৰ ভাষা সকলো কথা জানো ক'ব লাগে.....? অভিমানত মুখ ফুলাই থাকিবৰ মন যায় তেতিয়া কিন্তু.... সেয়াও যে কৰিব নোৱাৰো মই তোমাৰ মাতত কি এনে সন্মোহিনী আছে শুনিলেই পমি যাঁও ক'লৈ যে উৰি যায় মোৰ খং ভাৱিয়েই পাৰ নাপাওঁ..... ফাগুনে লঠঙা কৰা গছজোপাটো থাকে প্ৰত্যয়, প্ৰত্যাশা আৰু সম্ভাৱনা মোৰ জীৱনত যে একোৱেই নাই কোনোদিন নুফুলে তাত ৰঙীন ফুল কোনোদিন নালাগে জেতুকাৰ বোল... কো...

ধুনীয়া

Image
ধুনীয়া আমি ধুনীয়া  হয় , আমি ধুনীয়া আপুনি , মই,আমি আপুনি আপোনাৰ ধৰণেৰে আৰু মই মোৰ । আপোনাৰ ৰামধেনু ভাল লাগেনে? আপোনাৰ ফুল ভাল লাগেনে, ৰঙা , নীলা, হালধীয়া আদিবোৰ? আপোনাৰ পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, নদী, গছ , সাগৰ , আকাশ চাই ভাল লাগে? মোৰ ভাল লাগে । প্ৰকৃতিপ্ৰেমী হয় নে নহয় নাজানো  কিন্তু প্ৰাকৃতিক ভিন্নতা মোৰ প্ৰিয় । সকলো ধুনীয়া ভিন্নতাৰ সাঁজত  সকলো আপুনি ,মই ,আমি ... ধুনীয়া হোৱাৰতো সংজ্ঞা নাথাকে । আপুনি ধুনীয়া হ'বলৈ আন দহজনৰ স্বীকৃতিৰ প্ৰয়োজনীয়তাও নাথাকে । আপুনি ধুনীয়া আপোনাৰ মাজতে । আপুনি প্ৰথমে নিজক ধুনীয়া বুলি মানি লওঁক । তাৰ পাছত আনক । মাত্ৰ..…তুলনা নকৰিব ।  আপুনি ধুনীয়া আপোনাৰ ধৰণেৰে  আৰু মই মোৰ ধৰণেৰে ।  ✍️ ঋতুপৰ্ণা দত্ত

জোনাকী

Image
ক'ৰ পৰা আহিছা জোনাকী.... ? এই আন্ধাৰ নিশা...! নিয়ৰ কণা দুচকুত ভৰা.... আকৌ জোনাকী কিহৰ বতৰা ? আবেলিৰ সময়ছোৱাত আহিবাচোন জোনাকী  ক'ম তোমাক হৃদয় অগ্নিৰ বতৰা  অকলশৰীয়া নৈ খনকনো কিমান দিম হৃদয়ভৰা অগ্নিৰ বতৰা ! আবেলি আকাশত দিশহাৰ পক্ষী জনীও বিচাৰি পালে নিজৰ ঠিকনা  এই সংগ্ৰামি জীৱনৰ পথ বিচাৰিফুৰা  মই জনে নাজানো নিজৰ ঠিকনা।  কলীয়া ডাৱৰে আৱৰা, ধুমুহা গাজনিৰ মাজত মই আজি অকলশৰীয়া জোনাকী  এমুঠি পোহৰৰ বাত খুপিযাই ফুৰিছো  এই নিৰিবিলি আন্ধাৰ নিশা।।                                                                                🖎   অখিল তালুকদাৰ                                         ➖➖➖➖➖➖➖➖ ➖➖➖➖

প্ৰেমত পৰিছেনে আপুনি ?

Image
আপুনি ক'লে ‌আপুনি‌ বাৰে বাৰে  বৰষুণৰ প্ৰেমত পৰে । বৰষুণত তিতি প্ৰশান্তি লভে। মই শুনিলোঁ ।‌ আপুনি কি ভাবে আপুনি ক'ব  আৰু মই মানি লম ! জুলাই মাহৰ গা পুৰা ৰ'দৰ পাছত আবেলিৰ বৰষুণজাক  সকলোৰে ভাল লাগিব পাৰে‌ । একেবাৰে সৰল‌ ইয়াত ‌জটিলতা নাই। পুহমহীয়া ঠেঁটুৱে ধৰা জাৰত বৰষুণ বাৰু আপোনাৰ ভাল লাগেনে? বৰষুণত এবাৰ তিতি চাবলৈ  আপোনাৰ মন যায়নে ? আপুনি বহেনে ৰ'দ পিঠিত লৈ  আপোনাৰ চোতালত ? আপুনি নক'লেও মই জানো তেতিয়া আপোনাৰ ৰ'দ ভাল লাগে । জুইৰ সেঁকৰ প্ৰেমত পৰে আপুনি । কি জানে ! আপুনি শুনিবলৈ  বেয়া পাব পাৰে । মানি ল'ব নিবিচাৰিব পাৰে । কিন্তু সঁচাটো এইয়াই  যে প্ৰয়োজনত সকলো ভাল লাগে । প্ৰয়োজনীয়তা হেৰুৱালে  সকলো বিৰক্তিকৰ হৈ পৰে‌ । সকলোলৈ ক্ষোভ উপজে । এতিয়াও বাৰু আপুনি  ক'ব পাৰিবনে আপুনি  বৰষুণৰ প্ৰেমত পৰে ? আপুনি সঁচাকৈয়ে বৰষুণৰ প্ৰেমত পৰিব পাৰে  যদি এসপ্তাহ‌ যোৰা জাগললৈ  আপোনাৰ খং নুঠে । যদি আপুনি পুহ মহীয়া জাৰতো বৰষুণত তিতি ভাল পায় । আপুনি মানি লওঁক  প্ৰয়োজনীয়তাত‌ যদি আপুনি প্ৰেমত পৰিছে আপুনি সঁচাই প্ৰেমত পৰিছে সেয়া পোহৰেই হও...