Posts

Showing posts with the label হৃদয়

সপোনৰ দুৱাৰ

Image
          জুমি চাইছিলো       এদিন সপোনৰ দুৱাৰ খনলৈ       চয়াময়া কুৱলিৰ ফাঁকে ফাঁকে তোমাৰ ছবিখনি দেখিছিলো       নিলাভ নয়ন যুৰিৰে তুমি মোলৈ চাই হাহিছিলা ।      বুকুখন কঁপি উঠিছিল       এক অজান শিহৰণ তুলি ।      লাহে লাহে মই আগবাঢ়ি গৈছিলো       দেখা পালো দুৱাৰখন খোলা আছে       তাতেই তুমি থকা উমান পালো ।      দুয়ো দুয়োৰে হাতত ধৰি খোজ ললোঁ       তোমাৰ পৰশত প্ৰাণ পাই উঠিল মোৰ       উন্মুক্ত হৃদয়ৰ অনুভৱ       বহু দুৰ আগবাঢ়ি গ'লো       তুমি অজানিতে  এৰি দিলা       তোমাৰ হাতখন       মই বাট হেৰুৱাই পেলালো ।      আজিও তাতেই ৰৈ আছোঁ       আহিবা বুলি আৰু লৈ যাবা       সপোনৰ দুৱাৰ খন খুলি ,      তাতেই যুৰিম আমি দুয়ো...

অনুভৱ

Image

এমুঠি জোনাক

Image
             কোমল কোমল খোজত        জীৱনৰ সোণোৱালী দিনবোৰ ।      ভটীয়নী নাওত জানো থিৰ কৰিব পাৰি ?      জানোছা হেৰাই যায়       আশাৰ বৈঠাখনি গভীৰতাৰ জলাধাৰত       শামুকবোৰো গৈছিল পিছে পিছে ধীৰ গতিত       সাগৰৰ উঠলি অহা ঢৌৱে       উটুৱাই লৈ গৈছিল       বালিবোৰৰ মাজে মাজে       আকৌ ওভতনি ঢৌত আহিল উভতি ।      হাতৰ পৰশ পাই       খুলি চালোঁ       মুকুতাযেন আছে জিলিকি       সূৰ্যৰ পোহৰত জিলিকি       চাট মাৰি ধৰিছিল মুকুতাৰ পোহৰবোৰ ।      আশাবোৰে দৌৰিছিল বেগাই যেন বেগান্ত অশ্বাৰোহী       দীঘলীয়া পথত       সোণাৰুৱে পাৰি থৈছিল       হালধীয়া চাদৰ খনি ।      আইতাই যে কৈছিল সাধু ত       ৰাজকু...

হৃদয়ৰ আৰ্তনাদ

Image
          হৃদয়ত হাহাকাৰ           কেতিয়া লাগে?           জানানে বন্ধু!           যেতিয়া আপোন মানুহেই           বিশ্বাসঘাটকতা কৰে,           হৃদয়ৰ অটল গহ্বৰত থকা           প্ৰতিচ্ছবিয়ে যেতিয়া ঠগে,           ধুৰস হৈ পৰে ৰঙীন সপোনবোৰ           আশা নিৰাশাৰ দুমুজাত           দিক-বিদিক হেৰুৱাই           পিঞ্জৰাবদ্ধ পক্ষীৰ দৰে           চটফটাই থাকে           অকনি সঁচা অনুভুতি বোৰ।।             মলয়া  গগৈ শইকীয়া                                          ...

ভালপোৱা

Image
ভালপোৱা চকুপানী বোৰে অহৰ্নিশে তোমাকেই  বিচাৰে, যিদিনাৰ পৰা তুমি আঁতৰি গ'লা ! ভালপোৱা বোৰ যিদিনা আহিছিল মোৰ মন ফুলনিৰ ফুলবোৰে নতুনকৈ পাহি মেলিছিল, জোনাকবোৰ বুকুত নতুনকৈ গজিছিল,  নৱ অংকুৰিত  হৃদয়ৰ পাহে পাহে বগাইছিল কাজলি হৃদয়ৰ ছাঁ। চৰাইৰ কাকলিয়ে মোৰ ৰাতিপুৱা বোৰ সজাইছিল, আবেলিৰ ৰামধেনুৰ সেন্দুৰীয়া তুলিকাত আকিঁ লৈছিলো   ভালপোৱাৰ হেঙুলীয়া ছৱি। নিশাবোৰে সিচিঁ দিয়া জোনাক বিভোৰ হৃদয়ত ৰচিছিলো প্ৰতিশ্ৰুতিৰ অলেখ পৰাণ জুৰুৱা গীত এতিয়াটো তুমি নাই, ভালপোৱা বোৰো সেয়ে অহা বাটে   গ'ল। থৈ গ'লা মাথো মোৰ ৰিক্ত পৃথিৱীত সেন্দুৰীয়া কিছু যুগমীয়া স্মৃতি। প্ৰতিশ্ৰুতিৰ প্ৰতিচ্ছবিখন অকলেই পৰি ৰ'ল। তাকেই থৈছো সামৰি সুতৰি, যতনেৰে এতিয়াও  থৈছো আবৰি। ৰঞ্জুলা শৰ্মা

প্ৰেম সাগৰৰ প্ৰেমিক

Image
     তোমাক দেখিলে অলপ লাজ লাজ লাগে      অলপ ভয় ভয় লাগে       কিন্ত নেদেখিলে আকৌ বেয়া লাগে      আজি কথা পাতিম বুলি ভাবিছিলো      কি সুধিম, কি বুলি কওঁ ?      ভাবোঁতে ভাবোঁতে তুমি গুচি গলা       ইমান দূৰ পোৱাৰ পাছত কি কৰোঁ      পিছফালৰ পৰা চিঞৰি দিলে       আন কোনোবাই কি বুলিব...      নহব আৰু       এনেইতো তুমি বহুত ভালেই যেন লাগিছে      কিবা কৰি যদি কথা পাতিব পাৰিলে...      ৰাতিপুৱা ন’ বাজিছে হে       হে হে হেৰি গুডমৰ্ণিং      ভালে আছে নে...        এনেই কৈ দিলোঁ       তাইৰ ডায়েৰীখন পৰি যাব বুলি জনা হলে      মইতো কেতিয়াও নকওঁ      তাই বা কি ভাবিছে নাজানো      গুড মৰ্ণিং নিদিয়া হলেই ভাল আছিল       কিমান যে মনত গালি পাৰিছে চাগে  ...

গীতৰ তালেৰে

Image
  কালিৰ গীত আজি গান সিদিনাৰ সংগীত ,আজি কোলাহল। সময়ৰ সোঁতত সলনি হৈ জাতিৰ সংস্কৃতি আজি জাতিৰ ধ্বংসক। গছ-গছনিৰ সৌন্দৰ্য্যৰে ভৰপূৰ বৈচিত্ৰময় পৃথিৱী আজি ওখ ওখ আট্টালিকা আৰু মানুহৰ ধূসৰ মনেৰে সজা এখন কংক্ৰীট হাবি। এইবোৰ সলনি হ'বলৈ ডাঙৰ বিস্ফোৰকৰ প্ৰয়োজন নাই। কালচক্ৰত ই সলনি হৈছে আৰু সলনি কৰিছো আমি। হেৰা বন্ধু পাহৰি নাযাবা নিজ মাতৃভাষা পাহৰি নাযাবা নিজৰ পিতৃ সংস্কৃতি সাৱটি লোৱা বন্ধুত্বক চিনি লোৱা শত্ৰু যিয়ে নিঃশেষ কৰিবলৈ আহিছে তোমাৰ জাতিক,তোমাৰ স্বদেশক যি আজি সঁচাকৈ সংকটত উদ্ধাৰ কৰা নিজ মাতৃক উদ্ধাৰ কৰা নিজ পিতৃক। যিয়ে অপেক্ষা কৰি আছে তোমাৰ বাবে পালন কৰা নিজ দায়িত্ব,...

আবেগ

Image
তুমি মই আমি প্ৰায়বোৰেই নিজৰ কথাকে ভাবিয়েই আনন্দিত হওঁ প্ৰতিনিয়ত। মানুহৰ বাবে ভাবিবলৈ কোনোবাই সোঁৱৰাই দিব লাগে আমাক। কাৰোবাৰ উদাত্ত আহ্বানত আমি ওলাই আহো আমাৰ মৰম বিলাবলৈ আৰ্তজনক। আমি প্ৰত্যেকেই জানো আবেগ ব্যক্তিগত। কেতিয়াবা সামূহিক ৰূপ লয় কোনো বিশেষ মুহূৰ্তত। কেতিয়াবা হয় সফল কেতিয়াবা বিফল। আবেগে ঢুকি নেপাবও পাৰে জীৱন বাসনাৰ প্ৰমূল্য।             মন্দিৰা বৰুৱা                   **********************

তুমি দিয়া চিঠি

Image
মোৰ ডায়েৰীৰ ভাঁজত তুমি দিয়া চিঠি  আৰু মায়াৱী ছবিবোৰৰ আৰ্তনাদ শুনিলো আজি আকৌ বহু দিন অন্তত, জানা...! তুমি লিখা মধুৰ বাণীবোৰে মোক কন্দৱাই হে এৰে ! তুমি তো আজি সুখী নো কলিজা...? মই তোমাৰ হ'ম বুলি আশা পথেৰে সদায়েই আগবাঢ়িছিলা তোমাক মই পাহৰিম বুলি ভয়তে... কতো না শপথেই খুৱাইছিলা !  কিমান যে বৰ্ণিত আছে তোমাৰ হিয়া ভাষা মোৰ জখমী মনৰ ৰক্তাক্ত হৃদয়খনত, হয়তো তুমি নাজানো ! তুমি গুচি গ'লা আনন্দত আৰু মই ক্লান্ত ভাৱনাত কিদৰেই ৰাখোঁ জীয়াই তোমালৈ দিয়া কথা ! সপোনত উৰিছিলো দুয়ো কল্পলোকতেই বাস কৰিছোঁ, বহু চিন্তাতেই যেন কৈছিলা তুমি... ধুমুহা আহিলে হাতে হাত ধৰিম বৰষুণ দিলে একেলগেই তিতিম কষ্ট চুলে একেলগে কান্দিম দুখ সাগৰত ককবকালে সাৱটি ধৰি একেলগেই মৰিম ! হয়...! আজি চকুলোত ভাহিছো স্মৃতি সাগৰতো ডুবিছো নাই...! স্মৃতিৰ বন্তি গছ জ্বলি জ্বলি শেষ হোৱা নাই যেন কেৰাচিন,পেট্ৰোল পৰা দি  আৰু বেছি হে জ্বলি উঠিছে  গছজোপা লহপহকৈ। সঁচাকৈয়েই....! আজি পৃথিৱীখন নিষিদ্ধ লাগে তুমিহীন কিদৰেই বুজাওঁ....! ঠিকনা বিহীন যেন হৈ পৰিছে মোৰ জীৱন; তোমাৰ বাসনা তৃপ্তিৰ  পগলা ভাৱিছিলা হয়তো মোক; পেলনীয়া আৱ...

আকৌ এটা ভগ্ন প্ৰেমৰ কাহিনী

Image
কথা পতাৰ হাবিয়াস নাই মোৰ তোমাৰ হতে । প্ৰেমৰ বাসনাইও মত্ত কৰা নাই তোমাৰ বাবে । তুমি বাৰু সেই বিশ্বাস ঘাতকজন নোহোৱানে ! যি মোৰ হৃদয় খন ভাঙি থৈ গৈছা । এটা এটা নতুন কৌশলেৰে এটা এটা নতুন পৰিঘটনা।অকল মোৰ লগতেই নে আন কাৰোবাৰ লগতো ! প্ৰশ্ন কৰিবৰ মন নাযায়, তথাপি ভাঙি থৈ যোৱা হৃদয় খনেও সহিব নোৱাৰি সুধিছো। মোৰ হৃদয়ত উঠা জোৱাৰ ভাটাৰ বোৰ এতিয়া আৰু নাই।কোনো দিন ঘূৰি ও  নাহিব ছাগে । আৰু তোমাৰ দৰে অভিনয়ো কৰি যাব নোৱাৰো । কেৱল সময়ে সময়ে ভগ্ন হৃদয় খনে  চিঞৰি চিঞৰি কান্দিব বিচাৰে । কিন্তু সেই কান্দোনো আজি তোমাৰ বাবে অচিনাকি হৈ ৰল । মনে মনে বহু ভাবিছিলোঁ জানা ! ভাবি থাকোতেই গল।এইবোৰ মনৰ ভ্ৰম জানা,তোমাৰ দৰে ভণ্ড প্ৰেমিকে মোৰ দৰে আৰু কাৰ ঠুনুকা হৃদয় ভাঙিছা । পাৰিলে এইবোৰ নকৰিবা । আনৰ জীৱন লৈ হেতালী নেখেলিবা । সকলোৱেইতো মোৰ দৰে হব । তেতিয়া তোমাৰ বৰ ভাল লাগিব নহয় ! মই জানো তুমি আন্ধাৰৰ ৰজা, কোন সময়ত কোন দিশে গতি কৰা নিজেই নাজানা।চাবা এদিন তুমি ও পিছল খাবা । তুমিও প্ৰতাৰিত হবা তোমাৰ দৰে ভণ্ড প্ৰেমিকাৰ পৰা।তেতিয়া লৈ মোৰদৰে হৃদয় খন আইনা ভঙা দি ভাঙি  চকনাচুৰ হব।তেতিয়া মই কম আনৰ হৃদয়ৰ সৈতে খেলা কৰাৰ ...

নাবান্ধিবা মোক শিকলিৰে

Image
অভিমান সকলোৱে কৰে  তুমি বাৰু কিয় ইমান অভিমানকাৰী  বন্ধ দুৱাৰৰ ভিতৰত ৰাখিলা মোক শিকলিৰে বান্ধি  ইমান অন্ধকাৰ আছিল কোঠালিটো  মাথোঁ এডাল মমবাতি  তাকো আধাপুৰা  কেতিয়া নুমুৱাই যায় একো ভৰসা নাই  তোমাৰ অভিমানবোৰ সামৰি নোৱাৰা জানো আহিব আকৌ ঘূৰি.....? যদি তুমি পাৰা  ঘূৰাই দিয়া মোক অতীতৰ স্মৃতি !খং অভিমানবোৰ টোপোলা বান্ধি । যদি তুমি পাৰা তোমাৰ হৃদয়ৰ বন্ধ কোঠালিৰ দিয়া দুৱাৰ খুলি  অলপ চেচাঁ বতাহ লওঁ  প্ৰেমৰ সুবাসেৰে  অলপ উশাহকণ দীঘল কৰোঁ জীয়াই থকাৰ মানসেৰে । প্ৰেম কৰিলে বাৰু কিয় নীৰ বয়  প্ৰেম যদি সচাঁ হয়  কিয় আপোন নহয় .....? ইমান পবিত্ৰ শব্দটি  যাক গোলাপেৰে আদৰা হয় কাঁইটবোৰ সেইবাবে আছে নেকি  মৰমবোৰ যেতিয়া চলনাময়ী হয়  কাঁইটবোৰত আঘাত পায়  সেইবাবে প্ৰেম কৰিলে নীৰ  বাৰে বাৰে বয় ।                                         কল্যাণী ডেকা (নলবাৰী)

হেৰাই নাযাবা

Image
তুমি মোৰ জীৱনৰ  এটি সৰু তৰা, তোমাৰ মাজতে আছে মোৰ মৰমৰ ধৰা। তুমি হাঁহিলে মোৰ  বিষাদ আতৰে, তোমাৰ চকুলোৱে মোক নিমিষতে মাৰে। তোমাক পাবলৈ মোৰ মন ব্যাকুল, মৰম তোমাৰ বাবে আছে বিপুল। জীৱনৰ লগৰী হৈ তুমি থাকিবা, জনমে জনমে মোৰ  মৰম লবা। কাহানিও তুমি প্ৰিয়া আতৰি নাযাবা, সপোনৰ ঘৰ ভাঙি হেৰাই নাযাবা। যুগে যুগে তোমাক মই কাষতে বিচাৰোঁ, মোৰ দুখৰ পৰত মই তোমাক হাততে বিচাৰোঁ। হেৰাই নাযাবা প্ৰিয়া হেৰাই নাযাৱা, জনমে জনমে তুমি হৃদয়তে থাকিবা। সৃষ্টি প্ৰকাশ (মৰিগাঁও) ==================

ৰঙা গোলাপ পাহ

Image
       সৌ যে ৰঙা গোলাপ পাহ আমি লগপোৱাৰ প্ৰথমটো স্মৃতি  তোমাৰ বাৰু মনত আছে নে ? নৈ পাৰৰ উন্মনা বতাহ যাক । তোমাৰ হাতত হাত থৈ কহুৱা বোৰৰ মাজে মাজে মই যে  পখিলা খেদিছিলো, আৰু তুমি মোলৈ ৰʼলাগি  চাই আছিলা চকুৰ পতা নজপোৱাকৈ । ভাল লগা আছিল নহয়  তোমাৰ মোৰ একান্ত ব্যক্তিগত সময় বোৰ, মই তোমাৰ বুকুত  মূৰ থৈ উচুপি উঠিছিলো  তুমি কিন্তু মোক এৰি কেতিয়াও নাজাবা দেই বুলি কৈ । আৰু তুমি যে মোক শান্তনা দিবলৈ ৰঙা গোলাপ পাহ মোৰ দীঘল  বেনী দালত গুজি দিছিলা কপালত এটা মিঠা চুমা আকিঁ । ভাল লাগে জানা স্মৃতিবোৰ  সুৱঁৰি অনুভৱ বোৰৰ মনিকোঠাত তুমি গুজি দিয়া সৌ ৰঙা  গোলাপ পাহ আৰু বেছি ৰঙা  হৈ ফুলি উঠে ।।          পূজা শইকীয়া   ********************* 

জোনাকৰ ছাঁ

Image
ফাগুনৰ এটি কোমল সন্ধিয়া মনত বা আছেনে তোমাৰ ! পলাশে আবিৰ সনা জোনালী হৃদয় মোৰ ল'লাহি আকোৱালি তোমাৰ বুকুৰ উমত । চেনেহৰ সেন্দুৰীয়া দলিচা বনত মোৰ সিঁচি দিলা সেউজীয়া গুটিমালী বোৰ ।। আকাশ নীলা বুকুৰ পথাৰ খনত দুয়ো মিলি সাজিছিলো এটি কণমানি পজাঁ । জোন সৰা জোনাকৰ কৃষ্ণচুড়া ৰঙে সজালেহি আমাৰ দুয়োখনি হিয়া ।। সচাঁ মিছা অভিমান খেলিলো কতনো খেল পাতিলো কিমান কথা জোনাকৰ পাৰতে ৰৈ। ৰুণজুণ নুপুৰেৰে জোনাকী জনীয়েও আহি  উজলাই তুলিছিল আমাৰ সৰু পজাঁ।। ৰংবোৰ গভীৰ হ'ল ৰাতিও গহীন হ'ল নামি আহিল এন্ধাৰৰ অমানিশাবোৰ । আচঁলত সাঁচি ৰখা মৰম জোনাকীটিও  এন্ধাৰৰ আঁৰ লৈ হঠাতে নোহোৱা হ'ল ।। বালিয়ৰি ধুমুহাই ভাঙি থৈ গ'ল  জোনাক আকলুৱা আমাৰ হিয়া পজাঁটি ।। তুমি আঁতৰি গ'লা ৰংবোৰো আঁতৰি গ'ল সজোৱা নহ'ল আৰু জীৱন সপোন বোৰ । যোৱাৰ পৰত নিদিলা এষাৰি মাত খং নে অভিমান নাজানিলো মই । ঠিকনা বিহীন হৈ সময় বালিত  পৰি ৰ'লো ৰূপহীন বালিচন্দা হৈ ।।  আছা যদি এতিয়াও জোনাকী বাটত ৰৈ হেঙুলীয়া আকাশৰ ৰামধেনু চাই । দেখিবা সদায়ে মোক   মৰম কহুঁৱা হৈ  বাট চাই আছো  মাথো জোনাকৰ ছাঁ হৈ ।। ৰঞ্জুলা শৰ্মা ----------%...

এটি অনুভৱ

Image
জোনাক নিশাটি  অকলে অকলে বহি তন্ময় হৈ চাইছো আকাশলৈ নিশা যিমানে গভীৰ হৈ আহে আকাশৰ বুকুত  জোনাকৰ নানা খেলৰ এক অপূৰ্ব দৃশ্য ! কবিৰ মনলৈ আহে শব্দৰ মুকুতা মালা । কিমান যে ৰোমাণ্টিক ভাবে আগুৰি লয় কবিৰ কাব্য কাননত । কত প্ৰেয়সীয়ে খিৰিকৰে চাই পঠিয়াই জোনাকলৈ মনৰ মাজত প্ৰিয়জনৰ  ছবি আঁকি আঁকি । আকৌ কতজনৰ দুখৰ বন্যাই আগুৰে উজাগৰী জোনাক নিশা ! হৃদয়ে যেতিয়া নুবুজে মৰমৰ গভীৰতা স্বপ্ননীল আকাশৰ জোনাকেও দিব নোৱাৰে সহাৰি উজাগৰী নিশাৰ । বিষাদে আগুৰি লয় স্নিগ্ধ জোনাকৰ পোহৰ ।। মন্দিৰা বৰুৱা ***********************