কুুুুুুুুুুুলি
চ'তৰ মাজতে, নিজৰ সাবলীল মাতেৰে
দিলাহি ব'হাগী বতৰা
গছৰ আঁৰে আঁৰে লুকাই
প্রেমৰ গীত গাবলৈ ক'ত নো শিকিলা?
ভুমুকি মাৰাহি ব'হাগী বতৰা লৈ
জনা - নজনা
অজনা কাৰণত
অসমীয়া প্রাণৰ সঁহাৰি হৈ।
ওখ ওখ বিৰিখৰ ডালত বহি
পাতৰ মাজতে থাকি
তাতে লুকা - ভাকু খেলা
কেতেকী লগত তোমাৰ সাৰথি।
গাব বিচাৰো এটি গান তোমাৰ দৰে
লোকালয় এৰি তুমি
চাওঁ তোমাকে জুমি জুমি
পুত্র শোকৰ বিৰহ গোৱা অবুজ ভাষাৰে।
নিজম দুপৰীয়া গহীন বিজন বনত
গোৱা এটি গান
বিচাৰি তাৰে তান
ফুৰো মই মিলি যোৱা ধীৰ বতাহত।
তোমাৰ মাতে সকলোতে তুলে প্রতিধ্বনি
ডেকা - বুঢ়া কাণত
তাকে ভাবিলৈ মনত
হৃদয়ত বাজি উঠে প্রেমৰ ৰাগিণী।
'কুলি' নাম কি গুণত ললা
কু কু কৰি
সকলোতে উৰি
গছ লতা গিৰি নদী সবাকে ভুলালা।
কেতেকীৰ দৰে তুমি সুখী, কেও সংসাৰত নাই
নিজৰ মাতে সকলোকে সোঁৱৰী
নোযোৱা যে আমাক পাহৰি
নাম লৈ আহিলা পৰিভ্ৰমী চৰাই।
প্রচলিত কথা যে, আহা তুমি পাটকাই পাৰ হৈ
আনা তুমি ফুলৰ সুগন্ধি
বিয়পোৱা ধৰাত সেউজী
বানৰ প্রবল ঢৌ উৰুৱা খৰস্ৰোতা নৈত।
ডালে ডালে বিচৰা আনৰ বাহ
তাতে তোমাৰ সুখ
নোচোৱা তুমি মানুহৰ মুখ
শুণি শুণি হৈ ৰওঁ তাতে আত্মহাৰা।
প্রতি বসন্তত দুয়ো সংগীৰ অমাতৰ মাত
মানুহৰ ৰীতি নীতি
নাজানা একোকে তুমি
তথাপিও মানুহৰ মাজত থাকে তোমাৰ প্ৰভাৱৰ হাত।
বিনাধীন মনেৰে গান গাই আনন্দ তোমাৰ
সকলো তুমি জানিও নাজানি
বজালা মৃদুল বাঁহী
কেতেকীৰ দৰে তুমিও বিয়পোৱা অন্তৰত আশা সঞ্চাৰ।
তোমাকে লিখিলো, বিহগী কবিৰ প্রেৰণা লৈ
সকলো দিশে উৰি উৰি
প্রচাৰিলা প্রেমৰ ৰস ঘূৰি ঘূৰি
কেতেকীৰ দৰে স্নেহৰ বাতৰি দিবা সূদূৰৰ প্রেমিকক গই।
@ শ্যামল
মজা
ReplyDeleteসুন্দৰ হৈছে,আগলৈও এনেধৰণৰ কবিতা পাঠকৰ মাজলৈ আগবঢ়াই থাকিব।
ReplyDelete