দীঘল ঠেঙীয়া
বুঢী আইৰ সাধু (লক্ষ্মীনাথ বেজবুৰুৱা)
এজনী বুঢ়ী আছিল| তাই এজাক গৰু ৰাখি গাখীৰ বেচি
কোনোমতে টুক-টুক টাক-টাককৈ খাই আছিল| তাই শোৱা ঘৰটো বৰ পুৰণি| তাৰ
চালৰ খেৰবোৰ উৱঁলি গৈছে দেখি উৰুখি বৰষুণত পানী পৰে| এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ উঠি
শুবলৈ ধৰোতে-“এ প্ৰভু, দীঘল
ঠেঙীয়াই নেপায় যেন” এই বুলি চাঙত উঠি শুই থাকিল|
সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি
নিবলৈ বুলি আহি গোহালিৰ কাষতে লুকাই বহি, বুঢ়ী শুবলৈ বাট চাই আছিল| এটা
বাঘেও বুঢ়ীৰ গৰু খাবলৈ মন কৰি এন্ধাৰে-মুন্ধাৰে মনে মনে আহি গোহালিৰ গৰু-জাকৰ
মাজত সোমাই বুঢ়ী শুবলৈ বাট চাই আছিল| বাঘ আৰু চোৰ দুয়ো বুঢ়ীয়ে কোৱা সেই কথাষাৰ শুনিলে| কিন্তু
দীঘল ঠেঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিবলৈ ধৰিলে, “দীঘল
ঠেঙীয়াটো বা কি ?”
বুঢ়ীৰ ভাত-ঘুমতি আহিল| চোৰে
গৰু চুৰ কৰিবলৈ গোহালিত সোমাল| চোৰে ভাবিলে, “কোনটো গৰু ভাল কোনটো বেয়া
এন্ধাৰে-মুন্ধাৰে কেনেকৈ চিনিম| এতেকে যিটো গৰুৱে টিকাত হাত দিলেই জপিয়াই উঠিব
সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ’ব|”
ইয়াকে সি থিৰ কৰি এটা এটাকৈ গৰুবোৰৰ টিকাত হাত
ফুৰাবলৈ ধৰিলে| সেইদৰে
সি হাত ফুৰাই চাই ফুৰোতে বাঘটোৰ টিকাত হাত পৰিলত বাঘটো জপিয়াই উঠিল| চোৰে
ভাবিলে, এইটো
বৰ কাটন গৰু, ইয়াকে
নিব লাগিব| ইয়াকে
ভাবি সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতেই বাঘে ভাবিলে, এইটো
বুঢ়ীয়ে কোৱা কিবা দীঘল ঠেঙীয়াইহে মোক পালে | এই ভাবি বাঘে আকৌ জাপ মাৰি উঠিল চোৰে ভাবিলে, “ই কম
গৰু নহয়, ইয়াৰ
পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম|” ইয়াকে ভাবি চোৰে জাপ মাৰি বাঘৰ
পিঠিত উঠিলতে, বাঘে
তাক দীঘল ঠেঙীয়াই ভালকৈয়ে পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই চেকুৰি লৰ মাৰিলে| চোৰেও
গৰুটোৰ কেৰামতালি দেখি বুজিলে, সি গৰু নহয়, কিবা দীঘল ঠেঙীয়াহে | আজি
মোক সঁচাকৈয়ে দীঘল ঠেঙীয়াইহে পালে |’
দুইও দুইকো দীঘল ঠেঙীয়া ভাবি ভয়তে ততমত এৰিলে|
চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিত সোমাবলৈ
ধৰোতেই চোৰে মৰোঁ-জীওঁকৈ বাঘৰ গলধনটো মোটোকাই ধৰিলে তেতিয়া বাঘে ভাবিলে, ’অ ই
দীঘল ঠেঙীয়া নহয়, ঘাৰ
মোকোটোৱাহে |’ বাঘে
ভয়ত আৰু বেগেৰে লৰ দিবলৈ ধৰিলে| চোৰে বাঘক ঘাৰ-মোটোকায়ো ৰাখিব নোৱাৰি শেষত বাঘৰ
নেগুৰত হাত পৰিলত বাঘৰ লৰ আৰু চৰিল | লৰৰ কোবত চোৰটো বাঘৰ পিঠিত আৰু ৰব নোৱাৰি বাগৰি
মাটিত পৰিল| কিন্তু
সি বাঘৰ নেগুৰডাল ইমান বজ্ৰলেপ মুঠিৰে ধৰিছিল, যে নেগুৰডাল চোৰৰ হাতৰ মুঠিতে পেপা-কাঢ়ি ৰ’ল | বাঘ
লৰমাৰি সাৰিল | সি
হাবিৰ ভিতৰ পাই অলপ উশাহ লৈ ভাবিলে, তাক ঘাৰ-মোকোটোৱাই নহয়, পেঁপা-কঢ়াইহে
পাইছিল| ইফালে
চোৰে হাতত নেগুৰডাল পিটিকি-চিটিকি চাই দেখিলে যে সেইডাল গৰুৰ কি আন জন্তুৰ নেজ
নহয়, বাঘৰহে
নেজ| তেতিয়াহে
তাৰ ভয় লাগিবলৈ ধৰিলে| ৰাতি
তেতিয়া ভালেমান আছিল| সেইদেখি
সি ৰাতিটোৰ বাকীডোখৰ কটাবলৈ ওচৰৰে ওখ আম গছ এজোপাত উঠিল|
ইফালে বাঘে হাবিত সোমাই তাক পেপা-কঢ়াইপোৱা কথা
তাৰ লগৰীয়া ভাই বন্ধুহঁতক ক’লত, সিহঁতে গুণি গাঠি থিৰ কৰিলে যে ’এইটো বৰ লাজৰ কথা
হ’ল| সিহঁত
বনৰ ৰজা| এতেকে
সিহঁতৰ লগৰীয়া ভাই ৰজা এজনক পেপা-কঢ়াই এনে লঘু- লাঞ্চনা কৰিব ই বৰ অসহনীয় কথা| ইয়াৰ
প্ৰতিকাৰ নকৰিলে, পেপা-কঢ়াই
পোৱা সেই বাঘটোৰ মাথোন নেজডালহে গৈছে, সিহঁতৰ কিন্তু অপমানত নাক-কাণ সোপাই যাব আৰু তাৰ
বাহিৰেও পেপা-কঢ়া বুলি যদি কোনো জন্তু সিহঁততকৈ বলী হৈ ওলায়, তেন্তে
সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ খৰী-ভাৰী, পানী-ভাৰীৰ শাৰীত পৰিবগৈ| সেইদেখি
সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতিলে, ইয়াকে আলচ কৰিবলৈ যে অলপো পলম নকৰি তেতিয়াই
সিহঁতে পেপা-কঢ়াৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰি যোৱাটো উচিত|
দুকুৰিমান বাঘে পেপা-কঢ়াক বিচাৰি চলাথ লগালে, কিন্তু
ক’তো সিহঁতে পেপা-কঢ়াক নেদেখিলে| শেহত এটা বাঘৰ চকু সেই আমজোপাৰ আগত পৰিলত, সি
পেপা-কঢ়াক তাত বহি থকা দেখিলে| সেইটো পেপা-কঢ়া বুলি আঙুলিয়াই দেখুৱালত এটাইবোৰ
বাঘে একেবাৰে হাউৰি মাৰি উঠিল| কিছুপৰ সিহঁতে ভাবি-চিন্তি বুধি এটা সাজিলে| পেপা-কঢ়াক
ঢুকি পাবলৈ সিহঁতে এটাৰ পিঠিত এটা, আকৌ সেইটোৰ পিঠিত আন এটা, সেইদৰে
উঠি উঠি ওখহৈ গ’ল| চোৰে
ভাবিলে যে এতিয়া সৰ্বনাশ|
এতিয়াহে বিপাঙে মৰিলোঁ |তৎক্ষণাৎ চোৰেও এটা বুধি উলিয়ালে| সি
দেখিলে যে, নিচেই
তলত পেপা-কঢ়াই পোৱা বাঘট|
সেই নেগুৰখৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে মাত লগালে,-“খৰা,চাবি, চাবি,চাবি|” খৰা
বাঘে ভাবিলে, ’আকৌ
পেপা-কঢ়াই আনবোৰক এৰি মোকেহে ধৰে নেকি ?’ ইয়াকে ভাবি সি সুত্তি-বুদ্ধি
হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে| সি তেনে কৰিলত, তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা
আটাইবোৰ বাঘ ঠল ঠল কৰে মাটিত সৰি পৰিল| সিহঁতেও ’আমাকো পেপা-কঢ়াই পালে’ বুলি ভাবি বৰকৈ
ভয় খাই তৰা নৰা ছিঙি লৰি হাবিলৈ পলাই গুচি গ’ল|
চোৰে ৰাতিটো তাতে থাকি ৰাতিপুৱাতে গছৰ পৰা নামি
তাৰ ঘৰলৈ গুচি আহিল ;
আৰু তেতিয়াৰে পৰা সি চুৰ নকৰো বুলি শপত খালে|
Comments
Post a Comment