হৃদয় মৰুভূমিৰ মৰিচিকা তুমি







হঠাৎ.....
এজাক বলিয়া বতাহে অজানিতে লৈ আহিল
তোমাৰ বতৰা
নুশুধো বুলিও শুধো তোমাক
ভালে আছানে ?
জানো 
উত্তৰৰ সলনি আহিব কোনো বেপেৰুৱা
শব্দৰ সমাহাৰ
সেয়ে...
আজিৰ পৰা নলওঁ আৰু তোমাৰ বাতৰি
সদায় দিয়াৰ দৰে
সন্ধিয়াৰ প্ৰাৰ্থনাত গুজি দিম
এখিনি আশা
মই কাষত নাথাকিলেও
ঈশ্বৰ সদায় তোমাৰ সঙ্গত থাকিব
মোৰ সভক্তিৰ প্ৰাৰ্থনাই 
তোমাক বিপদৰ পৰা আজুৰি আনিব
মোৰ আন্তৰিকতা ভৰা বিশ্বাসে
সদায় তোমাৰ কুশল বাতৰি ল'ব ।
তুমি নিবিচাৰিলেও 
মোৰ শুভকামনা সদায় তোমাৰ লগত থাকিব
সেউজ বুলিয়া এটি ছাঁয়া হৈ
আন্ধাৰ নিশাৰো সঙ্গী হ'ব ।

                             
-----------------------------

Comments

  1. বৰ সুন্দৰ অনুভৱ, ভাল লাগিল

    ReplyDelete
  2. বহু দিনৰ মূৰত এটি ভাল কবিতা পঢ়িবলৈ পালো। ধন্যবাদ ফুকন বাইদেউ।

    ReplyDelete

Post a Comment

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া