বিহু
গছৰ পাতে পাতে বতাহ বলিছে
গা - মনকে জুৰায় ,
পখিলা দুটিয়ে উলাহত নাচিছে
গাতে গা লগায়।
দুপৰীয়া বেলি মূৰৰ ওপৰত
সহিব নোৱাৰা ৰ'দ ,
গছৰ আঁৰত কপৌটি ৰৈইছে
সহিব নোৱাৰি ৰ'দ।
বিলৰ মাজত গঙাৰে চিলনী
বুৰ দি ফুৰিছে,
পাৰতে বহি বগী বগলী
শান্ত মনে আছে।
বিলৰ ওচৰে হাবিৰ মাজত
কুলি - কেতেকীৰ মাত,
তাকে শুনি সৰুটিৰ
তত্ নাই গাত।
বৰ বৰ গছত কপৌ ফুলিছে,
গছৰ গুৰি মাজে,
গছৰ ডালে ডালে কলী কুলিটিয়ে
আনৰ বাহ বিচাৰি আছে।
গছে গছে আম - কঁঠাল
বাৰীত তামোল - পাণ
ন বান উঠিছে নদীৰ বুকুত
আনৰ সঁহাৰি হৈ প্ৰাণ।
লাহে লাহে বিহু আহিছে
তই কিয় ৰৈ আছ,
হঠাৎ বৰষুণ জাকপাই
কিয় ভেকুলী নাচ।
ঘৰে ঘৰে ঢেকীৰ মাত
বোৱাৰীৰ আজৰি নাই,
গছৰ আগত বহি কুলিটিয়ে
কিনো আছে চাই।
দিনক দিনে গছৰপাত ওলাইছে
ফুলিছে বাসন্তী ফুল,
চৰাইবোৰৰ মিঠা মাত শুণি
সকলো তাতেই ভোল।
বিহুৰ দিনা এৱাঠু পানীত
ঘৰৰ গৰুক গা ধুৱাই,
তাকে দেখি বৎসকেইটি
ভয়তে লৰি পলাই।
পিছদিনা দেখো ৰ'দৰ পোহৰতে
পালেহি হুচৰি দ'ল,
ঢোলৰ চাপৰত বিহুৰ গীতে
আশীর্বাদ দি গ'ল।
কুলি - কেতেকীৰ মিঠা মাতে
ব'হাগীৰ বতৰা দিলে,
লুইতৰ পাৰৰ বালিৰ ভাত
পানীয়ে উটুৱাই নিলে।
Comments
Post a Comment