অসমীৰ সুযোগ্য কন্যা লাভলীনা


লাভলীনা বৰগোহাঁই  এগৰাকী ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। তেওঁ অসমৰ গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰৰ বাৰমুখীয়া গাঁৱত জন্ম হৈছিল। তেওঁ ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ ৬৯ কিলোগ্ৰাম ৱেলটাৰৱেট শাখাত তৃতীয় স্থান অৰ্জন কৰিছিল। অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা আৰু শিৱ থাপাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয় গৰাকী বক্সাৰ হিচাপে পৰিগণিত হৈছে। ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰে। ২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে।

১৯৯৭ চনৰ ২ অক্টোবৰ তাৰিখে অসমৰ গোলাঘাট জিলাত লাভলীনা বৰগোহাঁইৰ জন্ম হৈছিল। তেওঁৰ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই। তেওঁৰ পিতৃ এজন মধ্যম বৰ্গৰ ব্যৱসায়ী। তেওঁৰ যমজ বায়েক দুগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ।

লাভলীনা ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে এদিন দেউতাকে ঘৰলৈ মিঠাই বান্ধি অনা বাতৰি কাকতখনত বক্সাৰ মহম্মদ আলিৰ বিষয়ে প্ৰকাশিত প্ৰবন্ধ এটা আছিল। সেই প্ৰবন্ধটো দেউতাকে লাভলীনাক পঢ়িবলৈ দিয়ে। লাভলীনাই লেখনিটো পঢ়ি মহম্মদ আলিৰ বিষয়ে জানিব পৰাৰ লগতে বক্সিঙৰ প্ৰতি আকৰ্ষিত হ'ল। সেইয়াই আছিল লাভলীনাৰ বক্সিং সম্পৰ্কে প্ৰথম ধাৰণা। দেউতাকেও বক্সাৰ হ’বলৈ উৎসাহ দিয়ে। বায়েক দুগৰাকীৰ দৰে লাভলীনায়েও প্ৰথমতে কিক বক্সাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। সৰুতে মুৱাথাই খেলিবলৈ লোৱা লাভলীনাই এগৰাকী সম্পৰ্কীয় বায়েকৰ প্ৰেৰণাত বক্সিং গ্লোভচ হাতত তুলি লৈছিল। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বৰপথাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত কৰা অনুশীলনীত তেওঁ প্ৰশিক্ষক পদুম বড়োৰ চকুত পৰে আৰু ২০১২ চনৰ পৰা তেওঁ লাভলীনাক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। পিছলৈ ভাৰতীয় মহিলা বক্সিঙৰ মুখ্য প্ৰশিক্ষক শিৱ সিঙে তেওঁক প্ৰশিক্ষণ দিয়ে।

২০১৮ চনৰ AIBA মহিলা বক্সিং বিশ্ব (IOS)

লাভলীনাই প্ৰথম বাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰে নতুন দিল্লী ত অনুষ্ঠিত হোৱ ২০১৮ চনৰ AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত। ইয়াত তেও মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।

২০১৯ চনৰ AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপ

২০১৯ চনত লাভলীনা ২য় বাৰৰ বাবে ৰাছিয়াত অনুষ্ঠিত AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ বাবে পোনপটীয়াকৈ নিৰ্বাচিত হয়।তেও ৬৯ কিলোগ্ৰাম শাখাৰ চেমি ফাইনেলত চীনৰ য়াং লিউৰ হাতত ২-৩ ব্যৱধানত পৰাস্ত হয়।

২০১৯ চনত লাভলীনা ইনফিনিটি অপ্তিমেল চলিউচনচ (IOS) নামৰ ক্ৰীড়া ব্যৱস্থাপনা সংস্থা এটাৰ সৈতে তেওৰ ব্যৱসায়িক লেনদেন বিলাক চোৱাচিতা কৰিবৰ বাবে চুক্তিৱদ্ধ হয়।

২০২০ চনৰ এচিয়া আৰু অচেনিয়া অলিম্পিক নিৰ্বাচন প্ৰতিযোগিতা

২০২ও চনৰ মাৰ্চ মাহত লাভলীনাই উজবেকিস্তানৰ মফতুনাখন মেলিভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি টকিঅ অলিম্পিকত অংশগ্ৰহণ কৰিবৰ বাবে যোগ্যতা অৰ্জন কৰে। লগতে তেও অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা অসমৰ প্ৰথম মহিলা খেলুৱৈ ৰূপে পৰিগণিত হয়। এই খেলত তেও চীনৰ গু হ্ঙৰ হাতত ৫-০ ত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে।

টকিঅ' অলিম্পিক ২০২০

২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ' অলিম্পিক ২০২০ (২০২০ গ্ৰীষ্মকালীন অলিম্পিক) ত লাভলীনাই অংশগ্ৰহণ কৰি অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ হিচাপে ইতিহাস ৰচে। ২০২০ চনৰ মাৰ্চ মাহতেই জৰ্ডানত অনুষ্ঠিত হোৱা এছিয়া এণ্ড ওছেনিয়া বক্সিং অলিম্পিক কোৱালফিকেচন টুৰ্ণামেণ্টখনত লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ মাফটুনাখন মেলেইভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰাৰ লগে লগেই লাভলীনাৰ টকিঅ’ যাত্ৰা নিশ্চিত হৈ পৰিছিল। টকিঅ’ অলিম্পিকত বক্সিংৰ ৬৯ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰে। এই শাখাত লাভলীনাৰ স্থান বিশ্ব ক্ৰমত ৩।

প্ৰি কোৱাৰ্টাৰ ফাইনেল

২৭ জুলাইত অনুষ্ঠিত অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰত লাভলীনাই জাৰ্মানীৰ প্ৰতিপক্ষ নাডীয়া এপেজক ৩-২ ব্যৱধানত পৰাস্ত কৰে। প্ৰথমৰে পৰা নাডীয়াক লাভলীনাৰ তুলনাত আক্ৰমণাত্মক দেখা গৈছিল। লাভলীনাক প্ৰত্যাহ্বান জনাই তেওঁ প্ৰথমটো ছেট নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হয়। পিছৰ তিনিটা ছেট লাভলীনাই দখল কৰে যদিও শেষৰটো ছেটত পুনৰ নাডীয়াই প্ৰত্যাৱৰ্তন কৰে। অৱশ্যে লাভলীনাই চূড়ান্ত সময়ত বিজয়ী হয়। ইয়াৰ লগে লগে অলিম্পিকত বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা তেওঁ অসমৰ প্ৰথমগৰাকী বক্সাৰ হিচাপে পৰিগণিত হয়। ৩০ জুলাইত পুৱা ৮:৪৮ বজাত কোৱাৰ্টাৰ ফাইনেল মেচ চাইনীজ টাইপেইৰ চেন নিয়েন চিনৰ সৈতে অনুষ্ঠিত হয়।

কোৱাৰ্টাৰ ফাইনেল

৩০ জুলাইত কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চাইনীজ টাইপেইৰ চেন নিয়েন চিনক ৪-১ ব্যৱধানত পৰাজিত কৰি জয় লাভ কৰে। ইয়াৰ জৰিয়তে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে লাভলীনাই ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। লাভলীনা অলিম্পিকৰ পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। ছেমিফাইনেলৰ বাবে লাভলীনাৰ প্ৰতিদ্বন্দ্বী হয় তুৰস্কৰ খেলুৱৈ।

ছেমিফাইনেল

৪ আগষ্টত অনুষ্ঠিত ছেমিফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত লাভলীনা বৰগোহাঁই ৫-০ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ ফলত লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰিবৰ সক্ষম হয়। তেওঁ হৈছে অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি।

 

 -----------------


                                                                                 আৰু পঢ়িবৰ বাবে ক্লিক কৰক 

Comments

Popular posts from this blog

সপোনৰ দুৱাৰ

তোমাক ভাল পাওঁ বাবেই

নাৱৰীয়া