সাঁথৰ

1. চুই চা চুই চা, চুই দিলে পইছা  -   কেৰেলুৱা

2. ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ - আমৰলি পৰুৱা

3. টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় - বৰল

4.মাকে বৰশী বায়, পুতেকে সৰগ চায় - (বাঁহ গছ আৰু বাঁহ গাজ)

5.মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা? - (জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক))

6.টুপ টুপ টুপলি, সময় গ'ল উকলি"/"টুপ টুপ টুপলি পানী পালে মুকলি ( জাল )

7.বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে (দিয়াচলাই (জুইশলা)

8.কাণত ধৰি নাকত বহে? ( চশমা)

9.এজনী কলী গাই ঘাটে ঘাটে পানী খায়? (বৰশী)

10.ওপৰৰ পৰা পৰিল বাঘিনী, চাৰি ঠেং মেলি হ'ল গাভিনী (আঠুৱা)

11.কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয় ? (বিড়ি)

12.কি বস্তু কাটিলে দীঘল হয়? (নলা (drain)

13.চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা (হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু)

14.এডাল মাৰলি দুখন চাল, নবন্ধাকৈ থাকে সৰ্বতিকাল (কলাপাত)

15.হাবিত কাঁহে ওলাই নাহে (কুঠাৰ)

16.ৰজাৰ লাঠি ঘন ঘন গাঠি (কুহিয়াঁৰ)

17.এঠেঙীয়া বগলী,নিতৌ নাচে গধুলি (বিচনী)

18.এডাল খেৰে ঘৰটো বেৰে (চাকি নাইবা মমবাতি)

19.ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালো, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত (জোনাকী পৰুৱা)

20.আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ (কুহিঁয়াৰ)

21.ওপজিয়ে লৰ মাৰে কোন ('জেঠী পোৱালি)

22.ওপজিয়ে জপিয়ায় কোনে? (আখৈ)

23.এনু এনু এনু, ধৈইৰবান্নাই ঠেনু (ডিমা/কণী ( নলবাৰী অঞ্চলত প্ৰচলিত))

24.মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই (ৰেডিঅ')

25.কনকৰ নকৰ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা/লবংগৰ বংগ কাটি মজা মাৰি খা (কঁঠাল)

26.জলত জন্ম স্থলত বাস, মাকে চুলে হয় সৰ্বনাশ? (নিমখ)

27.পেট আছে পেটু নাই, মুখ আছে জিভা নাই (কলহ)

28.তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে? (চৌকা)

29.ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন (বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি)

30.এক জোপা হন্যা,তাতেই আছে বন্যা,হন্যাই কণী পাৰে কোনে কিমান গণিব পাৰে? (ওকণি)

31.গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়? (যঁতৰ)

32.আমাৰ ঘৰত এজনী বুঢ়ী আছে, যাওঁতে এগোৰ, আহোঁতে এগোৰ? (দুৱাৰডলি)

33.ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি (জিভা)

34.দুই গছৰ গছৰ দুই ঠাল কজিয়া কৰি হয় লাল? এই সাঁথৰটোৰ উত্তৰ কি ? (তামোল-পান)

35.ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা (ভূঁইকপ/ অনাতাঁৰ)

36.কৈ মৰিল কোন, নকৈ মৰিল কোন, দি মৰিল কোন, নিদি মৰিল কোন (কৈ মৰিল জটায়ু (সীতাৰ বাৰ্তা ৰামক), নকৈ মৰিল জয়মতী (গদাপাণিৰ কথা ল'ৰা ৰজাক), দি মৰিল দধিচী (বৃত্ৰাসুৰ বধৰ বাবে নিজৰ হাড়), নিদি মৰিল দুৰ্যোধন (ৰাজ্য পাণ্ডৱক)

37.উপি উপি বাটত আছে চুপি (জোক)

38.ৰজাৰ আলিবাট মেলিব পাৰি জপাব নোঁৱাৰি ( চোতাল)

39.পেট আছে পেটু নাই, মুখ আছে জিভা নাই (কলহ/টেকেলী )

40.কাৰাক-কুৰুক কৰে, হেণ্ডচেক কইল্লি বমি কৰে (দমকল/টিউবেল ( নলবাৰী অঞ্চলত প্ৰচলিত))

41.খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল (নাৰিকল)

42.নদী আছে পানী নাই, চহৰ আছে মানুহ নাই (মানচিত্ৰ)

43.ঘৰৰ ভিতৰত ঘৰ, তাতে পৰি মৰ (আঁঠুৱা)

44.ক'লৈ যোৱা মোক মাৰি থৈ যোৱা (দুৱাৰ)

45.লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত (তামোল গছ)

46.গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এদাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি (গছৰ ওপৰত গছ,সেই গছৰ ওপৰত ও আকৌ গছ,সেই গছৰ ওপৰত আকৌ এদাল লাঠি,তাৰ ওপৰত হে লাগে গুটি,এইটি নো বাৰু কি গুটি)

48.আহিছ আহ,যাৱ কেলেই, গৈছ যা, আহ কেলেই (কেচুঁৱাৰ দাঁত)

49.ইলিলিৎ চৰাইটোৱে বিলিলিৎ কৰে,সাগৰ দেখিলে পাংখা মেলে (জাল)

50.জন্ম অৱতাৰে মূৰত টুপী, কৃষ্ণ অৱতাৰে ভুলাই গোপী, ৰাম অৱতাৰে ৰাৱণ বধে,সেই তৰকাৰি ঘৰে ঘৰে (বাঁহ গছ )

51.এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে। ( ঢেঁকী)

52.এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা। (নাও)

53.এক মাতৃৰ গৰ্ভত বহু পুত্ৰৰ সন্তান, মাতৃৰ গালত আঘাত কৰি পুত্ৰই এৰে প্ৰাণ। (জুইশলা)

54.কেঁচাতে লুথুপথুপ পকিলে টান, দিকচৌ দূৰলৈ তোক লৈ যাম। (পকী বাট)




Popular posts from this blog

তোমাক ভাল পাওঁ বাবেই

সপোনৰ দুৱাৰ