আবেগ






তুমি মই আমি প্ৰায়বোৰেই
নিজৰ কথাকে ভাবিয়েই
আনন্দিত হওঁ
প্ৰতিনিয়ত।

মানুহৰ বাবে ভাবিবলৈ
কোনোবাই সোঁৱৰাই দিব লাগে
আমাক।

কাৰোবাৰ উদাত্ত আহ্বানত
আমি ওলাই আহো
আমাৰ মৰম বিলাবলৈ
আৰ্তজনক।

আমি প্ৰত্যেকেই জানো
আবেগ ব্যক্তিগত।

কেতিয়াবা সামূহিক ৰূপ লয়
কোনো বিশেষ
মুহূৰ্তত।

কেতিয়াবা হয় সফল
কেতিয়াবা বিফল।

আবেগে ঢুকি নেপাবও পাৰে
জীৱন বাসনাৰ
প্ৰমূল্য।


                  **********************




Comments

সৰ্বাধিক প্ৰচলিত

ভাল লগা ছোৱালীজনী

হৃদয়ৰ অনুভৱ