সপোনৰ দুৱাৰ
জুমি চাইছিলো এদিন সপোনৰ দুৱাৰ খনলৈ চয়াময়া কুৱলিৰ ফাঁকে ফাঁকে তোমাৰ ছবিখনি দেখিছিলো নিলাভ নয়ন যুৰিৰে তুমি মোলৈ চাই হাহিছিলা । বুকুখন কঁপি উঠিছিল এক অজান শিহৰণ তুলি । লাহে লাহে মই আগবাঢ়ি গৈছিলো দেখা পালো দুৱাৰখন খোলা আছে তাতেই তুমি থকা উমান পালো । দুয়ো দুয়োৰে হাতত ধৰি খোজ ললোঁ তোমাৰ পৰশত প্ৰাণ পাই উঠিল মোৰ উন্মুক্ত হৃদয়ৰ অনুভৱ বহু দুৰ আগবাঢ়ি গ'লো তুমি অজানিতে এৰি দিলা তোমাৰ হাতখন মই বাট হেৰুৱাই পেলালো । আজিও তাতেই ৰৈ আছোঁ আহিবা বুলি আৰু লৈ যাবা সপোনৰ দুৱাৰ খন খুলি , তাতেই যুৰিম আমি দুয়ো...