এটি অনুভৱ





জোনাক নিশাটি 
অকলে অকলে বহি
তন্ময় হৈ চাইছো
আকাশলৈ
নিশা যিমানে গভীৰ হৈ আহে
আকাশৰ বুকুত 
জোনাকৰ নানা খেলৰ
এক অপূৰ্ব দৃশ্য !
কবিৰ মনলৈ আহে
শব্দৰ মুকুতা মালা ।
কিমান যে ৰোমাণ্টিক ভাবে আগুৰি লয়
কবিৰ কাব্য কাননত ।
কত প্ৰেয়সীয়ে খিৰিকৰে
চাই পঠিয়াই জোনাকলৈ
মনৰ মাজত প্ৰিয়জনৰ 
ছবি আঁকি আঁকি ।
আকৌ কতজনৰ
দুখৰ বন্যাই আগুৰে
উজাগৰী জোনাক নিশা !
হৃদয়ে যেতিয়া নুবুজে
মৰমৰ গভীৰতা
স্বপ্ননীল আকাশৰ জোনাকেও
দিব নোৱাৰে সহাৰি
উজাগৰী নিশাৰ ।
বিষাদে আগুৰি লয়
স্নিগ্ধ জোনাকৰ পোহৰ ।।


***********************

Comments

Popular posts from this blog

তোমাক ভাল পাওঁ বাবেই

সপোনৰ দুৱাৰ