বান্দৰ আৰু শিয়াল
বুঢী আইৰ সাধু (লক্ষ্মীনাথ বেজবুৰুৱা)
এটা শিয়াল আৰু এটা বান্দৰ আছিল। সিহঁতে দুয়ো সখি পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ
কৰিলে। এদিন সিহঁতে ক’ত কি খাবলৈ পাওঁ
বুলি ভাবি হাবিৰ মাজৰ ৰাজ-আলি এটাৰ কাষত লুকাই আছিল, এনেতে সেই
বাটেদি গোটাচেৰেক মানুহে বিয়াৰ গাখীৰ-গুড়, কল-কুঁহিয়াৰ
ভাৰ বান্ধি লৈ যোৱা দেখিলে। তাকে
দেখি শিয়ালে বান্দৰক ক’লে, ”সখি, সেই
মানুহকেইটাই লৈ যোৱা বস্তুবোৰ খাব লাগিল; এতেকে এটা বুধি
উলিওৱা যাওক। তুমি
অলপ দূৰতে বাটৰ কাষৰ জোপা এটাৰ ভিতৰত লুকাই থাকা, মই এইখিনিৰ
জোপা এটাতে লুকাই থাকো। সিহঁত
যেতিয়া আহি আমাৰ ওচৰ পাবহি, মই মাতিম হোৱা আৰু তুমি মাতিবা
খোৱা। দেখিবা সিহঁতে
হঠাত্ আমাৰ ’হোৱা’ ’খোৱা’ শুনিলে ভয় খাই বস্তু পেলাই লৰ মাৰিব।”
বান্দৰ আৰু শিয়ালে এই বুদ্ধি আলচি লুকাই থাকি, মানুহকেইটা আহি ওচৰ পালত, ’হোৱা হোৱা’ আৰু
’খোৱা খোৱা’ কৰিলত বাঘ কি ভালুক আহিছে বুলি মানুহকেইটা ভয় খাই ভাৰ-খোৰ তাতে পেলাই
এৰি থৈ ভিৰাই লৰ মাৰিলে। মানুহকেইটাই
পিয়াপি দি লৰ মৰা দেখি শিয়াল আৰু বান্দৰে ৰঙত দেও-দোপাল পাৰি ভাৰৰ বস্তুবোৰ লৈ
গৈ হাবিত সুমুৱালে। বান্দৰে
শিয়ালক ক’লে, ”সখি, আমি বস্তুবোৰ
ইয়াতে খাবলৈ বহিলে যদি সেই মানুহকেইটাই সিহঁতৰ বস্তু বিচাৰি উভতি আহে, তেন্তে আমাক ইয়াতে পালে মাৰি আধ্যা কৰি বস্তুবোৰ কাঢ়ি লৈ গুচি যাব;
এতেকে এটা কাম কৰা যাওক, মই বস্তুবোৰ লৈ
এই ওখ গছজোপাৰ ওপৰত উঠো আৰু তুমি তলত থাকা, তুমিতো আৰু
গছত উঠিব নাজানা। ওপৰত
মোৰ ভাগ বস্তু মই খাম। আৰু
তোমাৰ ভাগৰ বস্তুবোৰ মই এটা এটাকৈ তললৈ পেলাই দি থাকিম। এতেকে তুমি মোক বস্তুবোৰ দাঙি দিয়া, মই ওপৰলৈ তুলি নিওঁ।” এই কথাত শিয়াল মান্তি হৈ বস্তুবোৰ দাঙি বান্দৰক দিবলৈ ধৰিলে আৰু
বান্দৰে তুলি নি গছৰ ফেৰেঙনিত থ’বলৈ ধৰিলে। সকলোখিনি বস্তু থানথিত লগাই থৈ অতাই বান্দৰে গছৰ ডালত
বহি মহাসুখে নিশ্চিন্ত মনেৰে হেঁপাহ পলুৱাই খাবলৈ লাগিল। শিয়ালে গছৰ তলৰ পৰা মাত লগালে, ”সখি মোৰ ভাগ ক’ত?” বান্দৰে কল খাই বাকলিটো
তললৈ পেলাই দি ক’লে, ”সখি চাবা, সেইটি
কল গৈছে ধৰিবা।” গাখীৰ খাই চুঙা আৰু টেকেলি তললৈ পেলাই দি ক’লে, ”সখি, তোমাৰ ভাগৰ গাখীৰ গৈছে, ধৰিবা।” এইদৰে বান্দৰে শিয়ালক ফাঁকি দি সকলোবোৰ বস্তু খোৱা দেখি শিয়ালে খঙত
গছৰ গুৰিকে কামুৰি আৰু মাটি আঁচুৰি পিচুৰি মনৰ দুখ মনতে লৈ তাৰ পৰা গুচি গ’ল।
এদিন বান্দৰে শিয়ালক এবাহ টেকেলীয়া কোদোৰ ওচৰত বহি থকা
দেখি ওচৰ চাপি সুধিলে, ”সখি কি কৰিছা?” শিয়ালে উত্তৰ দিলে, ”এ সখি কিনো কম দেওহে,
ৰজাই মোদ দবা-ৰখীয়া পাতিছে, সেইদেখি
ৰজাৰ এই দবাটো ৰখি বহি আছোঁ।” বান্দৰে ক’লে, ”সখি এচাপৰ বাওঁ দিয়াহে।” শিয়ালে উত্তৰ দিলে, ”নোৱাৰোঁ দিব সখি, ৰজাই শুনিলে মোক কাটি দোছোৱা
কৰিব। তুমি শুনা নাই
নে নবজাওঁতেই গো-গোৱাই আছে।” বান্দৰে ক’লে, ”নহয় সখি, লাহেকৈ এচাপৰ বাওঁ দিয়া, ৰজাই নুশুনে। মোৰ বৰ মন গৈছে।”
শিয়ালে, ”বাৰু সখি, তোমাৰ কথানো পেলাওঁ কেনেকৈ, লাহে লাহে চাপৰ
দিয়েক বোৱাঁ।” এইবুলি বান্দৰক কৈ শিয়াল সাউত্কৰে আঁতৰ হ’ল। বান্দৰে হৰিষতে কোদোৰ বাহত চাপৰ মাৰিলত, গোটেইবোৰ টেকেলীয়া কোদোৱে তাৰ হাতে-ভৰিয়ে, গায়ে-মুখে
উবুৰি খাই পৰি কামুৰিবলৈ ধৰিলে আৰু বান্দৰৰ মুখ উখহি দোণ যেন হ’ল। বান্দৰে তত নেপাই বাগৰি-জুগৰি, চিঞৰি-বাখৰি শিয়াল সখিয়েকক মাতিলে, ”সখি,
সখি আহাঁ মই মৰিলো।” শিয়ালে দূৰৰ পৰা উত্তৰ দিলে, ”কলটো খাই যে
মোলৈ বাকলিটো পেলাই দিছিলা তাৰ উপকাৰ কৰিলো।”
বান্দৰে মাতিলে, ”সখি মোক ৰাখা, মই মৰিলো।” শিয়ালে উত্তৰ দিলে, ”গাখীৰ খাই যে শুদা
টেকেলিটো মোলৈ পেলাই দিছিলা তাৰ হোৰ তুলিলো।”
বান্দৰে মাতিলে, ”সখি আহাঁ ঐ, মই মৰিলো” শিয়ালে, ”কুঁহিয়াৰ খাই যে মোলৈ চোবা পেলাই
দিছিলা তাৰ পোটক তুলিলো” এই বুলি কৈ বান্দৰক তাতে এৰি
আঁতৰি গুচি গ’ল।
ইয়াৰ বহুত দিন পিছত বান্দৰে এদিন দেখিলে, শিয়ালে এডৰা বেজ কচু ৰখি বহি আছে। বান্দৰে তেতিয়া সেই কোদোৰ কথা একেবাৰেই পাহৰি গৈছিল। সি ওচৰ চাপি আহি শিয়ালক সুধিলে, ”সখি কি কৰিছা? সেইডৰা কি?” শিয়ালে হাঁহিমুখেৰে বান্দৰৰ ফালে চাই মাত লগালে, ”এইডৰা ৰজাৰ পূৰা কুঁহিয়াৰ। মোক ৰজাঘৰৰ পৰা ৰখীয়া পাতিছে দেখি ৰখি আছোঁ। কিনো কৰিম দেওহে, ৰজাৰ হুকুম।” কুঁহিয়াৰৰ নাম শুনিয়েই বান্দৰৰ মুখৰ পানী ওলাল। বান্দৰে ক’লে, ”সখি মোক সৰু চাই এডালি খাবলৈ দিবানে?” শিয়ালে
উত্তৰ দিলে, ”আও তুমিনো কি কোৱাহে, ৰজাৰ কুঁহিয়াৰ মই তোমাক কেনেকৈ খাবলৈ দিওঁ? ৰজাই
শুনিলে মোকতো মাৰিবই, পেটৰ পোৱালিকো ছিৰি মাৰিব।” লুভীয়া বান্দৰে আকৌ ক’লে, ”নহয় সখি, মোৰ বৰ মন গৈছে, এডালি মনে মনে খাবলৈ দিয়া, ৰজাই গম নাপায়।” শিয়ালে ক’লে, ”খাব খুজিছা খোৱা, তেহেলৈ মোৰ যি হয় হ’ব,
কিন্তু এডালিৰ বেছি নহয়।”
শিয়ালৰ অনুমতি পোৱা মাত্ৰকতে খকুৱা বান্দৰে ডাঙৰ কচু এডাল আনি
লৰালৰিকৈ চোবাবলৈ ধৰিলে। তত্ক্ষণাত
বেজ-কচুৱে তাৰ মুখ খজুৱাই তত্ এৰুৱাই দিলে আৰু সি চিঞৰি গছৰ পাত সৰাই শিয়ালক
মাতিবলৈ ধৰিলে, ”সখি মোক ৰাখা, মই মৰিলো।” শিয়ালে উত্তৰ ইলে, ”ক’ল খাই যে বাকলিটো মোলৈ পেলাই দিছিলা তাৰ উপকাৰ কৰিলো।” বান্দৰে মাতিলে, ”সখি মৰিলো।” শিয়ালে উত্তৰ দিলে, ”কুঁহিয়াৰ খাই মোলৈ চোবা
পেলাই দিয়া হোৰ তুলিলো।” বান্দৰে মাতিলে, ”সখি মোক ৰক্ষা কৰা, মৰিলো।” শিয়ালে, গুড় খাই টেকেলিটো মোলৈ পেলাই দিয়াৰ
পোটক তুলিলো।” বুলি তাৰপৰা গুচি গ’ল।
এই ঘটনাৰ অনেক দিনৰ পিছত এদিন বান্দৰে ফুৰি-চাকি ফুৰোঁতে
দেখিলে যে শিয়ালটো এটা পুৰণি পাটনাদৰ ওচৰত বহি আছে। পাটনাদৰ মুখখন মকৰা জালে ঢাকি থৈছিল। বান্দৰে আগৰ দুবাৰৰ কথা একেবাৰেই পাহৰি
গৈ শিয়ালক সুধিলে, ”সখি কি কৰিছা?” শিয়ালে ”এ সখি কিনো ক’বা, ৰজাৰ ঘৰৰ এটা বিষয়
মোৰ গাত সদায় লাগিয়েই আছে। ৰজাৰ
এইখন কুঁৱৰীৰ যৌতুকত পোৱা দোলাৰ মোক ৰখীয়া পাতিছে, ৰখি আছো।” বান্দৰে ক’লে, ”ৰজাৰ দোলাত উঠিবলৈ বৰ সুখ নহয় নে সখি? কেনেকুৱা
এবাৰ মই উঠি চাওঁ দিয়াচোন।” শিয়ালে ক’লে, ”নোৱাৰো দিব দেওহে, ৰজাই কেনেবাকৈ দোলাত কোনোবা উঠাৰ চিন পালে মোক আজৰি কৰিব।” বান্দৰ ”কি চিন পাবহে? লাহেকৈ উঠি নামি যাম। দিয়া
মোৰ সখি,
এবাৰ উঠি চাবলৈ দিয়া।”
”যদি নেৰা, উঠিব খুজিছা, তেন্তে কোনেও নৌ দেখোতেই বেগতে উঠা” বুলি শিয়ালে ক’লে। বান্দৰে ৰজাঘৰীয়া দোলাত গা পেলাই সুখ
পাবলৈ,
তত্ক্ষণাত টোৱাই-ভিৰাই জাঁপ মাৰি দি তাত পৰিলতে, মকৰাৰ জাল বিছাৰি গৈ বান্দৰ নাদত পৰি মৰিল ।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধুৰ অন্তৰ্ভুক্ত সাধু কেইটি কেৱল অকনিহঁতৰ সুবিধাৰ্থেহে ।
Comments
Post a Comment