আশাৰ বতৰা



আবেলিৰ বগলী উৰি যায়
পাছে পাছে আনে ক'লা চন্দ্রমাৰ নিশা
তৰাৰ তিৰবিৰণি, জোনৰ জিলিকণি
পোহৰৰ তৰি যাই ৰেখা।
 দিনত কৰি যোৱা ভাগৰ
ৰাতি জুমুৰি দেখা দিয়ে চকুত
জুইশালৰ জুইৰ তাপত
উমাল হৈ উঠে বুকু।
আঘোণৰ পথাৰৰ ধান 
দাৱনীৰ কামৰ স'তে
চোকা ৰ'দত বহি ৰবাব টেঙাৰ
বাকলি গুছাই গুছাই আলীতে বহি চাই ভাৱে 
ওলমাই নিয়া ঠোকৰ মুঠি টান।
ভঁৰাল মচি মচি
কোনেনো ভাৱে আজি
ভঁৰালৰ ধূলি আৰু আঘোণৰ কুঁৱলীয়ে
ঢাকি যাই মনৰ আশাৰ বাট।
ঢাকি দিলেও আশাৰ বাটক
তথাপিও নৰই খোঁজ
শুৱনি প্রকৃতিৰ সুবাসত 
আগবাঢ়ি যায় জীৱনৰ যুজ। 
হ'লেও খেতি ভাল
ওলাব তাতে পতান 
যিমানেই নিদিয়া তুমি
ওপচাই পলস, 
সাধাৰণ চহাৰ কামৰ বোজাত 
ওপচি পৰিলেও খেতি নালাগে ঠিত 
নপৰে যিমানেই ঘাম মাটিত।
আহিলেও বিহু, ৰাঙলী দিন
আৰু আহিব কত উৎসৱ গীতি
ভৰিলেও ভঁৰালৰ পৰাণ
নমৰে জীৱনৰ অভাৱ
দুচকুত ভাঁহে সুখৰ স্বপ্ন
থাকে মুখত হাঁহি,বুকুত কান্দি।
পলাই ফুৰিলেও দিনত
দেখুৱালেও সুখ মুখত
লুকাই থাকে দুচকুত চকু পানী।


Comments

সৰ্বাধিক প্ৰচলিত

ভাল লগা ছোৱালীজনী

হৃদয়ৰ অনুভৱ