নাৱৰীয়া




ক'ৰ পৰা আহিলি তই অচিন নাৱৰীয়া,
ক'লৈ নো যাবি ভটিয়াই !!

ক্ষন্তেক জিৰাই যা' মোৰ ঘাটতে অলপ
পাবি তই জীৱনৰ জুৰনিৰ আধাৰ ।

মোৰ ঘাটৰ বায়ুৱে জুৰ পেলাব 
তোৰ ভাগৰুৱা হৃদয়ৰ যাযাবৰী নিশা,
মোৰ ঘাটৰ পানীটুপিয়ে শাঁত পেলাব তোৰ ক্লান্ত হৃদয়ৰ অক্লান্ত তৃষা ।

আহিছ' চাগে কত ঘাট পাৰ হৈ
লৈছেনে কোনোৱে তোৰ মনৰ খবৰ ?
তোৰ পাহুৱাল দুবাহুত আছে 
 চাগে কত দুখ অপূৰ্ণ বাসনাৰ !!
আছে চাগে হুমুনিয়াহ নোপোৱা বেদনাৰ !!

কৈ যা নাৱৰীয়া,চেনেহৰ লগৰীয়া
শুনিম তোৰ দুখভৰা হৃদয়ৰ কথা,
অথবা হিয়াভৰা মৰমৰ অযুত বতৰা ।

দুয়োটাই ভগাই লম সুখৰ অকণমান,
দুয়োটাই ভগাই লম দুখৰো অকনমান,
সুখ,দুখৰ কথাৰে দুয়োৰে ভৰিব মন ।
পাম তাতে জীৱনৰ সুখ অমিয়া ।

নাবান্ধো তোক মৰমৰ এনাজৰীৰে চিৰদিন ধৰি,
নিবিচাৰো তোক কৰিবলৈ বুকুৰ আপোন,
অচিনাকি তই ,অচিন বাটেৰে যাবিগৈ পুনৰ উভটি ।

ভটিয়নি সোঁতত তই চাগে উটুৱাই দিবি সেই স্মৃতি 
ঘাটে ঘাটে পাবি তই অলেখ লগৰী,
সেই সোৱঁৰণি ৰাখি থম মোৰ মানস পটত,
সাচিঁ থম জীৱনৰ শেষ সন্ধিয়ালৈ । 

কেতিয়াবা আহিলেও ধুমুহা জীৱনত
সেই দুখৰীয়া স্মৃতিয়েই হ'ব মোৰ শান্তিৰ আলয় ।



~~~~~~~~~~~~~~~~~~

Comments

Popular posts from this blog

তোমাক ভাল পাওঁ বাবেই

সপোনৰ দুৱাৰ