জন্মদিনৰ শুভেচ্ছা
স্বাধীনতা দিৱস উপলক্ষে দেশ মাতৃক
পৰাধীনতাৰ অভিশপ্ত
কাল পিঞ্জৰা ভাঙিলা
স্বদেশ, স্বজাতিৰ স্বাভিমান
জগতক জনাই দিলা
মহামানৱৰ অহিংসা নীতিৰে
ফিৰংগীৰ বন্দুক ওফৰাই
স্বাধীন ৰাষ্ট্ৰৰ নাম বুটলিলা
সভ্যতাৰ জখলাৰে শিখৰ বগাই
মাৰনাস্ত্ৰ সাজিলা পাৰমাণৱীক
মহাকাশ বিদাৰি চলাথ কৰিলা
বিচাৰি চন্দ্ৰত অমূল্য মনিক
তোমাৰ বল-বিক্ৰমে আজি
চুবুৰীয়াক দিয়ে হৃদয়ত ব্যেথা
চীন-পাকিস্তানে জ্বলাই থাকে
সীমান্তত সদায় অগ্নি শিখা
উভতি নাচাবা আই
লক্ষ্যপথেৰে আগুৱাই যোৱা
বিশ্ব-ব্ৰহ্মাণ্ড ই বুজিব এদিন
প্ৰাপ্য সন্মান নিশ্চিত পাবা
কিন্তু, আই
আপোন সংসাৰক পাহৰি নাযাবা
সময় পালেই ভূমুকি মাৰিবা
সন্তানৰ গুণবোৰ খুচৰি চাবা
ভাতৃ-ঘাতী সংঘাত
ক্ষুধাতুৰৰ আৰ্তনাদ
শাসন যন্ত্ৰত
দূৰ্নীতি-বিভ্ৰাত
তোমাৰ দুষ্ট সন্তান দলে
পাতিছে পাং একতা ভাঙিবলে
সোঁৱৰাই দিলোঁ আই
জন্মদিনৰ শুভ ক্ষণতে
নিৰবে থাকিলে ভুগিবা ফল
অতি কম দিনতে ।
-----------------------------



৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো।
ReplyDeletehappy independence day
ReplyDeleteবহু বহু শুভেচ্ছা
ReplyDelete