শাওন
আলিৰ কিনাৰত সেইয়া ধানৰ পথাৰ
সৰু সৰু আলিয়ে দি দুটা মান ল'ৰাই হাতত
জলপান লৈ হালোৱাজনৰ ওচৰ চাপিছে।
মূৰৰ ঘাম মাটিত পেলাই পকা ৰ'দত
হাল বাইছে।
দুদিন পাছত ,বোকাৰ পানী-মাটিত
গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে গুজি দিব
বিবিধ ধানৰ কঠীয়া।
হাতত কঠীয়া মুঠি লৈ
পথাৰে পথাৰে ৰুই
মনৰ কথা পাতি, প্ৰাণখুলি হাঁহি
উঠি আহে বোকাৰে লুতুৰি -পুতুৰি হৈ।
ৰঙা ওঠৰ মিঠা হাঁহি
নাজানো কি ভোলালে মন,
কলিজাত আঘাত কৰি
গ'লাগৈ দূৰলৈ গুছি
মনত কিবা প্ৰকৃতিৰ সুবাস এৰি থৈ।
ৰুৱণীৰ ৰংৰ হাঁহিকঠিয়াত এৰি থৈ আহা কিনো মনেৰে
বতাহত হালে-জালে
কাষৰটিৰ স'তে কথা পাতে
ৰাংঢালী মনৰ গৰাকী হৈ ।
অ'মোৰ মনৰ চহকী চহা
আনে কিনো বুজিব তোমাৰ কথা
তোমাৰ কপালৰ ঘাম তপত ৰ'দত খহি
বোকা-পানীত মিলি
কৰি দিয়া প্ৰকৃতিৰ অনুপম দান
নগ্ন পথাৰ সেউজী কৰি
সোণোৱালী হ'ল ।
তাতেই তোমাৰ সুখ
নিদিয়া আনক দুখ
এয়ে তোমাৰ জীৱন
একেটি উদ্দেশ্য লৈ ফুৰিছা সদায়।
Comments
Post a Comment