শৰতৰ প্ৰথম জাক নিয়ঁৰ
শৰতৰ প্ৰথম জাক নিয়ঁৰে মোৰ কাণে কাণে কৈ গল
শৰত আকৌ আহিল ।
এক মিঠা আলোড়নৰ সৃষ্টি কৰি
এক মিঠা পৰশ তুলি ।
ভাল লগা দিনবোৰৰ দুৱাৰ দলিত
সপোনে সাৰ পালে ,
অনুভৱবোৰ জাগ্ৰত হ'ল
আঙুলিৰ ফাঁকে ফাঁকে শব্দৰ অলংকাৰ জাগ্ৰত হল
লিখিবলৈ তোমাৰ নামৰ কবিতা ।
স্মৃতিৰ ৰহঘৰত আকৌ সৃষ্টি হব নতুন কবিতাৰ
মোৰ হৃদয়ত গুঞ্জৰিত হব তোমাৰে কবিতাৰ শিৰোনাম ।
শৰতৰ প্ৰথম জাক নিয়ঁৰে
দিলে যে তাৰেই বতৰা ।
Comments
Post a Comment