লক্ষ্মীনাথ
বেজবৰুৱা আধুনিক
অসমীয়া সাহিত্যৰ এজন পথ প্ৰদৰ্শক কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান
অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি
কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে।
লক্ষ্মীনাথ
বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱা ইংৰাজৰ আমোলত মুঞ্চিফৰ চাকৰি কৰিছিল।
ডাঙৰীয়া দীননাথ বেজবৰুৱা চৰকাৰী কামত নগাঁওৰ পৰা বৰপেটালৈ বদলি হৈ যাব লগা হৈছিল।
সেইসময়ত আজিকালিৰ দৰে যানবাহনৰ ব্যৱস্থা নথকাত ব্ৰহ্মপুত্ৰৰ
মাজেৰে নাৱেৰেই যাত্ৰা আৰম্ভ কৰিছিল। সেই দিনা আছিল কাতি মাহৰ লক্ষ্মী পূৰ্ণিমা।
গধূলি আহঁতগুৰি নামে ঠাইত দীননাথ বেজবৰুৱাই সপৰিয়ালে নাও বান্ধি ৰাতিৰ ভাত খাবৰ
কাৰণে ব্যৱস্থা কৰিছিল। দীননাথ বেজবৰুৱাৰ সৰুজনা পত্নী ঠানেশ্বৰী দেৱীয়ে ভাত
ৰান্ধিবলৈ ধৰি গা বেয়া লগাত নাওৰ বুকুলৈ আহি তাতেই এটি সন্তান জন্ম দিয়ে। এই
সন্তানটিয়েই সাহিত্যৰথী লক্ষ্মীনাথ
বেজবৰুৱা। এই জন্ম সম্পৰ্কে দেউতাকে সোঁৱৰণী কৰিছিল যদিও বেজবৰুৱাই সেই সোঁৱৰণী
দেখাৰ আগতেই জুয়ে পুৰি নষ্ট কৰাত শেষলৈ তেওঁ নিজৰ 'মোৰ জীৱন সোঁৱৰণ'
ত সকলোৱে জানিব পৰকৈ এটি চন উল্লেখ কৰিছিল। তেওঁ উল্লেখ কৰা চনটো
হ'ল ১৮৬৮ খৃষ্টাব্দ, নৱেম্বৰ
মাহ। আনহাতে তেওঁ নিজকে সেইবাবে "ভূমিষ্ঠ নহৈ নৌকাস্থ হ’লোঁ" বুলিহে
উল্লেখ কৰিছে।
বৰ্তমান অসম সাহিত্য সভাই তেওঁৰ জন্ম চন ১৮৬৪ চনৰ ১৪ অক্টোবৰ
বুলি নিশ্চিত কৰিছে। আনহাতে
বেজবৰুৱা গ্ৰন্থাৱলীৰ তৃতীয় খণ্ডত প্ৰকাশিত দিনলিপিত তেওঁ ১৯৩২ চনৰ ১৩ অক্টোবৰ
বৃহস্পতিবাৰৰ দিনলিপিত “My birthday, fed Senapatis etc.” বুলি
উল্লেখ কৰিছে।এই ফালৰ পৰা বেজবৰুৱাৰ জন্ম তাৰিখ ১৩ অক্টোবৰ বুলিও অনুমান কৰিব পাৰি। বেজবৰুৱাই দেউতাকৰ চাকৰিৰ বদলিৰ
লগে লগে প্ৰথম অৱস্থাত তেজপুৰ, লখিমপুৰ, গুৱাহাটী আদি বিভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল। শেষত দীননাথ বেজবৰুৱাই চাকৰিৰ
পৰা অৱসৰ গ্ৰহণ কৰি শিৱসাগৰত স্থায়ীভাৱে থাকিবলৈ লোৱাত তাৰ পৰাই বেজবৰুৱাই ১৮৮৬ খ্ৰীষ্টাব্দ ত
এণ্ট্ৰেন্স পৰীক্ষাত পাছ কৰে। এণ্ট্ৰেন্স পৰীক্ষাত পাছ কৰাৰ পিছতে বেজবৰুৱাই
উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল। কলিকতাৰ ৰিপন কলেজত নাম লগালে যদিও বেজবৰুৱাৰ
কলেজীয়া শিক্ষা সুখকৰ হোৱা নাছিল। প্ৰথম অৱস্থাতে কলিকতাৰ নতুন পৰিৱেশে তেওঁৰ
স্বাস্থ্যৰ বাৰুকৈয়ে অৱনতি ঘটালে। দ্বিতীয়তে কলিকতাত পঢ়িবলৈ যাব নে নেযাব এনে
দোধোৰ মোধোৰ অৱস্থাত থকাৰ কাৰণে তেওঁৰ নাম লগোৱাত পলম হয়। ফলত আন ছাত্ৰতকৈ তেওঁ
শ্ৰেণীত পিছ পৰি যাব লগা হৈছিল। অধ্যাপকে দিয়া ক্লাছৰ লেক্চাৰবোৰ একোকে বুজিব
নোৱাৰি তেওঁৰ মন নৈৰাশ্যৰে ভৰি পৰিছিল। এনে পৰিপ্ৰেক্ষিতত তেওঁ কলেজৰ শিক্ষা আধাতে
সামৰি ঘৰলৈ ঘূৰি আহিল। কিন্তু শেষত পুনৰ কলিকতালৈ গৈ কলেজ ষ্ট্ৰীটৰ এটা ছাত্ৰাৱাসত
থাকি চিটি কলেজত পঢ়া-শুনা কৰে। ১৮৯০ চনত কলিকতাৰ জেনেৰেল এছেমব্লি কলেজৰ পৰা
বেজবৰুৱাই বি-এ পাছ কৰে। এজন ওখ খাপৰ উকিল হোৱাৰ ইচ্ছাৰে তেওঁ পুনৰ ৰিপন কলেজত আইন
পঢ়িবলৈ আৰম্ভ কৰিছিল। লগতে প্ৰেছিডেন্সি কলেজত এম-এ শ্ৰেণীতো নাম লগাইছিল। কিন্তু
শেষত বেজবৰুৱা জীৱনৰ পাকচক্ৰত পৰি আইন পৰীক্ষা (বি.এল) আৰু একে সময়তে চলি থকা
এম.এ পৰীক্ষা দুয়োটাতে উত্তীৰ্ণ হ’ব পৰা নাছিল। ইয়াতেই বেজবৰুৱাৰ শিক্ষা জীৱনৰ
অন্ত পৰে আৰু জীৱনত উকীল নহও বুলি দৃঢ় সংকল্প গ্ৰহণ কৰে।বি.এ পাছ কৰাৰ ঠিক পাচতেই ১৮৯১ চনত কলিকতাৰ
জোড়াসাঁকোৰ দেৱেন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰীৰ লগত লক্ষ্মীনাথৰ বিবাহপাশত আৱদ্ধ হয়। চাৰিগৰাকী কন্যাৰ জন্ম
হৈছিল।
বেজবৰুৱাই আইন আৰু এম.এ শ্ৰেণীৰ ছাত্ৰ হৈ থকাৰ সময়তে ইংৰাজ
চৰকাৰে তেওক মুন্সিফ্ পদ যাচিছিল যদিও প্ৰত্যাখ্যান কৰি দিছিল। কিছুবছৰ পিছত
গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী প্ৰতিষ্ঠান ‘বৰুৱা-ফুকন-ব্ৰাদাৰ্স’ৰ মেনেজাৰ ভোলানাথ
বৰুৱাৰ লগত সাক্ষাৎ হয়। সেই সময়ত গুৱাহাটীৰ ব্যৱসায় এৰি ভোলানাথ বৰুৱাই
কলিকতালৈ ব্যৱসায়ৰ বাবে আহিছিল। লক্ষ্মীনাথ আৰু ভোলানাথ দুয়োৰে মাজত বন্ধুত্ব
হয় আৰু দুয়ো লগলাগি প্ৰথমে কলিকতাত কাঠৰ কাৰবাৰ আৰম্ভ কৰে। পিছলৈ ১৯১৬ চনৰ পৰা
১৯১৭ চনলৈকে এবছৰ কলিকতাৰ ৱাৰ্ড কোম্পানীৰ অফিচত কাম কৰাৰ পিছত ১৯১৭ চনৰ ছেপ্তেম্বৰ
মাহৰ পৰা কাঠৰ ব্যৱসায়ৰ বাবে সম্বলপুৰত থাকিবলৈ লয়।
বেজবৰুৱাৰ সাহিত্যিক জীৱন কলিকতাত
পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল। সেই সময়তেই তেওঁ চন্দ্ৰকুমাৰ
আগৰৱালা আৰু হেমচন্দ্ৰ
গোস্বামীক লগ পায়। সেই সময়ত অসমত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তিনিও
মিলি অন্যান্য কলিকতাত পঢ়ি থকা ছাত্ৰ সকলক লগত লৈ "অসমীয়া ভাষা উন্নতি
সাধিনী সভা"(অ. ভা. উ. সা. সভা) নামে এখন সভা স্থাপন কৰে। এই সভাৰ মুখপত্ৰ
হিচাপে ১৮৮৯ চনত তেওঁলোকে 'জোনাকী' নামে এখন
আলোচনী প্ৰকাশ কৰে। এই 'জোনাকী'ৰ
পাততেই বেজবৰুৱাই প্ৰথম সাহিত্য সাধনাত মনোনিবেশ কৰে। জোনাকীৰ প্ৰথম বছৰ প্ৰথম
সংখ্যাত 'লিতিকাই' নামৰ প্ৰথম প্ৰহসন প্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ নিৰবচ্ছিন্নভাৱে
অসমীয়া সাহিত্যৰ সকলো দিশতে জোনাকীকে ধৰি সেই সময়ত আৰু তাৰ পাছত অসমীয়া ভাষাত
প্ৰকাশ পোৱা সকলো আলোচনী, সংবাদপত্ৰত সাহিত্য সাধনা কৰি যায়। 'জোনাকী' আলোচনীৰ সম্পাদনাৰ উপৰিও তেওঁ ১৯০৯
চনত প্ৰকাশ কৰা 'বাঁহী' অলোচনীৰ
প্ৰতিষ্ঠা আৰু সম্পাদনা কৰে। বাঁহীৰ পাততেই সাহিত্যিক বেজবৰুৱা পূৰ্ণ হৈ উঠিল।
বাঁহীৰ উপৰিও বেজবৰুৱাই সমসাময়িক চেতনা, আলোচনী, জন্মভূমি, মিলন, অসম সাহিত্য সভা প্ৰত্ৰিকা, অৰুণ, আৱাহন, বৰদৈচিলা,
ন-জোন, জয়ন্তী, দৈনিক বাতৰি, অসম বন্তি আদি বিভিন্ন
কাকত-আলোচনীত নিজৰ সৃষ্টিশীল লেখনি প্ৰকাশ কৰিছিল।
বেজবৰুৱাৰ সাহিত্যৰাজিক তলত দিয়াৰ দৰে ভাগ
কৰিব পাৰি।
আত্ম-জীৱনী আৰু জীৱনী
মোৰ
জীৱন সোঁৱৰণ (প্ৰথম খণ্ড, ১৯৪৫)
মোৰ
জীৱন সোঁৱৰণ (দ্বিতীয় খণ্ড, ১৯৬১)
ডাঙৰীয়া
দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত
শ্ৰীশ্ৰী
শংকৰদেৱ
শ্ৰীশ্ৰী
শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ
চিন্তাশীল ৰচনা
তত্ত্বকথা
শ্ৰীকৃষ্ণকথা
ভগৱৎ
কথা
সম্পাদকীয় কাৰ্য
বাঁহী
উপন্যাস
পদুমকুঁৱৰী
গল্প পুথি
· সুৰভি
· সাধুকথাৰ
কুঁকি
· জোনবিৰি
· কেহোঁকলি
সাধুকথা আৰু শিশু
সাহিত্য
Ø বুঢ়ী
আইৰ সাধু:- (ইয়াত থকা সাধুকেইটা হ'ল)
· ঔ-কুঁৱৰী
· এজনী
মালিনী আৰু এজোপাৰ ফুল
· তেজীমলা
· গঙ্গাটোপ
· নুমলীয়া
পো
· সৰবজান
· তুলা
আৰু তেজা
· কটা
যোৱা নাক,খাৰণী দি ঢাক
· তীখৰ
আৰু চুটিবাই
· চম্পাৱতী
· জৰদগৱ
ৰজাৰ উপাখ্যান
· পানেশৈ
· জোঁৱাইৰ
সাধু
· কুকুৰীকণা
· ভেকুলীৰ
সাধু
· তাৱৈয়েকৰ
সাধু
· লটকন
· লখিমী
তিৰোতা
· দুই
বুধিয়ক
· কাঞ্চনী
Ø ককাদেউতা
আৰু নাতিল’ৰা
Ø জুনুকা
বৈষয়িক গদ্য
· বাখৰ
· কামত
কৃতিত্ব লভিবৰ সংকেত
নাটক
ধেমেলীয়া নাটক (প্ৰহসন)
· লিতিকাই
· নোমল
· পাচনি
· চিকৰপতি
নিকৰপতি
নাটৰ কুকি
· গদাধৰ
ৰজা
· বাৰেমতৰা
· হ-য-ব-ৰ-ল
· হেমলেত
· মঙলা
বুৰঞ্জীমূলক নাটক
চক্ৰধ্বজ
সিংহ
বেলিমাৰ
জয়মতী
কুঁৱৰী
ৰস ৰচনা বা
হাস্যৰসাত্মক ৰচনা
Ø কৃপাবৰ
বৰুৱাৰ কাকতৰ টোপোলা
Ø কৃপাবৰ
বৰুৱাৰ ওভতনি
Ø বৰবৰুৱাৰ
বুলনি
Ø বৰবৰুৱাৰ
ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)
Ø বৰবৰুৱাৰ
ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)
Ø বৰবৰুৱাৰ
চিন্তাৰ শিলগুটি
Ø বৰবৰুৱাৰ
সাহিত্যিক ৰহস্য
Ø কৃপাবৰ
বৰুৱাৰ সামৰণি
অনুবাদ
Ø ভাৰতবৰ্ষৰ
বুৰঞ্জী
অন্যান্য
· অসমীয়া
ভাষা আৰু সাহিত্য
· পত্ৰলেখা
· কাঁহুদী
আৰু খাৰলি
· সম্পাদকৰ
চ'ৰা
লক্ষ্মীনাথ
বেজবৰুৱাদেৱক প্ৰদান কৰা সন্মান :-
§ অসম
ছাত্ৰ সন্মিলনীৰ সভাপতি (১৯১৬ চন) (গুৱাহাটী)
§ অসম
সাহিত্য সভাৰ সভাপতি (১৯২৪ চন) (গুৱাহাটী)
§ ৰসৰাজ উপাধি প্ৰদান
§ সাহিত্যৰথী
উপাধি প্ৰদান
§ বেজবৰুৱাৰ
নামত অনূদিত ডাক টিকট উন্মোচন।
Comments
Post a Comment