সপোনৰ দুৱাৰ
জুমি চাইছিলো
এদিন সপোনৰ দুৱাৰ খনলৈ
চয়াময়া কুৱলিৰ ফাঁকে ফাঁকে তোমাৰ ছবিখনি দেখিছিলো
নিলাভ নয়ন যুৰিৰে তুমি মোলৈ চাই হাহিছিলা ।
বুকুখন কঁপি উঠিছিল
এক অজান শিহৰণ তুলি ।
লাহে লাহে মই আগবাঢ়ি গৈছিলো
দেখা পালো দুৱাৰখন খোলা আছে
তাতেই তুমি থকা উমান পালো ।
দুয়ো দুয়োৰে হাতত ধৰি খোজ ললোঁ
তোমাৰ পৰশত প্ৰাণ পাই উঠিল মোৰ
উন্মুক্ত হৃদয়ৰ অনুভৱ
বহু দুৰ আগবাঢ়ি গ'লো
তুমি অজানিতে এৰি দিলা
তোমাৰ হাতখন
মই বাট হেৰুৱাই পেলালো ।
আজিও তাতেই ৰৈ আছোঁ
আহিবা বুলি আৰু লৈ যাবা
সপোনৰ দুৱাৰ খন খুলি ,
তাতেই যুৰিম আমি দুয়ো
প্ৰেমৰ সুৰীয়া গীত ।
হঠাতে সাৰ পালোঁ
এয়া যে মোৰ গভীৰ নিদ্ৰাৰ
এক সপোন।
নলবাৰী ।
Comments
Post a Comment