Posts

Showing posts with the label অশ্ৰু

নৈ

Image
  ধীৰে ধীৰে বৈ যোৱা নৈৰ প্রচ্ছাদত থিয় হৈ মন মোহিত তাৰ অবিৰত গতিত। নিৰন্তৰে কেতিয়াবা লাহে আৰু কেতিয়াবা খৰ অশান্ত গতি, পাৰতে সাঁচিছে কত শত বছৰৰ বুৰঞ্জী- ইতিহাস থইছে জাপি। বাৰে বাৰে ধুইছে, নতুকে লিখিছে লগাইছে পলসৰ অলংকাৰ, লগতে খহাই পাৰ দুইয়ো দিছে পৰিচয় ভয়ংকতাৰ। বাৰিষাত ভীষণ বান দশোদিশ বোৱাই, জলমগ্ন সকলোটি দূৰতে জিলিকিছে বেলিটি লাগি ধৰি কাৰোবাৰ চালত হেৰাইছে বাট, নাই কোনো সহাৰি চাৰিওফালে পানী আৰু পানী পশ্চিমৰ আকাশত লুকাইছে সুৰুয লুকাইছে সকলো আশাৰ বাট, ৰেঙনী ওলাব পুনৰ দূৰ আকাশত ডাৱৰৰ প্রাচীৰ ভাঙি। মুহূত্বৰ্তে বিধ্বংসী ৰূপৰ হাতোৰাত সকলো টলমল, তথাপিও সি তাৰ মূৰত আনে এক নৱ সৃষ্টিৰ সমল। সেইয়ে সি সকলোতে বৈ যায় মনে মনে পোহৰৰ হাত ধৰি সুউচ্চ আকাশৰ পাৰি লয় ৰঙীন চাদৰ। সেই ৰঞ্জিত কুসুমৰ ৰঙে ৰঙে চিন্তাৰ গভীৰতাত দি যায় মধুৰ আচ্ছাদ।  শ্যামল  

হৃদয়ৰ আৰ্তনাদ

Image
          হৃদয়ত হাহাকাৰ           কেতিয়া লাগে?           জানানে বন্ধু!           যেতিয়া আপোন মানুহেই           বিশ্বাসঘাটকতা কৰে,           হৃদয়ৰ অটল গহ্বৰত থকা           প্ৰতিচ্ছবিয়ে যেতিয়া ঠগে,           ধুৰস হৈ পৰে ৰঙীন সপোনবোৰ           আশা নিৰাশাৰ দুমুজাত           দিক-বিদিক হেৰুৱাই           পিঞ্জৰাবদ্ধ পক্ষীৰ দৰে           চটফটাই থাকে           অকনি সঁচা অনুভুতি বোৰ।।             মলয়া  গগৈ শইকীয়া                                          ...

ভালপোৱা

Image
ভালপোৱা চকুপানী বোৰে অহৰ্নিশে তোমাকেই  বিচাৰে, যিদিনাৰ পৰা তুমি আঁতৰি গ'লা ! ভালপোৱা বোৰ যিদিনা আহিছিল মোৰ মন ফুলনিৰ ফুলবোৰে নতুনকৈ পাহি মেলিছিল, জোনাকবোৰ বুকুত নতুনকৈ গজিছিল,  নৱ অংকুৰিত  হৃদয়ৰ পাহে পাহে বগাইছিল কাজলি হৃদয়ৰ ছাঁ। চৰাইৰ কাকলিয়ে মোৰ ৰাতিপুৱা বোৰ সজাইছিল, আবেলিৰ ৰামধেনুৰ সেন্দুৰীয়া তুলিকাত আকিঁ লৈছিলো   ভালপোৱাৰ হেঙুলীয়া ছৱি। নিশাবোৰে সিচিঁ দিয়া জোনাক বিভোৰ হৃদয়ত ৰচিছিলো প্ৰতিশ্ৰুতিৰ অলেখ পৰাণ জুৰুৱা গীত এতিয়াটো তুমি নাই, ভালপোৱা বোৰো সেয়ে অহা বাটে   গ'ল। থৈ গ'লা মাথো মোৰ ৰিক্ত পৃথিৱীত সেন্দুৰীয়া কিছু যুগমীয়া স্মৃতি। প্ৰতিশ্ৰুতিৰ প্ৰতিচ্ছবিখন অকলেই পৰি ৰ'ল। তাকেই থৈছো সামৰি সুতৰি, যতনেৰে এতিয়াও  থৈছো আবৰি। ৰঞ্জুলা শৰ্মা

আকৌ এটা ভগ্ন প্ৰেমৰ কাহিনী

Image
কথা পতাৰ হাবিয়াস নাই মোৰ তোমাৰ হতে । প্ৰেমৰ বাসনাইও মত্ত কৰা নাই তোমাৰ বাবে । তুমি বাৰু সেই বিশ্বাস ঘাতকজন নোহোৱানে ! যি মোৰ হৃদয় খন ভাঙি থৈ গৈছা । এটা এটা নতুন কৌশলেৰে এটা এটা নতুন পৰিঘটনা।অকল মোৰ লগতেই নে আন কাৰোবাৰ লগতো ! প্ৰশ্ন কৰিবৰ মন নাযায়, তথাপি ভাঙি থৈ যোৱা হৃদয় খনেও সহিব নোৱাৰি সুধিছো। মোৰ হৃদয়ত উঠা জোৱাৰ ভাটাৰ বোৰ এতিয়া আৰু নাই।কোনো দিন ঘূৰি ও  নাহিব ছাগে । আৰু তোমাৰ দৰে অভিনয়ো কৰি যাব নোৱাৰো । কেৱল সময়ে সময়ে ভগ্ন হৃদয় খনে  চিঞৰি চিঞৰি কান্দিব বিচাৰে । কিন্তু সেই কান্দোনো আজি তোমাৰ বাবে অচিনাকি হৈ ৰল । মনে মনে বহু ভাবিছিলোঁ জানা ! ভাবি থাকোতেই গল।এইবোৰ মনৰ ভ্ৰম জানা,তোমাৰ দৰে ভণ্ড প্ৰেমিকে মোৰ দৰে আৰু কাৰ ঠুনুকা হৃদয় ভাঙিছা । পাৰিলে এইবোৰ নকৰিবা । আনৰ জীৱন লৈ হেতালী নেখেলিবা । সকলোৱেইতো মোৰ দৰে হব । তেতিয়া তোমাৰ বৰ ভাল লাগিব নহয় ! মই জানো তুমি আন্ধাৰৰ ৰজা, কোন সময়ত কোন দিশে গতি কৰা নিজেই নাজানা।চাবা এদিন তুমি ও পিছল খাবা । তুমিও প্ৰতাৰিত হবা তোমাৰ দৰে ভণ্ড প্ৰেমিকাৰ পৰা।তেতিয়া লৈ মোৰদৰে হৃদয় খন আইনা ভঙা দি ভাঙি  চকনাচুৰ হব।তেতিয়া মই কম আনৰ হৃদয়ৰ সৈতে খেলা কৰাৰ ...

নাৱৰীয়া

Image
ক'ৰ পৰা আহিলি তই অচিন নাৱৰীয়া, ক'লৈ নো যাবি ভটিয়াই !! ক্ষন্তেক জিৰাই যা' মোৰ ঘাটতে অলপ পাবি তই জীৱনৰ জুৰনিৰ আধাৰ । মোৰ ঘাটৰ বায়ুৱে জুৰ পেলাব  তোৰ ভাগৰুৱা হৃদয়ৰ যাযাবৰী নিশা, মোৰ ঘাটৰ পানীটুপিয়ে শাঁত পেলাব তোৰ ক্লান্ত হৃদয়ৰ অক্লান্ত তৃষা । আহিছ' চাগে কত ঘাট পাৰ হৈ লৈছেনে কোনোৱে তোৰ মনৰ খবৰ ? তোৰ পাহুৱাল দুবাহুত আছে   চাগে কত দুখ অপূৰ্ণ বাসনাৰ !! আছে চাগে হুমুনিয়াহ নোপোৱা বেদনাৰ !! কৈ যা নাৱৰীয়া,চেনেহৰ লগৰীয়া শুনিম তোৰ দুখভৰা হৃদয়ৰ কথা, অথবা হিয়াভৰা মৰমৰ অযুত বতৰা । দুয়োটাই ভগাই লম সুখৰ অকণমান, দুয়োটাই ভগাই লম দুখৰো অকনমান, সুখ,দুখৰ কথাৰে দুয়োৰে ভৰিব মন । পাম তাতে জীৱনৰ সুখ অমিয়া । নাবান্ধো তোক মৰমৰ এনাজৰীৰে চিৰদিন ধৰি, নিবিচাৰো তোক কৰিবলৈ বুকুৰ আপোন, অচিনাকি তই ,অচিন বাটেৰে যাবিগৈ পুনৰ উভটি । ভটিয়নি সোঁতত তই চাগে উটুৱাই দিবি সেই স্মৃতি  ঘাটে ঘাটে পাবি তই অলেখ লগৰী, সেই সোৱঁৰণি ৰাখি থম মোৰ মানস পটত, সাচিঁ থম জীৱনৰ শেষ সন্ধিয়ালৈ ।  কেতিয়াবা আহিলেও ধুমুহা জীৱনত সেই দুখৰীয়া স্মৃতিয়েই হ'ব মোৰ শান্তিৰ আলয় । ৰঞ্জুলা শৰ্মা   ~~~~~~~~~~~~~~~~~~

হৃদয়ৰ অনুভৱ

Image
উৰুঙা উৰুঙা হৃদয়ৰ অনুভৱ, কিবা এটা হেৰুৱাৰ অজুহাতত সময়বোৰ বাগৰিছে | অলিখিত প্ৰেম কাহিনী লিখিবলৈ মোৰ সাহস নাই, তথাপি লিখিছো কঁপা কঁপা আঙুলিৰে অনুভূতিবোৰ শিলৰ দৰে কঠিন । ভাবিছিলোঁ তোমাৰ মৰমৰ পৰশত মোৰ বুকুত ফুলিব এপাহি প্ৰেমৰ ৰজনী গন্ধা ।  তোমাৰ মৰমৰ উষ্ণ আলিংগনত তপত নিশ্বাসত  বৰফ হৈ গলিব মোৰ মৰমবোৰ হেঁপাহবোৰ   নালাগে দিয়া অনামী সম্পৰ্ক এটি নাম দিবলৈ ৷ পৰিচয়বিহীন হৈয়ে এটা সুন্দৰ গীত হৈ  আজীৱন কলিজাত বাজি ৰওঁক তাৰ সুৰ  |  যদিওবা সাহসে  নুকুলাই তোমাৰ হিয়া  জাতি-ভেদ, ধনী -দুখীয়া, উচ্চ-নীচৰ প্ৰাচীৰ ভাঙি  সমাজৰ আগত আমাৰ প্ৰেমৰ সম্পৰ্কে সবল যুক্তি   দাঙি ধৰি  মোক তোমাৰ আজীৱন জীৱন লগৰী কৰি ল'বলৈ                                                                 তেন্তে নালাগে থাকক দিয়া     আমাৰ প্ৰেমক তুমি গোপনে              ...

ব্যস্ততা যেতিয়া অজুহাত হয়

Image
ব্যস্ততা যেতিয়া অজুহাত হয় সম্পৰ্ক বোৰত ঘূণে ধৰে সমন্ধৰ তুলাচনিত অবিস্বাস বোৰ ভৰ হৈ পৰে । বুকুৱেদি উজাই অহা শব্দবোৰ মিথ্যাৰ আশ্ৰয়ত বহে । মিথ্যাত জানো আস্থা থাকে..... আস্থাৰ মৃত্যু হ'লে একেলগে সজতনে বন্ধা ৰজাৰ দ'ল চপৰা-চপৰকৈ খহে । ব্যস্ততাৰ সুৰুঙাই এবাৰ জুমি চাব শিকাচোন প্ৰত্যাশা ভৰা শব্দবোৰ তোমাৰ অপেক্ষাত ৰ'ব অমাৱস্যাৰ নিশাবোৰো জোনাকীয়ে পোহৰাব আতৰিব ধৰা সৰল নিভঁজুৱা প্ৰেমে তোমাৰ হৃদয়ৰ অন্তেষপুৰত সুখৰ কাৰেং সাজি মুকুতাৰ মালা গাঠিব ।                                               দীপিকা গোহাঁই ফুকন   %%%%%%%%%%%%%%%%%%%

অনুভূতি

Image
তোমাৰ কথাবোৰ ভাল লাগে, সপোনৰ এজাক মিঠা বৰষুণ সৰে ৷ বৰষুণত তিতি খুব ভাল পাওঁ, "দুখৰ চকুলো বাগৰিলেও দেখি ৰূপালী মালা সুখৰ" ৷ তোমাৰ কথাবোৰ ভাল লাগে  নিবিড় মায়া সনা, ভাগৰুৱা পখিটি জিৰাবলৈ  বিচাৰি পাই  মনৰ ঠিকনা ৷ তোমাৰ কথাবোৰ ভাল লাগে, সময়-ঘড়ী উটি যায় কেনিবা; অপবাদ থকা শিলুৱা হিয়াত  গজি উঠে সেউজীয়া ৷ তোমাৰ কথাবোৰ ভাল লাগে, তুমি ভাল নাপাওঁ বুলি ক’লেও বেয়া নালাগিব ৷ গজি উঠিব অপেক্ষাৰ অনন্ত বৃক্ষ, শুনি থাকিম বতাহত লাগি অহা কথাবোৰ, শুনিবলৈয়ে ৰৈ থাকিম ৷ তোমাৰ কথাবোৰ ভাল লাগে ৷ অমৰদীপ কলিতা

বিষাদ অশ্ৰু

Image
বিষাদৰ বানে উটোৱাই নিওতেই ক'ৰ পৰা জানোঁ টপককৈ পৰিল এচেৰেঙা সুখৰ ৰ'দ... দুচকুত সোৰোপা সপোনে পানীমিথৈ সজাতেই থাকিল উলোন্দি থকা মেঘবোৰ দুখৰ কণিকা হৈ পুনৰ মোৰ শৰীৰ ব্যাপি পৰিল... দুখবোৰে দুখকেই সাৱতি উচুপি উঠিল ।                                                     দীপিকা  গোহাঁই ফুকন   🙡 🙣 🙡 🙣 🙡 🙣 🙡 🙣 🙡 🙡 🙣 🙡 🙣 🙡 🙣 🙡 🙣 🙡