ব্যস্ততা যেতিয়া অজুহাত হয়
ব্যস্ততা যেতিয়া অজুহাত হয় সম্পৰ্ক বোৰত ঘূণে ধৰে সমন্ধৰ তুলাচনিত অবিস্বাস বোৰ ভৰ হৈ পৰে । বুকুৱেদি উজাই অহা শব্দবোৰ মিথ্যাৰ আশ্ৰয়ত বহে । মিথ্যাত জানো আস্থা থাকে..... আস্থাৰ মৃত্যু হ'লে একেলগে সজতনে বন্ধা ৰজাৰ দ'ল চপৰা-চপৰকৈ খহে । ব্যস্ততাৰ সুৰুঙাই এবাৰ জুমি চাব শিকাচোন প্ৰত্যাশা ভৰা শব্দবোৰ তোমাৰ অপেক্ষাত ৰ'ব অমাৱস্যাৰ নিশাবোৰো জোনাকীয়ে পোহৰাব আতৰিব ধৰা সৰল নিভঁজুৱা প্ৰেমে তোমাৰ হৃদয়ৰ অন্তেষপুৰত সুখৰ কাৰেং সাজি মুকুতাৰ মালা গাঠিব । দীপিকা গোহাঁই ফুকন %%%%%%%%%%%%%%%%%%%