বুঢ়া বুঢী আৰু শিয়াল
বুঢী আইৰ সাধু (লক্ষ্মীনাথ বেজবুৰুৱা)
এহাল বুঢ়া বুঢী আছিল| এদিন বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিছে, এনেতে কেইটামান শিয়ালে আহি বুঢ়াক
মাত লগালে, ”ককা,
আপুনি কচু
কেঁচাই ৰুইছে নে সিজাই ৰুইছে?” বুঢ়াই
উত্তৰ দিলে, ”বোপাহঁত,
মই কচু কেঁচাই
ৰুইছোঁ|” শিয়ালবোৰে
বুঢ়াৰ কথা শুনি বুঢ়াক ক’লে, ”ককা,
আপুনি কচু ৰুব
জনা নাই; কচুবোৰ
আগেয়ে সিজাই লওক| আৰু
য’ত ৰুব গাঁত একোটা দি ঢাকি থৈ যাওক, দেখিব ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে|” সিহঁতৰ কথা শুনি বুঢ়াই ক’লে,
”বাৰু মোৰ
বোপাহঁত, তহঁতৰ
কথামতেই মই কচু ৰুম|”
গধূলি বুঢ়াই এটাইবোৰ কচু সিজাই শিয়ালৰ বুধিমতেই ৰুই থলে| ৰাতি শিয়ালবোৰে আহি সিজোৱা কচুবোৰ
আনন্দ কৰি খাই গুচি গ’ল| পিছদিনা
বুঢ়াই ৰাতিপুৱাই কচুবাৰীত কচু চাবলৈ গৈ দেখে যে কচু এটাও নাই| তেতিয়া বুঢ়াই শিয়ালৰ ফাঁকিটো
বুজিব পাৰি লাজতে তল-মূৰকৈ বহিল|
ইয়াৰ কিছুদিনৰ পিছত বুঢ়াই এটা বুধি সাজি বুঢ়ীক ক’লে, ”বুঢ়ী, আজি তই মোৰ গাত কিছুমান লালী-গুড়
ঢালি থ| গুড়ৰ
গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়াই তই ইনাই-বিনাই বুঢ়া মৰিল
বুলি কান্দিবি| তোৰ
কান্দোন শুনি শিয়ালবোৰে ওচৰ চাপি আহি কি হৈছে বুলি তোক সুধিলেই তই সিহঁতক বুঢ়া
মৰিল বুলি কৈ মোৰ ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈ খাবলৈ কবি| মোৰ ওচৰতে টাঙোন এডাল লুকাই থ’বি|
সিহঁতে মোক
উলিয়াই নিবলৈ ঘৰৰ ভিতৰ সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি, দিলেই মই গিৰিস্ কৰে উঠি টাঙোনডাল
লৈ সিহঁতক কোবাই মাৰিম|” বুঢ়াৰ
কথামতেই বুঢ়ীয়ে কৰিলত শিয়ালবোৰে বুঢ়ীক সুধিলেহি, ”আই কান্দিছ কিয়? কি হৈছে?” বুঢ়ীয়ে ক’লে, ”বোপাহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল সেইবাবে
কান্দিছো| তহঁতে
পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই নি খাগৈ| বুঢ়ীৰ কথা শুনি শিয়ালবোৰে ৰং মনেৰে
বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰ সোমালত বুঢ়ীয়ে দুৱাৰখন মাৰি পেলালে আৰু বুঢ়াই
একেচাবেই উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে; মাত্ৰ সিহঁতৰ ভিতৰত চাৰিটা শিয়াল
কেনেবাকৈ পলাই সাৰিল|
কেইদিনমানৰ মূৰত এদিন বুঢ়ীয়ে ক’লে, ”মই ভালেমান দিন শিয়ালৰ ভয়ত ক’লৈকো
ওলোৱা নাই; জী-জনীৰ
ঘৰলৈ গৈ এবাৰ তাইক চাই আহোঁগৈ বুলিছোঁ; মনটো বেয়া লাগি আছে|” বুঢ়াই ক’লে, ”বুঢ়ী,
তই গ’লে বাটাত
শিয়ালবোৰে তোক অকলৈ পাই খাই পেলাব|” বুঢ়ীয়ে ক’লে, ”নোৱাৰে
খাব, যাম কোনো মতে|”
এইবুলি জীয়েকৰ
ঘৰলৈ গ’ল| বাটত
শিয়ালবোৰে বুঢ়ীক অকলৈ পাই বেঢ়ি ধৰি ক’লে, ”বুঢ়ী, তোক আজি আমি নেৰো, খাম|” বুঢ়ীয়ে উত্তৰ দিলে, ”খাব খুজিছ খাবি, কিন্তু আহি মই ভালেমান দিন মোৰ
ছোৱালীজনী দেখিবলৈ পোৱা নাই, মনটো
কেনেবা লাগি আছে| সেইদেখি
মৰিবৰ আগেয়ে তাইক এবাৰ চাই লওঁ বুলি আহিছো| মই উভতি আহোঁতে তহঁতে মোক খাবি|”
শিয়ালে ক’লে,
”যদি উভতি নাহ
তেন্তে?’ বুঢ়ীয়ে
উত্তৰ দিলে, ”বুঢ়াক
এৰিনো মই নহাকৈ কেনেকৈ থাকিম, মোৰ
বোপাহঁত| মই সইত
খাই কৈছোঁ, এই
বাটেদিয়ে মই সোনকালে উভতি আহিম| আৰু তহঁতে মোক যি কৰ কৰিবি|’’ বুঢ়ীৰ কথা পতিয়াই সিহঁতে বুঢ়ীক
এৰি দিলত, বুঢ়ী
জীয়েকৰ ঘৰ পালেগৈ| জীয়েকৰ
ঘৰত কিছুদিন খাই লৈ থাকি বুঢ়ীয়ে উভতি আহিবলৈ ধৰি জীয়েকক শিয়ালবোৰেৰে সৈতে হোৱা
সকলো কথা ক’লত জীয়েকে মাকক ক’লে, ”আই, মোৰ
ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে| তুমি
তাৰ ভিতৰত সোমাই বাগৰি ঘৰ পাবাগৈ; শিয়ালে তোমাক নেদেখে|’ বুঢ়ীয়ে জীয়েকৰ বুধিমতে লাওৰ খোলাটোত সোমাই বাটে বাটে বাগৰি গৈ আছে,
এনেতে
শিয়ালবোৰে দেখি কোৱাকুই কৰিবলৈ ধৰিলে, ”এইটো বৰ আচৰিত কথা, লাওৰ খোলাটো কেনেকৈ বাগৰি যাব লাগিছে|
ই নিশ্চয় লাও
নহয়, ইয়াৰ
ভিতৰত কিবা আছে|” এইবুলি
সিহঁতে লথিয়াই লাওৰ খোলাটো ভাঙি পেলালে| ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই
পৰিল| সিহঁতে
বুঢ়ীক দেখি আনন্দত ”খেক্ খেক্ হোৱা-হোৱা” কৰিবলৈ ধৰি ক’লে, ”বুঢ়ী তই আমাক ফাঁকি দি পলাই যাবলৈ
ধৰিছিলি| এতিয়া
কি হ’ব? আমি
তোক এতিয়া খামহঁক|” বুঢ়ীয়ে
উত্তৰ দিলে, ”কি
কৰিম, খাব
খুজিছ খাবি; কিন্তু
মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছোঁ| মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব;
সেইদেখি মই সেই
নাচটো নাচি তহঁতক দেখুৱাওঁ| তাৰ
পিছত তহঁতে মোক খাবি|” বুঢ়ীৰ
কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাতে মান্তি হ’লত বুঢ়ীয়ে ক’লে,
”মই নাম লগাই
দিওঁ, তহঁতে
হয় হয় কৰি যাবি তেহে আকৌ মোৰ ভালকৈ গাটো উঠৈব|” এইখিনিতে কওঁ যে বুঢ়ী লাওৰ খোলাটোৰ
ভিতৰত থাকি বাগৰি বাগৰি ঘৰৰ ওচৰ পাওঁতেহে ধৰা পৰিছিল| বুঢ়ীৰ দুটা কুকুৰ আছিল| এটাৰ নাম আছিল ৰঙা, আনটোৰ নাম ক’লা| বুঢ়ীয়ে পাক দি নাচি নাচি নাম ধৰিলে,
”ৰঙা ঔচ! ক’লা
ঔচ!” শিয়ালবোৰে মাতিলে, ”হয়
হয়|” এইদৰে
বাৰচেৰেক বুঢ়ীয় ”ৰঙা ঔচ! ক’লা ঔচ!” বুলিলত ৰঙা আৰু ক’লা কুকুৰ দুটা তাত লৰি
ওলালহি| কুকুৰ
দুটা দেখিয়েই শিয়ালবোৰে পিয়াপি দি পলাল আৰু তেতিয়া আমাৰ বুঢ়ী ঘৰলৈ গুচি আহিল|
আমাৰো
কাপোৰ-কানি ক’লা হ’লত আমিও গুচি আহিলোঁ|
Comments
Post a Comment