ধুনীয়া
আমি ধুনীয়া
হয় , আমি ধুনীয়া
আপুনি , মই,আমি
আপুনি আপোনাৰ ধৰণেৰে
আৰু মই মোৰ ।
আপোনাৰ ৰামধেনু ভাল লাগেনে?
আপোনাৰ ফুল ভাল লাগেনে,
ৰঙা , নীলা, হালধীয়া আদিবোৰ?
আপোনাৰ পৰ্বত, পাহাৰ, মালভূমি, সমভূমি,
নদী, গছ , সাগৰ , আকাশ চাই ভাল লাগে?
মোৰ ভাল লাগে ।
প্ৰকৃতিপ্ৰেমী হয় নে নহয় নাজানো
কিন্তু প্ৰাকৃতিক ভিন্নতা মোৰ প্ৰিয় ।
সকলো ধুনীয়া ভিন্নতাৰ সাঁজত
সকলো আপুনি ,মই ,আমি ...
ধুনীয়া হোৱাৰতো সংজ্ঞা নাথাকে ।
আপুনি ধুনীয়া হ'বলৈ আন দহজনৰ
স্বীকৃতিৰ প্ৰয়োজনীয়তাও নাথাকে ।
আপুনি ধুনীয়া আপোনাৰ মাজতে ।
আপুনি প্ৰথমে নিজক ধুনীয়া বুলি মানি লওঁক ।
তাৰ পাছত আনক ।
মাত্ৰ..…তুলনা নকৰিব ।
আপুনি ধুনীয়া আপোনাৰ ধৰণেৰে
আৰু মই মোৰ ধৰণেৰে ।
সুন্দৰ অনুভৱৰ বৰ্হিপ্ৰকাশ, ভাল লাগিল।
ReplyDelete