ঢোঁৰাকাউৰী আৰু টিপচীচৰাই
বুঢী আইৰ সাধু (লক্ষ্মীনাথ বেজবুৰুৱা)
এক বোলে ঢোঁৰাকাউৰী আৰু এটা টিপচীচৰাই আছিল| সিহঁত
দুয়ো সখি বন্ধালে| এদিন
দুয়ো একেলগে এজোপা গছৰ ডালত বহি আছিল| এনেতে দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত
মেলি দিছে| ঢোঁৰাকাউৰীয়ে
টিপচীক ক’লে, ”সখি, সখি
চোৱাচোন সেই বুঢ়ীজনীয়ে সিজোৱা ধান ৰ’দত মেলি দিছে, এথাপ মাৰি আনি আনোহঁক আহাঁ| টিপচীয়েও
”এৰা আনোহঁক আহাঁ” বুলি মাত দিলত ঢোঁৰাকাউৰীয়ে ক’লে, ”কিন্তু
সখি এটা কথা, মই
ঠোঁটত যিমান ধান আনিম তুমিও যাদি সিমান আনিব নোৱাৰা তেনেহ’লে মই তোমাক খাম| আৰু
তুমি যিমান আনিবা ময়ো যদি সিমান আনিব নোৱাৰো তেনে তুমি মোক খাবা|” ঢোঁৰাকাউৰীৰ
কথা শুনি টিপচীয়ে ভাবিলে,
”মইতো তাতকৈ বেছি ধান একে থাপতে আনিব নোৱাৰিমেই, সেইদেখি
বুজিছোঁ সি মোক খাবলৈ বুধি পাতিছে| বাৰু দেখাই যাওকচোন সি মোক কেনেকৈ খায়|” ইয়াকে
ভাবি টিপচীয়ে উত্তৰ দিলে,
”বাৰু সখি সেয়ে হওক|” ঢোঁৰাকাউৰীয়ে ক’লে, ”তেন্তে
তুমি আগেয়ে থাপ মাৰি আনা|”
টিপচীয়ে উত্তৰ দিলে, ”নহয় সখি তুমি আগেয়ে আনা|” কাউৰীয়ে
ক’লে, ”তুমিহে
আগ হ’ব লাগে মই তোমাৰ পিছতহে|” এই কথা শুনি টিপচীয়ে তাৰ এখুদমান ঠোঁটেৰে
থাপমাৰি এঠোঁট ধান আনিলে;
কিন্তু সি নিচেই তাকৰ| তাৰ পিছত ঢোঁৰাকাউৰীয়ে থাপ মাৰি ইমান ধান আনিলে
যে টিপচীয়ে অনা ধানতকৈ সি অনেক গুণে সৰহ| ঢোঁৰাকাউৰীয়ে ধান আনিয়েই মাত লগালে, ”সখি মই
এতিয়া তোমাক খাব পাওঁ|” টিপচীয়ে
উত্তৰ দিলে, ”নিশ্চয়
পোৱা সেই দেখি তুমি মোক খাবা, কিন্তু তাৰ আগেয়ে তুমি মোৰ এটা কথা ৰাখিব লাগিব, তুমি
সততে মৰাশ খাই ফুৰা, সেইবাবে
তোমাৰ ঠোঁটটোত বৰ বেয়া গোন্ধ| তুমি অনুগ্ৰহ কৰি তোমাৰ ঠোঁটটো সাগৰৰ পানীত ধুই
মোক খোৱা|” ঢোঁৰাকাউৰীয়ে, ”বাৰু
সখি, তোমাৰ
কথা ৰাখিম; মই
এতিয়াই মোৰ ঠোঁটটো সাগৰৰ পানীত ধুই আহোঁগৈ” বুলি কৈ উৰি গৈ সাগৰৰ কাষ পাই সাগৰক
মাতিলে, ”সাগৰ
ককাই, অ’
সাগৰ ককাই” সাগৰে উত্তৰ দিলে, ”কি হৈছে?” ঢোঁৰাকাউৰীয়ে ক’লে,
”দে
পানী, পখালো
ঠোঁট!
ভোজন
কৰোঁ টিপচী গোট|”
সাগৰে উত্তৰ দিলে, ”কিহতকৈ দিম? যাদি
কিবা এটা পাত্ৰ দিব পাৰা তেন্তে দিব পাৰো|” সাগৰৰ কথা শুনি কাউৰীয়ে একেলি এটা
বিচাৰি কুমাৰৰ ঘৰলৈ গ’ল| কুমাৰক
কাউৰীয়ে মাত লগালে, ”কুমাৰ
ককাই, কুমাৰ
ককাই, ঘৰত
আছেনে?” কুমাৰে
উত্তৰ দিলে, ”আছোঁ
কিবা কৈছে?’ কাউৰীয়ে
ক’লে’
”দে
টেকেলি, তোলো
পানী, পখালো
ঠোঁট!
ভোজন
কৰোঁ টিপচী গোট|’
কুমাৰে ক’লে, ”মোৰ ঘৰত গঢ়া টেকেলি নাই| যদি
অলপমান মাটি আনি দিব পাৰা,
তেন্তে মই টেকেলি এটা গঢ়ি দিব পাৰোঁ|” কুমাৰৰ কথা শুনি কাউৰীয়ে মাটিৰ
ওচৰলৈ গৈ মাটিক ক’লে,
”দে
মাটি, দিওঁ
কুমাৰক গঢ়ক টেকেলি,
তোলো
পানী, পখালো
ঠোঁট,
ভোজন
কৰোঁ টিপচী গোট|”
মাটিয়ে উত্তৰ দিলে, ”মই
নিজে কেনেকৈ দিম? যদি
কিবা উপায়েৰে খান্দি নিব পাৰা নিয়া|” মাটিৰ সমিধান পাই কাউৰীয়ে ম’হৰ ওচৰ
পালেগৈ| সি
ম’হক মাত লগালে,
”দে শিং, খান্দো
মাটি|
দিওঁ
কুমাৰক গঢ়ক ঘটী|
তোলো
পানী, পখালো
ঠোঁট|
ভোজন
কৰোঁ টিপচী গোট|”
ম’হে উত্তৰ দিলে, ”মই নিজে মোৰ শিং কেনেকৈ দিম? যাদি
কিবা উপায়েৰে নিব পাৰা নিয়া|” ম’হৰ কথা শুনি কাউৰীয়ে কুকুৰৰ ওচৰ পাই কুকুৰক
ক’লে,
”মাৰ
ম’হ নিওঁ শিং,খান্দো
মাটি,
দিওঁ
কুমাৰক, গঢ়ক
ঘটী|
তোলো
পানী, পখালো
ঠোঁট
ভোজন
কৰোঁ টিপচী গোট|”
কুকুৰে উত্তৰ দিলে, ”আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা
নাই, সেইদেখি
মোৰ গাৰ বল কমি গৈছে| তুমি
যাদি মোক গাখীৰ খুৱাৰ পাৰা তেন্তে মই ম’হ মাৰি দিব পাৰোঁ|” এই কথা
শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ ক’লে,
”দে
গাখীৰ, খুৱাওঁ
কুকুৰক,
বান্ধক
বল, মাৰক
ম’হ,
নিওঁ
শিং, খান্দো
মাটি|
দিওঁ
কুমাৰক ঘঢ়ক ঘটী!!
তোলো
পানী পখালো ঠোঁট,
ভোজন
কৰোঁ টিপচী গোট|”
গায়ে উত্তৰ দিলে, ”মই বুঢ়ী হৈছোঁ, ভালেমান
দিন ভালকৈ ঘাঁহ খাবলৈ পোৱা নাই| তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ খাবলৈ আনি দিব
পাৰা, তেন্তে
মই তোমাক যিমান গাখীৰ লাগে সিমান দিম|” গাইৰ উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ
ওচৰলৈ গৈ ঘাঁহক ক’লে,
”দে
ঘাঁহ, খুৱাওঁ
গাইক, ওলাওক
গাখীৰ,
খুৱাওঁ
কুকুৰক, বান্ধক
বল, মাৰক
ম’হ,
নিওঁ
শিং, খান্দো
মাটি|
দিওঁ
কুমাৰক ঘঢ়ক ঘটী||
তোলো
পানী, পখালো
ঠোঁট;
ভোজন
কৰোঁ টিপচী গোট|”
ঘাঁহে উত্তৰ দিলে, ”মই কেনেকৈ ঘাঁহ দিম? যদি
কাটি নিব পাৰা নিয়া|” ঘাঁহৰ
উত্তৰ শুনি কাউৰীয়ে কমাৰৰ ঘৰ পালেগৈ| কমাৰত মাত লগালে, ”কমাৰ কাই, কমাৰ
কাই, ঘৰত আছ
নে?” কমাৰে
উত্তৰ দেলে, ”আছো
কাউৰী ভাই, কি
সকামত বা আহিলা?” কাউৰীয়ে
উত্তৰ দিলে,
”দে
খন্তি কাটো ঘাঁহ, খুৱাওঁ
গৰুক
ওলাওক
গাখীৰ, খুৱাওঁ
কুকৰক, বান্ধক
বল,
মাৰক
ম’হ|
নিওঁ
শিং, খান্দো
মাটি,
দিওঁ
কুমাৰক, গঢ়ক
ঘটী|
তোলো
পানী, পখালো
ঠোঁট|
ভোজন
কৰোঁ টিপচী গোট|”
কমাৰে ক’লে, ”মোৰ জুইকুৰা নুমাই গ’ল; যদি
মোক জুই অলপ আনি দিব পাৰা,
তেন্তে মই এতিয়াই খন্তি এখন গঢ়ি দিব পাৰোঁ|” কাউৰীয়ে
কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে সাগৰৰ সিপাৰে এঠাইত জুইৰ ধোঁৱা ওলাইছে| দেখিয়েই
সি উৰি গৈ সিপাৰ পাই এজনী বুঢ়ীয়ে ধান সিজাই থকা দেখিলে| বুঢ়ীৰ
ওচৰ চাপি কাউৰীয়ে ক’লে,
” আই মোক অলপ জুই দিব পাৰা নে?” বুঢ়ীয়ে উত্তৰ দিলে, ”কিহতকৈ
দিম?” কাউৰীয়ে
ক’লে, ”মোৰ
ডৌকাৰ ভিতৰতে বান্ধি দিয়া|”
বুঢ়ীয়ে তাকে কৰিলে| কাউৰীয়ে জুইৰ আঙঠাৰ টোপোলাটো ডৌকাত বান্ধি লৈ
সাগৰৰ ওপৰেদি উৰি আহি থাকোতে তাত বতাহ লাগি জ্বলি উঠি ডৌকা পুৰি গ’লত সি মাজ সাগৰত
পৰি বুৰি মৰিল| ইফালে
টিপচীয়ে মনে মনে কাউৰীৰ পাছে পাছে আহি আগৰেপৰা গুৰিলৈকে এটাইবোৰ লক্ষ্য কৰি আছিল| শেষত
কাউৰীৰ এনে মৃত্যু দেখি সি সন্তোষ পাই এজোপা গছৰ ডালৰ পৰা উৰি আন এজোপা গছৰ ডালত
পৰিলগৈ| আৰু
মোৰ কাপোৰ কানি ক’লা হ’লত,
ময়ো গুচি আহিলো|
”ঢেঁকীয়াই
মেলিলে ঠোৰ|
মোৰ
কথাৰ পৰিল ওৰ||
তামোলে
মেলিলে ডাবি|
কোন
ক’লৈ যাবি||
ক’লা
মেকুৰীৰ বগা কাণ|
ডাকি
বোলা ৰাম ৰাম||”
Comments
Post a Comment