জোনাকী




ক'ৰ পৰা আহিছা জোনাকী.... ?
এই আন্ধাৰ নিশা...!
নিয়ৰ কণা দুচকুত ভৰা....
আকৌ জোনাকী কিহৰ বতৰা ?
আবেলিৰ সময়ছোৱাত আহিবাচোন জোনাকী 
ক'ম তোমাক হৃদয় অগ্নিৰ বতৰা 
অকলশৰীয়া নৈ খনকনো কিমান দিম হৃদয়ভৰা অগ্নিৰ বতৰা !
আবেলি আকাশত দিশহাৰ পক্ষী জনীও বিচাৰি পালে নিজৰ ঠিকনা 
এই সংগ্ৰামি জীৱনৰ পথ বিচাৰিফুৰা 
মই জনে নাজানো নিজৰ ঠিকনা। 
কলীয়া ডাৱৰে আৱৰা, ধুমুহা গাজনিৰ মাজত
মই আজি অকলশৰীয়া জোনাকী 
এমুঠি পোহৰৰ বাত খুপিযাই ফুৰিছো 
এই নিৰিবিলি আন্ধাৰ নিশা।।
                  
                                                🖎 অখিল তালুকদাৰ

                               ➖➖➖➖➖➖➖➖➖➖➖➖

Comments

সৰ্বাধিক প্ৰচলিত

তপত দুপৰীয়া

কুুুুুুুুুুুলি

নাৱৰীয়া